সংকল্প (চিত্ৰলেখা গগৈ)

এনে আওহতীয়া, দুৰ্গম ঠাইত ‘টেট’ শিক্ষয়িত্ৰী হিচাপে মইনাপাৰা প্ৰাথমিক বিদ্যালয়ত যোগদান কৰিবলৈ লোৱা সিদ্ধান্তটো কিমান সঠিক আছিল; সেয়া তনুশ্ৰীয়ে আজি হৃদয়েৰে উপলব্ধি কৰিছে৷ তনুশ্ৰী কাকতী৷ দেউতাক হলিৰাম কাকতীৰ চেনেহৰ বৰ জীয়ৰী৷ দেউতাকৰ বোজা কিছু লাঘৱ কৰাৰ মানসেৰেই দেউতাকৰ প্ৰবল আপত্তি স্বত্তেও এইখন পিছপৰা গাঁওখনৰ একমাত্ৰ প্ৰাথমিক বিদ্যালয়ত অতি উৎসাহেৰে যোগদান কৰিলেহি৷

তাইৰ ঘৰ শিৱসাগৰ জিলাৰ ডিমৌত৷ ঘৰত মাক – দেউতাক, ভনীয়েক আৰু ভায়েক৷ দেউতাকৰ সৰু চাকৰিটোৰ সীমিত উপাৰ্জনেৰে মাকে হাত ধৰি ঘৰখন চলাই সিহঁত তিনিওটাকে ডাঙৰ দীঘল কৰিলে৷ তাই মাক-দেউতাকৰ মাজত কোনোদিন কথাৰ অমিল বা হাই-কাজিয়া দেখা পোৱা নাই৷ এনে আদৰ্শ দম্পতী খুব কমেই থাকে৷

তনুশ্ৰীয়ে ‘শিক্ষা’ বিষয়ত মেজৰসহ স্নাতক পাছ কৰাৰ পাছতে চৰকাৰে পতা ‘টেট’ পৰীক্ষা দি বাছনিভুক্তৰ তালিকাত এ’ গ্ৰেডত নাম আনিলে৷ তিনিমাহমানৰ পাছত শিক্ষামন্ত্ৰীয়ে নিজহাতে নিযুক্তি পত্ৰও দিলে৷ এইখিনিলৈকে সকলো ঠিকেই আছিল যদিও ঘৰৰ পৰা বহু নিলগত তথা যাতায়ত, বাটপথ, দলং আদিৰ শোচনীয় অৱস্থা প্ৰত্যক্ষ কৰি দেউতাকে তাইক যোগদান কৰাত আপত্তি দৰ্শালে৷

– “তই এই অজান্তি মুলুকত চাকৰি কৰিবহি নেলাগে অ’ আইজনী৷ তাতকৈ এম.এ টোকে সম্পূৰ্ণ কৰ৷ ভাল ঠাইত চাকৰি পাবি৷”
– “মই যোগ্যতাৰ ভিত্তিত নিৰ্বাচিত হৈছো৷ প্ৰথমে জইন কৰি কিছুদিন কৰি চাওঁ৷ বেয়া লাগিলে নিশ্চয় এৰি দিম দেউতা৷”
– “তোৰ লগত মই নোৱাৰো৷ ইচ্ছা কৰিছ’ কৰ৷ পিছত মোক নুদুষিবি ৷”
– “হব দেউতা৷ মাথো কিছুদিন কৰি চাই লও৷ এনেয়েও মোৰ এম.এ. পঢ়াৰ মন৷ “দূৰশিক্ষা“ৰ জৰিয়তে হলেও এম, এ কৰিমেই৷“

এইদৰেই এঘণ্টা বাচত আহি জৰাজীৰ্ণ পথেৰে চাৰি কিলোমিটাৰ পথ প্ৰতিদিনে অতিক্ৰম কৰিব লাগে৷ মাজত এখন ভগা দলং আৰু এখন বাঁহৰ সাঁকোও পাৰ হব লাগে৷ এইদৰেই অতি কষ্টেৰে তিনিমাহ অতিক্ৰম হ’ল৷ ইতিমধ্যে তাই সকলো ছাত্ৰ ছাত্ৰীৰে মৰমৰ ‘বাইদেউ’জনী হৈ পৰিল৷ তনুশ্ৰীয়ে কণ কণ ছাত্ৰ ছাত্ৰী সকলক নিয়মীয়া পাঠদানৰ লগতে চাফচিকুণতা, নীতিশিক্ষাৰ লগতে গছপুলি ৰোপণ তথা লালন পালন ইত্যাদি বিভিন্ন বিষয়ত সিহঁতক জড়িত কৰি পেলাইছে৷ তদুপৰি বিভিন্ন খেল ধেমালি, গীত মাত আদিও শিকায়৷ তাই অহাৰে পৰা বিদ্যালয়খন আগৰদৰে সামান্য অজুহাততে বন্ধ নোহোৱা হ’ল৷ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক চন্দ্ৰধৰ কলিতাৰো এতিয়া বহু কষ্ট লাঘৱ হৈছে৷ আগতে অনিচ্ছা স্বত্তেও সৰ্বশিক্ষাৰ কামত বা স্কুলৰ কামত জিলা সদৰলৈ যাবলগীয়া হলে প্ৰায়েই স্কুল ছুটী দিবলগীয়া হৈছিল৷ এতিয়া তনুশ্ৰীয়ে সেইখিনি সুন্দৰকৈ চম্ভালি লৈছে৷ আগতে চাৰে স্কুল ছুটী দিলে ল’ৰা-ছোৱালীবোৰে খুব ভাল পাইছিল৷ এতিয়া সিহঁতে ছুটী দিলে বৰং বেয়াহে পায়৷

চৰকাৰী শিক্ষা ব্যৱস্থাৰ পুতৌলগা অৱস্থাটো দেখি তাইৰ মনটো হাহাকাৰ কৰি উঠে৷ তাই মনতে পণ কৰিলে যে তাই কেতিয়াও এই স্কুল এৰি নেযায় আৰু যিমান পাৰে সিমান এই গাওঁখনৰ দুখীয়া ছাত্ৰ-ছাত্ৰী হঁতক আগবঢ়াই নিব৷ এদিন বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি তথা চৰকাৰী গাঁওবুঢ়াজনে প্ৰধান শিক্ষক কলিতাক লগ ধৰিবলৈ আহি তনুশ্ৰীক দেখা পাই কাম কৰি কেনেকুৱা পাইছে সুধিলে৷ তনুশ্ৰীয়ে কলে -“কাম সকলোতে একেই৷ কিন্তু প্ৰতিদিন এইদৰে বাটকুৰি বাই অহাটোত মা-দেউতাৰ বহুত আপত্তি৷”
– “থকাৰ সুবিধা কৰি দিলে কেনে পাবা?”
– “খুউব ভাল পাম খুড়াদেউ!”
-“হব, দুদিন পিছত মই খবৰ দিম৷”

সঁচাকৈয়ে দুদিন পিছত আহি তেওঁ তনুশ্ৰীক এই ঘৰটোলৈ লৈ আহিল৷ ঘৰখনত বৃদ্ধ দম্পতী অকলে থাকে৷ গাঁৱৰে প্ৰায় চল্লিশোৰ্দ্ধৰ মহিলা এগৰাকীয়ে দিনতে ঘৰুৱা কামবনখিনি কৰি দি যায়হি৷ তনুশ্ৰীৰ থকা কোঠালীটো আছুতীয়া আৰু আটোমটোকাৰী৷ তেওঁলোকৰ দুটা সন্তান৷ ল’ৰাই চহৰৰ এঘৰৰ একমাত্ৰ কন্যাক বিয়া কৰাই তাতে ঘৰজোঁৱাই হ’ল৷ কাচিৎহে দেখা দিবলৈ আহে৷ একমাত্ৰ ছোৱালী জনীকো দুৰলৈ বিয়া দি উলিয়াই দিলে৷ সেয়ে তেওঁলোকে আদৰি লৈ নিজৰ সন্তানৰ দৰেই মৰমেৰে ৰাখিলে৷ মাক দেউতাকেও এদিন আহি চাই গ’লহি৷ সকলোখিন ঠিকে থাকিলেও কামকৰা মহিলাগৰাকীৰ সৈতে তাইৰ চিনাকি নাছিল৷ কেতিয়াবা তাইক দেখিলেও মহিলাগৰাকীয়ে আঁতৰি ফুৰে৷ কথাটো তাই বাবে অলপ অখজা লাগিল৷

তনুশ্ৰীয়ে এদিন মহিলা গৰাকীক উপযাচিয়েই মাতিলে -“মাহী, আহাচোন তোমাৰ সৈতে অলপ কথা পাতো!”

মানুহজনীয়ে একো মাত নিদিয়াকৈ আঁতৰি গ’ল৷ গধুলি গিৰিহঁতনি বৰমাকক তনুশ্ৰীয়ে তাইৰ বিষয়ে সুধিলে৷

– “বৰমা, মানুহগৰাকীয়ে মোক কিয় নামাতিলে? “
– “কি নো কম৷ সেই ঘটনাটোৰ পিছৰে পৰা তাইৰ মুখৰ মাত বন্ধ হৈ গ’ল৷”
– “তাৰমানে? আগতে তাই কথা কৈছিল? “
– “হয়!”

বৰমাকৰ পৰা মানুহজনীৰ অতীতৰ বিষয়ে জানিব পাৰি তাই আশ্চৰ্য প্ৰকাশ কৰিলে৷
– “এজনী অকলশৰীয়া নিঠৰুৱা ছোৱালীৰ জীৱনটো অকালতে ধ্বংস কৰা কুলাঙ্গাৰটো কোন আছিল? “
– “ কথা ক’ব পাৰিলে তাই চাগে’ কব পাৰিলেহেঁতেন! আকাৰে ইংগিতে কিবা বুজাই যদিও কোনেও বুজি নাপালে৷ আন মানুহবোৰেও কথাটো সোনকালেও পাহৰি গ’ল৷”

তনুশ্ৰীৰ মনটোত খু-দুৱনি বেছি হ’ল! সেই নিষ্ঠুৰ পাষণ্ডটোক যেন এইমাত্ৰ টানি উলিয়াই আনিব এনে লাগিল৷

তাই মনতে সংকল্প ল’লে যে, তাই মানুহ গৰাকীক আখৰ শিকাব আৰু লিখিবলৈও শিকাব যাতে তাইৰ মনৰ দুখখিনি লিখিত আকাৰে প্ৰকাশ কৰিব পাৰে৷ সেই মানুহগৰাকীৰ জীৱন ধ্বংস কৰা সেই লম্পটটোক চিনি উলিয়াবই! তাৰ পিছত কি হয় সেয়া পিছত দেখা যাব৷

এটা উজাগৰী নিশা তাই বিছনাতে চটফটাই কটাই আন্ধাৰে মুন্ধাৰে উঠি ফলি-পেঞ্চিল যোগাৰ কৰি সাজু হৈ সেই দুখুনী ‘মাহী’জনীলৈ অধীৰ অপেক্ষাৰে বাট চাই ৰ’ল৷ তনুশ্ৰীয়ে বাৰে বাৰে ঘড়ী আৰু বাটলৈ চাই থাকিল! যেন বহুদিনৰ মুৰত ঘূৰি অহা প্ৰেমিকলৈহে তাই অপেক্ষা কৰিছে!
এনেতে নঙলা খোলাৰ শব্দত তাইৰ সম্বিত ঘূৰি আহিল৷ ধেৎতেৰি, এয়া দেখোন সদায় গাখীৰ দিবলৈ অহা ছোৱালীজনীহে! গাখীৰখিনি লৈ ছোৱালীজনীক বিদায় দি তাই পুনৰ অলপ সময় অপেক্ষা কৰি ৰ’ল৷

এনেতে দুৰৈত তাই মানুহজনীক এইফালে আহি থকা দেখিলে৷ এইবাৰ তাই নিজেই নঙলামুখলৈ এখোজ দুখোজকৈ আগুৱাই গ’ল৷ তাইৰ হাতত ফলি এখন আৰু এদাল পেঞ্চিল৷
☆★☆

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments