সংখ্যাটোৰ আঁৰত

কলমৰ প্ৰতি এক গভীৰ টান থাকিলেও আলস্যভাব আৰু সময়ৰ অভাৱৰ অজুহাতত মনলৈ অহা সকলো অনুভৱ তথা শব্দবোৰক সামৰি থৈ দিছিলোঁ মনৰ ভিতৰতে। চ’ছিয়েল মিডিয়ালৈ অহাৰ সময়ত কিছু পৰিমাণে অনভিজ্ঞ আছিলোঁ আৰু ইয়াতো যে লেখা মেলাৰ বাবে কিবা বিশেষ মঞ্চ আছে সেয়া আছিল মোৰ ভাৱনাৰ উৰ্ধত। ফেচবুকৰ নিজৰ ৱালতে কাকত, আলোচনীত প্ৰকাশিত দুই এটা লেখা ভাগ বতৰা কৰাৰ লগতে মাজে সময়ে ৰোমান লিপিতেই মনৰ ভাব কিছু প্ৰকাশ কৰিছিলোঁ। সেই সময়তে হয়তো মোক সাহিত্যৰ অনুৰাগী বুলি গম পাই কোনো বন্ধুৱে(কোন আছিল ভালকৈ মনত নাই) ” অসমীয়াত কথা বতৰা” গোটটিত অন্তৰ্ভুক্ত কৰাই দিছিল। গোটৰ মজিয়াত ভিন্নসুৰী বিভিন্ন লেখাসমূহ পঢ়ি মুগ্ধ হোৱাৰ লগতে নিজেও কিবা লিখিবলৈ মন গৈছিল কিন্তু সেইসময়ত মোবাইলত অসমীয়া কীপেডৰ সীমাবদ্ধতাৰ কাৰণে মন গলেও একো লিখিবলৈ পৰা নাছিলোঁ যিহেতু অ ক বৰ কঠোৰ নিয়মাৱলী মোৰ জ্ঞাত আছিল। লাহে লাহে সেই অসুবিধা দূৰ হোৱাত গোটত মোৰো লেখা মাজে সময়ে ওলাবলৈ ধৰিলে আৰু সেয়া মোৰ বাবে অতি উৎসাহজনক কথা আছিল কাৰণ অ ক ব সেই সময়ত তথা আজিও মোৰ কাৰণে অসমৰ এখন যিকোনো আগশাৰীৰ আলোচনীতকৈ কম নহয় যিহেতু ইয়াত সূক্ষ্মভাৱে নিৰ্বাচিত হোৱা লেখাহে প্ৰকাশ কৰা হয়।

এই গোটৰ পৰাই প্ৰকাশিত ই আলোচনী সাহিত্য ডট্ অৰ্গৰো মই আছিলোঁ নিয়মীয়া পাঠক। কিন্তু সম্পাদনা? নাই, মোৰ বাবে সেয়া আছিল কল্পনাৰো উৰ্ধত। মই নিজকে সিমানৰ যোগ্য বুলি ভবাই নাছিলোঁ সেয়ে যেতিয়া দুমাহমান আগত মৃদুল কুমাৰ শৰ্মাদেৱে মোক এই প্ৰস্তাৱ দিছিল মই শলঠেকত পৰাৰ নিচিনাই অনুভৱ কৰিছিলোঁ। তেখেতে তেতিয়া মোক সাহস দি কৈছিল আমি থাকিম নহয় তুমি পাৰিবা! সাহিত্য ডট্ অৰ্গৰ লগত জড়িত মৃদুল কুমাৰ শৰ্মা দাদা, উৎপলা কৌৰ বাইদেউ, মৌচুমী বৰি বাইদেউ, মিতালী বৰ্মন বাইদেউ, জ্যোতিৰূপম দত্ত দাদা, দিগন্ত কুমাৰ ভট্টাচাৰ্য দাদা, হিতেশ্বৰ শৰ্মা দাদা, ভাস্কৰজ্যোতি দাস দাদা ৰূপাংকৰ চৌধুৰী দাদা, গীতাৰ্থ বৰদলৈ দাদা, পিণাকপাণি বৰুৱা দাদা আৰু অন্যসকলৰ পৰাও মই যথেষ্ট উৎসাহ পালোঁ আৰু যিসকল ব্যক্তিৰ উৎসাহ, সাহস আৰু সহায়েই অৱশেষত এই কাম সম্ভৱ কৰি তুলিলে। এই আলোচনীৰ পূৰ্বৰ সম্পাদক নয়নমণি হালৈ দাদা আৰু মোৰ সৰু মামা কিশোৰ শৰ্মাই মোক যিখিনি সহায় কৰিলে সেয়া হয়তো কেৱল ধন্যবাদ শব্দটোৰে প্ৰকাশ কৰা উচিত নহব। সাক্ষাৎকাৰগ্ৰহণ আৰু সম্পাদনাৰ ক্ষেত্ৰত নয়নমণি হালৈ দাদা আৰু অলংকৰণ তথা কাৰিকৰী দিশত মামা কিশোৰ শৰ্মাৰ অৱদান মই আজীৱন মনত ৰাখিম। মই কৃতজ্ঞ অসম বাণী পৰিয়ালৰ হিৰণ্য কুমাৰ বৰ্মন দাদা আৰু বন্ধু বিক্ৰমজিৎ শৰ্মাৰ ওচৰতো।

সদৌশেষত যিসকল ব্যক্তিয়ে মোৰ অনুৰোধৰ প্ৰতি সদিচ্ছা প্ৰকাশ কৰি নিজৰ বহুমূলীয়া লেখাৰে এই সংখ্যাৰ সাহিত্য ডট্ অৰ্গ সজালে বা প্ৰকাশৰ বাবে পঠিয়ালে তেখেতসকলৰ ওচৰত মই চিৰকৃতজ্ঞ।

সাহিত্য ডট্ অৰ্গ অসমীয়া সাহিত্যৰ বাবে এক নতুন জাগৰণ হৈ চিৰদিনলৈ স্বমহিমাৰে উজলি থাকক।

ধন্যবাদেৰে

পল্লৱী গোস্বামী

মুখ্য সম্পাদক,
সাহিত্য ডট্ অৰ্গ, মাঘ, ১৯৩৯ শক

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক