সংখ্যাটিৰ আঁৰত: —জ্যোতিৰেখা দাস

 

ফেচবুকৰ অন্যতম জনপ্ৰিয় গ্ৰুপ অসমীয়াত কথা বতৰা, চমুকৈ অকবত সোমোৱা মোৰ বেচিদিন হোৱা নাই ৷ খুব বেছি দহমাহ মান হৈছে মই অকবৰ সদস্যা হোৱাৰ ৷ অকবৰ প্ৰশাসক সকলৰ মাজৰে এজন শ্ৰীমান মৃদুল শৰ্মা এজন এগ্ৰিয়ান (অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনত কৃষি বিজ্ঞান পঢ়া সকলো ছাত্ৰ ছাত্ৰীকে এগ্ৰিয়ান বুলি কোৱা হয়) হোৱা হেতুকে এদিন মই তেওঁক অকবত মই মোৰ লিখা দিব পাৰিমনে সুধিছিলো ৷ মৃদুলৰ লগত মোৰ ব্যক্তিগতভাবে আজিলৈকে দেখা দেখি হোৱা নাই যদিও এগ্ৰিয়ান ভাই হোৱাৰ টানতে তেওঁৰ লগত কথা পাতিছিলো ৷ মৃদুলেও মোক অকবত লিখিবলৈ দিলে ৷ আৰম্ভ কৰিলো “হিয়া নেভাগিবি মোৰ” নামৰ উপন্যাস খনেৰে ৷ তাকো খণ্ড খণ্ডকৈ ৷ প্ৰথমতে ভয় লাগিছিল, মোৰ লিখনিক বা অকবৰ দৰে অভিজাত গোট এটা সদস্য সকলে আকোঁৱালি লয় নে নলয় ৷ কিন্তু মোৰ ভয়ক নুস্যাৎ কৰি হিয়া নেভাগিবি মোৰ খনৰ প্ৰতিটো খণ্ডকে অকবৰ পাঠক সকলে আদৰি ল’লে ৷ তাতে উৎসাহিত হৈ মই খণ্ড খণ্ডকৈ লিখি গ’লো অন্য এক সুবালা, মাতাল সাগৰৰ উত্তাল ঢৌ, প্ৰেমৰ ভিন্ন সুৰ, অপৰাজিতা ইত্যাদিকে ধৰি সৰ্বমুঠ দহখনমান উপন্যাস ৷ পাঠকেও প্ৰতিখন উপন্যাসকে মৰমেৰে আদৰি ল’লে ৷

চলিত বছৰৰে ফেব্ৰুৱাৰী মাহৰ আঠ তাৰিখ মান হ’ব, ভাতৃপ্ৰতিম মৃদুলে এদিন ফোন কৰিলে ৷ এনেও আমাৰ ফোনত লিখা-মেলা সম্পৰ্কত কথা বাৰ্তা হৈয়ে থাকে বাৰু ৷ সেইদিনা মৃদুলে ফোনত হঠাৎ ক’লে, সাহিত্য ডট অৰ্গৰ ফাগুন-চ’ত মাহৰ সংস্কৰনটিৰ মূখ্য সম্পাদনাৰ গুৰুদায়িত্বভাৰ মই লব লাগে ৷ তেওঁক কথা শুনি মই ভয়তে জপিয়াই উঠিলো ৷ এনেই অলপ লিখা-মেলা কৰিবলৈ আৰম্ভ কৰিছো যদিও সাহিত্য ডট অৰ্গৰ দৰে জনপ্ৰিয় ই-আলোচনী এখনৰ সম্পাদনাৰ দৰে গুৰুদায়িত্ব! না বাবা না ৷ মই পোনচাটেই নোৱাৰিম বুলি ক’লো মৃদুলক ৷ মৃদুলে অভয় দিলে ৷ পাৰিব আপুনি বুলি মোক বাৰে বাৰে বুজালে ৷ ময়ো শেষত ভয়ে ভয়ে হ’ব বুলি ক’লো ৷

কিন্তু যিদিনা ফেচবুকৰ মেচেঞ্জাৰত সাহিত্য ডট অৰ্গৰ সম্পাদনা থ্ৰেড টিত মোক অন্তৰ্ভূক্তি কৰালে, সেইদিনা মই আৰু ভয় খালো ৷ গ্ৰুপটোৰ সকলো প্ৰশাসকে মোক অভয় দান কৰিলে ৷ কেনেকৈ কামটিলৈ আগবাঢ়িব লাগে সকলোয়ে মিলি ধাৰনাখিনি দিলে ৷

লগে লগে আৰম্ভ কৰি দিলো প্ৰবন্ধ গোটাবলৈ ৷ বহুতক অনুৰোধ কৰিলো লিখনি দিবলৈ ৷ অকবৰ প্ৰতিটো শিতানো মেট্ৰিক পৰীক্ষালৈ পঢ়াদি পঢ়িলো ৷ ফলত ভালৰো ভাল শিতানসমূহ বাচি উলিয়াব পাৰিলো ৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments