শৰীৰ চৰ্চা এক সামাজিক দায়বদ্ধতা-সমীপ কুমাৰ ডেকা

এক অপ্ৰত্যাশিত আক্ৰমণ। ইতিহাস সলনি কৰি দিয়া এই আক্ৰমণত প্ৰতিজন মানুহেই আজি কম বেছি পৰিমাণে সন্ত্ৰস্ত। আৰু এই আক্ৰমণ প্ৰতিহত কৰিব পৰা নপৰাৰ ওপৰতেই নিৰ্ভৰশীল এতিয়া মানৱ জীৱন। কিছুৱে নিজ শৰীৰৰ মজবুতিৰ বিশ্বাসেৰে পৰিপুষ্ট হৈ একপ্ৰকাৰ নিজক ৰাখি থৈছে চেফ জ’নত। আন কিছুমানে ভৰষা কৰিছে স্বাস্থ্য সচেতনতাৰ চৰম অধ্যায় ৰূপায়ণৰ ওপৰত। কোনোৰ আকৌ বিশ্বাস, কাৰো অনিষ্ট কৰা নাই যিহেতু আমি আক্ৰমণৰ বলি নহওঁ, ভগবানে বচাব। তাৰ মাজতো অৱশ্যে মৰিলেও মৰিম, এনেওনো জীৱনটোত ক’ত সুখত জীয়াই আছো বুলি বিতৃষ্ণা জন্মা মানুহৰো আকাল নাই। মুঠৰ ওপৰত সমগ্ৰ বিশ্বৰ প্ৰায় প্ৰতিজন নাগৰিকৰে মনত এক সংশয় হৈ সন্তৰ্পণে প্ৰৱেশ কৰা এই ক’ৰ’না ভাইৰাছে লিখি ল’লে নিজৰ নাম, অতি দৃষ্টিকটুভাৱে ইতিহাসৰ পাত এখিলাত।
জীৱনতো এবাৰেই। মোহতো থাকিবই। মৰিবৰ মননো কাৰ যায়? কিন্তু মোহময় এই জীৱনটোক আমি জানো সহজতে নমৰাকৈ ৰাখিব পাৰিছো? ল’ব পাৰিছো জানো তাৰ সঠিক যতন যিয়ে আমাক দিয়ে সুস্থতাৰ প্ৰমাণপত্ৰখন? নাৰ্ছিং হোম অথবা হাস্পতালৰ সেই ভিৰবোৰেই দিব উত্তৰ। অভাৱত ভোগাসকলে গাঁৱলীয়া দৰৱৰ ওপৰত ভৰষা নকৰা হ’লে হয়তো এনে ভিৰে অতি ভয়লগাৰ শাৰীত উঠিবলৈ বেছি পৰ ন’ললেহেঁতেন।
এনেওতো ক’ৰ’না প্ৰৱেশৰ আগলৈকে আমিবোৰ সুস্থ নহয় লেখতলবলগীয়াকৈ? প্ৰাতঃভ্ৰমণেৰে ফিট্ হোৱাৰ কুচকাৱাজ চলোৱা সৰহসংখ্যকৰ শাৰীৰিক অবয়বলৈ লক্ষ্য কৰিলেই চোন অংকটো সহজে ওলাই পৰে। ইমান ৰাতিপুৱাই শৰীৰৰ নামত ৰাজপথত ওলাই অহা সকলৰ শাৰীৰিক অবয়বটোৱেই যদি প্ৰশ্নবোধক পৰ্যায়ৰ, বাকী আঠ ন বজালৈ শুই থকাকেইজনৰ অৱস্থা কি হ’ব নিশ্চয়কৈ অনুমান কৰিব পাৰি।
কাৰণ হাজাৰটা বেমাৰে আগুৰি ধৰাৰ পিছতো আমাৰ মানুহৰ প্ৰিয় খাদ্য হ’ল ফাষ্ট্ফুড। আভিজাত্যৰ চানেকি হিচাপে ৰেষ্টুৰেণ্টৰ খাদ্যৰে প্ৰমাণ দিব খোজা সময়চোৱাত আমি ক’ৰ’নাতকৈও ভয়াৱাহ বেমাৰবোৰক আগতীয়াকৈ শৰীৰত আদৰি অনা নাছিলোনে? স্বাস্থ্যসচেতনতাৰ ওচৰে পাজৰেও অৱস্থান নকৰাসকলৰ বাবে ক’ৰ’না তেন্তে কেনেকৈ ভয়াৱহ হ’ব পাৰে? ক’ৰ’নাৰ সমকক্ষ যিকোনো বেমাৰেইতো আমাৰ সেই দুৰ্বল শৰীৰটোক নিশেষ কৰি দিব পাৰে যিকোনো মুহূৰ্ততে। তেন্তে ভয় কিহৰ?
মোৰ উনৈছ বছৰীয়া শৰীৰ চৰ্চা ক্ষেত্ৰখনৰ অভিজ্ঞতাই এনে ছবিৰ লগতেই সহবাস কৰিবলৈ শিকাইছে। এই সময়চোৱাত হাজাৰ হাজাৰ শৰীৰ চৰ্চাৰ প্ৰতি তাৎক্ষণিক ভক্তি জাগা মানুহক লগ পাইছো। ডক্টৰৰ পৰা আদি কৰি সমাজৰ প্ৰতিটো ক্ষেত্ৰৰ মানুহৰ সংস্পৰ্শলৈ আহিছো এইটো মাধ্যমেৰে। বুজনি দিছো পাৰ্যমানে, নিজৰ শৰীৰটোক অতিচাৰ নচলাবলৈ। স্বাস্থ্যই প্ৰকৃত সম্পদ বোলা কথাষাৰিক মনমগজুত থিতাপি নিয়াবলৈ উদ্বুদ্ধ কৰিছো। শৰীৰটোক পূজা কৰা জাতীয় আধ্যাত্মিক চিন্তাধাৰাৰ সহায় ল’বলৈও পৰামৰ্শ দিছো। কিন্তু দুখৰ বিষয়, বেয়া খাদ্যাভ্যাসক নিজৰ শৰীৰতকৈ আগস্থান দিয়া মানুহেই সৰ্বাধিক। কাৰণটো উলিয়াবলৈ যত্ন কৰিছিলোঁ নিজৰ জ্ঞানবুদ্ধিৰে। কোনো বৈজ্ঞানিক বিশ্লেষণ ন’হলেও এক মনস্তাত্বিক বিশ্লেষণেৰে ইয়াৰ প্ৰকৃত কাৰণ উলিয়াবলৈ সক্ষম হৈছিলো। কাৰণটো আছিল অৱজ্ঞা, নিজ শৰীৰৰ। এলাহতো আছিলেই। লগে লগে ইয়াৰ প্ৰতিকাৰত লাগিছিলো। পিছৰ পৰ্যায়ত অভিজ্ঞতাৰ সঠিক প্ৰয়োগেৰে সৰহসংখ্যককে শৰীৰ চৰ্চাৰ প্ৰতি আগ্ৰহী কৰি তুলিবলৈ সক্ষম হৈছিলো।
চলি গৈছিল শৰীৰৰ প্ৰতি মানুহৰ ভক্তিৰ প্ৰতিযোগিতাখন চকুত লগাকৈ। সকলোৱে যেন বুজি উঠিছিল শৰীৰটোৰ প্ৰতি অৱজ্ঞা মানেই বিনাশৰ পথ প্ৰশস্ত। গোলকীয় প্ৰচলনেও যোগাইছিল যোগাত্মক ইন্ধন। বাঢ়ি আহিছিল চকুত লগাকৈ সুঠাম দেহৰ বহুতো ডেকাল’ৰা। বাটেপথে ধুনীয়া চেহেৰাৰ ব্যক্তিক বিচাৰিবলৈ চকুযুৰিয়ে বিশেষ কষ্ট কৰিব নলগা পৰিৱেশৰ সূচনা হৈছিল। বেয়া চেহেৰাৰ ব্যক্তিয়ে নিজৰ শৰীৰটোক ঘিণ কৰিবলৈ আৰম্ভ কৰি দিছিল। ডেকা ডেকেৰী, আদবয়সীয়াৰ যিকোনো আদ্দাত শৰীৰচৰ্চাৰ বিষয়টোৱে ঈৰ্ষণীয়ভাৱে স্থান পাইছিল। অভিনয়শিল্পী, সংগীতশিল্পীৰ পৰা আদি কৰি প্ৰতিটো স্তৰৰ মানুহৰ মাজত শৰীৰ চৰ্চা প্ৰসংগত আলোচনা চলিছিল। অফিচ কাছাৰীৰ পৰা ব্যৱসায়িক প্ৰতিষ্ঠানৰ কৰ্মচাৰীলৈকে, এবাৰলৈ হ’লেও মন মেলিছিল শৰীৰ চৰ্চাৰ দিশে গতি কৰিবলৈ। স্বাস্থ্যই পৰম সম্পদ, বাক্যশাৰীৰ যেন প্ৰকৃত প্ৰতিফলন ঘটিছিল। সকলোৰে লক্ষ্য আছিল এখন শৰীৰ সুস্থ সমাজ গঢ়াৰ।
কিন্তু হঠাতে অহা ক’ভিড-১৯ৰ আক্ৰমণত যেন তচনচ হৈ পৰিল সকলো পৰিকল্পনা। মানৱ সভ্যতাক সম্পূৰ্ণৰূপে ভেঙুচালি কৰি পদাৰ্পণ কৰা এইবিধ ভাইৰাছে সুস্থতাৰ পৰিৱেশ সূচনাৰ দিশে ধাৱমান হোৱা শৰীৰ চৰ্চা ক্ষেত্ৰখনৰ বুকুত দিলে এক মোক্ষম আঘাত। এই আঘাত ইমানেই সুদূৰপ্ৰসাৰী হ’ল যে ইমান কষ্টেৰে মানুহক উদ্বুদ্ধ কৰি শৰীৰটোৰ প্ৰতি একাত্ম কৰাবলৈ সমৰ্থ হোৱা ব্যৱস্থাটোতেই এক বৃহৎ প্ৰশ্নচিহ্ন আহি পৰিল। বন্ধ হৈ পৰিল সুস্থ মানৱ সম্পদ গঢ়াৰ কাৰখানাসমূহ, অৰ্থাৎ আমাৰ দৈনন্দিন জীৱনৰ আটাইতকৈ প্ৰিয়তম স্থান জিমসমূহ। লগে লগে সেইবোৰ ল’ৰাছোৱালীৰ জীৱনলৈ অমানিশা নামি আহিল যিবোৰ ল’ৰাছোৱালী অৰ্থাৎ জিম প্ৰশিক্ষকে এশজন মানুহক সুস্থ কৰাৰ দায়িত্ব পালন কৰি সমসাময়িকভাৱে এখন সুস্থ সমাজ গঢ়াত সমুখৰ পৰাই নেতৃত্ব দিছিল। তাকো মাত্ৰ কেইটামান টকাৰ বিনিময়ত। অপৰিসীম কষ্টৰ এই চাকৰিটো তেওঁলোকৰ বাবে আছিল হাজাৰজনৰ বাবে প্ৰেৰণাৰ বিষয়। টকাতকৈ যে সন্মান শ্ৰেয় তাৰেই যেন উমান পোৱা যায় এই জিম ট্ৰেইনাৰ বৃত্তিটোত। পৃথিৱীত হয়তো দ্বিতীয়টো এনে বৃত্তি নোলাব যাৰ বাবে ইমান একাগ্ৰতা, নিয়মানুৱৰ্তিতা,
ইচ্ছাশক্তি আৰু শ্ৰমৰ প্ৰয়োজন হয়। কিন্তু সমাজক সুস্থ ৰখাৰ গধুৰ দায়িত্ব মূৰ পাতি লোৱা তেওঁলোক আজি নিস্তেজ। শৰীৰ ভালেইহে মন ভাল বুলি নকৈ প্ৰতিষ্ঠা কৰা সেই সেনানী আজি নীৰস্ত্ৰ, মানসিকভাৱে বিধ্বস্ত। কাক ক’ব কোনে শুনিব? এটা অঞ্চলৰ অতি প্ৰেৰণাদায়ক ল’ৰাকেইজনক এতিয়া প্ৰেৰণা কোনে দিব?
শৰীৰ চৰ্চা কেন্দ্ৰসমূহ অকল যে শৰীৰ গঠনতে ব্যৱহৃত তেনে নহয়, ইয়াত এজন মানুহৰ জীৱনটোৱে পূৰ্নতা পোৱাৰ সুবিধা পায়। কিয়নো এজন মানুহে নিজস্ব জ্ঞানবুদ্ধিৰে জীৱনত সকলো আহৰণ কৰিব পাৰে। নোৱাৰে যদি কেৱল এক ধুনীয়া অবয়বৰ সুস্থ শৰীৰ। জীৱনত সৰ্বোচ্চ উপাৰ্জনকাৰীয়েও সকলো থকা সত্ত্বেও জীৱনটো উপভোগ কৰিব নোৱাৰে একমাত্ৰ এটা ৰুগীয়া শৰীৰৰ বাবেই। সেই মানুহবোৰৰ শুভবুদ্ধি তেতিয়াহে উদয় হয় যেতিয়া তেওঁ খাব খুজিও খাব নোৱাৰা হয়। আৰু তেতিয়াই হয়তো তেওঁৰ উপলব্ধি হয়, শৰীৰেই সৰ্বোচ্চ। ভগৱানে আমাক ভাগ্যৰ জোখাৰে এটা ভাল চাকৰি দিব পাৰে, ঐশ্বৰ্যবিভূতিৰে উপচাই দিব পাৰে। নোৱাৰে যদি এটি সুস্থ আৰু দেখনিয়াৰ শৰীৰ। ইয়াক আৰ্জিব লাগে, আৰু পৃথিৱীৰ ভিতৰত আটাইতকৈ কঠিন কামটোৱেই হ’ল সেইটো। কিয়নো এনে এক শৰীৰ আহৰণত শাৰীৰিক আৰু মানসিক শক্তি দুয়োটাৰে ব্যৱহাৰ হয় অতুলনীয় মাত্ৰাত।
শৰীৰটোৱেই মানুহ এজনৰ একমাত্ৰ “নিজা সম্পদ।” য’তেই যায় তেওঁৰ শৰীৰটোৱে পৰিচয় দি যায় তেওঁৰ ব্যক্তিত্বৰ। ধন সম্পদ, ঐশ্বৰ্য বিভুতি কোনোৱে কাঢ়ি নিলেও ৰৈ যায় শৰীৰটো। শৰীৰ থাকিলেহে কাঢ়ি নিয়া বা হেৰুওৱা সম্পদবোৰ ঘূৰাই অনাৰ সম্ভাৱনা থাকিব। এষাৰি কথা আছে নহয়, ভগৱানে দিও চায় নিও চায়। অপেক্ষা মাথোঁ সময়ৰ।
শৰীৰ চৰ্চা ধৈৰ্য্যশীল মানুহৰ এক চানেকি প্ৰতীকো। কিয়নো কচৰত কৰা সময়ত প্ৰত্যেকেই নিজত এনেভাৱে বিলীন হৈ পৰে যে ই কোনো এক ধ্যান অৰ্থাৎ মেডিটেচনতকৈ কম নহয়। আঁচলতে শৰীৰ চৰ্চাইতো সৰ্বোৎকৃষ্ট ধ্যান। এইখিনিতে উনুকিয়াই থওঁ যে যোগচৰ্চাও এক ধ্যান আৰু অত্যন্ত উপযোগী আহিলা। কিন্তু মোৰ দৃষ্টিত ব্যায়ামাগাৰৰ শৰীৰ চৰ্চাৰ(শক্তি প্ৰয়োগেৰে কৰা)স্থান এইকাৰণেই ওপৰত যে অকল যোগৰ জৰিয়তে পাব নোৱাৰা ধুনীয়া অবয়ব(অৰ্থাৎ ছিমেট্ৰিক বডী)কেৱল পাৱাৰ শৰীৰ চৰ্চাৰ যোগেদিহে সম্ভৱ। নিৰোগী শৰীৰ অৱশ্যেই দুয়োবিধৰে এক উৎকৃষ্ট ফল।
মানুহ যেতিয়া হতাশাত ভোগে তেতিয়া যিকোনো বেয়া চিন্তা মনলৈ আহিব পাৰে। সৰু সৰু কথাতে খং উঠে সহনশীলতা হ্ৰাসৰ বাবে। সেইবাবেইতো সাম্প্ৰতিক সময়ত চুইচাইড কৰাৰ প্ৰৱণতা বাঢ়িছে। কোনোবাই মনোৰোগ বিশেষজ্ঞৰ কাষ চাপিছে, কোনোৱে হয়তো মাদক দ্ৰব্যৰ সহায় লৈছে। বস্তুবাদী চিন্তাধাৰাৰ সমাজখনত নিজকে খাপ খুৱাবলৈ অহোপুৰুষাৰ্থ কৰাৰ পিছতো যেতিয়া কোনো এজনে ছন্দ মিলাব নোৱাৰা হয় তেতিয়াই এক চৰম পন্থা বাচি লয় যাৰ নাম চুইচাইড। আহ্, কি এক নিৰ্মম সত্য। কিন্তু ঈশ্বৰে সকলো সমস্যাৰে সমাধানৰ বাট মুকলি কৰি থোৱা কথাটো বাৰে বাৰে দোহাৰি থকাৰ প্ৰয়োজন আছে জানো? ক্ষণিকৰ বিপদতে দিশহাৰা হৈ পৰা মানুহৰ সমুখত ঈশ্বৰে ৰাখিছে সময়ক জয় কৰাৰ সকলো সম্ভৱ পথ। হয়তো সংগীত, নতুবা খেল বা কিতাপ পঢ়াৰ অভ্যাসে দিব পাৰে তেনে বিপদৰ পৰা পৰিত্ৰাণ। কিন্তু অকণো সন্দেহ নাই মানুহ এজনক সৰ্বোচ্চ উপাদানেৰে শাৰীৰিক তথা মানসিকভাৱে পৰিপুষ্ট কৰি তোলাৰ আটাইতকৈ উত্তম ব্যৱস্থাটোৱেই হৈছে শৰীৰ চৰ্চা। মই দাঠি ক’ব পাৰো মানসিক অস্থিৰতাত ভোগা মানুহ এজনক সাধাৰণ অৱস্থালৈ আনিবলৈ লাগে মাথোঁ ত্ৰিশটা দিন, শৰীৰ চৰ্চা কেন্দ্ৰত। আচৰিত হ’বলগীয়া একো নাই কিয়নো লোৰ সতে যুঁজা মানে নিজকে লোৰ নিচিনাই তৈয়াৰ কৰা। এক কথাত ক’বলৈ গ’লে আমাৰ অস্থিৰ সমাজখনক যদি চিধা কৰিব পৰাৰ একমাত্ৰ সামৰ্থ্য কিম্বা ব্যৱস্থা আছে সেয়া নিসন্দেহে শৰীৰ চৰ্চা। কিয়নো শৰীৰ চৰ্চাত নিমগ্ন মানুহৰ বেয়া চিন্তা কৰিবলৈ সময়েই বা ক’ত?
ম’বাইল আসক্তি বৰ্তমান সময়ৰ এক মাৰাত্মক ব্যাধি। এই ৰোগবিধৰ পৰা আমি যে কেতিয়াবালৈ মুক্ত হ’ব পাৰিম সেয়া কল্পনাতীত। একমাত্ৰ ল’ৰা বা ছোৱালীজনীয়ে হয়তো একমাত্ৰ হোৱাৰ সুবাদতে মাকদেউতাকৰ সকিয়নীক কাণসাৰ নিদিয়ে। এয়া এক পৰিচিত ছবি। নিৰ্মূল কৰিব নোৱাৰিলেও অন্তত এনে আসক্তি হ্ৰাস কৰিব পৰাৰ সামৰ্থ আছে শৰীৰ চৰ্চা কেন্দ্ৰৰ, এজন জিম ট্ৰেইনাৰৰ। শৰীৰ চৰ্চাৰ প্ৰতি মোহ বঢ়াই ম’বাইলত কেৱল শৰীৰ সম্পৰ্কত অনুসন্ধানলৈ নিব পাৰি এজন মোবাইলমেনিয়া ব্যক্তিক। অভিজ্ঞতাই কয়, শৰীৰৰ প্ৰতি উৎসৰ্গিত ব্যক্তিয়ে নিশা দুই বজালৈ মোবাইলত ব্যস্ত থাকিব নোৱাৰে। কিয়নো শৰীৰ চৰ্চা ৰুটিনখনত ৰাতিপুৱাৰ আহাৰকণ ধাৰ্য কৰা আছে যিটো তেওঁ পৰিহাৰ কৰিব নোৱাৰে। কাৰণ শৰীৰটোক তেওঁ ভাল পাবলৈ ইতিমধ্যে শিকিছে।
মাদক দ্ৰব্যৰ ওপৰত বছৰ বছৰ ধৰি চলি অহা আক্ষৰিক তথা ক্ষণিক অভিযানবোৰৰ ওপৰত আমি নতুনকৈ সন্দেহ কৰাৰ প্ৰয়োজন নাই। কেৱল নাখাবি বুলিয়েই দায়িত্ব নাসামৰি কেনেকৈনো ইয়াক নিৰ্মূল কৰিব পাৰি তাৰহে দিহা কৰাটো দৰকাৰ। উপায় হিচাপে এক ভাল নিচাৰ দ্বাৰাহে এক বেয়া নিচাক প্ৰতিহত কৰিব পাৰি সমুলঞ্চে। আৰু সেই নিচা হ’ল শৰীৰ চৰ্চা। কিয়নো পৃথিৱীৰ ভিতৰত আটাইতকৈ ফলদায়ক নিচাই হ’ল শৰীৰ চৰ্চা। এনে বহু নিচাশক্ত লোকক উদ্বুদ্ধ কৰি আশা কৰাতকৈও বেছি শৰীৰৰ পৰিচৰ্য্যাত ব্ৰতী কৰোৱা উদাহৰণবোৰে আজিও মনক দিয়ে অনাবিল তৃপ্তি। এইখিনিকে সমল হিচাপে লৈ আৰু অধিকক আকৃষ্ট কৰাৰ ৰণকৌশল এতিয়া সাজু। আৰু এনেকৈয়ে হয়তো নিচাযুক্ত সমাজখন নিচামুক্ত হ’ব এদিন।
দায়িত্ব সকলোৰে আছে। জনাবোৰৰ জ্ঞান আৰু নজনাবোৰৰ আগ্ৰহৰ সাঁকোখন গঢ়িব পাৰিলেই আমি সফল। ভৱিষ্যত প্ৰজন্মক ধ্বংসৰ গৰাহৰ পৰা মুক্ত কৰাৰ সেই দায়িত্ববোধৰ পৰিচয় দিয়াৰ সময় সমাগত। দৈনন্দিন জীৱনত শৰীৰ চৰ্চাই লওক অপৰিহাৰ্য্য স্থান। বয়সক অন্তত দহ বছৰলৈ কাবু কৰাৰ সামৰ্থৰে পৰিপুষ্ট হৈ সমাজলৈ আমি সকলোৱে প্ৰেৰণ কৰা উচিত এক সবল বাৰ্তা। “আপুনি সুস্থ মানেই সমাজ সুস্থ”ৰ এক ধাৰাৰ সৃষ্টি হওক। উপদেশতকৈ আৰ্হি ভাল, কথাষাৰিৰ যথাৰ্থতা প্ৰমাণ হওক।
চেগতে কওঁ, কেৱল মাত্ৰ আপোনাৰ ধুনীয়া শৰীৰটোৰে সমাজৰ এশজনৰ বাবে প্ৰেৰণা হ’ব পাৰে। অৰ্থাৎ ক’ব নোৱাৰাকৈয়ে আপুনি সমাজ সেৱাত ব্ৰতী হৈ পৰে। আপুনি একো নোকোৱাকৈ সমাজলৈ শৰীৰৰ মাধ্যমেৰে দিব পাৰে এক সবল বাৰ্তা। আপুনি নজনাকৈয়ে হয়তো এশজনে আপোনাক আদৰ্শ হিচাপে ল’ব পাৰে একমাত্ৰ আপোনাৰ ধুনীয়া শৰীৰটোৰ যোগেৰে। কথাবোৰ অকল্পনীয় বা অবাস্তৱ নহয়তো?
তথাপিও আজি জিমবোৰ বন্ধ। প্ৰয়োজনীয়তা সকলোৱে বুজে, কিন্তু বাস্তবিকত ইয়াৰ ওপৰত সিদ্ধান্তকাৰীসকলে সিদ্ধান্ত ল’ব পৰা নাই। এটি শৰীৰ চৰ্চা কেন্দ্ৰত পালন হোৱা ডিছিপ্লিনৰ সমকক্ষ নাই। অথচ তাৰ সাসৰঞ্জামত এতিয়া মামৰ লাগিছে। হতাশাত ভুগি এতিয়ালৈ ছজনমানে আত্মহত্যা কৰিছে। কিন্তু ডাঙৰ নিউজ হোৱা নাই। হয়তো অনাগত ভৱিষ্যতত এনে বহুতো দুখলগা খবৰে আমাক ভবাই তুলিব আঁচলতে আমি কৰিছো কি। মাদকদ্ৰব্যৰ পৰা ফালৰি কাটি জিমসূঁতিলৈ অহা সেই ডেকা ল’ৰাছোৱালীবোৰে এতিয়া সময় কটাব ক’ত? আকৌ চাগৈ তেওঁলোক উদ্ধাৰ হ’ব পূৰ্বৰ ঘাটিসমূহত, নিউজ চেনেলত দেখা যাব কোনো বাৰ অথবা ধাবাত আত্মবিভোৰ হোৱা অৱস্থাত। দোষী বুলি ক’মনে তেতিয়া তেওঁলোকক? কোন জগৰীয়া হ’ব এনে পৰিস্থিতিৰ বাবে? পুনৰবাৰ হেৰুৱাব লাগিব আমি উঠি অহা প্ৰজন্মক অনিচ্ছাসত্ত্বেও।
এজন মানুহে যিমান কষ্টেৰে নিজৰ বেমাৰ প্ৰতিৰোধ ক্ষমতা(ইমিউনিটি)ৰ উত্তৰণ ঘটাই তাৰ অৱনতি ঘটিবলৈ কিন্তু কেইটামান মাহেই যথেষ্ট। অৰ্থাৎ শৰীৰ চৰ্চাৰ যোগেৰে সুস্থ হৈ উঠা মানুহজন এতিয়া আকৌ সোমাই পৰিল অসুস্থৰ ঘৰত। সদায় নিজৰ শক্তি পৰীক্ষাত ব্ৰতী মানুহজন ঘৰতে সোমাই থাকিবলগীয়া হোৱাই হৈ পৰিল এলেহুৱা। মাংসপেশীবোৰ হৈ পৰিল দুৰ্বল। পৰিণতিত ৰোগ প্ৰতিৰোধ ক্ষমতাৰ অৱক্ষয়। নিজৰ বিবেকক বহু বুজনিৰে শৰীৰ চৰ্চাৰ প্ৰতি আগ্ৰহী কৰি তোলা মনটোক আগৰ অৱস্থালৈ নিবলৈ আকৌ চলিব মনস্তাত্বিক যুঁজ, লাগিব সময়। বেয়া হোৱা ইমিউনিটি ঘূৰাই অনালৈকে হয়তো শৰীৰটোৱে আন বহুতো বেমাৰক আঁকোৱালি ল’ব। এক অস্থিৰ অৱস্থাই দোলা দি থাকিব নিজৰ মনমগজুত, যিটো বৰ্তমান অৱস্থাত ট্ৰেইনাৰবোৰে ভুগি আছে। স্বাভাৱিকতেই তেওঁৰ ইমিউনিটি তলৰ ঘৰত প্ৰৱেশ কৰিব আৰু পৰৱৰ্তীকালত কোনো পৰিচিত বেমাৰেই তেওঁক বশ কৰিব, ঘুণীয়া কৰি থ’ব জীৱন। এসময়ত প্ৰবল ইচ্ছাৰ অধিকাৰী মানুহজনৰ শৰীৰটো হৈ পৰিব তেওঁৰ বাবে আপদ। এটাই জীৱন, মোহ আদিবোৰ একাষৰীয়া কৰি যুঁজি থাকিব কোনো চিনাকি ৰোগৰ বিৰুদ্ধে। ক’ৰ’না হয়তো নাথাকিব তেতিয়ালৈ।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক