সংখ্যাটোৰ আঁৰত – মীনাক্ষী বৰুৱা

 
আগষ্ট মাহৰ ৩ তাৰিখৰ কথা৷ অচিনাকি নম্বৰ এটাৰপৰা ফোন আহিল৷ সাহিত্য ডট্ অৰ্গৰপৰা হিতেশ্বৰ শৰ্মাই কৈছে৷ মোক বিস্ময়াভিভূত কৰি তেওঁ প্ৰস্তাৱ দিলে সাহিত্য ডট্ অৰ্গৰ আগন্তুক সংখ্যাটোৰ সম্পাদনাৰ দায়িত্ব মই ল’ব লাগে৷ এই অপ্ৰত্যাশিত প্ৰস্তাৱটোত স্বাভাৱিকতে মোৰ মুখৰ মাত হৰিল৷ তৎক্ষণাত একো ক’ব নোৱাৰি চিন্তা কৰিবলৈ মই এদিন সময় ল’লো৷ কামবোৰ কেনেকৈ কৰিব লাগে তেওঁ মোক সম্যক আভাস এটা দিলে৷ কথাবোৰ শুনি দায়িত্বটি মোৰ বাবে পৰ্বতসম গধুৰ যেন অনুভৱ হ’ল৷ কাৰণ কম্পিউটাৰত কৰিব লগা কাৰিকৰী কামবোৰৰ অভিজ্ঞতা মোৰ মুঠেই নাছিল৷
পিছদিনা দায়িত্বটি মই গ্ৰহণ কৰিলোঁ আৰু হাতত সময় পালোঁ মাত্ৰ ১৭ দিন৷ এই সোতৰ দিন আছিল মোৰ আত্মপৰীক্ষাৰ সময়৷ সকলো কাম কাতি কৰি থৈ এইকেইটা দিন কেৱল আলোচনীখনৰ চিন্তাকে কৰিলোঁ৷ ফে’চবুকৰ মজিয়াত বন্ধুবৰ্গৰপৰা পোৱা সঁহাৰিয়ে মোক কামটো কৰিবলৈ যথেষ্ট উৎসাহিত কৰিলে৷ বিভাগীয় সহযোগীসকলৰপৰা পোৱা উৎসাহ আৰু মূল্যবান দিহা-পৰামৰ্শই মোক দায়িত্বটি সুচাৰুৰূপে সম্পন্ন কৰাত সহায় কৰিলে৷ বিশেষকৈ হিতেশ্বৰ শৰ্মা, মৃদুল কুমাৰ শৰ্মা, জ্যোতিৰূপম দত্ত, উৎপলা কৌৰ, মিতালী বৰ্মন, ধ্ৰুৱজ্যোতি শৰ্মাৰ নাম মই ল’বই লাগিব৷ বাৰ্তা বাকচৰ সাহিত্য গোটৰ সদস্যসকলে প্ৰতিদিনে সুবিধা-অসুবিধাৰ বুজ লৈ থকাত কামখিনি আগুৱাই নিয়াত সাহস পাইছিলোঁ৷ ঘৰুৱাভাৱে মোৰ দাদা উৎপল বাদল বৰুৱা, গৃহস্থ অশোক বৰুৱা আৰু পুত্ৰ অনুৰণ বৰুৱাই প্ৰতি মুহূৰ্ততে মোৰ কামত সহযোগিতা আগবঢ়ালে৷
যিসকল লেখক-লেখিকাই মোৰ অনুৰোধ ৰক্ষা কৰি তেওঁলোকৰ মূল্যবান লেখা এই সংখ্যাত প্ৰকাশৰ বাবে প্ৰেৰণ কৰিলে তেখেতসকলৰ ওচৰত মই কৃতজ্ঞ হৈ ৰ’লো৷ সংগীত শিল্পী ইবচন লাল বৰুৱাই তেওঁৰ পানী নসৰকা সময়সূচীৰ মাজৰপৰা মোৰ বাবে দুঘণ্টা সময় উলিয়াই লোৱা বাবে তেওঁক কৃতজ্ঞতা জনালোঁ৷
এই নতুন অভিজ্ঞতাই মোৰ আত্মবিশ্বাস দৃঢ় কৰাত যথেষ্ট সাৰ-পানী যোগালে৷ সাহিত্য ডট্ অৰ্গে মোৰ ওপৰত ৰখা আস্থা আৰু বিশ্বাসৰ মূল্য দিবলৈ মই কিমানদূৰ সমৰ্থ হ’লো নাজানো, কিন্তু এই অভিজ্ঞতাই মোক সাহিত্যক্ষেত্ৰৰ এক নেদেখা দিশৰ সৈতে পৰিচয় কৰাই দিলে৷ ইয়াৰ বাবে এই আলোচনীৰ সৈতে জড়িত সকলোকে মই ধন্যবাদ জনাইছোঁ৷
শেষত আলোচনীখনৰ দীৰ্ঘায়ু কামনাৰে –
মীনাক্ষী বৰুৱা
২০/০৮/২০১৮

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক