এওঁলোক হওক আমাৰ প্ৰেৰণা : ষ্ট্ৰবেৰি হৃদয়ৰ ষ্ট্ৰবেৰি কৃষক জনৰ কথাৰে-(অৰিন্দম তালুকদাৰ )

এওঁলোক হওক আমাৰ প্ৰেৰণা”

যোৱা বছৰৰ আহাৰ মাহৰ কোনোবা এটি ডাৱৰীয়া আবেলিৰ কথা, কোকৰাঝাৰ-কাড়িগাওঁ পথৰ পৰা তেওঁ মোক আগুৱাই লৈ গৈছিল। এজন শকত-আৱত প্ৰকাণ্ড মানুহ, পিন্ধনত টি চাৰ্ট আৰু হাফ পেন্ট, ডিঙিত গামোচা আৰু ভৰিত হাৱাই চেণ্ডেল, বৰষাই পৰশি যোৱা বড়োভূমিৰ সেউজীয়া গাঁওখনৰ মসৃণ পকী পথটিৰে তেওঁ ফো-ফোৱাই ৰঙা ৰয়েল এনফিল্ড বুলেট খন চলাই মোৰ গাড়ীৰ আগে আগে গৈ আছিল। বাটৰ দুয়োকাষে বড়ো ভাই-ভনী সকলে পৰম্পৰাগত সাজপাৰ পিন্ধি দিনটোৰ শেষ কামখিনি সামৰাত ব্যস্ত হৈ আছিল, শুনা গৈছিল ট্ৰেক্টৰৰ অহৰহ শব্দ। আকাশ সামান্য ডাৱৰীয়া, পথাৰ সেউজীয়া আৰু তাতে কৰ্মৰত সেউজীয়া, হালধীয়া, গুলপীয়া আদি সাজ পিন্ধা এজাক ধুনীয়া মানুহ ! এজন ফটো উঠাই ভাল পোৱা মানুহৰ বাবে সুন্দৰ পৰিৱেশ ! এখনৰ পিছত আনখন ছবি তুলিছিলোঁ মই ! তেওঁ কৈছিল, “ছাৰ আগত আৰু বেছি পাব”! এক ব্যতিক্ৰমী আকৰ্ষণৰ সমাহাৰেৰে পৰিপূৰ্ণ ঠাইখনে আমাৰ পৰ্যটক মনটোত তেতিয়া আনন্দৰ জোৱাৰ আনিছিল। অলপপৰ পিছতেই আমি প্ৰবেশ কৰিছিলোঁ জনা গাঁওত থকা তেওঁৰ কৃষি পাম খনত। আই-আফা-যুগামি-আবাদ-থিলী কৃষি পাম। অৰ্থাৎ মা-দেউতাৰ পাম। পামত থকা কাৰ্যালয়ত আমাক বহিবলৈ দি তেওঁ লাহে লাহে কৈ গৈছিল তেওঁৰ কথাবোৰ। তন্ন-তন্নকৈ দেখুৱাইছিল তেওঁ গঢ়ি তোলা পাম খনৰ প্ৰতিটো অংশ। আমি অপাৰ বিস্ময়েৰে প্ৰত্যক্ষ কৰিছিলোঁ অসমত অসম্ভৱ বুলি ভবা বিভিন্ন ফল, ফুল আৰু শস্যৰ খেতিবোৰ। ষ্ট্ৰবেৰী, ৰঙীন কেপচিকাম, বহুৰঙী গোলাপ ফুল আৰু কত কিমান যে শস্য !
 
প্ৰিয় পাঠক, মই কোনো নিষিদ্ধ সংগঠনৰ আত্মগোপনকাৰী নেতাৰ বিষয়ে আপোনালোকক ক’ব খোজা নাই। মই ক’ব খুজিছোঁ এগৰাকী সহজ-সৰল ব্যতিক্ৰমী খেতিয়কৰ কথা যিয়ে লাখটকীয়া লাভজনক ব্যৱসায় এৰি আৰম্ভ কৰিছিল কোটি টকীয়া কৃষি উত্পাদনৰ ব্যৱসায়। মানুহজনৰ নাম বিমল বসুমতাৰী, ঘৰ কোকৰা়ঝাৰৰ ওচৰত। সেইযে যোৱা বছৰ প্ৰথম তেওঁক লগ পালোঁ, তাৰ পিছত কেবাবাৰো লগ পাইছো তেওঁক। সৌসিদিনা একে লগে খাই আহিলোঁ এগাল ৰঙা ষ্ট্ৰবেৰি। তেওঁৰ মুখত শুনিছোঁ তেওঁৰ জীৱন-গাথা, তেওঁ আৰম্ভ কৰা কৃষি বিপ্লৱটিৰ কথা।
কোকৰাঝাৰ জিলাৰ দেৱৰগাঁৱৰ ওচৰৰ পাকড়িগুড়ি গাঁৱত জন্ম গ্ৰহণ কৰা বিমল বসুমতাৰীয়ে
আনুষ্ঠানিক শিক্ষা সম্পূৰ্ণ নকৰাকৈয়ে জীৱিকা অৰ্জনৰ বাবে সৰুৰে পৰা বিভিন্ন কামত ব্ৰতী হৈছিল। প্ৰবল উচ্চাকাংক্ষী আৰু অত্যন্ত পৰিশ্ৰমী বিমলে আৰম্ভনিতে ঠিকা-ঠুকলি আৰু আন আন ব্যৱসায়ৰ জৰিয়তে জীৱিকা অৰ্জন কৰিবলৈ সক্ষম হৈছিল যদিও স্বাধীন-চিতিয়া মানুহজনৰ বাবে ব্যৱসায়িক জীৱনৰ জটিলতা আৰু ব্যৱসায়িক সফলতাৰ চমু তোষামোদৰ বাট একেবাৰে গ্ৰহণীয় নহ’ল। সেয়ে ঘৰৰ ল’ৰা ঘৰলৈ উভতি আহি পৰম্পৰাগত কৃষি কাৰ্যত ব্ৰতী হ’ল। কৰ্মত বিশ্বাসী বসুমতাৰীয়ে প্ৰায় ৩০০বিঘা পৈতৃক মাটিত নতুন ধৰণৰ বীজৰ ধান খেতিৰে আৰম্ভ কৰিছিল তেওঁৰ নতুন জীৱনৰ সোণালী পৰিক্ৰমা। অগতানুগতিক আৰু উদ্যমী মানসিকতাৰ বিমল কিন্তু কেৱল ধান খেতিতেই সন্তুষ্ট নাথাকিল, তেওঁ কৃষি কাৰ্যৰ জৰিয়তে বড়ো ৰাইজৰ মাজত কৰ্ম সংস্কৃতি জাগ্ৰত কৰাৰ কথা ভাবিবলৈ ল’লে। ইতিমধ্যে প়ঞ্জাৱ, হাৰিয়ানা আৰু ভাৰতবৰ্ষৰ আন কেতবোৰ ৰাজ্যৰ কৃষিৰ উন্নতি দেখি বিমুগ্ধ হৈছিল তেওঁ। এনে ইতিবাচক চিন্তা আৰু অভিজ্ঞতাই সাধাৰণ খেতিয়ক বিমলক এগৰাকী উদ্যমী কৃষকলৈ উত্তৰণ ঘটালে। কাড়িগাওঁ পথৰ কাষৰ ১৩ বিঘা মাটি তেওঁ বিক্ৰী কৰি সেই পুঁজিৰে জানাগাঁওত আৰম্ভ কৰিলে ২০০ বিঘা মাটিত কোটিটকীয়া কৃষি আৰু উদ্যান শস্যৰ পাম। বড়োভূমিত জন্ম হ’ল এজন নতুন উদ্যমী কৃষি ব্যৱসায়ীৰ যিয়ে কথাবোৰ দূৰলৈ ভাবে, যিয়ে risk ল’বলৈ ভয় নকৰে, যাৰ মগজুত জন্ম হয় অযুত উদ্ভাৱনী চিন্তা। অসমত কোনেও নকৰা, অসম্ভৱ বুলি ভবা শইচ, ফল-মূলৰ খেতি আৰম্ভ কৰিলে তেওঁ। আই-আফা পাম চৌহদত ২০১২ চনত প্ৰায় ৪০০০ ষ্ট্ৰবেৰি ফলৰ পুলি লগাইছিল তেওঁ, তেজ ৰঙা ষ্ট্ৰবেৰি ফলেৰে তেওঁৰ পাম ভৰি পৰিল। এক অসম্ভৱ সম্ভৱ হৈ উঠিল। আই-আফা পাম চৌহদত সাজি উলিয়ালে প্ৰায় ১৫০০ বৰ্গ ফুটৰ এটা গ্ৰীণ হাউচ, জলসি়ঞ্চনৰ প্ৰাথমিক ব্যৱস্থাও কৰা হ’ল। প্ৰায় ৭০ জন থলুৱা লোকক কৃষি শ্ৰমিক, কাৰিকৰী সহায়কৰূপে মাহিলী দৰমহাৰ ভিত্তিত নিয়োগ কৰা হ’ল, কৃষিৰ যন্ত্ৰ-পাতি কিনা হ’ল। ৰবি আৰু খাৰিফ উভয় শ্ৰেণীৰ শস্য, নানা ৰঙী ফুল, ফলেৰে আই-আফা-যুগামী-আবাদ-থিলী জাতিষ্কাৰ হৈ উঠিল। পশুধন, গোখাদ্যৰো ব্যৱস্থা কৰা হ’ল। বসুমতাৰীৰ উদ্যমী কৰ্মত মুগ্ধ হৈ অসম গ্ৰামীণ বিকাশ বেংকে নিজাববীয়াকৈ আগবঢালে ৫০ লাখ টকাৰ ঋণ। ষ্ট্ৰবেৰী, ৰঙীন কেপচিকাম, ব্ৰ’ক’লী,চেৰি টমেটো, বহুৰঙী গোলাপ ফুল আৰু কত কিমান যে শস্য ! পাহাৰৰ ষ্ট্ৰবেৰী, চিমলাৰ জলকীয়া, বেংগালুৰুৰ গোলাপ আৰু আমাৰ সাতামপুৰুষীয়া লখিমীৰে বসুমতাৰীৰ পামখন ভৰি পৰিল ! একেই সোৱাদ, একেই সৌন্দৰ্য ! এই বছৰ তেওঁ লগাইছে ১১,০০০ ষ্ট্ৰবেৰি ফলৰ পুলি। চৰকাৰী বিভাগবোৰে লাহে লাহে সাৰ পালে ! গোসাইগাঁৱত থকা কৃষি বি়ঞ্জান কেন্দ্ৰই বসুমতাৰীক কাৰিকৰী সহায়-সহযোগিতা আগবঢ়াবলৈ ল’লে। প্ৰত্যাশিতভাবেই ৰাজ্যিক কৃষি বিভাগে বিশেষ সহায় আগবঢোৱা নাছিল যদিও শেহতীয়াকৈ পামখনক এখন মিনি ট্ৰাকৰ যোগান ধৰিছে। অলপতে কৃষি বিভাগৰ উদ্যোগত গুৱাহাটীত অনুষ্ঠিত হোৱা আন্তৰ্জাতিক উদ্যান শস্য প্ৰদৰ্শনীত বসুমতাৰীৰ পামৰ সামগ্ৰীয়ে ভূয়সী প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে।
 
এই জনেই আমাৰ বন্ধুবৰ বিমল বসুমতাৰী যিয়ে কোকৰাঝাৰত এখন সম্পুৰ্ণ জৈৱ কৃষি পাম গঢ়ি তোলাৰ সপোন বাস্তৱায়িত কৰাৰ দিশত বলিষ্ঠ পদক্ষেপ লৈ আগবাঢ়িছে, অদ্যাপি বিনিয়োগ কৰিছে ২ কোটি টকা !! স্থানীয় ৰাইজৰ সহযোগত ধুনীয়া পামখনক এক পাম পৰ্যটনৰ কেন্দ্ৰ কৰিব বিচাৰিছে ! সঁচাকৈয়ে এই পামখন পাম পৰ্যটনৰ কেন্দ্ৰ হ’ব পাৰে, আমি সকলো সম্ভাৱনাই দেখিছোঁ, সেয়ে তেওঁৰ ওচৰলৈ বাৰে বাৰে গৈছোঁ, আগবঢ়াইছোঁ সহায়ৰ হাত যিদৰে তেওঁক সহায় কৰিছে প্ৰণয় কুমাৰ ব্ৰহ্মৰ লেখীয়া বিশিষ্ট শিক্ষকে আৰু অনেক গণ্য-মান্য ব্যক্তিয়ে যাৰ মন্ত্ৰ বহনক্ষম কৃষি উন্নয়ন। শীতল ভঁড়ালৰ অভাৱ, উত্পাদিত সামগ্ৰী সমূহৰ বজাৰীকৰণ, অধিক হাৰৰ উচ্চ শুল্কৰ বেংকৰ ঋণ ইত্যাদিয়ে বসুমতাৰীৰ বাবে সমস্যা সৃষ্টি নকৰা নহয়; তথাপিও ৰুদ্ধ হোৱা নাই তেওঁলোকৰ যাত্ৰা। আহক এনে একো-একোটি আন্দোলন অসমৰ প্ৰতি চুকে-কোণে আৰম্ভ কৰোঁ !
 
 
বাটঘাটৰ উদ্যমী চৰিত্ৰ কেতবোৰৰ কথাৰে
 
আজি কেইবছৰমান আগৰ এটি শীতৰ আবেলিৰ কথা; কৰ্মস্হলীৰ পৰা গুৱাহাটীলৈ ওভতাৰ বাটত হাজোৰ নতুন পেট্ৰ’ল পাম্পৰ সমীপৱৰ্তী সৰু জুপুৰীৰ লেখীয়া দোকান এখনৰ সন্মুখত বন্ধু পংকজ কাথাৰে গাড়ীখন ৰখাই চাহ একাপ খাবলৈ সেই সৰু দোকানখনলৈ মোক লৈ গৈছিল। এটা সৰু এচলীয়া তৰ্জাৰ কোঠালিৰ এখন দোকান, শীতৰ আবেলি, দোকানখন প্ৰায় অন্ধকাৰ। দোকানৰ এটা চুকত এহাল মধ্য বয়সীয়া দম্পতীয়ে জুহালৰ ওচৰত কিবা কৰি আছিল, বোধহয় জাৰৰ পৰা হাত সাৰিবলৈ জুই পুৱাই আছিল। আমাক দেখি তেওঁলোকে আথেবেথে বহিবলৈ দিলে। ঠেক কোঠাটোত দুযোৰ মান সাধাৰণ কাঠ-বাঁহৰ চকী-মেজ। এটা সাধাৰণ খোৱা বস্ত থোৱা আলমাৰী আৰু এটা চুকত অকণমাণ ৰান্ধনি-শালখন, বছ ইমানেই। পেটে-পেটে কাথাৰৰ ওপৰত খং উঠিল, ক’ত যে চাহ খাবলৈ সুমুৱালে ! আমাক বহিবলৈ দি পুৰুষ গৰাকীয়ে চাহ উতলাবলৈ ল’লে, মহিলাগৰাকীয়ে আমাৰ বাবে চাহ বাকিব ওলোৱা গিলাচ কেইটা আকৌ এবাৰ পখালি লৈ আহিল। সঁচা কৈছোঁ দোকানখনৰ ৰেহৰূপ দেখাৰ পাছত আসন্ন চাহকাপৰ কথা ভাবি মই অকণো উত্সাহিত হোৱা নাছিলোঁ। অৱশেষত পুৰুষগৰাকীয়ে থাল এখনত ধুনীয়াকৈ চাহৰ গিলাচ দুটা আনি আমাৰ সন্মুখত থ’লে। আমি ভয় ভয়কৈ চাহৰ কাপত চুমুক দিলোঁ। এইবাৰ কিন্তু আমাৰ বিস্মিত হোৱাৰ পাল ! চাহৰ গিলাচত এশোহা মাৰিয়েই তৃপ্তিত মন ভৰি গ’ল ! থকথকীয়া গৰুৰ গাখীৰত সৰহকৈ চাহপাত দি কা়ঢাকৈ কৰা একাপ চাহ, গৰম চাহকাপৰ পৰা নিৰ্গত ধোঁৱাই ইতিমধ্যে মোক আচ্ছন্ন কৰি পেলাইছে, সেই শীতাৰ্ত আবেলি মোৰ নিচিনা চাহ ৰসিকক ইয়াতকৈ আৰু বেছি কি লাগে ? মানুহহালৰ লগত চিনাকি হ’লোঁ, কালিচৰণ আৰু কল্পনা মালাকৰ; সুস্বাস্থ্যৰে মিঠাবৰণীয়া কালিচৰণৰ হাঁহিমুখীয়া মুখখন দেখিয়েই গম পাইছিলেোঁ এগৰাকী ব্যৱসায়ীৰ থাকিবলগীয়া আটাইতকৈ ডাঙৰ গুণটিৰে তেওঁ সমৃদ্ধ; আনহাতে তেওঁৰ পত্নীৰ মাজত আমি দেখা পালোঁ এগৰাকী সাদৰী গ্ৰাম্য মহিলাৰ সমস্ত সৰলতা। মানুহহালক মোৰ ভাল লাগি গ’ল ! জিভা আৰু নাকত লাগি ৰ’ল তেওঁ বাকি খুউৱা চাহকাপৰ সোৱাদ। বন্ধু কাথাৰক ধন্যবাদ দিলোঁ ইমান সুন্দৰ দোকান এখনলৈ অনাৰ বাবে ! তাৰ পিছত হাজো হৈ যাত্ৰা কৰিলেই মালাকৰৰ দোকানত চাহ একাপ খোৱাটো এক অলিখিত নিয়মৰ লেখীয়া হৈ পৰিল ! অকল চাহেই নহয় মালাকৰে দিনটোত সময় অনুযায়ী বেলেগ বেলেগ খোৱা বস্তুও পৰিবেশন কৰিছিল। ৰাতিপুৱা গৰম গৰম পুৰী (লুচি)- তৰকাৰী, দিনৰ ভাগত সৰু সৰু চিংৰা, পৰঠা আৰু আবেলিলৈ নিমকি। মাজে মাজে খাইছিলোঁ মালাকৰে ভজা সৰু সৰু পাতল বাকলিৰ আলু, বাদাম আৰু আদা দিয়া চিংৰা একোটা অথবা তিনিকোণীয়াকৈ ৰিফাইনত ভজা নিমকি এখন। কেতিয়াবা আকৌ নিৰাশ হোৱাৰ পাল ! ফুট গধূলিতেই তেওঁৰ দোকান বন্ধ ! এটা চি-এফ-এল বাল্ব জ্বলাই দোকান চলাই থকা মানুহহালৰ লাইটটো বেয়া হ’ল নেকি বাৰু ? পিছত গম পালোঁ যে সোনকালে দোকান বন্ধ কৰাৰ কাৰণ সেইটো নহয়, গ্ৰাহকক থকথকীয়া গাখীৰ চাহ খুওৱা মালাকাৰে দিনটোৰ বাবে অনা গৰুৰ খাঁটি গাখীৰকণ শেষ হ’লে আৰু দোকান খোলা নাৰাখে কাৰণ চাহৰ গুণগত মানৰ ক্ষেত্ৰত তেওঁ আপোচ নকৰে ! মালাকৰৰ মুখেৰেই শুনিলোঁ সেই কথা আৰু শুনিলোঁ তেওঁলোকৰ সংঘাত জৰ্জৰিত অতীতৰ বহু কথা। গাখীৰ চাহ বিক্ৰী কৰাৰ আগৰ দিনবোৰৰ কথা।
 
চেনি-চাহপাতৰ সংস্পৰ্শলৈ অহাৰ আগতে কালিচৰণে জীৱনৰ ২২টা বছৰ লোহা-লক্কৰৰ সৈতে কটাইছিল। তেওঁ আছিল গ্ৰীলৰ দোকানৰ কৰ্মচাৰী। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ দেওনা পাৰ হ’ব নোৱাৰিলেও উদ্ভাৱনশীল চিন্তাৰে সংপৃক্ত কালিচৰণে নতুন নতুন কাম কৰি ভাল পাইছিল। সেয়ে ১৯৯৯ চনত তেওঁ নিজাববীয়াকৈ এখন গ্ৰীলৰ দোকান খুলিছিল যদিও তেওঁ কোৱামতে কৰ্মচাৰীৰ বিশ্বাস-ঘাতকতাৰ বাবে মাত্ৰ দুবছৰৰ ভিতৰতে তেওঁৰ ব্যৱসায়ৰ পতন হৈছিল। এহাল পুত্ৰ-কন্যা সন্তানৰ পিতৃ-মাতৃ মালাকৰ দম্পতীৰ তেতিয়া পানীত হাঁহ নচৰা অৱস্থা হৈছিল। উপায়বিহীন হৈ কালিচৰণে নিৰ্মীয়মান হাজো নলবাৰী পথৰ কামত ৭০ টকা হাজিৰাত দৈনিক শ্ৰমিকৰ কাম কৰিবলৈ লৈছিল। লোহা-লক্কৰৰ পৰা এই বাৰ আলকাতাৰা আৰু শিল বালিলৈ। চেনি-চাহপাতলৈ তেতিয়াও বহুত দূৰ ! তিনিবছৰৰ হাড়ভঙা পৰিশ্ৰমৰ অন্তত কালিচৰণে হাজো নগৰৰ পৰা অকণ বাহিৰত নকৈ গঢ় লৈ উঠা পেট্ৰ’ল পাম্পটোৰ সন্মুখতে সৰু গুমটি এখন খুলি ৰঙা চাহ বেচিবলৈ লৈছিল। সেয়া আছিল যোৱা ২০০৪ চনৰ কথা। তাৰ পিছত মালাকৰে লাহে লাহে গুমটিখনক এটা জুপুৰীৰ ৰূপ দিছিল। তেনে কষ্টৰ মাজতো তেওঁলোকে নিতৌ দহ টকাকৈ জমা কৰিছিল আৰু আৰম্ভ কৰিছিল চাহ-চিংৰাৰ দোকানখন। লো-শিলগুটি চুই থকা মালাকৰৰ বাবে চিংৰা পাক দিয়াটো ইমান সহজ নাছিল। “মই সদায় হাজোৰ পাখামেলা চ’কৰ এখন চিংৰাৰ দোকানৰ সন্মুখত থিয় হৈ চিংৰা তৈয়াৰ কৰা কামটো চাই থাকিছিলোঁ আৰু মোৰ দোকানত অভ্যাস কৰি কৰি কামটো শিকি পেলাইছিলোঁ ।” এৰা, বৰ ভালকৈ শিকিছিল তেওঁ; আমাৰ জিভাত এতিয়াও লাগি আছে তেওঁ ভজা চিংৰাৰ সোৱাদ। অতি লেহেমীয়া গতিত চলা চতুৰ্থীকৰণৰ কামৰ বাবে হোৱা ৩১ নং ৰাষ্ট্ৰীয় পথৰ পৰিত্যক্ত অৱস্হা, হাজো-মুকালমুৱা-দৌলাশাল-বৰপেটা পথক ৰাজ্যিক ঘাইপথলৈ উন্নীতকৰণ আদি বিষয়বোৰে হাজো-নলবাৰী পথৰ গুৰুত্ব যথেষ্ট বঢ়াই তুলিছিল, পথটোত গাড়ী-মটৰৰ চলাচল বাঢ়িছিল। মালাকৰৰ দোকানত গ্ৰাহক বাঢ়িছিল। মালাকৰে এটা সপোন দেখিবলৈ আৰম্ভ কৰিছিল। আমাক কৈছিল, “আপোনালোকক অলপ ভাল পৰিবেশত, ভালকৈ খুৱাবৰ মন যায়”।
 
নিজৰ অভিজ্ঞতাৰ আধাৰত মালাকৰক দুই এটা উপদেশ দিছিলোঁ ! তেওঁ শুনিছিল।
ভবামতে কাম, নিজৰ সমস্ত স়ঞ্চয় আৰু ঋণ ইত্যাদি লৈ মালাকাৰে প্ৰায় ৭.৫ লাখ টকা ব্যয় কৰি মাটি খিনি ভাড়ালৈ লৈ সেই জুপুৰীৰ ঠাইত সাজি উলিয়াইছিল এখন সম্পূৰ্ণ নতুন দোকান। দোকানখনৰ ঘৰ-দুৱাৰ, আচবাব-পত্ৰ আদি তৈয়াৰ কৰোঁতে তেওঁ নিজৰ উদ্ভাৱনশীলতাৰ প্ৰয়োগ কৰিছিল। ষ্টীলৰ ফ্ৰে’ম আৰু মাৰ্বলৰ টুকুৰা কিনি আনি নিজে তৈয়াৰ কৰিছিল ৮ খন খোৱা মেজ ! এনেদৰে যোৱা বছৰ ২৭ জানুৱাৰীত এজন প়ঞ্চাশোৰ্দ্ধৰ উদ্যমী ব্যক্তিৰ উদ্যোগত জন্ম হ’ল বাইদেউৰ হোটেল ওৰফে “অভিনন্দন হোটেল এণ্ড ৰেষ্টুৰেণ্ট”। ছয়জন কৰ্মচাৰীৰে মালাকৰ দম্পতীৰ হোটেলত এতিয়া মাৰ্বল লগোৱা টেবুলত বহি কাঁহ-পিতলৰ বাচনত মাছ-ভাত খাব পাৰি, ফ্ৰীজত থকা শীতল পানীয় সেৱন কৰিব পাৰি, বিদ্যুৎ নাথাকিলেও জেনেৰেটৰৰ সহায়ত পোহৰ হৈ থাকে তেওঁলোকৰ দোকান। ৭০ টকা হাজিৰাত কাম কৰিবলৈ বাধ্য হোৱা মালাকৰৰ এতিয়া দৈনিক বিক্ৰী ৬০০০-৭০০০ টকা !! একেবাৰে বাটৰ কাষত হোৱা বাবে চাফ-চিকুণতাৰ ক্ষেত্ৰত অলপ অসুবিধা আহিছে যদিও তেওঁলোকে দোকানখন পাৰ্যমানে পৰিষ্কাৰ কৰি ৰাখিবলৈ চেষ্টা কৰিছে।
 
আছে ! এতিয়াও আছে, সেই থকথকীয়া চাহকাপ ! তেওঁ কৰ্মচাৰীক শিকাই দিছে তেনে চাহ কৰাৰ নিয়ম। কোনো কাৰণতে গুণগত মানৰ লগত আপোচ কৰিব নোখোজে তেওঁ। তেওঁ জানে তেওঁৰ USP ৰ কথা ! প্ৰয়োজন সাপেক্ষে এতিয়াও তেওঁ চাহ কৰাৰ পৰা ভাত ৰন্ধালৈ সকলো নিজেও কৰে। কামলৈ ভয় নাই তেওঁলোকৰ, দোকান গঢ়াৰ পিছত এতিয়া তেওঁ সপোন দেখিছে নিজাকৈ এটা ঘৰ সজাৰ ! এটা বিল্ডিং সজাৰ ! তেওঁ পাৰিব, কাৰণ তেওঁযে এগৰাকী আকাশ-পিয়াসী উদ্যমী মানুহ !!
 
 
 

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Anonymous
6 years ago

এই ধৰনৰ লেখা মেলাই নতুন প্ৰজন্মক আগবাঢ়িবলৈ প্ৰেৰণা দিব, মই এই ধৰনৰ লিখনি বিছাৰি থাকতে নভবাকে ইয়াৰ সোঁৱাদ লবলৈ পাই উৎফুল্লিত ৷ আগলৈ আশা ৰাখিলো ৷

কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক