শৰৎ কালৰ ৰাতি অতি বিতোপন (প্ৰতিম প্ৰতাপ বৰুৱা)

শৰৎ কালৰ ৰাতি অতি বিতোপন

প্ৰতিম প্ৰতাপ বৰুৱা

 

 

“ঐ কেতিয়া আহিলি?” – নামঘৰৰ দুৱাৰদলিত ওলগ এটা লৈ সোমাই যাওঁতেই ঘন দদাইদেৱে সুধিলে।
“আজি পাইছোঁহি দদাইদেউ। ভালে আছেনে? দেহা মূৰ ভাল? কি নাট মেলিছে?” – উত্তৰটো দি ঘন দদাইদেউৰ ওচৰতে বহি বটাটোৰ পৰা তামোল এখন তুলি ললোঁ।
“ভীষ্মপৰ্ব মেলিছোঁ এইবাৰ। তই দুদিনমান আগতে আহিব নোৱাৰিলিনে? অৰ্জুনৰ পাৰ্টটো তয়ে গাব পাৰিলিহেতেন। এতিয়াও ল’ পাৰ্ট এটা।“ – খোলত সৰু সৰুকৈ কিবা এটা বজাই বজাই ঘন দদাইদেৱে ক’লে।
“নাই দদাইদেউ। বহুত দিন ভাওনাৰ লগত সম্পৰ্কই নাইকিয়া হ’ল। এইবাৰ চামহে আৰু। কৃষ্ণ কোন হৈছে? আৰু ফেনচিঙক কি দিছে?”
“কৃষ্ণ হৈছে অপূৰ্ব। আৰু ফেনচিঙক কৃতবৰ্মা দিছে। অভিমন্যুৰ প্ৰবেশ হ’ব এতিয়া চা। আৰু খোল এটা ল’ চোন। নে খোল বজাবলৈও পাহৰিলি?“
“নাই পাহৰা দদাইদেউ। ধৰক বাৰু প্ৰবেশ। পিছে চন্দ্ৰেশ্বৰ দদাইদেউ আহিলে মই পলাম কিন্তু।” – কথাষাৰ কৈ ঢৰা এখনত বহি খোলটোত ওলগ এটা লৈ বজাবলৈ সাজু হ’লো।

কেইবাবছৰৰো মূৰত গুৰুজনাৰ জন্মোৎসৱৰ সময়ত অসমলৈ আহিছোঁ। প্ৰত্যেক বাৰৰ দৰে এইবাৰো আমাৰ নামঘৰত তিনিদিনীয়াকৈ পাতিছে গুৰুজনাৰ জন্মোৎসৱ। ভাওনাখন শেষৰদিনা হ’ব। ভীষ্মপৰ্ব নাটখন মেলিছে এইবাৰ। ঘৰ আহি পোৱাৰ পিছৰপৰা বাট চাই আছিলো কেতিয়া গধুলি হয় আৰু কেতিয়া ভাওনাৰ আখৰা আৰম্ভ হয়।

মূল বায়ন সদায় চন্দ্ৰেশ্বৰ গগৈ ওৰফে চন্দ্ৰেশ্বৰ বায়ন। পিছে তেওঁ আখৰাত সদায় নাহে। সেয়ে তেওঁ নথকাত ঘন দদাইদেৱে বায়নৰ কাম কৰে আৰু দিলীপ, সোনকন আদি কেইবাজনেও তেওঁৰ লগত খোল তাল বজায়। ৰাজু দদাইদেউ ভাওনাৰ স্থায়ী স্মাৰক। বচন প্ৰম্‌ট্‌ কৰি কৰি বেচিভাগ নাটৰ বচন তেওঁৰ মুখস্থ হৈ গৈছে। নাটখন নোচোৱাকৈও বচন প্ৰম্‌ট্‌ কৰি থাকিব পাৰে। সৰু দদাইদেউৰ পৰা শিকি আগতে কেতিয়াবা ময়ো বজাইছিলো কাৰণে আজি ঘন দদাইদেৱে মোক আহি পোৱাৰ দিনাই খোলটো আগবঢ়াই দিলে।

“জইয়’ হৰি বোলা, জইয়’ ৰাম বোলা”

এহাতত ধনু, এহাতত কাড় দুদালমান লৈ অভিমন্যুৱে সেৱা কৰিলেহি। ঘন দদাইদেউৰ লগে লগে প্ৰৱেশৰ ছেও বজালো –
“সভা ত’প্ৰ বেশকৰে
বীৰ অভিমন্যু…..”

খোলৰ ছেৱে ছেৱে অভিমন্যু পাৰ্ট লোৱা ধনটিৰ প্ৰবেশ দেখি বহুতদিনৰ মূৰত শৰীৰত ভাওনাৰ তেজ উথলি উঠিল। বহি থকাৰ পৰা উঠি লৈ নাচি নাচি খোল বজাবলৈ ধৰিলোঁ। নামঘৰৰ মনিকূটলৈ চাই মনটোৱে ফেকুৰি উঠিল – “এইখন সমাজ, এইহেন নামঘৰ, এইহেন ভাওনা, এইহেন প্ৰবেশৰ পৰা আঁতৰাই মোক ক’লৈ পঠিয়াই দিলা প্ৰভু!”
অভিমন্যুৱে বচন মাতিছে – “কুৰুক্ষেত্ৰ ধৰ্মক্ষেত্ৰ সমাগত। হাতত তুলি ল’লোঁ এই অপৰাজেয় ধনু …..”।
লাহে লাহে আখৰা চাবলৈ নামঘৰলৈ মানুহ আহিবলৈ ধৰিলে। বিজিত, যদু, যোগেশ, নন্দনহঁতক একেলগে অহা দেখি মই খোলটো থৈ সিহঁতৰ ওচৰলৈ আগবাঢ়ি গ’লো। “কেতিয়া আহিলি ঐ” বুলি গোটেইকেইটাই মোক সাবটি ধৰিলে। মোৰ মুখেদি মাত নোলাল। আকৌ এবাৰ অনুভৱ কৰিলোঁ অসমৰ পৰা আঁতৰত থাকি কি হেৰুৱালোঁ। চকু চলচলীয়া হৈ গৈছে আমাৰ গোটেইকেইটাৰ। গোটেইকেইটাই অলপ পিছহুহুকি নামঘৰৰ বেৰত আউজি বহি কথা পাতিবলৈ আৰম্ভ কৰিলোঁ। বাল্যবন্ধুৰ সৈতে গাত গা লগাই বহি কথা পতাৰ সুখে মোক আকৌ এবাৰ কন্দুৱাও যেন কৰিলে।
আখৰা চলি আছে। গহীন গম্ভীৰ বাবা দদাইদেৱে ভীষ্মৰ বচন মাতিছে।
“ঐ, তই ইমান দিনৰ মূৰত আহিছ। আজি ফেনচিঙক ধৰোঁ আহ।“ – যোগেশে সৰু সৰুকৈ ক’লে।
মই ক’লো – “সেই বাদ দে। আমি এতিয়া লৰা-ছোৱালীৰ বাপেকী হ’লো। এতিয়া আৰু সেইবোৰ কাম কৰে নেকি?”
“একো নহয় দে। বহুত দিন ধৰা নাই অ’ ফেনচিঙক। আজি ধৰিম বাপ্পেকে।“ – বিজিতেও উজান দিলে। মই বোলো – “ঠিক আছে। আজি ধৰিম। ঐ নন্দন, তই অলপ আগতে গুচি যাবি। নহলে সি তোৰ লগতে যাবগৈ। তেতিয়া খেলটো নজমিব। বাঁহনিখন আজিকালি আছে নে নাই?”
“আছে আছে। অলপ পাতলিছে। একো নাই। ফেনচিঙৰ কাৰণে সিমানেই বহুত।“ – যদুৱে ক’লে।

ফেনচিং ওৰফে ফুলেশ্বৰ। আমাতকৈ দুবছৰমান ডাঙৰ যদিও কম বয়সতে ঘাট-মাউৰা হোৱা, কিবাকৈ সংসাৰখন টানি আঁজুৰি পিছত কোনোমতে কমিচনৰ ৱৰ্কশ্বপত সৰু চাকৰি এটা যোগাৰ কৰা ফুলেশ্বৰক দেখিলে বয়সটো অলপ বেছি যেন লাগে। ক্ষীন-মীন চেহেৰাৰ ফুলেশ্বৰ আমাৰ সমাজৰ সকলো কামতে এৰাব নোৱাৰা মানুহ। ভাওনাত ফুলেশ্বৰৰ সমান উফৰি জাফৰি যুদ্ধ কৰিব পৰা মানুহ আন কোনো নাই। ‘ক’ টোৰ তিনিটা চুক চিনিবলৈ আৰম্ভ কৰোতেই ঘাট-মাউৰা হোৱা ফুলেশ্বৰৰ কাৰণে প্ৰত্যেক বাৰে ভাওনাত সেনাপতি বা অসুৰৰ পাৰ্টটো থৈ দিয়া হয়। এবাৰ এখন ভাওনাত অসুৰৰ পাৰ্ট গাই হাৰি দিবলগীয়া যুদ্ধ এখনত ফুলেশ্বৰে ভুলতে মৰি দিছিল। পিছত গ্ৰীণৰূমত তাক চবেই মিলি ঠিকচে জাৰণ দিছিল। পিছতহে গম পাইছিলোঁ সোনকালে মৰি দি ভাওনাৰ পৰা আজৰি হৈ লৈ সি সেইৰাতিয়েই ভাওনা চাবলৈ অহা জয়াপাৰৰ মাখনীক পলুৱাই নিছিল। কি হাঁহাকাৰ হৈছিল সেইদিনা। লৰালৰিকৈ ইতিমধ্যে যুদ্ধত মৰি যোৱা অন্য এটা অসুৰৰ পাৰ্ট কৰা এটাক ফুলেশ্বৰে পিন্ধা ড্ৰেছযোৰকে পিন্ধাই ফুলেশ্বৰে পাৰ্ট গোৱা অসুৰটোৰ পুতেক হিচাপে প্ৰৱেশ কৰোৱাই তাৰ হতুৱাই ফুলেশ্বৰৰ বাকী থকা বচনখিনি মতোৱা হৈছিল। প্ৰবেশ কৰিয়েই সি প্ৰথম বচনষাৰ মাতিছিল – “মোৰ পিতাক অন্যায় যুদ্ধত হত্যা কৰি ভাবিছনেকি বিজয়ী হ’লো বুলি। এইবাৰ নিস্তাৰ নাই। যাওঁ, যুদ্ধৰ বাবে প্ৰস্থান কৰোগৈ।“

ফুলেশ্বৰে ভাওনাৰ পাৰ্টটো লৈ বচন বিলোৱাৰ দিনা সকলোতকৈ আগতে আহি ৰৈ থাকেহি। বচনখিনি হাতত লৈ পোনেই সোধে – “মোৰ বচন মুঠতে কেইকূট?” তাৰ পিছত কোনোবা এটাক বচনখিনি পঢ়িবলৈ কয় আৰু সি শুনি শুনি মনত ৰাখি লয়। মাত-কথাবোৰ অলপ খহটা কাৰণে ফুলেশ্বৰে সদায় আখৰাত বায়নৰ পৰা ঠিকচে গালি খায়। এবাৰ এখন ভাওনাৰ আখৰাত সহদেৱৰ পাৰ্ট লৈ চন্দ্ৰেশ্বৰ বায়নৰ সন্মুখতে সি বচন মাতিছিল – “ডৌম্‌পতীৰ বচ্‌ট’ হঅনৰ দিনা দুক্‌খাখন….. উউউহ্‌, সইয’ নহয়….”। “কটা নিধক, ডৌম্‌পতী নহয়, দ্ৰৌপদী বুলি ক’। , আৰু দুক্‌খাখন নহয়, দ:শাসন। কথাৰ মাতকিটা নুফুটে এইটোৰ” বুলি খোলটোকে ডাঙি লৈ তাক খেদা মাৰি গৈছিল চন্দ্ৰেশ্বৰ দদাইদেৱে।

চন্দ্ৰেশ্বৰ বায়নলৈও ভয় নকৰা ফুলেশ্বৰে মাত্ৰ এটা বস্তুলৈ বিৰাট ভয় কৰে। সেইটো হৈছে ভুত। তাৰ বিশ্বাস সিহঁতৰ ঘৰলৈ যাওঁতে বাটত থকা বাঁহনিখনত ৰাতি ভুত ওলায় আৰু বাঁহনিখন পাৰ হৈ পোৱা জৰীগছজোপাত বুঢ়া ডাঙৰীয়া থাকে।
এই কথাটোকে লৈ আমি কেইটামানে আগতে ফুলেশ্বৰৰ লগত নকৰিবৰ চকৰি কৰিছিলোঁ। ভাওনাৰ আখৰা কৰি থাকোতে যিমানে ৰাতি দেৰী হৈ গৈ থাকে সিমানে আমি তাৰ লগত ভুতৰ কথা পাতিবলৈ আৰম্ভ কৰোঁ। সি ভয়ত টেপেচা লাগে। শেষত কওঁ – “বুইচ’, কেতিয়াবা ভুতে বাটত বাঁহ এডাল পেলাই থয়। তই যেই বাঁহডাল দেই যাবলৈ ভৰি দাঙিলি, লগে লগে বাঁহডাল দাং খাই তোক ওপৰলৈ তুলি লৈ যাব। তাৰ পিছত আৰু ৰক্ষা নাই। তোক প্ৰথমে বাহঁত ওলোমাই লব। তাৰ পিছত তোক চোচৰাই বিলৰ পাৰলৈ নিব। তাত বাক থাকে। বাকে নি তোক মাছ মাৰিবলৈ লগাব। তই জালেৰে মাছ তুলি থাকিবি, সি খাই থাকিব। কিন্তু সি মাছ খোৱাটো তই দেখা নাপাৱ, মাত্ৰ দেখিহে যাবি যে নাওখনত মাছ কমি কমি গৈ আছে।“ কথা শুনি সি ভয়তে বাহিৰৰ আন্ধাৰখিনিলৈও চাব নোৱাৰা হয়। লাহে লাহে আখৰা শেষ হয় আৰু মানুহবোৰ যায়গৈ। আমি চাই থাকো ফুলেশ্বৰহঁতৰ ঘৰৰ ফালে যোৱা মানুহবোৰ গৈ শেষ হ’লনে নাই। যেতিয়া ফুলেশ্বৰহঁতৰ ঘৰৰ ফালৰ সকলোবোৰ মানুহ গুচি যায় তাৰ পিছত আমি লাহেকৈ গুচি আহো। সি কাওবাও কৰে – “ঐ, মোক অকমান আগবঢ়াই থৈ আহিবি ব’ল।“ আমাৰ এটাও নাযায়। তাৰ পিছত সি অকলে অকলে ঘৰলৈ যাব লগা হয়। এবাৰ সি এঘৰৰ বাৰীৰ জেওৰাখুটি দুটা উঘালি দুহাতত লৈ আগে-পিছে ঘূৰাই ঘূৰাই গৈ ঘৰ পাইছিলগৈ।

“ঐ আহিছে ফেনচিং। মাতি আনিছোঁ ৰহ।“ – এইবুলি যদু উঠি গ’ল। ফুলেশ্বৰে নামঘৰত সোমায়েই দীঘলীয়াকৈ সেৱা এভাগি কৰিলে। যদুৱে তাক কিবা কোৱাৰ আগতেই ঘন দদাইদেৱে তাক ক’লে – “ঐ কৃতবৰ্মা, তোৰ সদায় কিহৰ দেৰী হয় অ’? তোৰ কেইকূটমান বচন গ’লেই।“
“এ ইভিনিং আছিল অ দদাই। কোনোমতে আহি পাইছোঁ।“ কথাষাৰ কৈ সি মোৰ চকুৱে চকুৱে পৰিল। খেদা মাৰি আহিল – “ঐ, কেতিয়া আহিলি।“ তাক সাবটি ধৰিলোঁ। “আজি আহিলো” বুলি তাক কৈ মনতে ভাবিলোঁ – “ৰহ, আজি ৰাতি অলপ দেৰী হওক। তোক বহুতদিনৰ মূৰত আজি বিহু দেখুৱাম বাপ্পেকে।“

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক