ষ্টেচনত ম’স্ত ৱাণ্টেড স্বাধীনতা আৰু বৰুৱা – ৰক্তাভ দুৱৰা

ক-

ষ্টেচনটোৰ অচিনাকি জনসমুদ্ৰৰ ভিৰত নিজকে অচিনাকি যেন অনুভৱ হৈছে বৰুৱাৰ৷ দৌৰি দৌৰি ভাগৰি পৰিছে তেওঁ৷ পঞ্চভূতত বিলীন হৈ যোৱা বাৰ হেজাৰ তেজোদ্দীপ্ত চিঞৰবোৰে তেওঁক আজি নিজৰ চিনাকি দিয়াবলৈও কুণ্ঠাবোধ কৰাইছে৷ কূৰ্টাটোৰ আগ এটাৰে পুৰণি চছমাখন মুচি তেওঁ বাতৰি কাকতখন পঢ়াৰ চেষ্টা কৰে৷ নাই নোৱাৰে, হত্যা আৰু হতাশাৰে পৰিপূৰ্ণ কাকতখন তেওঁ জপাই থয়৷

চাহ একাপৰ খুব প্ৰয়োজন৷  তেওঁ চকু দুটা জপাই দিয়ে৷ কেতিয়ানো টোপনি আহি গ’ল তেওঁ গমকেই নাপালে৷ খপজপকৈ সাৰ পাই তেওঁ  কঁকালৰ খুঁচনিটো এবাৰ চুই চালে৷ চিনাকি লৌহৰ স্পৰ্শটোৱে তেওঁক আশ্বস্ত কৰিলে৷ নিজৰ হেৰুৱা সাহস আৰু চিনাকিটো যেন আকৌ ঘূৰি আহিল তেওঁৰ৷

খ-

গাড়ীখনত গৈ থকা ৰেৱতে পুৰণি বন্ধুৰ লগত কৰা শৈশৱৰ ধেমালিবোৰ আৰু ডেকাকালৰ ফুটবল খেলবোৰৰ কথা ভাবি আছে৷

“কিমান বছৰৰ পিছত বাৰু দেখিম তাক? “–

তেওঁৰ মুখৰ মিচিকিয়া হাঁহিৰ অৰ্থ ডি আই জি ফুকনে ভালদৰেই বুজিছিল৷

ডি আই জি ফুকনৰ মুখতো এমোকোৰা হাঁহি বিয়পি উঠিল৷ নুঠিবই বা কিয়! ! কোনোৱেই কৰিব নোৱাৰা কামটো যে তেওঁ তেওঁৰ চাকৰি জীৱনৰ শেষৰ সপ্তাহত কৰিবলৈ গৈ আছে৷ ফুকনে নিজেই সেয়ে সকলোবোৰ  তদাৰক কৰিছে৷ তেওঁ কোনো ৰিস্ক ল’ব বিচৰা নাই৷

ষ্টেচনত নিজৰ পুৰণা সাহস বিচাৰি পোৱা বৰুৱাই এতিয়া ৰেৱতৰ সৰুকালৰ চেহেৰাটো মনত পেলোৱাৰ চেষ্টা কৰি আছে৷ নাই বাৰে বাৰে তেওঁৰ ৰেৱতৰ সেই মুখখনহে ভাঁহি আহিছিল যিখন মুখে তেওঁক ৰংঘৰৰ সেই বিশেষ মিটিংখনলৈ নাযাবলৈ কাবৌ কৰিছিল৷ কিন্তু তেতিয়া বৰুৱাৰ বুঢ়াগোঁহাঞি মামা আৰু চেতিয়া ককাইদেউৰ কথাবোৰহে বেছি ভাল লাগিছিল৷ তেওঁ ৰেৱতৰ কথা নাৰাখিলে৷

তেতিয়াৰ পৰা এতিয়ালৈ যে কিমান দীঘলীয়া সময় তেওঁ যেন ভাবিবলৈও অপাৰগ৷

গ-

ৰেৱত আৰু ফুকন একেলগে আহি থকা গাড়ীখন অৱশেষত ষ্টেচন পালেহি৷ প্ৰথমে ৰেৱত নামি আহিল, ফুকন গাড়ীতে বহি ৰ’ল৷

দুয়োৰে সময়বোৰ যেন স্তব্ধ হৈ গৈছিল৷ খোজটো অথবা হাতখন প্ৰথমে কোনে আগবঢ়াব সেয়া যেন বৰুৱাই বুজিয়েই পোৱা নাই আৰু ৰেৱত, তেওঁ মাথোঁ কান্দিছে, তেওঁৰ দুয়োখন হাত মাটিত৷

ক’ত কি হৈ আছে কোনেও ধৰিব পৰা নাই৷ ফুকনে মুঠতে ৰেৱত আৰু বৰুৱাক বিচাৰি আছে৷ কিন্তুু কাৰোৰে উমঘাম নাই৷ হঠাতে ফুকনৰ চকুৱে ৰেৱতক বিচাৰি পালে কিন্তুু বৰুৱা ক’ত? ? তেওঁ একেটা ল’ৰতে ৰেৱতৰ কাষ পালেগৈ৷ ৰুমালেৰে মুখখন মুচি তেওঁ ৰেৱতক সুধিলে – “ সি ক’ত গ’ল? ”

– “ সি এইবাৰো মোৰ কথা নাৰাখিলে” বুলি কৈ ৰেৱতে ব্লাষ্টটোত জ্বলি থকা এটা মাংসপিণ্ডলৈ আঙুলিয়াই দিলে…

বিস্ফোৰিত চকুৰে ফুকনে জ্বলি থকা মাংসপিণ্ডখিনিলৈ চাই ৰ’ল…

ঘ-

এবছৰ হ’বৰ হ’ল কিন্তুু ৰেৱত আৰু ফুকনে আজিও একো উত্তৰ বিচাৰি পোৱা নাই বৰুৱাৰ আত্মঘাতিৰ আকস্মিকতা…

বৰুৱাৰ ঘৰত আজি বছেৰেকীয়া শ্ৰাদ্ধ৷ বৰুৱাৰ ককায়েকে পিতৃৰ কৰ্ম পালন কৰিছে৷ ৰেৱত আৰু ফুকনো আহিছে উদ্দেশ্য এটাই এবাৰ বৰুৱাৰ পত্নী আৰু পুত্ৰক লগ ধৰি বিস্ফোৰণৰ আগমুহূৰ্তত বৰুৱাই ৰেৱতক দি যোৱা বেগটো গতাই যোৱা৷

কিন্তুু কি আছে বেগটোত? ?
ৰেৱত আৰু ফুকনে একো নাজানে৷ কিন্তুু ববীয়ে ( বৰুৱাৰ পত্নী ) জানে সেই কথা৷

তিনিমাহৰ পিছত: –

বাতৰিটো চায়েই ফুকনে ৰেৱতক ফ’ন কৰিলে…
– অ’ খবৰটো পালোঁ, কিন্তুু সি যে এনে এটা কাম হাতত ল’ব ভাবিবই পৰা নাই! !

– তাকেই, আমাৰ দুয়োৰে নামো ইয়াত যে উল্লেখ কৰিব ভবাই নাছিলোঁ …

-হয়, হয়৷ যিয়েই নহওক মৃত্যুৰ পিছতো সি তাৰ কথাবোৰ কিতাপৰ ৰূপত প্ৰকাশ কৰি এক আচৰিত কাম কৰি দেখুৱালে …

– হা হা হা… বুজিছে ফুকন, সি আগৰেপৰাই কথা ক’ম কৈ ভাল পাইছিল …

ফ’নটো ৰাখি ৰেৱতে পুৰণি ফটোৰ এলবামটো খুলি ল’লে৷ য’ত বৰুৱাই এদিন লিখি দিছিল তেওঁক,
“ ষ্টেচনৰ শেষ ষ্টপেজত পৰি ৰ’ব এমুঠি উশাহ
গোমা আকাশ আৰু স্বাধীনতাৰ বেকাৰ হাবিয়াস…”

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক