সংকৃত — নীলোৎপল গগৈ

বিয়াল্লিছ ডিগ্ৰী চেলছিয়াছ! তামিলনাডুৰ অসহ্য গৰম৷ এনেবোৰ সময়তে মোৰ ’এয়াৰ কণ্ডিচনাৰ’ কিনাৰ কথা মনলৈ আহে! পঞ্চম মহলাত থাকো, টপ্ ফ্লোৰ৷ তাতে লিফ্টখনো বেয়া হৈ আছে! উপায় নাই আৰু! বিভাগীয় কৰ্তৃপক্ষক অভিযোগ দি দি ভাগৰিলোঁ৷ ভাল কৰি দিয়া নাই৷ এইখন বোলে পুৰণি ডিজাইনৰ৷ মেৰামতি কৰিব নোৱাৰি৷ ’পাৰ্টছ’ পোৱা নাযায়৷ একেবাৰে নতুন লগাব হেনো৷ বেছিকৈ অভিযোগ কৰিবলৈ গৈ থকা দেখি এজনেতো কৈয়েই পেলালে – লিফ্ট নোহোৱাৰ বাবে আপোনাৰনো কি অসুবিধা হৈছে? ভালহে হৈছে পেট কমিব! কৃষ্ণ….! দিনটো অফিছত থকা সময়খিনি ভাল৷ কম্পিউটাৰৰ সন্মুখত বহি থাকোঁ বাবে অফিছৰ কোঠাটোত ’এচি’ চলি থাকে৷ বন্ধৰ দিন কেইটাতহে কি সমস্যা! চল্লিছ-বিয়াল্লিছ ডিগ্ৰী…! উহ্ দেহা পুৰি যায়৷ ল’ৰাটোলৈও বেয়া লাগে৷ তাৰ স্কুলতো এচি নাই৷ চৰকাৰী বিদ্যালয় যে! স্কুলৰ পৰা আহোঁতে তাৰ মুখখন শুকাই আহে৷ তাতে সেইজাপ কিতাপৰ ভাৰ৷ পঞ্চম মহলা৷ আহোঁতে চোঁচৰি চোঁচৰি আহে৷ এইবোৰৰ কাৰণেই এচি ল’বলৈ মন যায়৷ দৰমহাৰ টকাকেইটাই বিজুলীৰ বিল হজম কৰিব পাৰিব নাই, সেইয়াও অৱশ্যে চিন্তা নোহোৱা নহয়! এয়াৰকুলাৰ এটাকে কিনি লৈছোঁ৷ দামো কম, বিলো বেছি নাহে৷ পিছে এই প্ৰচণ্ড গৰমত কুলাৰৰ ৰাজহাড় ভাগি যায়, হায়ৈ-বিয়ৈ কৰি গৰমৰ লগত যুদ্ধত হাৰি তাৰো ধোঁৱা ওলায়৷ দিনত খিৰিকি খুলিব নোৱাৰি, লুৰ দৰে গৰম বতাহ৷ চাদৰ ওপৰৰ পৰা অহা জুইখিনি ব’নাছ৷ চিলিং ফেন কেইখনো যেন গৰম বতাহ দিবলৈহে ৰখা হৈছে!

বন্ধৰ দিনকেইটাত মই দিনত মাছে-মাংসই এপেট খায় অলপ শুবলৈ চেষ্টা কৰোঁ৷ এই ভাত ঘূমটিৰ সময়ত কোনোবাই আমনি কৰিলে বৰ কষ্ট পাওঁ৷ ফোন চাইলেণ্ট মুডত থাকে৷

তলৰ ৰাস্তাটোৰ মেৰামতিৰ কাম চলি আছে৷ পুৰণা কংক্ৰিট ভঙাৰ টুং-টাং শব্দ মোৰ ৰূমলৈকে আহিছে৷ গৰম আৰু এই শব্দই মোৰ কানত কৰা আঘাতৰ ফলত মোৰ টোপনি অহা নাই! মোৰ যে ভীষণ খং উঠিছে৷ মোৰ শান্তিৰ আধাঘণ্টাৰ এই টোপনি! অৱশেষত নামি গলোঁ৷ কাম কৰা কেইটাক আজি ভালকৈ এজাউৰি গালি দিম৷ আৰে ভাই, এইখিনি সময়ততো অলপ জিৰনি ল’! আমাকো অলপৈ শুবলৈ দে৷ ৰাস্তাত বেছি মানুহে কাম কৰি থকা নাই! তিনিটা ডেকা ল’ৰা, এজন বৃদ্ধ, দুজনী মহিলা৷ এই বয়সৰ বুঢ়া মানুহৰ আমাৰ ফালে সকাম খাওঁতেই আজৰি নাথাকে! খালী ভৰি! ৰাস্তাৰ এই আলকতৰাৰ ওপৰত খালী ভৰি৷ গোৰোহা ফাটি গৈছে৷ যেন কোনোদিনে পানীৰ নাম-গোন্ধ দেখি পোৱা নাই৷ মূৰত এখন কাপোৰ বান্ধি লৈছে৷ হাতত এটা ডাঙৰ হাঁতুৰি৷ জীৱনৰ সকলো দুখ ভঙা শিলগুটিলৈ পৰিবৰ্ত্তিত হৈছে৷ আৰু মহিলা দুগৰাকী? এগৰাকীয়ে গছ এজোপাৰ ছাঁত নিজৰ সৰু ল’ৰাটোৰ তৃষ্ণা নিৱাৰণ কৰিছে! ঘাম খুৱাইছে, ঘাম! আনগৰাকীয়ে বুঢ়া আৰু বাকী ডেকা কেইজনে ৰাস্তাটোৰ পৰা উলিওৱা আলকতৰা বিলাক দূৰত পেলাইছেগৈ৷ অতি সোনকালে এই কামটোৰ বাবে ল’ৰাটোৰ মাকৰো পাল পৰিব৷

কোনস’তে বাৰু গালি দিওঁ এইকেইটা মানুহক! মোৰযে অধিকাৰ আৰু যোগ্যতা দুয়োটাই নাই! বিয়াল্লিছ ডিগ্ৰী! পেটৰ ভোক, জীয়াই থকাৰ হেঁপাহৰ বাবে এই বিয়াল্লিছ ডিগ্ৰী একোয়েই নহয়! থাকক, তেওঁলোকে কাম কৰি থাকক৷ হাঁতুৰীৰ এই কৰ্কশ শব্দ আজি সংগীতৰ সুৰ হৈ পৰক! আৰু আমিবোৰে এই এয়াৰ কণ্ডিচনাৰ, এয়াৰ কুলাৰ, লিফ্টৰ দৰে শব্দবোৰৰ সৈতে বাহানা বনাই থাকোঁ! ■ ■

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments