শৰৎ অহাৰ বাতৰিঃ অঞ্জন কুমাৰ শৰ্মা

আহিন আহিল মানেই শৰৎ পদুলিত ৷ বসন্তৰ দৰেই এক নিৰ্মল, যৌৱনা, উৎসৱমুখৰ ঋতুৰ আগমন ৷ শৰতৰ আগমনী আৱাহনত প্ৰাণ পাই উঠে বৰষাই গৰকা ধৰিত্ৰী ৷ ভদীয়া বানে খহোৱা নৈ কাষৰ মাটিবোৰ শুকাবলৈ ধৰে ৷ ঋতুৰ ৰাণী শৰতক সম্ভাষণ জনাবলৈ ব্যকুল হৈ পৰে আহিনৰ পথাৰ, সৰু সৰু আলিত বহি বালিমাহি চৰাই ৷ ডাঠ সেউজীয়া আবৰণ পিন্ধি শস্য শ্যামলা ধাননীডৰাই নিশা নিয়ৰত তিতি যৌৱনৰ সুগন্ধি বিলাই গাভৰু হোৱাৰ সংকেত দিয়ে ৷ বাৰীৰ ঢাপৰ জাতি ভলুকা দুজোপামান কাটি আনি শৰতৰ মিঠা ৰদত চোতালত বহি, কাঠি কামিবোৰ চাঁচি লৈ আঘোনাকাইহঁতেও জেওৰা জপনাবোৰৰ থান থিত লগাই লয় ৷ বৰকোৰৰ চাপত উৰ্ফাল খাই পৰা বাৰীৰ মাটিৰ চপৰাকেইডুখৰে খেতিয়কক উদগনি যোগায়, ফৰকাল বতৰতে ৰবি শস্যৰ গুটিকেইটা সিঁচাৰ ৷ কবি, মূলা, উৰহী, শাক লাই, লফা, পালেংৰে পাচলিৰ বাগিছাখনি গাভৰু হৈ পৰে এই শৰতৰ বতৰতে ৷ ঋ্তুপৰ্ণ শৰ্মাৰ গীতৰ ভাষাৰে…
“পাচলিৰ বাগিছা সৰু বাগিছা
মোৰ সৰু বাগিছা জানো দেখিছা
তাত মই ৰুইছো পাচলি কিমান
সৰিয়হৰ ফুলবোৰ ফুলিছে কিমান ”

হয়, শৰৎ মানেই যে সৰিয়হৰ ফুল ৷ ফৰকাল পূৱাৰ বেলিটোৰ মিঠা চাৱনিত প্ৰাণ পাই উঠা দূৰৈৰ সৰিয়হডৰাৰ হালধীয়া দলিচাখনে যেন পৰাণ জুৰাই আদৰি মাতে পথচাৰীৰ ৷
বিউতী শৰ্মা বৰুৱাৰ কণ্ঠৰে…
” টোপ টোপ ৰভাতলী
পুৱাৰ নিয়ৰ সৰে
আগলতি কলাপাত লৰে কি চৰে ”
শাৰদীৰাণীৰ কোমল হিয়াৰ উচুপনিয়েই হ’ল নিয়ৰ ৷ নিয়ৰৰ অবিহনে যেন শৰৎ নিঠৰুৱা ৷ সেয়েহে কবি, গীতিকাৰৰ কলমত নিয়ৰে ধৰা দিয়ে শৰতৰ অতিকে সংবেদনশীল হৃদয়ৰ ম’নৰ অনুকম্পা হিচাপে ৷ টোপ টোপ নিয়ৰত খোদিত হৈ থাকে শাৰদীৰাণীৰ মনৰ অলেখ অলিখিত গোপন কথা ৷
হিয়াৰ অবুজ কাহিনীৰ সপোন কঢ়িয়াই নিশাৰ তৰা এটিৰ দৰে যেন সাইলাখ মুকুতা হৈ খহিহে পৰিছে নিয়ৰ আকাশৰ পৰা ৷ কবি চন্দ্ৰকুমাৰ আগৰৱলাৰ কলমত…
“মুকুতা মণিটি পাহিত জিলিকে
ফটিক পানীত ধোৱা
নিশাৰ তৰা এটি সৰিয়েহে আছে
সৰগত টোপনি যোৱা
নিজম আকাশৰ নিচুক কথাটি
হিয়াত থৈছে সাঁচি
কোন কাহানিৰ সপোন দেখিছে
কোনে হাঁহিছিল নাচি”
শাৰদীৰাণীক অলংকাৰ পিন্ধাবলৈ গৈ শেৱালীক উপহাস কৰিলে নিশ্চয় স্তব্ধ হৈ ৰব’ কবিৰ কলম, আধৰুৱা হৈ ৰব’ শৰৎ বন্দনা ৷ শেৱালীৰ কথা ভাবিলেই মনলৈ আহে তাহানিতে দ্বীগেন মহন্তই গোৱা গীতটিলৈ…
“অ’ শৰতৰ শেৱালী
কিয় গলি তই মৰহি
ৰাতি নৌপুৱাওতেই
অকালতে সৰি পৰিলি
অ’ শৰতৰ শেৱালী ।
নিয়ৰে টুকিছে অশ্ৰুজল
বেদনাৰে মন ভৰি গল
যৌৱনৰে এই ভৰ দুপৰীয়া
ঠিতাতে নোহোৱা হলি
অকালতে সৰি পৰিলি ”
কোমল মিচিকীয়া হাঁহিৰে পুৱতি নিশা পদুলিমুৰত শুভ্ৰ দলিচা পাৰি বহা শেৱালী যৌৱনৰ ভৰ দুপৰীয়া অকালতে মৰহি পৰে ৷ এইয়াই নিয়তিৰ পৰিহাস ৷ তথাপিও শৰতৰ সুভাস বিলাবলৈ শেৱালীয়ে যেন কটাই অপেক্ষাৰ আবেলি, নিশাটো ৷ পুনৰ নিয়ৰৰ অশ্ৰু অঞ্জলিৰে পুৱাটোক শৰত বন্দনাৰে মুখৰিত কৰিবলৈ ৷ ৰিব ৰিব মলয়া এচাটিয়ে লৈ আনে শেৱালিৰ সুগন্ধি, চোতালৰ নিয়ৰ সনা দুৱৰি ভৰি থাকে শৰতৰ তলসৰা শেৱালী ৷ গীতৰ লহৰে লহৰেও সুগন্ধি আমোলমোলাই শেৱালীৰ ৷ লোকনাথ গোস্বামীৰ কণ্ঠৰে…
“আমোলমোল শেৱালীৰ গোন্ধ
যাওঁ বুলি যাবই নোখোজেচোন
চকুৱে চকুৱে চাব পৰা হলে
দেখিলো হেঁতেন বেলিৰ মুখৰ ৰং
তোমাৰ সিৰৰ সেন্দূৰকণ”
এটি গল্প, কবিতা বা প্ৰৱন্ধতে শৰতৰ অনাবিল অনুপম সৌন্দৰ্যক সীমাবদ্ধ কৰিবলৈ বিচৰাটো ভূৰোকাত হাতী ভৰাবলৈ যোৱাৰ দৰে কথা ৷ এক মনমোহিনী শক্তিৰে সিক্ত শান্ত শৰতৰ কোমল বুকুতো লুকাই থাকে প্ৰেম ভালপোৱাৰ নিবিড় আনন্দ ৷ ভূপেনদাৰ কণ্ঠেৰে…
“এটুকুৰা আলসুৱা মেঘ ভাহি যায়
মোৰ বনহংসই বাট হেৰুৱায়
মই আছোঁ শাৰদীয় খিৰিকী মুখত
বুকুৱে বিচৰাজনলৈ বাট চাই৷”
নৈৰ কাষৰ কঁহুৱাবোৰতো শৰতৰ মলয়াচাটিয়ে প্ৰেমৰ বাতৰি বিলাই ৷ সন্ধিয়া নীলা আকাশৰ ঘৰমুখী চৰাইবোৰৰ মুখতো যেন শৰৎ বন্দনা ৷ শৰতে আদৰি আনে এক উৎসৱমুখৰ পৰিবেশ ৷ সুখ দুখেৰে ভৰা জনজীৱনলৈ ক্ষনিকৰ বাবে কঢ়িয়াই আনে আনন্দ, উল্লাহ আৰু ৰংৰ বতৰা ৷

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক