শৰৎ (উৎপল খাটনিয়াৰ)

শৰৎ

 

উৎপল খাটনিয়াৰ

পুহমহীয়া শীতৰ ঘন কুঁৱলীৰ সেওঁতা ফালি টাটা চুমো খন আগবাঢ়িছে শ্বিলং অভিমুখে। শীতল বতাহ এজাকে বাৰে বাৰে মনালিছাৰ লিহিৰি চুলিকোছাক চুই গৈছে, বতাহত কপি থকা ঘন কলা চুলিকোছাৰ সৈতে কপালত জিলিকি থকা ৰঙা ফোঁটটিৰ সৈতে মনালিছাক খুৱ ধুনীয়া লগা হৈছে।মনালিছা কলিতা।ঘৰ নলবাৰি জিলাৰ পাইকাৰকুছিত। বিয়া হবলৈ এমাহ হৈছে। বিয়াৰ পিছত এয়া প্রথম স্বামীৰ সৈতে ফুৰিবলৈ আহিছে শ্বিলঙলৈ।স্বামী মুকুল হাজৰিকা, আৰক্ষী বিষয়া। শৈশৱত মনালিছাৰ সৈতে একেলগে উমলি ডাঙৰ হৈছিল মুকুল হাজৰিকা,তেওঁলোক দুজনৰ লগত সঙ্গ দিছিল শৰৎ ৰাজখোৱা। তিনিও একেলগে উমলি শৈশৱ,কৈশোৰৰ দেওনা পাৰ কৰি যৌৱনত ভৰি দিছিল।মনালিছাৰ বুকুত লাজবোৰ বাঢ়িবলৈ ধৰিছিল,লাহে লাহে মনালিছাই অনুভৱ কৰিব ধৰিলে যে শৰৎ ৰাজখোৱাক দেখিলেই তেওঁৰ মন-প্রাণ চঞ্চল হৈ উঠে। নিজৰ অজ্ঞাতে কিয় এনেদৰে চঞ্চলা হৈ উঠে সেয়া বুজিবলৈ চেষ্টা কৰাৰ আগতেই এদিন শৰৎ ৰাজখোৱাই আগবঢ়াইছিল প্রেমৰ প্রস্তাৱ। শৰতৰ পৰা প্রস্তাৱটি পায় মনালিছা আবেগিক হৈ পৰাৰ লগতে ভিতৰি ভিতৰি আনন্দিতও হৈছিল কিয়নো তেওঁৰ হৃদয় খনেও সদায় শৰতক বিছাৰি আহিছল চিৰদিনৰ বাবে কাষত। এজাক জিল-মিল তৰাৰ সৈতে উমলি উমলিয়ে তেওঁলোকৰ প্রেমে পাছটা বসন্ত অতিক্রম কৰে।সময়ৰ বতাহজাকৰ সৈতে মনালিছাৰ সপোনবোৰেও লহ পহ কৈ বাঢ়ি আহে আনহাতে শৰৎ ৰাজখোৱাৰ মন ঢাপলি মেলে বিপ্লবলৈ। হাজাৰ হাজাৰ সমস্যাৰে জৰ্জৰিত অসম ভূমি। ভাৰতবৰ্ষৰ অঙ্গৰাজ্য অসম। স্বাধীন ভাৰতবৰ্ষৰ ৰাজ্য হোৱাৰ পাছতো অসমবাসীৰ হাতত নাই প্রাকৃতিক সম্পদৰ সদব্যৱহাৰ কৰাৰ অধিকাৰ। ৰাজনৈতিক ভাবে কৰিব নোৱাৰে কোনো ধৰনৰ অৰ্থনৈতিক পৰিকল্পনা। নিজ ৰাজ্যখনৰ সম্পদ সমুহ বাহিৰলৈ উলিয়াই লৈ যোৱাৰ বিৰোধিতা কৰিব নোৱাৰে অসমবাসীয়ে, এই সম্পদ সমুহৰ জৰিয়তে ভাৰত ৰাষ্ট্রই লাভ কৰে কোটি কোটি টকাৰ মুনাফা কিন্তু তাৰ বিনিময়ত অসমবাসীয়ে আজিলৈকে পাইছে কি? ৰাজ্যৰ বিকাশৰ নামত কেইখনমান আঁচনি আৰু কিছু পকী ৰাস্তা। কিন্তু এয়াই জানো সমগ্র অসমৰ সৰ্বাঙ্গীন বিকাশ? নলবাৰী,ধেমাজিৰ দৰে বহু হেক্টৰ কৃষিভূমি এতিয়াও বানপানীৰ কৰাল গ্ৰাসত পৰে ,খেতি পথাৰ বালিৰে পোত গৈ থাকে ,বহু কৃষকে আকৌ পানীৰ অভাৱত খেতি কৰিব নোৱাৰে।অসমত নাই এখন আদৰ্শমুলক ঔদ্যোগিক আঁচনি কিন্তু এইবোৰৰ প্রতি ভাৰত ৰাষ্ট্রৰ কোনোধৰনৰ গুৰুত্ব নাই। তদুপৰি অসমখন বিদেশী সমস্যাৰে ভাৰাক্রান্ত ,অবৈধ প্রবজনে অসমৰ খিলঞ্জীয়া সকলৰ নিজৰ অস্তিত্ব ৰক্ষাৰ বাবে ভাবুকি স্বৰূপ হৈ পৰিছে তথাপিও কেন্দ্রীয় চৰকাৰ নিমাত।ভাৰতবৰ্ষৰ অইন ৰাজ্য সমূহত বিদেশী বহিঃস্কাৰৰ বাবে থকা কঠোৰ নীতি সমূহ কিন্তু আজিলৈকে অসমত প্রযোজ্য হবলৈ দিয়া নাই ভাৰত ৰাষ্ট্রই। মুঠৰ ওপৰত অসমভুমিক চোৱা হৈছে মাহী আইৰ দৃষ্টিৰে৷ ১৮২৬ চনত ইয়াণ্ডাবু চুক্তিৰ জৰিয়তে ইংৰাজ সকলে নিজৰ সুবিধাৰ বাবে বলপুৰ্বক ভাবে অসমক ভাৰতবৰ্ষৰ লগত অন্তৰ্ভুক্ত কৰিছিল আৰু এতিয়া কেন্দ্রীয় চৰকাৰে নিজৰ নিজৰ মুনাফা আদায় কৰাৰ বাবে অসমৰ ভুমিক নিজৰ দখলত ৰাখিছে, সেইবাবেই নেকি অসমৰ সমস্যা সমুহক ভাৰত ৰাষ্ট্রই এৰাই চলিছে। কিন্তু শৰৎ ৰাজখোৱা আৰু তেওঁৰ সহযোগী সকলে এই সমস্যা সমুহ সমাধান কৰিব বিচাৰে। অসমৰ ভুখণ্ডক স্বাধীন কৰি অসমৰ ভৱিষ্যত প্রজন্মক সুৰক্ষা দিব বিচাৰে সেয়েহে শৰৎ অসমৰ স্বাধীনতাৰ বাবে সংগ্রাম চলাই থকা সংগঠনটোত যোগদান কৰে। যোৱাৰ সময়ত মনালিছাক কৈ গৈছিল যে অনতি পলমে উভটি আহি মনালিছাক চিৰদিনৰ বাবে লৈ যাব। বহু দিন বহু মাহ শৰৎ আহিব আহিব বুলি বুকুত সপোন বোৰ বান্ধি পদুলি মুৰত ৰৈ আছিল কিন্তু শৰৎ উভতি নাহিল। আনহাতে দুয়োৰে দৈহিক মিলনৰ ফলস্বৰূপে মনালিছাৰ কোষত থিতাপি লোৱা ভ্রূণটোৱেও ডাঙৰ হৈ আহিব ধৰিলে। কুমাৰী অৱস্থাতেই মাতৃত্বৰ দায়িত্ব বহন কৰা মনালিছা সমাজৰ পৰা অনাদৃত হ’ল। মাক দেউতাকে মনালিছাক হেঁচা দিলে যে এই ভ্রূণ হত্যা কৰি পেলাব লাগে, কিন্তু মনালিছা মান্তি নহ’ল। বিবাহিত মহিলা এগৰাকীয়ে সন্তান সম্ভবা হ’লে তেওঁক লৈ পৰিয়াল,সমাজৰ ব্যস্ততা বাঢ়ি যায় আৰু ন-সন্তানটিক আদৰাৰ ব্যাপক প্রস্তুতি চলায় আৰু যদি অবিবাহিত মহিলা এগৰাকীয়ে মাতৃত্বৰ দিশে আগবাঢ়ে তেতিয়া তেওঁক আখ্যা দিয়া হয় কলঙ্কিনী, কিন্তু চৰম সত্য এইটোৱে যে দুয়োগৰাকী মহিলাই মাতৃত্বৰ দিশে আগবাঢ়িছে, আৰু এইবোৰৰ মাজত নৱজাতক জনৰ দোষ কোনখিনিত? সেয়েহে মনালিছা দৃঢ় হ’ল যে তেওঁ এই সন্তানটিক জন্ম দিবই তদুপৰি এয়া শৰৎৰ মৰমৰ সাক্ষী।
লাহে লাহে ভ্রূণটিয়ে পূৰ্ণাঙ্গ ৰূপ ললে আৰু এটি কন্যা সন্তানৰ জন্ম হ’ল। দুই এটি কৈ ঠুনুক-ঠানাক কথাও কব পৰা হ’ল সন্তান টিয়ে। এইপিনে বিপ্লব দমনৰ নামত ভাৰত ৰাষ্ট্রই অসমৰ ভুখণ্ডত জাপি দিলে ভাৰতীয় সেনা৷ আইন অনুসাৰে ভাৰতীয় সেনাই কোনো নাগৰিকক জেৰা কৰিব নোৱাৰে যদিও অসমৰ ভূখণ্ডত এই সেনাবাহিনীৰ দ্বাৰা বহু অসমীয়া যুৱক-যুৱতী বে আইনিভাৱে নিৰ্যাতনৰ সম্মুখীন হব লগা হ’ল। মনালিছাৰ ওপৰতো আৰম্ভ হ’ল অকথ্য নিৰ্যাতন।বিপ্লৱ দমনৰ নামত নিতৌ সেনাবাহিনীৰ টহল মনালিছাৰ ঘৰত অথচ যিজন শৰৎ ৰাজখোৱাৰ বাবে মনালিছাক নজৰ বন্দী কৰি ৰাখিছে সেই শৰৎ ৰাজখোৱাই বিপ্লবী সংগঠনটিত যোগদান কৰাৰ দিনৰ পৰাই মনালিছাৰ সৈতে সকলো সম্পৰ্ক শেষ কৰি পেলাইছে যাৰ বাবে ছাগে আজিলৈকে এবাৰো যোগাযোগ কৰা নাই মনালিছাৰ সৈতে। মনালিছাৰ দুখবোৰ দেখি বাল্য বন্ধু মুকুল হাজৰিকা মৰ্মাহত হৈ পৰিছিল।মুকুলে ভালকৈয়ে বুজি উঠিছিল যে মনালিছা আৰু কন্যা সন্তানটিৰ নিৰাপত্তা নোহোৱা হ’বলৈ ধৰিছে, তেওঁক এটি নতুন পৰিছয়ৰ প্রয়োজন আছে সেয়েহে মনালিছাক বিয়াৰ প্রস্তাৱ দিলে। প্রথম অৱস্থাত মনালিছাই আপত্তি কৰিছিল যদিও মুকুলৰ হেঁচাত সেও মানি বিয়াত বহিবলৈ মান্তি হয়। আৰু আজিৰ পৰা এমাহ আগতে তেওঁলোকৰ বিবাহ সম্পন্ন হয়।
বৰ্তমান দুয়ো সুখী, কন্যা সন্তান-টিয়েও মুকুলক দেউতা বুলি মাতিবলৈ লৈছে। মুকুলৰ মৰমৰ মাজত নিজকে বিলাই দি মনালিছাইও পুৰণি কথাবোৰ পাহৰিবলৈ চেষ্টা কৰিছে।

জোনাকে ভৰি থকা নিশা এটিত শৰতে মনালিছাৰ দুচকুত আলফুলে তুলি দিছিল সোণালী সপোন এটি আৰু সেই সপোন পাই আৱেগেৰে উপচি পৰিছিল তেওঁৰ তেজ ৰঙা কলিজাখন। শৰতৰ সেই মধুৰ সপোনটোৰ বাবেই মনালিছাৰ উতলা যৌৱনৰ বাহিৰে ভিতৰে নতুন কৈ ফুলিব ধৰিছিল জীৱনৰ পাৰিজাত ফুল। নীলিম চকুৰ বাখৰৰ উজ্জ্বলতাট বিচাৰি পাইছিল নিজকে আৰু হেৰুৱাই দিছিল এদিন সেই লাস্যময়ী চকুৰ চাৱনিত৷সুখৰ চিকুণ চিকুণ পোৱাল ডৰিকণা বোৰ বিচাৰি এদিন শৰৎ আৰু মনালিছা এই মায়াময় জগতৰ ঢৌবোৰত এৰি দিছিল পালতৰা নাওঁখন। এই যাত্রাপথত শৰতে এদিন কৈছিল আজিকালি মানুহৰ মাজত মৰম, চেনেহ তেনেই তাকৰ হৈ পৰিল তেনেস্থলত আমাৰ এই ভালপোৱাই কিমান দিন উমলিব বাৰু? পুৰণা কথা কিছুমানে মনৰ ভিতৰত দোলা দি মনালিছাক আমনি কৰিব ধৰিলে৷ বহু চেষ্টা কৰিও সেই কথা বোৰ তেওঁ পাহৰিব পৰা নাই৷ অকলশৰীয়া সময়বোৰত সেই স্মৃতিবোৰে দেহ মন জোকাৰি তাহানিৰ দিনবোৰলৈ তেওঁক লৈ যায়। মুকুলৰ মৰমেও মনালিছাৰ মনৰ অভাৱখিনি পূৰণ কৰিব পৰা নাই , মুকুলে কথাটি বুজে- প্রেম খুব দুৰূহ সম্পদ, সকলোৰে হৃদয়ে প্রেমৰ বতাহজাকক স্পৰ্শ কৰিব নোৱাৰে ৷আৰু এবাৰ যদি কাৰোবাক এই বতাহজাকে চুই গৈছে তেতিয়া হ’লে সেই প্রেমাস্পদক পাহৰাটো ইমান সহজ নহয়৷মনালিছাকো আৰু কিছু সময়ৰ প্রয়োজন হ’ব আৰু সেইবাবেই আজি তেওঁক শ্বিলঙলৈ লৈ আহিছে৷ কিয়নো মুকুলেও মনালিছাক ভালপোৱাৰ বাবে জীৱন দিব বিচাৰে, নিজৰ সমস্ত উজাৰি দি আপোন কৰি ল’ব বিচাৰে, নিজকে নিৰ্বাসন দিব বিচাৰে মাথোঁ মনালিছাৰ আশাৰ সীমনাত।
মনালিছাইও মুকুলৰ মনৰ ভাববোৰ বুজি পায় আৰু সেয়েহে মুকুলৰ সেউজীয়া নিশ্বাসৰ সমভূমিত তেওঁ খোজ কাঢ়িব চেষ্টা কৰে।নিজৰ হৃদয়ৰ মুকুলৰ প্রতি মৰম ভালপোৱাক পুহি ৰাখিবলৈ চেষ্টা কৰে, সেইবাবেই শ্বিলঙৰ প্রতিটো নিশাই নিজকে সমৰ্পিত কৰিছে মুকুলৰ দেহৰ উত্তাপৰ শিহৰণত। লাহে লাহে দুৱো কিছু সহজ হৈ পৰিছে এজনে আনজনৰ ওচৰত। ন উদ্যমেৰে এক নতুন জীৱন গঢ়াৰ প্রয়াসেৰে দুয়ো শ্বিলঙৰ পৰা উভতি আহিল।কণমানিজনীৰ ওঁঠত খিলখিলিয়া হাঁহিটোৰ পৰিবৰ্তে এটি মিঠা মিচিকিয়া হাঁহিয়ে স্থান ল’লে৷ এটি দুটিকৈ তাইৰ জীৱনেও দহটা তামৰঙীয়া বসন্ত অতিক্রম কৰিলে, তাই এতিয়া স্কুলৰ এগৰাকী মেধাৱী ছাত্রী, মুকুল হাজৰিকাই এই কণমানিজনীৰ কথা চিন্তা কৰিয়ে আনএটি সন্তানৰ কথা নাভাবিলে৷ সময় নামৰ নদীখনৰ প্রবল সোতে সময়বোৰ আগুৱাই লৈ গৈছে তাৰ লগে লগে ভাৰত ৰাষ্ট্রৰ মূৰৰ কামোৰণি হৈ পৰিছে শৰৎ ৰাজখোৱা। নিজৰ বিপ্লৱক এক সবল স্তিতি দিবলৈ গৈ আদৰ্শৰ পৰা পিছলি গৈছে শৰৎ ৰাজখোৱা। অসমৰ ভূ-খণ্ডক স্বাধীন কৰাৰ নামত অসমৰ ভূ-খণ্ডতেই আৰম্ভ কৰিছে হত্যাৰ মহাযজ্ঞ। নিজৰ সংগঠনক আৰ্থিক নিৰাপত্তা দিয়াৰ বাবে আৰম্ভ কৰিছে ধন সংগ্রহৰ অভিযান। প্রধান লক্ষ্য হিচাপে বাচি লৈছে অসমত গঢ় লৈ উঠা উদ্যোগসমূহ৷ যাৰ ফলত সেই উদ্যোগসমূহ বন্ধ হৈ যাবলৈ ধৰিছে।ইমানতেই ৰৈ নাথাকি তেওঁলোকে টাৰ্গেট হিচাপে লৈছে অসমলৈ বদলি হৈ অহা বিষয়াসকলক। তেনে এজন বিষয়া আচিল ৰমেশ জাহ। গুৱাহাটী ৰিফেইনেৰীলৈ বদলি হৈ অহাৰ এমাহ হ’বলৈ নৌপাওঁতেই শৰৎ ৰাজখোৱাৰ নেতৃপ্তত তেখেতক অপহৰণ কৰা হ’ল। তেখেতক মুকলি কৰি দিয়াৰ বিনিময়ত ভাৰত ৰাষ্ট্রৰ ওচৰত চৰ্ত ৰাখিলে যে স্বাধীনতাৰ দাবীক লৈ বিনাচৰ্তে আলোচনাত বহিব লাগে।নহ’লে ৰমেশ জাহক মুকলি কৰি দিয়া নহ’ব। শৰৎ ৰাজখোৱাহঁতৰ দাবী মানিবলৈ ভাৰত চৰকাৰ প্রস্তুত নহয়, সেয়েহে বিপ্লৱীসকলৰ কবলৰ পৰা ৰমেশ জাহক মুক্ত কৰিবলৈ অসম চৰকাৰ ওপৰত হেঁচা দিবলৈ ধৰিলে আৰু অসম চৰকাৰে এই দায়িত্ব অৰ্পণ কৰিলে আৰক্ষী বিষয়া মুকুল হাজৰিকাৰ ওপৰত। মুকুল প্রথম অৱস্থাত কিছু অপ্রস্তুত হৈছিল যদিও পিছলৈ নিজকে কঠোৰ কৰি ল’লে। শৰৎ তেওঁৰ বাল্য বন্ধু যদিও বৰ্তমান তেওঁ বিপ্লৱৰ নামত বৰ্বৰতাক জীয়াই ৰখা এজন দেশদ্রোহী৷ গতিকে তেওঁলোকৰ কবলৰ পৰা ৰমেশ জাহক মুকলি কৰি আনিবলৈ যিকনো পন্থাকেই ল’বলৈ নিজকে দৃঢ় কৰি ল’লে মুকুল হাজৰিকাই ৷সম্ভাব্য সকলো স্থানতে অভিযান তীব্রতৰ কৰি তুলিলে মুকুল হাজৰিকাই৷ কিন্তু স্বয়ং শৰৎ ৰাজখোৱাই নেতৃত্ব দিয়া দলটোৰ শুংসুত্রকেই উলিয়াব পৰা নাই৷ এই ঘটনাৰ কি পৰিণতি হ’ব পাৰে সেয়া মনালিছাই অনুমান কৰি লৈছে নিজৰ মনৰ ভিতৰতেই৷ এফালে এসময়ত মন-প্রাণ উজাৰি দিয়া ভালপোৱা মানুহজন আৰু আনপিনে নিজৰ মৰমেৰে আকোঁৱালি লোৱা তেওঁৰ স্বামী৷ মনালিছা বিবুদ্ধিত পৰিছে, তেওঁ পুনৰ শৰৎ ৰাজখোৱাক আকোঁৱালি ল’ব নোৱাৰে যদিও তেওঁৰ মৃত্যুও কামনা নকৰে৷ কিন্তু স্বামীৰ কথা-বতৰাত এইটো স্পষ্ট হৈ পৰিছে যে ৰমেশ জাহক মুকলি কৰি আনিবলৈ যিকনো পন্থাকেই তেওঁ গ্রহণ কৰিব৷ সেয়েহে মনালিছাই মুকুলক অনুৰোধ কৰিলে পাৰিলে শৰৎ ৰাজখোৱাক জীৱন্তে কৰায়ত্ত কৰিবলৈ৷ ইতিমধ্যে গোপন সূত্রৰ তথ্য মতে মুকুলে গম পাইছে যে ৰমেশ জাহৰ সৈতে শৰৎ ৰাজখোৱাই আশ্রয় লৈছে বৰপেটা জিলাৰ কুৰবাহা নামেৰে এক ভিতৰুৱা অঞ্চলত৷ সেয়েহে মুকুলে আৰক্ষীৰ দল এটি লৈ কুৰবাহালৈ ৰাওনা হ’ল আৰু শৰৎ ৰাজখোৱা আশ্রয় লৈ থকা নিৰ্দিষ্ট ঘৰটো চৌদিশৰ পৰা ঘেৰি ধৰিলে আৰু শৰৎ ৰাজখোৱাক আত্মসমৰ্পণ কৰিবলৈ আদেশ দিলে৷ কিছু সময় নীৰৱতা তাৰ পিছত ভিতৰৰ পৰা কোনো ধৰণৰ সহাৰি নাপাই মুকুল হাজৰিকাই এখোজ দুখোজ কৈ আগুৱাবলৈ ধৰিলে৷ তেনেতে মুকুলৰ ম’বাইল ফোনটো বাজি উঠিল, মুকুলক ওপৰ মহলৰ পৰা নিৰ্দেশ দিলে যে শৰৎ ৰাজখোৱাৰ দলটোৰ ওপৰত এনকাউণ্টাৰ আৰম্ভ কৰি দিব লাগে৷ মুকুলে বহু বুজাবলৈ চেষ্টা কৰিলে যে শৰতক জীৱন্তে কৰায়ত্ত কৰাৰ লগতে ৰমেশ জাহকো উদ্ধাৰ কৰিব পাৰিব৷ কিন্তু বহু বুজাবলৈ চেষ্টা কৰিও বিফল হ’ল আৰু উপায়হীন হৈ মুকুলে শৰৎ ৰাজখোৱাহঁত থকা ঘৰটোলৈ লক্ষ্য কৰি গুলী বৰ্ষণ কৰিবলৈ আদেশ দিলে৷ দুয়ো পক্ষৰ মাজত প্রচণ্ড গুলীয়া-গুলী চলিল৷ প্রায় এঘণ্টা পিছত গুলীয়া-গুলী বন্ধ হ’ল। সদলবলে মুকুল হাজৰিকাই ঘৰটোৰ ভিতৰলৈ আগুৱাই গ’ল ,ভিতৰত তেজৰ ডোঙা বান্ধিছে আৰু নিথৰ হৈ পৰি আছে দুটি মৃতদেহ৷ এটা শৰৎ ৰাজখোৱাৰ আৰু আনটো ৰমেশ জাহৰ।মৃতদেহ দুটা পৰীক্ষা কৰি মুকুলে সেই নিৰ্দিষ্ট ফোন নম্বৰটি ডায়েল কৰি জনালে যে অপাৰেচন ছাকচেছ৷ তাৰ পিছত মনালিছালৈ ফোন কৰি ঘটনাৰ সবিশেষ জনালে। মনালিছাই ফোনোতেই হুক-হুকাই কান্দিব ধৰিলে, মুকুলৰ চকু দুটিও সেমেকি উঠিল, মুকুলে ফোন কাটি দিলে আৰু মনতে ভাবিলে মনালিছাই আজি হেঁপাহ পলুৱাই কান্দক আৰু কান্দোনৰ চকুপানীখিনিয়ে মনালিছাৰ হৃদয়ৰ পৰা ধুই লৈ যাওক অতদিনৰ ক্ষোভ, বেদনা আৰু হুমুনিয়াহবোৰ…..!

শৰৎ
উৎপল খাটনিয়াৰ

পুহমহীয়া শীতৰ ঘন কুঁৱলীৰ সেওঁতা ফালি টাটা চুমো খন আগবাঢ়িছে শ্বিলং অভিমুখে শীতল বতাহ এজাকে বাৰে বাৰে মনালিছাৰ লিহিৰি চুলিকোছাক চুই গৈছে, বতাহত কপি থকা ঘন কলা চুলিকোছাৰ সৈতে কপালত জিলিকি থকা ৰঙা ফোঁটটিৰ সৈতে মনালিছাক খুৱ ধুনীয়া লগা হৈছেমনালিছা কলিতাঘৰ নলবাৰি জিলাৰ পাইকাৰকুছিত বিয়া হবলৈ এমাহ হৈছে বিয়াৰ পিছত এয়া প্রথম স্বামীৰ সৈতে ফুৰিবলৈ আহিছে শ্বিলঙলৈস্বামী মুকুল হাজৰিকা, আৰক্ষী বিষয়া শৈশৱত মনালিছাৰ সৈতে একেলগে উমলি ডাঙৰ হৈছিল মুকুল হাজৰিকা,তেওঁলোক দুজনৰ লগত সঙ্গ দিছিল শৰৎ ৰাজখোৱা তিনিও একেলগে উমলি শৈশৱ,কৈশোৰৰ দেওনা পাৰ কৰি যৌৱনত ভৰি দিছিলমনালিছাৰ বুকুত লাজবোৰ বাঢ়িবলৈ ধৰিছিল,লাহে লাহে মনালিছাই অনুভৱ কৰিব ধৰিলে যে শৰৎ ৰাজখোৱাক দেখিলেই তেওঁৰ মন-প্রাণ চঞ্চল হৈ উঠে নিজৰ অজ্ঞাতে কিয় এনেদৰে চঞ্চলা হৈ উঠে সেয়া বুজিবলৈ চেষ্টা কৰাৰ আগতেই এদিন শৰৎ ৰাজখোৱাই আগবঢ়াইছিল প্রেমৰ প্রস্তাৱ শৰতৰ পৰা প্রস্তাৱটি পায় মনালিছা আবেগিক হৈ পৰাৰ লগতে ভিতৰি ভিতৰি আনন্দিতও হৈছিল কিয়নো তেওঁৰ হৃদয় খনেও সদায় শৰতক বিছাৰি আহিছল চিৰদিনৰ বাবে কাষত এজাক জিল-মিল তৰাৰ সৈতে উমলি উমলিয়ে তেওঁলোকৰ প্রেমে পাছটা বসন্ত অতিক্রম কৰেসময়ৰ বতাহজাকৰ সৈতে মনালিছাৰ সপোনবোৰেও লহ পহ কৈ বাঢ়ি আহে আনহাতে শৰৎ ৰাজখোৱাৰ মন ঢাপলি মেলে বিপ্লবলৈ হাজাৰ হাজাৰ সমস্যাৰে জৰ্জৰিত অসম ভূমি ভাৰতবৰ্ষৰ অঙ্গৰাজ্য অসম স্বাধীন ভাৰতবৰ্ষৰ ৰাজ্য হোৱাৰ পাছতো অসমবাসীৰ হাতত নাই প্রাকৃতিক সম্পদৰ সদব্যৱহাৰ কৰাৰ অধিকাৰ ৰাজনৈতিক ভাবে কৰিব নোৱাৰে কোনো ধৰনৰ অৰ্থনৈতিক পৰিকল্পনা নিজ ৰাজ্যখনৰ সম্পদ সমুহ বাহিৰলৈ উলিয়াই লৈ যোৱাৰ বিৰোধিতা কৰিব নোৱাৰে অসমবাসীয়ে, এই সম্পদ সমুহৰ জৰিয়তে ভাৰত ৰাষ্ট্রই লাভ কৰে কোটি কোটি টকাৰ মুনাফা কিন্তু তাৰ বিনিময়ত অসমবাসীয়ে আজিলৈকে পাইছে কি? ৰাজ্যৰ বিকাশৰ নামত কেইখনমান আঁচনি আৰু কিছু পকী ৰাস্তা কিন্তু এয়াই জানো সমগ্র অসমৰ সৰ্বাঙ্গীন বিকাশ? নলবাৰী,ধেমাজিৰ দৰে বহু হেক্টৰ কৃষিভূমি এতিয়াও বানপানীৰ কৰাল গ্ৰাসত পৰে ,খেতি পথাৰ বালিৰে পোত গৈ থাকে ,বহু কৃষকে আকৌ পানীৰ অভাৱত খেতি কৰিব নোৱাৰেঅসমত নাই এখন আদৰ্শমুলক ঔদ্যোগিক আঁচনি কিন্তু এইবোৰৰ প্রতি ভাৰত ৰাষ্ট্রৰ কোনোধৰনৰ গুৰুত্ব নাই তদুপৰি অসমখন বিদেশী সমস্যাৰে ভাৰাক্রান্ত ,অবৈধ প্রবজনে অসমৰ খিলঞ্জীয়া সকলৰ নিজৰ অস্তিত্ব ৰক্ষাৰ বাবে ভাবুকি স্বৰূপ হৈ পৰিছে তথাপিও কেন্দ্রীয় চৰকাৰ নিমাতভাৰতবৰ্ষৰ অইন ৰাজ্য সমূহত বিদেশী বহিঃস্কাৰৰ বাবে থকা কঠোৰ নীতি সমূহ কিন্তু আজিলৈকে অসমত প্রযোজ্য হবলৈ দিয়া নাই ভাৰত ৰাষ্ট্রই মুঠৰ ওপৰত অসমভুমিক চোৱা হৈছে মাহী আইৰ দৃষ্টিৰে৷ ১৮২৬ চনত ইয়াণ্ডাবু চুক্তিৰ জৰিয়তে ইংৰাজ সকলে নিজৰ সুবিধাৰ বাবে বলপুৰ্বক ভাবে অসমক ভাৰতবৰ্ষৰ লগত অন্তৰ্ভুক্ত কৰিছিল আৰু এতিয়া কেন্দ্রীয় চৰকাৰে নিজৰ নিজৰ মুনাফা আদায় কৰাৰ বাবে অসমৰ ভুমিক নিজৰ দখলত ৰাখিছে, সেইবাবেই নেকি অসমৰ সমস্যা সমুহক ভাৰত ৰাষ্ট্রই এৰাই চলিছে কিন্তু শৰৎ ৰাজখোৱা আৰু তেওঁৰ সহযোগী সকলে এই সমস্যা সমুহ সমাধান কৰিব বিচাৰে অসমৰ ভুখণ্ডক স্বাধীন কৰি অসমৰ ভৱিষ্যত প্রজন্মক সুৰক্ষা দিব বিচাৰে সেয়েহে শৰৎ অসমৰ স্বাধীনতাৰ বাবে সংগ্রাম চলাই থকা সংগঠনটোত যোগদান কৰে
Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments