ষ্ট্ৰেইট চুলি (সুস্মিতা দাস)

হেয়াৰ এক্সপাৰ্টজনে নিউট্ৰিলাইজাৰখিনি চুলিখিনিত সানি দিয়াত এক অনামী আনন্দত চকু দুটি মুদি দিলোঁ | গোন্ধটো খুব বেয়া |ওকালি ওলাই আহিব খোজে | কিন্তু আৰু দহমিনিটমান পিছতে যে মোৰ চুলিখিনিও যে দীপিকা পাদুকন, কাট্ৰিনা কাইফৰ নিচিনাকৈ ধুনীয়া, মিহি আৰু নিমজ হৈ যাব ভাবিয়েই মনটো ফৰকাল হৈ উঠিল | ঘৰৰ ওচৰতে গোট এটাত মাহিলী ৪০০ টকাকৈ জমা থৈছিলো | যোৱাকালি গোটটো ভাঙি যোৱাত মুঠ ৪০০০ টকা পালো, সেইহেতুকে আজি আহিছো চহৰৰ আটাইতকৈ নামী স্পা চেলুনখনলৈ চুলি চিধা কৰিবলৈ | পাৰমাণেন্ট ষ্ট্ৰেইট | আজিৰ পৰা আৰু সেই জপৰা চুলিসোপাক লৈ ওলোৱা সোমোৱা কৰিব নালাগে ………… ইপিইইইইইইইইই…………….

মোৰ চুলিকোছা কেঁকোৰা, কেঁকোৰা মানে কি কম আৰু! কেতিয়াবা এনে লাগে যেন হাতী এটাও সৰকি যাব নোৱাৰিব | দুখ লাগি যায় বৰ বেয়াকৈ | নালাগিবনো কিয় বাৰু, লগৰ ছোৱালীবোৰৰ বিয়া খাবলৈ যেতিয়াই যাওঁ, সাজি পাৰি ছোৱালীবোৰ উৰণীয়া পখিলা যেন হৈ আহে | চুলিবোৰ চিধা চিধা | পোহৰত জিলিকি থাকে | আমাৰনো আৰু কি চাবা, মেলাতো দূৰৰেই কথা, বান্ধি থোৱা চুলিখিনিও আউল বাউল হৈ থাকে | সিহঁতবোৰে যেতিয়া বাৰে বাৰে কপালৰ চুলিখিনি ঠিক ঠাক কৰি থাকে, কলিজা দুডোখৰ হৈ যোৱা যেন ভাৱ হয় | আৰু ল’ৰাবোৰ…. কেৱল চিধা চুলিৰ ছোৱালীবোৰক হে চিনি পায় | হাৰে বাবা, কেতিয়াবা আমাকো চাবিচোন | দেৱদাস চিনেমাখনত যেতিয়া ঐশ্বৰ্য ৰাইক দীঘল একোছা মেলা চুলিৰে “চিল্চিলা য়ে চাহত কা” নচা দেখিছিলো , মা কচম, মুখ মেলি দিছিলো | ধেমালি কথা নেকি কিবা ? ইমান দীঘল চুলি | বেণী বান্ধি ৰাখিলেও কথাটো সুকীয়া আছিল , নকলী চুলি যোৰা দিয়া বুলি গম পালো হয় | মেলা চুলি ? ঐশ্বৰ্যৰ চুলিতো কান্ধলৈকে হে পৰা ! অজন্তাই কৈছিল চুলি হেনো নতুনকৈ লগাব পাৰি | জানো কি আছিল টাৰ্মটো, পাহৰিলো…………… মোৰো মন যায় একোছা দীঘল চিধা চুলিৰ গৰাকিনী হ’বলৈ | পিছে মন কৰিলেই নহয় চন, হাতত লাগে এগালমান ধন | সেনে হেন চুলি গজাবলৈ হেনো একলাখমান নগদ ৰূপ লাগে | দুইটা কিডনী বিক্ৰী কৰিলেও ইমান টকা নোলাব………

কৈ আছিলো কিবা, ওলাল কিবা কথা ?এই বহুবল্কী স্বভাৱেই ডুবাব এদিন | বেছি দিন নাই | পাতনি মেলিছিলো নিজৰ দুখৰ পূৰাণৰ, গৈ পালো আৰাধ্যা বচ্চনৰ মাকৰ কথালৈ | ধুই! সৰুতে মোৰ মূৰত বহুত ওকণি আছিল | জেঠীমায়ে কৈছিল লক্ষী ছোৱালীৰ মূৰতহে হেনো ওকণি থাকে | কিলকিল ওকণি | পিছলৈ অজন্তাই কৈছিল. ওকণিয়ে হেনো কেঁকোৰা চুলিৰ পৰা নামি যাবলৈ বাট বিচাৰি নাপায়, লাগি লাগি ধৰে | হয় চাগৈ | তাই বহুত জানে এইবোৰ কথা | ঘিণ লাগিছিল | কিমান যে টকাৰ মেডিকাৰ কিনিছিলো, হিচাপ নাই | দেওবাৰবোৰত বহি যাওঁ আৰু চুলিখিনি লৈ | মিহি ফণীৰে আচুঁৰি আচুঁৰি উলিয়াও লক্ষী ছোৱালীৰ বহুমূলীয়া সম্পদবোৰ | ডাঙৰ ডাঙৰ চাইজৰ কেইটা নিজানত ফুটাই মজ্জা লাগে | লেবেল দিবলৈ চবেই নাক কোঁচাব পাৰে, কিন্তু বিদ্যা শপত খাই কোনোবাই ক’ব পাৰিব নেকি মজ্জা নালাগে বুলি | দম নাই | বাকীতো বাদেই দিলো কোনোবাই ক’ব পাৰিব নেকি ওকণি এটাও জীৱনত নাছিল বুলি ? দম আছে ?

সি যি কি নহওক, চাৰিঘণ্টামান সময় চুলিখিনি টানি মেলি, আধামৰা কৰাৰ শেষত, আত্মাটো ওলাই যাবলৈ অলপ বাকী থাকোতে ৪০০০ টকা ৰূপ দি স্পাখনৰ পৰা উদ্ধাৰ পালো | তিনিদিন পিছত চুলি ধুবলৈ পুনৰ মাতিছে | লগত কিনি আনিলো ব্ৰেণ্ডেড চেম্পু আৰু কণ্ডিচনাৰ | এতিয়াৰ পৰা আৰু এটকীয়া পেকেট চেম্পুৰে চুলি ধুলে নহ’ব | চুলি লাহে লাহে ধুব লাগিব, কণ্ডিশ্বনাৰ লগাব লাগিব, আৰু শুকোৱাৰ আগে আগে চেৰাম লগাব লাগিব | তিতা চুলিৰে ওলাই যাব নোৱাৰিম, শুকোৱাৰ আগতে ফণী ব্যৱহাৰ কৰিব নোৱাৰিম, আৰু ফণীও সেই সদায় ব্যৱহাৰ কৰা দহটকীয়াখনেৰে নোৱাৰিম | মুঠতে এশ এবুৰি দিহা | লগতে অহা তিনিদিন চুলিত পানী লগাব নোৱাৰিম, ফণিয়াব নোৱাৰিম, কিলিপ লগাব নোৱাৰো | কেনেকৈ শুব লাগে সেয়াও দেখুৱাই দিলে স্পাখনৰ ছোৱালীজনীয়ে | অলপ চিন্তা লাগিল | লাৰু হৈ থকা চুলিখিনি কঁকাল পাওঁ পাওঁ | মনৰ উলাহত ঘৰ পালো | দিলে মায়ে এজাউৰি | দেউতাই ঘূৰিয়ে নাচালে | দুখ লাগিল | দেউতায়ে মোক মৰমতে মেগী বুলি মাতে | ভাইটীৰ ওচৰলৈ গ’লো |” য়ে বে, তামাম….মজ্জা বে |” কোনোমতে চকুপানী নোলোৱাকৈ থাকিল |

পিছৰ তিনিদিন ! ডাইৰেক্ট যমৰ যাতনা | লেফ্ট চাব নোৱাৰো, ৰাইট চাব নোৱাৰো, মানে একো দেখাই নাপাওঁ |গা ধুব গ’লে যে কি সমস্যা নক’লো আৰু ! খাব বহিলে চুলিখিনিয়ে চকুদুটা ঢাকি দিয়ে | উফ ! চুলিখিনি কাণ পাৰ কৰি দিবও নোৱাৰো | মানা আছে | কিলিপবোৰলৈ মনত পৰিল |আগতে যে চুলিখিনি একগোট কৰি টিংগাপুৰত উঠাই ক্লিপ মাৰি থৈছিলো ! তিনিদিন পিছত চুলিখিনি ধুলো | স্পা কৰিলো | গ’লনে টকা এহেজাৰ | ফোনটো চালো | টোটেল ৫৪ টা মিছড কল | এই তিনিদিন “তাৰ ” লগত কথা পতাই নাই | চাৰপ্ৰাইজ এটা আছে বুলি মেচেজ কৰিলো | জিলিকি জিলিকি গ’লো তাক লগ ধৰিবলৈ | ” কি কৰিলি এইচব হাঁ ? খং উঠিলে সি “তই ” বুলি মাতে | “ভাবিছ নেকি তোক বিশ্বসুন্দৰী লাগিছে | ইমান ঘন চুলিকোছা জ্বলাই দিবলৈ কিহে পাইছিল | এয়াই চাৰপ্ৰাইজ হাঁ |” বয়ফ্ৰেণ্ড নোহোৱা হ’লে তাক দুপাত চৰ লগালোঁহেতেন……. ননচেঞ্চ ক’ৰবাৰ | অকণো ফেশ্বন চেঞ্চ নাই | গাঁওলীয়া ভূত |

আজি চাৰিমাহ তাৰ লগত মাতবোল নাই | না ফোন না মেচেজ |ময়ো গুৰুত্ব দিয়া নাই | ফটুৱা, অভং | সিদিনা আভাৰ বিয়াত দেখিছিলো | মাতেই নিদিলে | ময়ো নিদিলো | কি দৰকাৰ | ইমানো পৰি মৰা বিধৰ নহয় দেই | তাক কি চাবা ? দুৱেল পাৰ্চনালিটিৰ মানুহ | নীলাবৌৰ চিধা চুলিখিনিৰ কি যে প্ৰশংসা |বৌয়ে হেনো ক’লাখাৰেৰে চুলি ধুয়ে, সৰুৰে পৰা ! কান্দি দিবৰ মন গৈছিল | তাৰ বাবেইতো ধুনীয়া হ’বলৈ মন মেলিছিলো | সি……….. তাৰ বাবেইতো এই সাজোন…. নিলয় দা আৰু পূৰৱীও গৈছিল বিয়ালৈ | পূৰৱীয়ে কাট মাৰিলে, ইস্ত্ৰ্ৰী মাৰিলি চুলিখিনিত ?কিয় জ্বলালি ইমান ধুনীয়া ঘন চুলিকোচা ? দূৰত দেখিলো মোক কাট মৰা দেখিও সি হাঁহিহে আছে | বেটাই মানে মজা লুটি আছে | আগতে দেখোন মোক কোনোবাই কিবা ক’লেই সি জাঙুৰ খাই উঠে | আজি মোক ধুনীয়া দেখি পূৰৱীয়ে হিংসাতে কিমান কাট মাৰিলে…. তথাপিও সি… তাৰমানে ফাইনেলি আমাৰ ব্ৰেকাআপ হ’ল ……….

কোনোৱে দেখিব নোৱাৰে মোক | না মায়ে, না দেউতায়ে | বয়ফ্ৰেণ্ডেতো কাহানিবাই এৰিলে |একমাত্ৰ কাৰণ এই চুলিকোচা | মেলা চুলি দেখিয়েই মায়ে ৰুদ্ৰ মুৰ্তি ধৰে | চাহে-ভাতে হেনো চুলি পৰে | চেম্পু কণ্ডিশ্বনাৰো শেষ হৈ আহিছে … চেম্পু কৰিলে এনে লাগে আৰু কেইদিনমান পিছত তপা হৈ যাম, যিটো হাৰত চুলি সৰিছে | কান্দি দিবৰ মন যায়…..

নতুন চুলি গজিব ধৰিছে | থিয় থিয় ঠৰঙা ঠৰঙা, শ্বেপ চাইজ নোহোৱা | পাতল হৈ গৈছে চুলিকোছা | আগতে এডাল ৰবৰ টানি টানি দুভাঁজ দিব পাৰিছিলো, আজিকালি ১০০ বাৰ পকালেও ঢিলা হৈ যায় | মায়ে মৰমেৰে মাতিলে বহু দিন পিছত | ঘৰুৱা যতন দিলে | মাৰ একাণপতীয়া চেষ্টাৰ ফলত চুলিখিনি ঘন হ’বলৈ ধৰিলে | লাহে লাহে মেগীৰ বৰণ ল’লে | দেউতাই আকৌ মাতিবলৈ ল’লে মেগী বুলি | যি হওঁক নালাগে আৰু চিধা চুলি…. সৰি সৰি অৱস্থা নাই….

হোৱাটছ আপটো বাজি উঠিল | ” কই প্যাৰ কৰে, তুমচে কৰে, তুম জেইচে হো ৱেইচে কৰে, কোই তুমহে বদলকে প্যাৰ কৰে ৱো প্যাৰ নহী চৌদা হোতা হ্যে, ঔৰ মেৰে চুইট, ইনোচেণ্ট, বেৱ্কুফ চাহেবা, প্যাৰ ম্যে চৌদা নহী হোতা… ”

পমি গ’লো | লাজৰ আভা এটা বিয়পি পৰিল চৌদিশে |

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক