শৰৎ আহে এনেকৈয়ে (লক্ষেশ্বৰ হাজৰিকা)

শৰৎ আহে এনেকৈয়ে

 

লক্ষেশ্বৰ হাজৰিকা

অতুলনীয় প্ৰাকৃতিক সৌন্দৰ্য সুষমাৰে ভৰপূৰ ভাৰতৰ পূৱ প্ৰান্তৰ দেশ অসম। সুজলা-সুফলা,শস্য- শ্যামলা অসমী আইৰ ৰূপ-লাৱন্যৰ লগত জড়িত হৈ আছে বছৰৰ ভিন্ ভিন্ সময়ত ভিন্ ভিন্ ঋতু। ঋতু বিশেষে ৰূপহী অসমী আইৰ দৈহিক ৰূপৰ কিছু তাৰতম্য ঘটে। ছয় ঋতুৰ ভিতৰত বসন্ত আৰু শৰতকে প্ৰশস্ত বুলি ধৰা হয়। কিয়নো এই সময়ছোৱাত জাৰ-জহ কোনোটোৰে প্ৰাৱল্য নাথাকে। বসন্তক যি দৰে ঋতুৰাজ বুলি কোৱা হয়,সেইদৰে শৰতক কোৱা হয় ঋতুৰাণী। অৱশ্যে ঋতুৰাণী শৰৎ বুলি নকৈ ‘শাৰদী ৰাণী’ বুলি ক’লেহে শুনিবলৈ বেছি শুৱলা হয়। এই শাৰদী ৰাণীক লৈ কবি, গীতিকাৰ, সাহিত্যিকসকলৰ বৰ্ণনাৰ অন্ত নাই,কল্পনাই সৰগ ৰচে। আন্তৰ্জাতিক খ্যাতি সম্পন্ন সুধাকন্ঠ ড০ ভূপেন হাজৰিকাই তেখেতৰ গানেৰে ব্যক্ত কৰিছে –

“শাৰদী ৰাণী
তোমাৰ হেনো নাম
তুমি মোৰ নিচেই আপোন
সদ্যস্নাতা ৰূপহী মোৰ
পুৱতি নিশাৰ সপোন ।”

গ্ৰীষ্মৰ প্ৰখৰ ৰ’দ, বৰ্ষাৰ ঘনঘোৰ কলীয়া ডাৱৰ, মেঘৰ গুমগুমণি, ধাৰাষাৰ বৰষুণ, প্ৰৱল বলিয়া বানে জুৰুলা কৰা অসমৰ প্ৰকৃতিৰ বুকুলৈ আশাৰ বতৰা লৈ আহে শৰৎ। শাৰদী ৰাণীৰ চুমাৰ পৰশত প্ৰকৃতি ধন্য হয়। অসমৰ কৃষিভূমি হয় শস্যৰে পৰিপূৰ্ণ। খেতিয়কৰ লুণীয়া ঘামৰ বিনিময়ত সিক্ত হোৱা ধাননি পথাৰ হয় সেউজীয়া,ভৰ যৌৱনা। ভাদত খেতিয়কে খেতি খোলা সামৰি নাঙল ধোৱে। আহিনৰ সঁজাল ধৰা ৰোৱা বিলাকে পথাৰ মাদকতাপূৰ্ণ কৰি তোলে। লাহে লাহে সদ্যস্নাতা গাভৰু ৰোৱাবিলাক ভৰুণ হৈ পৰে আৰু কাতি বিহুৰ দিনাৰ পৰা প্ৰসৱ বেদনাৰ অন্ত পেলাই গৰ্ভভেদি ওলাই আহে দীৰ্ঘ দিনৰ আশাৰ ফচল। আহিনৰ মৃদু বতাহত হালি জালি হাঁহি থকা শস্য পথাৰৰ ৰূপ-লাৱণ্য দেখি খেতিয়কৰ নয়ন সাৰ্থক হয়, মুখত হাঁহি বিৰিঙে। মনৰ পৰা বৰষাৰ ঘনঘোৰ অন্ধকাৰবোৰ আঁতৰি যায়। দৈহিক দুখ-বেদনা পাহৰি মাথোঁ সাজু হয় আঘোণত দুহাতেৰে সোণালী লখিমী আদৰিবলৈ।
শৰতৰ আগমনত গ্ৰীষ্মৰ বা বৰ্ষাৰ ৰৌদ্ৰোজ্বল দিনৰ তাপমাত্ৰা ক্ৰমাত হ্ৰাস পাবলৈ ধৰে। দিনবোৰ ক্ৰমে সৰু হৈ আহে। বায়ুমণ্ডলৰ উষ্ণতা হৈ পৰে নাতিশীতোষ্ণ। সেয়ে বেচ আৰামদায়ক এই সময়চোৱা। শৰৎ বুলিলেই মনলৈ আহে পদূলিমুখৰ শেৱালি জোপালৈ। শৰৎ আৰু শেৱালিৰ মাজৰ নিবিড় সম্পৰ্ক যেন অনাদি কালৰ পৰা চলি আহিছে। শেৱালিক বাদ দি শৰতৰ কথা জানো ভাবিব পাৰি ? এই খিনিতে সৰুতে পঢ়া এটি কবিতাৰ পংক্তিলৈ মনত পৰিছে –
“শৰৎ কালৰ মধু পৰশত
তগৰে ধৰিছে কলি;
ৰাতিপুৱা হ’লে বগা পৰি থাকে
শেৱালি ফুলৰ তলি।”
সঁচাই শৰতৰ ৰাতিপুৱা শেৱালিৰ তলত দূবৰিৰ দলিচাৰ ওপৰত স্নিগ্ধ কোমল সদ্য প্ৰস্ফুটিত শেৱালি ফুলবোৰ পৰি হাঁহি থকা দেখিলে এক অনাবিল আনন্দ পোৱা যায়। কেতিয়াবা দুখ লাগে ভাবি যেতিয়া ফুলবোৰ ৰাতিটোৰ ভিতৰতে স্নিগ্ধ সুবাস বিলাই পুৱা বৃন্তচ্যুত হৈ পৰি ৰয়। তাৰ বিনিময়ত শেৱালিয়ে নিবিচাৰে একোকে। শৰতৰ ৰাতিপুৱাটো সেয়ে ইমান স্নিগ্ধ,ইমান মধুৰ। দূবৰিৰ দলিচাত নিয়ৰে মুকুতা গাঁঠে। শুভ্ৰ পাতল কুঁৱলীৰ ছাদৰৰ ওৰণি গুচাই উষাই পূৱ দিগন্তত ভুমুকি মাৰে। ফৰকাল নীলাভ আকাশত শুকুলা পাতল ডাৱৰৰ চপৰাই অ’ত ত’ত সিঁচৰতি হৈ যেন নীলা ছাদৰৰ ওপৰত বুটাহে বাচে। সেই শুকুলা ডাৱৰৰ মাজেদি কল কাকলিৰে শৰালি জাকে দূৰ দিগন্তলৈ যেতিয়া উৰা মাৰে তেতিয়া এক অপূৰ্ব নান্দনিক দৃশ্যৰ সৃষ্টি হয়। সন্ধিয়া নীড়মুখী পক্ষী জাকে ঘূৰি অহাৰ দৃশ্যৰ লগতে পশ্চিম দিগন্তত ডুবু ডুবু হোৱা ৰাঙলী সূৰুযৰ হেঙুলী আভাই সৃষ্টি কৰা মনোমোহা দৃশ্যই শৰতৰ আকাশ সোণত সুৱগা চৰায়।
শৰতৰ নিশাবোৰ আমেজভৰা আৰু অতি বিতোপন। ভূপেন হাজৰিকাই গীতেৰে কৈছে – “শৰৎ নিশাই তৰাৰে সজাই আইৰে কেশ,ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ…”। শৰতৰ চন্দ্ৰাৱলী ৰাতি স্নিগ্ধ জোনাকৰ সুকোমল কোলাত আইতাৰ স’তে চোতালত বহি নাতি-নাতিনীহঁতে অতি আগ্ৰহেৰে আইতাৰ তামোলৰ সেলেঙী লগা মুখেৰে সাধু কথা শুনে। জোনাকীমেলত আইতাৰ সাধু শুনি নাতিহঁত আত্মবিভোৰ হয়। এনে শাৰদী পূৰ্ণিমা নিশা স্নিগ্ধ জোৎস্নাত সাঁতুৰি-নাদুৰি ভগৱান শ্ৰীকৃষ্ণই গোপিনীৰ লগত ৰাসক্ৰীড়া কৰাৰ কথা সৰ্বজনবিদিত। শৰতৰ চন্দ্ৰাৱলী ৰাতিত কৃষ্ণৰ সুমধুৰ বংশী ধ্বনিয়ে গোপীসকলক আপ্লুত কৰিছিল। মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে কৈছে –
‘শৰৎ কালৰ ৰাত্ৰি অতি বিতোপন।
ৰাসক্ৰীড়া কৰিতে কৃষ্ণৰ ভৈল মন।।’
এনেকৈয়ে শৰৎ আহে। শৰতৰ লগত শেৱালিৰ যেনেকৈ নিবিড় সম্পৰ্ক, ঠিক তেনেকৈ শৰতৰ লগত আহিনৰ সম্পৰ্ক। ভাদ মাহৰ পৰা অৰ্থাৎ শৰৎ আৰম্ভ হোৱাৰ লগে লগে শ্যামলিমা প্ৰকৃতিৰ বুকুত কঁহুৱা বনবোৰ ফুলি বতাহত হালি জালি ৰূপহী অসমী আইৰ জেউতি চৰায়। নৈৰ পাৰে পাৰে কঁহুৱাবোৰ ফুলিলে হৃদয়ত এক অবুজ শিহৰণ জাগে। সেই সময়বোৰত নৈৰ পাৰে পাৰে, চৰ-চাপৰিৰ মাজত কঁহুৱা, নলনীৰ মাজে মাজে গৰখীয়াই গৰু চৰাই বনগীত গাই এক অনাবিল আনন্দ লাভ কৰে। ভাদমাহৰ শেষৰ ফালে যি দৰে খেতিয়কে ধান খেতি সামৰে, ঠিক তেনেদৰে আহিনৰ আৰম্ভণিতে ৰবি শস্যৰ প্ৰস্ত্ততি চলায়। ঘৰৰ কাষতে লাগি থকা বাৰীডৰাত লাই, লফা, পালেং,ধনীয়া, মূলা আদিয়ে জকমকাই পৰে।
ভাদ মাহত অসমৰ গাঁৱে-চহৰে হৰি নামৰ ধ্বনিয়ে আকাশ মুখৰিত কৰে। লগতে মহাপুৰুষ দুজনাৰ তিৰোভাৱ তিথি,শ্ৰীকৃষ্ণৰ জন্মাষ্টমী তিথি আদিয়ে মানুহৰ মন পৱিত্ৰ কৰি ৰাখে। ইয়াৰ পিচত আহিনত আহে মহাপুৰুষ শঙ্কৰদেৱৰ জন্মোৎসৱ, শাৰদীয় দুৰ্গোৎসৱ আৰু অন্যান্য পূজা-উৎসৱ যেনে লক্ষ্মীপূজা, কালীপূজা, দীপান্বিতা আদি। এই তিথি, উৎসৱ, পূজা-পাৰ্বণবোৰ হিন্দুৰ এক অবিচ্ছেদ্য অংগ। ধৰ্মীয় দিশবোৰ বাদ দি সকলোৱে একেমুখে স্বীকাৰ কৰিব লাগিব যে, এই সকলো বিলাক আমি উৎসৱ হিচাপে পালন কৰি আহিছোঁ যুগ যুগ ধৰি। এইবিলাকে আমাক সকলোকে একতাৰ এনাজৰীৰে বান্ধ খুৱায় আৰু আমাৰ মাজত ভাতৃত্ববোধ জগাই তোলে। শৰৎ কালত পতা দুৰ্গা পূজাক শাৰদীয় দুৰ্গা পূজা বোলা হয় আৰু সম্ভৱত শাৰদীয় দুৰ্গা পূজাই হিন্দুৰ আটাইতকৈ ডাঙৰ উৎসৱ। দুৰ্গোৎসৱৰ সময়ত ৫/৬দিন ধৰি অসমৰ সৰ্বত্ৰতে গাঁও-ভূঁই, নগৰে-চহৰে যিমান মানুহৰ সমাগম হয় বা উৎসৱমুখৰ পৰিবেশৰ সৃষ্টি হয়, আন কোনো অনুষ্ঠানতে তেনে হোৱা দেখা নাযায়। কি ধনী, কি দুখীয়া সকলোৱেই এই সময়ত একোখনি নতুন আভৰণ লোৱা দেখা যায়। সেয়ে দুৰ্গাপূজাক সাৰ্বজনীন দুৰ্গাপূজা হিচাপে অভিহিত কৰা হৈছে। কথিত আছে যে অযোধ্যাৰ ৰজা দশৰথৰ জ্যেষ্ঠ পুত্ৰ শ্ৰীৰামচন্দ্ৰই সীতা হৰণ কাৰী দুৰ্দান্ত ৰাক্ষস ৰাৱনক বধ কৰিবৰ বাবে শৰৎ কালত অকাল বোধনেৰে দেৱী দুৰ্গাক পূজা কৰিছিল আৰু তেতিয়াৰ পৰাই এই শাৰদীয় পূজাৰ প্ৰচলন হৈ আছে। দুৰ্গা দেৱী হ’ল সকলো শক্তিৰ আধাৰ শক্তিৰূপা, দুৰ্গতি নাশিনী মাতা। সকলো অপ শক্তিক নাশ কৰি মহিষাসুৰ সদৃশ দৈত্য দানৱক বিনাশ কৰি শান্তি প্ৰতিষ্ঠা কৰাৰ বাবে দেৱীৰ আবিৰ্ভাৱ।
কিন্ত্ত আজি ৰূপহী অসমী আইৰ মুখত সেই ভূৱন ভুলোৱা হাঁহি নাই। অগ্নি গৰ্ভা অসমত শৰৎ, শেৱালি আৰু আহিনৰ স্নিগ্ধ-শান্ত পৰিবেশে শান্তি বিলাব পৰা নাই। সকলো যেন থমকি ৰৈছে! চাৰিওফালে সন্ত্ৰাস,হত্যা, লুন্ঠন, ভাতৃঘাতী সংঘৰ্ষৰ সূত্ৰপাত হৈছে। সন্ত্ৰাস জৰ্জৰিত অসমত মহিষাসুৰৰ টিঘিলঘিলনি ক্ৰমে বাঢ়ি গৈছে। মানুহে মুক্ত মনেৰে স্বছন্দে কোনো আনন্দোৎসৱত ভাগ ল’ব নোৱাৰা হৈছে। ফটকা, ফুলজাৰি, বেলুনৰ ঠাই দখল কৰিছে উগ্ৰপন্থীৰ বোমা-বাৰুদ, গ্ৰেণেড, এ, কে ৪৭ আদিয়ে। এক আতংকময় পৰিবেশ। সেয়ে এই সন্ধিক্ষণত সঁচা অৰ্থত দেৱী দুৰ্গাৰ প্ৰয়োজন হৈছে। দশভূজাৰ আবিৰ্ভাৱ হৈ এই অশুভ শক্তিবোৰ মষিমূৰ কৰক, মহিষাসুৰ ৰূপী দুৰ্দান্ত অসুৰ বিলাকক বিনাশ কৰি পুনৰ অসমত শান্তি স্থাপন কৰক এয়ে আজি আমাৰ সকলোৰে কামনা। ‘যা দেৱী সৰ্বভূতেষু শক্তিৰূপেন সংস্থিতা। নমস্তসৈ, নমস্তসৈ নমস্তসৈ নমো নমঃ।’ শৰৎ, আহিন সদায় আহক। প্ৰতি বছৰে, যুগে যুগে, অনন্তকাল। শৰতৰ কঁহুৱা ফুলে সকলোকে পুনৰ আলফুলে আদৰি লওক। সকলোৰে মুখত বিৰিঙি উঠক এমুখ শেৱালি কোমল হাঁহি।

Subscribe
Notify of
2 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
অভিজিত
1 year ago

ধন্যবাদ

Anonymous
11 months ago

সুন্দৰ।