সংকট কালত চালকৰ প্ৰত্যুৎপন্নমতিতা (দিগন্ত যাদৱ শৰ্মা)


ব্যক্তিগত জীৱনত আমি প্ৰায় সকলোৱে নিশ্চয় ডাঙৰ নহলেও সৰু-সুৰা বিপদৰ সন্মুখীন হৈছোঁ। অথচ কোনো হানি-বিঘিনি নোহোৱাকৈ সাৰিও গৈছোঁ। কেতিয়াবা আন নহলেওঁ সাপ এডালৰ অথবা পথেৰে গৈ থকা অৱস্থাত হঠাত দাঁত নিকটাই গৰগৰাই থকা কুকুৰ এটাৰ মুখামুখি হৈছোঁ। কিম্বা পথ এটা পাৰ হোৱাৰ মাজতে হঠাতে কোনো যান-বাহনৰ সন্মুখত পৰা। কিন্তু আমি অক্ষত অৱস্থাত থিয় দি আছোঁ। সাপটোৱে আপোনাক আমনি নকৰাকৈ আতঁৰি দিছে অথবা পথ সলনি কৰিছে। কুকুৰটোৱে হয়তো দাঁত নিকটায়ে ক্ষান্ত হৈছে। আৰু হয়তো মটৰগাড়ীখন নাইবা বাইকখনো ঠিক আমাৰ সন্মুখতে কৰ্কশ শব্দ কৰি ৰৈ গৈছে আৰু চালকে কেৰাহিকৈ চাই ভোৰভোৰাই গুছি গৈছে। দৈনন্দিন জীৱনত এনে ধৰণৰ নহলেও আন আন সৰু-সুৰা বিপদৰ সন্মুখিন হৈয়ে থাকো আৰু আমিও অক্ষত অৱস্থাত থিয় হৈ থাকো। 

উপস্থিত বুদ্ধি আৰু ধৈৰ্য্যহে হৈছে বিপদৰ পৰা পৰিত্ৰান পোৱাৰ প্ৰধান উপায়। উপৰত উল্লেখ কৰা সৰু-সুৰা বিপদ-কেইটা আমাৰ দৈনন্দিন জীৱনত ঘটা কেইটামানহে। বৰ্তমানৰ ব্যস্ত জীৱন শৈলীত গাড়ী-মটৰত নুঠাকৈ বোধকৰো আগুৱাব নোৱাৰি। আমাৰ দেউতা-ককাহতঁৰ দিনবোৰৰ লগত তুলনা নকৰোঁ। তেওঁলোকে পদব্ৰজেই লাগতীয়াল কামসমূহ সমাধা কৰিছিল। গাড়ী-মটৰত উঠো যেতিয়া দৈনন্দিন জীৱনত কেতিয়াবা নহয় কেতিয়াবা কোনো এজনে নহলেও আন কোনো এজনে হঠাত যি কোনো ধৰণৰ দুৰ্ঘটনাৰ সন্মুখিন হ’ব লগা হৈছে। তেনেকৈ বহুসময়ত চালকৰ উপস্থিত বুদ্ধিৰ ফলত আমি বহুতে নিজৰ কোনো হানি-বিঘিনি নঘটাকৈ ৰক্ষাও পৰিছো। এনেধৰনৰ দুটা ঘটনা আপোনালোকৰ আগত উল্লেখ কৰিবলৈ মন গ’ল।

২০০৬ ইংৰাজী। পল্টন বজাৰ বাছ আস্থান। নৈশ বাছত আসন ল’লো। মই আৰু মোৰ পৰিয়াল। পত্নী আৰু আমাৰ ২২ মহীয়া ছোৱালীজনী। গন্তব্যস্থান মোৰ কৰ্মস্থল শিলচৰ। বহাগ বিহুৰ চুটি কটাই আহিছোঁ। মনটোও গধুৰ গধুৰ লাগি আছিল। টোপনিও অহা নাছিল। ‘মোবাইল’ৰ পৰা ‘হেডফোন’টোৰে গান শুনি শুনি টোপনিয়াবলৈ চেষ্টা কৰিছিলো। চিলং, জোৱাই, লেডৰিম্বাই পাৰ হ’লো। মোবাইলৰ ‘বেটাৰি’য়েই শেষ হৈ থাকিল। বোধকৰো টোপনিয়াবলৈ আৰম্ভ কৰিছিলো। হঠাত শ্ৰীমতীয়ে গাত ধৰি ধৰি অস্ফুট শব্দৰে কিবা কবলৈ চেষ্টা কৰা যেন অনুভৱ হ’ল। জোৰকৈ চকুদুটা মেলি শ্ৰীমতীলৈ চালোঁ। ইঞ্জিন বন্ধ কৰি বাছখন ৰৈ আছে। উত্তপ্ত কথোপকোথন শুনিবলৈ পালো। শ্ৰীমতীয়ে কিনো কৈছে ভালকৈ বুজিব নোৱাৰি খিৰিকীৰে বাহিৰত চাবলৈ চেষ্টা কৰিলো। ঠিক সেই সময়তে বাহিৰৰ পৰা দীঘল গছৰ দাল এটাৰ কোবত আমি বহি থকা আসনৰ কাষৰ খিৰিকীৰ আইনা ভাঙি থানবান হৈ পৰিল। কিংকৰ্তব্যবিমূঢ় হৈ দেখিলো ইতিমধ্যে ভাঙি যোৱা আইনাৰ সৰু সৰু টুকুৰাই মোৰ হাত আৰু মুৰৰ কেইবাঠাইতো জখম হানিছে। ঘটনাৰ আকস্মিকতাত পৰিয়ালৰ ফালে দৃষ্টি নিক্ষেপ কৰাত দেখিলো মাকে সন্তানৰ দায়িত্ব সুচাৰুৰূপে পালন কৰিছে। পত্নীৰ উপস্থিত বুদ্ধিত তেওঁলোক দুয়োৰে একো ক্ষতি নহ’ল। পিঠি দি শাৰীৰ আচলৰে সন্তানক ভালকৈ ঢাকি ধৰাত আইনাৰ টুকুৰাবোৰৰ পৰা দুয়ো ৰক্ষা পৰিছিল।

সেই ঘটনাটো ঘটিছিল মেঘালয়ৰ অন্তৰ্গত সোণাপুৰ অঞ্চলত। জয়ন্তীয়া পাহাড় জিলা। য’ত বাৰিষাৰ সময়ত ভূমিস্খলনৰ বাবে অবৰ্ণনীয় পৰিস্থিতিৰ উদ্ভৱ হয়। তেতিয়া নিশা তিনি বাজিছিল। আৰু হয়তো তিনি-চাৰি ঘন্টা মানৰ ভিতৰতে গন্তব্যস্থান পালোহেতেঁন। লগত সন্তানটি থকাৰ বাবে আৰু তাইৰো প্ৰয়োজনীয় বস্তু যেনে কাপোৰ, পানী, ‘নেপিজ’ৰ টোপোলাৰ বাবে আমি এক-দুই আসন দুখনেই লৈছিলো। সন্মুখত কিছু খালি ঠাই থকাৰ বাবে। ইতিমধ্যে বুজি উঠিছিলো ডকাইতে পালে বুলি। আমাৰ বাছখনৰ সন্মুখত দহ-বাৰখনমান আন আন যান-বাহন। তাৰ মাজত কেইবাখনো নৈশ বাছো আছিল। ডকাইতৰ দলটোৱে গছ কাটি বগৰাই পথ ৰুদ্ধ কৰিছিল। আন আন বাহনসমূহৰ যাত্ৰীসকলক লুট কৰি আমাৰখনলৈ অগ্ৰসৰ হৈছিল। চালকক বাছৰ দুৱাৰ খুলি দিবলৈ ধমক দি আছিল। সেইসময়তেই মোক ডকাইতৰ উমান পাই শ্ৰীমতীয়ে টোপনিৰ পৰা জগাইছিল। চালকে প্ৰথমতে কাকুতি-মিনতি কৰি নিজৰ হাতত থকা কিছু টকা আগবঢ়াইছিল যাতে যাত্ৰীসকলক ৰেহাই দিয়ে। তেনেদৰে কিছু সময় তৰ্ক-বিতৰ্ক কৰি ডকাইতৰ দলটোৱে খিৰিকীৰ আইনাবোৰ ভাঙিবলৈ আৰম্ভ কৰি দিছিল। আমাৰ বাছ চালকেও প্ৰত্যুৎপন্নমতিতাৰে চালকৰ আসন ত্যাগ কৰি আন দুজনৰ সৈতে আমাৰ ফাললৈ আহি ভিতৰৰ পৰা চালকৰ ‘কেবিন’ বন্ধ কৰি দিছিল। কিন্তু চালকৰ আসনৰ আইনা ভঙা খিৰিকীৰে দুৱাৰ খুলি এজন ডকাইত কেবিনলৈ সোমাই আহিল। ‘কেবিন’ৰ দুৱাৰ খুলিবলৈ ডকাইত এটাই চেষ্টা কৰি থাকোতেই আমালৈ স্বস্তিৰ নিশ্বাস আহিল। ঠিক সেই সময়তেই মেঘালয় জয়ন্তীয়া পাহাৰ জিলাৰ ‘পুলিশ পেট্ৰোলিং’ আহি উপস্থিত হৈছিলহি। ছয়-সাতজনীয়া ডকাইতৰ দলটোৱে ছত্ৰভঙ্গ দিছিল। চকুৰ সন্মুখতে জীৱনত প্ৰথমবাৰৰ বাবে পুলিশৰ গুলিত মানুহ ধৰাশয়ী হোৱা দেখিলো। এজন ডকাইত পৰিল। পিছদিনা শিলচৰৰ পৰা প্ৰকাশিত বাতৰি কাকতত পঢ়িবলৈ পাইছিলো _নৈশ বাছত ডকাইতি, মেঘালয় আৰক্ষীৰ হাতত এজনৰ মৃত্যু, আন তিনিজনক আটক। কিন্তু ইতিমধ্যে সেই নিশা বহুতো যাত্ৰীক লুটপাত কৰিছিল। কেইবাজনো যাত্ৰীক আশা কৰামতে আ-অলংকাৰ, টকা-পইচা নোপোৱাত আহত কৰিছিল।

হয়, সেই নিশা চালকৰ প্ৰত্যুৎপন্নমতিতাৰ ফলত এই ডকাইটিৰ ঘটনাটোৰ পৰা আমি ৰক্ষা পৰিছিলো কিয়নো চালকে কাল বিলম্ব কৰাৰ ফলতহে ডকাইতৰ দলটোৱে আমাক লুটিবলৈ সুযোগ নাপালে আৰু সৌভাগ্যক্ৰমে মেঘালয় আৰক্ষীও আহি পাইছিল।

দ্বিতীয়টো ঘটনা এইবছৰৰ জানুৱাৰী মাহত। এইবাৰ সদস্যৰ সংখ্যা বেছি। মই, মোৰ পত্নী আৰু আমাৰ সন্তান দুটি। লগত মোৰ সতীৰ্থ সহকৰ্মী বাইদেউ এগৰাকী আৰু তেওঁৰ পৰিয়াল। সময় আৱেলি তিনি বাজি গৈছে। স্থান কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। আমি আটাইকেইজন এখন খোলা জীপত। চালকৰ কাষত হাতত দুইনলীয়া বন্দুক এটা লৈ ‘গাৰ্ড’ এজন। সুন্দৰ দৃশ্য এটা দেখুৱাবৰ বাবে জীপখন ৰৈ গ’ল। আমাৰ হাতত থকা ‘কেমেৰা’বোৰত আঙুলিৰ টিপা পৰিবলৈ আৰম্ভ কৰিছিল। পোৱালীৰ সৈতে গঁড় এজনী। আমি জানো পোৱালীৰ সৈতে থকা গঁড় এজনীৰ ওচৰ চাপিবলৈ চেষ্টা নকৰাই ভাল। কিন্তু আমাৰ পৰা দুয়ো বহু দূৰৈত আছিল। কিন্তু মাজে মাজে আমাৰ ফালেও দৃষ্টি ৰাখিছিল। বোধকৰো আমাৰ উপস্থিতি সহ্য নোহোৱাত জঙ্ঘলৰ আৰঁত লুকাই পৰিল। জীপৰ চালকে গঁড়জনীৰ সৈতে পোৱালীটোক আকৌ ভালকৈ দেখুৱাবৰ বাবে জীপখন পিছুৱাই আনি ৰৈ গৈছিল। ইতিমধ্যে আন তিনিখনমান জীপ আমাক অতিক্ৰম কৰি গৈছিল। হঠাতে দেখো আমাৰ সন্মুখত বিয়াগোম গঁড়জনী। কাষৰ জঙ্ঘল ভেদি খেদি আহিছে। পোৱালীটো পিছত। দূৰত্ব বোধকৰো দহ মিটাৰো নাছিল। চালকৰ পিছতেই পত্নী, কোলাত আমাৰ দুইবছৰীয়া সন্তানটো। চালকে ক্ষিপ্ৰতাৰে জীপখন পিছুৱাইছিল। ‘গাৰ্ড’জনে প্ৰথম জাঁই গুলী ফুটুৱাত গঁড়জনীয়ে কেৰেপেই কৰা নাছিল। দ্বিতীয় জাঁই গুলীও ফুটুৱালে। আৰু চালকেও খুব জোৰেৰে জীপখন পিছুৱাই ধুৱলী-কুৱলী পৰিবেশ এটাৰ সৃষ্টি কৰি গড়জনীক বিপথে পৰিচালিত কৰিবলৈ চেষ্টা কৰিছিল। ফলত গঁড়জনী আতঁৰি গৈছিল। কব নোৱাৰাকৈ ‘ডিজিটেল কেমেৰা’টোত আঙুলিৰ টিপাত দুখন ছবি ৰৈ গৈছিল। সময় ক্ষোদিত হৈ ৰ’ল ২৩/০১/২০১৩ আৱেলি ৩ বাজি ৩১ মিনিট।
এইবাৰো জীপখনৰ চালকৰ উপস্থিত বুদ্ধিৰ ফলত আমি আটাইকেইজন সম্ভাব্য গঁড়ৰ আক্ৰমণৰ পৰা ৰক্ষা পৰিছিলোঁ। এনেধৰণৰ ঘটনা আমাৰ বহুতৰে সৈতে ঘটে। আমাৰ দৰে কোনো কোনোৱে হয়তো সৌভাগ্যক্ৰমে সাৰি যায়। আৰু কোনোৱে হয়তো দুৰ্ভাগ্যজনক পৰিস্থিতিৰ কবলত পৰে। সেয়ে আজিও সেই দুয়োজন চালকলৈ মনত পৰিলে কৃতজ্ঞতাত মূৰ দোৱাও।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments