শৰত মোৰ নিচেই আপোন (ৰশ্মিৰেখা দাস)

সপোনৰো যে কি অভিলাস
অঁকৰা ভাৱনাত মনৰ পৰিধি হেৰাই
তুমি ধুমুহাৰ কথা সোধা
কিদৰে কওঁ তোমাক
ধীৰ বতাহেও মোৰ কলিজা কঁপায়।
 
জোনাকে জোনাকে মৃদু বতাহৰ অনুৰণন
উশাহে উশাহে স্নিগ্ধ সুবাস ভাঁহে
আকাশত এতিয়া বকুলফুলীয়া বুটাবছা অৱগুণ্ঠন
মোৰ চহৰলৈ হেনো শৰত আহে।
 
এনেই ভাল লাগি নিশাবোৰক সাৱতি ধৰোঁ
যেন বহু যুগৰ অভিমান গলি
কল্পনাৰ দুবাহুত নিজকে হেৰুৱাই
অলস হৈ সুলকি পৰোঁ
এমুঠি নিয়ৰৰ মুকুতা সৰা সেমেকা ৰাতিপুৱা
সদ্যস্নাতা শেৱালিৰে সখী পাতোঁ
 
শোণিতকুঁৱৰীৰ বুকুত উকমুকাই সুগন্ধি স্মৃতি
শৰত আহে আৰু যায়
প্ৰকৃতিৰ বিমুগ্ধ লহৰত ঠেকা খায়
সহজ হৈ পৰা এক অনামী অনুভুতি
দশোদিশ আমোলমোলায়।
 
লুইতৰ চাপৰিত কঁহুৱা ফুলে
পশ্চিমত দোঁ-খোৱা বেলিৰ হেঙুলীয়া লাজ দেখি
পূবত কলীয়া-ভোমোৰা কঁপে
এই হেন শৰতৰ মধুৰ আলিঙ্গনত
গনেশ-ঘাট নিথৰ লাগে।
(শৰত যে মোৰ নিচেই আপোন হৈ পৰে)

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments