শৰৎ সৌন্দৰ্যৰ প্রতীক (বন্দিতা পাঠক)

শৰৎ সৌন্দৰ্যৰ প্রতীক

 

বন্দিতা পাঠক

‘আজি শৰতৰ প্রথম শেৱালি ফুলিছে
আজি চাগে তোমাৰ মোলৈ মনত পৰিছে।‘

-এয়াইতো শৰত, শেৱালি ফুলাৰ বতৰ! শৰতৰ সতে যেন শেৱালিৰ এক আজন্ম সম্পৰ্ক। শৰতৰ বাবেই যেন শেৱালি আৰু শেৱালিৰ বাবেই যেন শৰৎ। শেৱালিৰ সুবাসে শৰতৰ মাদকতা দুগুণে বঢ়ায়। পুৱতি নিশা শুভ্র শেৱালিয়ে উকা চোতালখন অধিক মোহনীয়া কৰি তোলে। বাৰিষাৰ নীলা আকাশৰ বুকুৰপৰা ক’লা মেঘৰ আৱৰণ আতৰাই নিৰ্জন পৰিৱেশৰ ফৰিং ফুটা জোনাকৰ ৰূপোৱালী কিৰণে সোণোৱালী ৰ’দালিৰ উজ্জ্বল পোহৰে আমাক সোঁৱৰাই দিয়ে শৰতৰ আগমনৰ বতৰা। এনেদৰেই আহে শৰৎ সংগোপনে। মানুহবোৰো শৰতৰ প্রেমত পৰে | সেউজীয়া পথাৰখনিও যৌৱনপ্রাপ্ত হয় শৰতৰ বুকুত | তাৰ লগে লগে নীল আকাশৰ বুকুৱেদি উৰি যোৱা জাক জাক বগলী, নদীৰ পাৰে পাৰে কহুঁৱা বিৰিণাৰ খিল খিল হাঁহি, পুৱাৰ দুবৰিত জিলিকি থকা মুকুতা যেন নিয়ৰৰ টোপালবোৰ…। আহ! কি যে মিঠা দিন, মিঠা অনুভৱ। শেৱালি মানেই যেন শৰতৰ বতৰা। শেৱালি ফুলৰ মিঠা সুবাসে শৰতক মিচিকি হাঁহিৰে সম্ভাষণ জনালে। শৰতেও শেৱালিৰ মিঠা পৰশক আকোৱালি ল’লে। ঘনে ঘনে নাকত লাগি থকা শেৱালিৰ সুবাসত কবিয়েও তেওঁৰ প্রেয়সীলৈ
কবিতা লিখে |

“মুঠি মুঠি শেৱালিৰ সুবাস সিঁচি
তুমি আহিছিলা মোৰ কাষলৈ।
হৃদয়ৰ কলা মেঘ আঁতৰাই
জীৱনটোক জোনাকী আভাৰে জিলিকাই তুলিবলৈ।।“

হিয়া টানি ধৰা শাৰদী সন্ধ্যা জোনাকীয়েও ৰূপোৱালী পোহৰৰ মেলা পাতে। এনে লাগে যেন পৃথিৱীৰ বুকুলৈ জোনাকৰ পুস্প বৃষ্টিহে নামি আহিছে। নদ-নদী,গছ-বন,পাহাৰ-সৰোবৰ সকলোতে যেন জোনাক ৰানীয়ে মহা গীতৰ ৰাগ টানি জগত সভাৰ আয়োজন কৰে এই শৰতত। জোনাকীয়ে পোহৰাই তোলা শৰতৰ চোতালখনতেই কণমানিহঁতেও আইতাৰ মুখৰপৰা জোনাকী দেশৰ সাধু কথা শুনে। এনেদৰেই জোনাকীয়ে বান্ধি ৰাখে আমাৰ সকলোৰে হৃদয়।
শৰৎ কেৱল এটা শব্দ বা ঋতু নহয়। শৰৎ হৈছে আনন্দৰ এখন ভৰপুৰ নৈ। যাৰ ঘাটে ঘাটে পাওঁ সুৰৰ আকৰ, ৰং-আনন্দৰ সমাহাৰ। শৰৎ যেন নিৰাশাৰ মাজতো আশাৰ বতৰা কঢ়িয়াই অনা এটি সুখৰ প্রতীক। দেহ মন শাত পেলোৱা শেৱালিৰ মনোমোহা সুবাসত সকলোৱে নিজ উপলব্ধিৰে তন্ময় হৈ উপভোগ কৰে প্রকৃতিৰ বিনন্দীয়া ৰং ৰূপ। আমি সকলোৱে মাথো বাট চাও প্রতি দিন প্রতি নিশা শেৱালিৰ মিঠা সুঘ্রাণলৈ, সেউজীয়া ধাননীলৈ,নৈৰ পাৰত হালি-জালি নাচি থকা কহুৱা-বিৰিনালৈ,দুবৰিত জিলিকি থকা মুকুতাৰ মনিলৈ, আকাশৰ শুকুলা মেঘলৈ, জোনাকৰ ৰূপোৱালী আভালৈ। আহ, কি মাদকতাৰ সমাহাৰ এই শৰৎ!
আহিন শৰতৰ প্রাথমিক আৱৰণ। যিয়ে শাৰদী ৰানীক সজাই পৰাই আদৰি আনে আমাৰ মাজলৈ। শৰৎ অনন্য সৌন্দৰ্যৰ প্রতীক। শাওন-ভাদ মাহৰ বৰ্ষাস্নাতা পৰিৱেশটোৰ অন্তত শৰতৰ সৌন্দৰ্যই এক অপৰূপ সজীৱতা বিয়পাই দিয়ে আমাৰ চৌদিশে৷ মানুহবোৰৰ মনবোৰো এই সময়খিনিতেই হৈ পৰে সৌন্দৰ্য পিপাসু। আৰু তাৰ লগে লগে আৰম্ভ হয় দুস্কৃতি বিনাশী দুৰ্গাৰ পূজা। সকলো অপশক্তি নাশ কৰিবলৈ দুৰ্গতি নাশিনী মহিৰ্ষ মন্দিনী দুৰ্গা দেৱীও মৰ্ত্যলৈ নামি আহে। মৰ্ত্যৰ ভক্তসকলেও আকাশ বতাহ কপাই জাউৰিয়ে জাউৰিয়ে ধ্বনিত কৰি তোলে-

“যা দেৱী সৰ্বভূতেষু শক্তি ৰূপেন সংস্হিতা
নমস্তস্যৈ নমস্তস্যৈ নমস্তস্যৈ নমোঃ নমঃ।।“

এই সকলো খিনিৰ মাজতেই আছে শৰতক নীৰৱে ভাল পোৱাৰ আকুলতা। শৰতৰ বাবেই তলসৰা শেৱালি, শুকুলা মেঘ, কুঁৱলিৰ আঁৱৰণ,কঁহুৱা-বিৰিণাৰ খেল,সেউজীয়াখিনিয়ে পূৰ্ণতা পোৱা বা-লগা ধাননিখন। শৰৎ মানেই যেন চৌদিশে ঢৌ খেলা শুভ্রতা,আকাশৰ নীলিম উদাৰতা।

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
নন্দিতা ডেকা দাস
1 year ago

সম্পাদক ডাঙৰীয়া,
নমস্কাৰ । এই মাধামযোগে মই সাহিত্য ডট অৰ্গৰ এগৰাকী সদস্যা হিচাপে অন্তৰ্ভূক্ত হ’বলৈ বিচাৰিছো।আশাকৰো মোৰ ইচ্ছাক সহাঁৰি জনাই মোক উৎসাহিত কৰিব ।
ধন্যবাদ ।