সংখ্যাটোৰ আঁৰৰ কথা – ৰাজশ্ৰী ধনদিয়া

পঞ্চম শ্ৰেণীত থাকোঁতেই সৃষ্টিকামী চিন্তাৰ সেউজীয়া সপোনে মনত পোখা মেলিছিল। সেই দিনবোৰত ‘সাপ্তাহিক নীলাচল’ত মোৰ অপৈণত মনৰ ভাৱবোৰে সাধু, গল্প, কবিতা ইত্যাদি ৰূপত চুৰ্চুৰীয়াকৈ প্ৰকাশ পোৱাৰ লগতে অন্য এটা প্ৰচেষ্টাও আৰম্ভ কৰিছিলোঁ। সেয়া আছিল এখন হাতে- লিখা ঘৰুৱা আলোচনী উলিওৱা, য’ত কেৱল আত্মীয় স্বজন আৰু ওচৰ- চুবুৰীয়াৰ বাদেও অন্য যিসকল ব্যক্তিৰ সংস্পৰ্শলৈ আহিছিলোঁ তেওঁলোকে স্ব- ইচ্ছাৰে দিয়া গল্প, কবিতা, সাধু, প্ৰবন্ধ বা খুহুতীয়া কথাবোৰ সন্নিৱিষ্ট কৰা হৈছিল। আলোচনীখনৰ নাম ৰখা হৈছিল, ‘কিৰণ’। প্ৰতিবছৰেই স্কুলৰ বছেৰেকীয়া পৰীক্ষা শেষ হোৱাৰ পাছত আলোচনীখনৰ কামত লাগিছিলোঁ। অৱশ্যে ‘কিৰণ’ৰ তিনি- চাৰিটা সংখ্যাৰ পাছত সেই যাত্ৰা আধৰুৱা হৈ ৰ’ল।

সাম্প্ৰতিক সময়ৰ একাংশ সাহিত্যানুৰাগী আৰু উদীয়মান লেখক- লেখিকাই ফেচবুকৰ জনপ্ৰিয় গোট ‘অসমীয়াত কথা- বতৰা’ৰ জৰিয়তে অসমীয়া সাহিত্যৰ ক্ষেত্ৰখনত নিতৌ ন- ন সৃষ্টিৰে নিৰলস সাধনা কৰি অহাৰ বিষয়ে অনেকৰপৰাই জানিবলৈ পাইছিলোঁ। যোৱা বছৰৰ ডিচেম্বৰ মাহত ফেচবুকৰ পৃথিৱীখনত প্ৰথমবাৰৰ বাবে ভূমুকি মৰাৰ পাছতেই মোক এই ‘অসমীয়াত কথা বতৰা’ গোটটিত মোৰ স্বামীয়ে অন্তৰ্ভূক্ত কৰাই দিছিল। পূৰ্বে ছপা আখৰত নিজৰ নামটো প্ৰকাশ পোৱাৰ শিহৰণে তেতিয়াৰেপৰা চেগা- চোৰোকাকৈ ‘অকব’ৰ দৰে জনপ্রিয় গোট এটাত লেখা ‘এপ্ৰুভ’ হোৱাৰ উল্লাসলৈ পৰ্যবসিত হৈছিল। বৰ বেছি দিন হোৱা নাই; এটা সময় আছিল যেতিয়া ‘অকব’ত লেখা এটা ‘এপ্ৰুভ’ হ’লে মনত উৎসাহ পাইছিলোঁ, তাৰপাছত এই গোটৰে প্ৰশাসনীয় আৰু সক্ৰিয় সদস্য কেইজনমানৰ উদ্যোগত প্ৰকাশিত, সাম্প্ৰতিক অসমীয়া ভাষা- সাহিত্যৰ ক্ষেত্ৰখনৰ মধ্যমণি স্বৰূপ ই- আলোচনী ‘সাহিত্য ডট অৰ্গ’ত লিখনি প্ৰকাশ পোৱাটো গৌৰৱ আৰু স্বাভিমানৰ কাৰক বুলি ভাবিছিলোঁ৷ আৰু আজি!

প্ৰায় দুমাহ পূৰ্বে মৃদুল কুমাৰ শৰ্মাৰপৰা অপ্ৰত্যাশিতভাৱে পোৱা প্ৰস্তাৱটোৱে এক দোদুল্যমান পৰিস্থিতিৰ সন্মুখীন কৰাইছিল। এপিনে কৰ্মৰত জিলাখনত এন. আৰ. চি.ক লৈ ব্যস্ততা আৰু আনপিনে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ জিলাখনলৈ অহাৰ কাৰ্যসূচীক লৈ তৎপৰতা! সেই সময়তে ‘বাওনাৰ হাতত চন্দ্ৰ নিজেই আহি পৰা’ৰ দৰে ‘সাহিত্য ডট অৰ্গ’ৰ সম্পাদনাৰ দায়িত্ব গ্ৰহণ কৰাৰ প্ৰস্তাৱটোৱে যিদৰে আহ্লাদিত কৰি তুলিলে ঠিক সেইদৰে কিছু পৰিমাণে দ্বিধাগ্ৰস্তও কৰি নোতোলা নহয়। ইয়াৰ অৱশ্যে কাৰণ আছিল। বিগত বৰ্ষকেইটাত আলোচনীখনে নিঃসন্দেহে সাহিত্যানুৰাগীৰ মনত আৰু অসমীয়া ই- সাহিত্যৰ জগতখনত এককভাৱে এক বিশেষ স্থান দখল কৰি আহিছে। এইধৰণৰ আলোচনী এখন সম্পাদনা কৰাৰ দিশত তেনেই নতুন আৰু অপৰিপক্ক বুলি নিজকে গণ্য কৰা ‘মই’জনীৰ কাৰ্যকালত মোৰ অনভিজ্ঞতাৰ বাবে আলোচনীখনৰ নিৰ্দিষ্ট সংখ্যাটোৰ তুলনামূলক ভাবে নিম্ন মানৰ বা দুৰ্বল সম্পাদনাই ‘সাহিত্য ডট অৰ্গ’ৰ সৰ্বাত্মক গৰিমা ম্লান কৰিব বুলি এক শংকা আৰু সংকোচে দুদিনমান মনটোক ভাৰাক্ৰান্ত কৰি ৰাখিলে।

মনৰ এই দ্বিধা- সংকোচৰ বৰফখিনি তেতিয়া গলিবলৈ লৈছিল যেতিয়া মোৰ দুঃচিন্তা প্ৰকাশৰ উত্তৰত “চিন্তাৰ কোনো কাৰণ নাই, আমি থাকিম নহয়। আমি সকলোৱে আপোনাক সকলো পিনৰপৰাই সহযোগ কৰিম” বুলি জ্যেষ্ঠ ভাতৃপ্ৰতীম মৃদুল কুমাৰ শৰ্মাই মেছেজৰ জৰিয়তে সাহস আৰু মনোবল যোগাইছিল। আলোচনীখনৰ প্ৰশাসনীয় গোটৰ প্ৰত্যেকজন সদস্যই ইমানেই সংবেদনশীল, বুজন আৰু প্ৰেৰণাদায়ী আছিল যে সম্পাদনাৰ দায়িত্ব হাতত লোৱা দিনাৰেপৰা শেষ মুহূৰ্ত পৰ্যন্ত বিনাদ্বিধাই নজনাখিনি সুধি মনৰ খু- দুৱনি আঁতৰাব পাৰিছিলোঁ আৰু কামবোৰ কেনেকৈ চলাই যাব লাগে শিকিছিলোঁ।

কোৱা হয়, মঞ্চত অভিনীত হৈ থকা থিয়েটাৰখনৰ ‘গ্ৰীণ ৰূম’তো থাকে কিছুমান টুকুৰা- টুকুৰ আমোদজনক আৰু প্ৰাণৱন্ত কাহিনী। ‘সাহিত্য ডট অৰ্গ’ৰ সপ্তম বৰ্ষৰ ষষ্ঠ সংখ্যাটোৰ যিটো ডিজিটেল ৰূপ পঢ়ুৱৈৰ বাবে উপলব্ধ হৈছে, তাৰ আঁৰত আছে পাৰ হৈ যোৱা মাহটোত সম্পাদক সমন্বিতে আলোচনীখনৰ প্ৰশাসনীয় গোটৰ সক্ৰিয় সদস্যসকলৰ মাজত বাৰ্তা- বাকচৰ জৰিয়তে সঘনাই হৈ থকা ভাৱৰ আদান- প্ৰদান, নতুন- নতুন ‘আইডিয়া’ প্ৰয়োগ তথা ঘৰুৱা কথা- বাৰ্তাৰ দৰেই নজনাটোক শিকাই দিয়া, নোৱাৰাটো কেনেকৈ কৰিব লাগে দেখুৱাই দিয়া বা কৰি দিয়াৰ প্ৰচেষ্টাখিনি। যিকোনো কথা খোকোজা লাগিলেও নিঃসংকোচে সুধিবপৰা মৃদুল কুমাৰ শৰ্মা দাদা, শেষৰ পিনে কৰ্ম আৰু জনসেৱাৰ তাগিদাত সুদূৰ কম্বোডিয়ালৈ গৈও প্ৰতিদিনেই আলোচনীখনৰ কামৰ সৈতে জড়িত হৈ থকা আৰু আকৰ্ষণীয় ফলকেৰে তাক সজাই তোলা হিতেশ্বৰ শৰ্মা দাদা, “আমনি পোৱাৰ প্ৰশ্নই নুঠে” বুলি ভাতৃসুলভ আশ্বাসেৰে মন ভৰাই তোলা জ্যোতিৰূপম দত্ত দাদা, “কিবা অসুবিধা পালেই জনাব, লাগি- ভাগি সব ঠিক কৰি দিম” বুলি মনোবল যোগাই অহা ধ্ৰুৱজ্যোতি শৰ্মা দাদা, শাৰীৰিকভাৱে অসুস্থ আত্মীয়ৰ সৈতে ব্যস্ত থকাৰ মাজতো সময় উলিয়াই আলোচনীখনৰ কামত লাগি দিয়া অঞ্জল বৰা দাদা, “অলপ চাই দিয়ক” বুলি কোৱাৰ উত্তৰত ব্যস্ততাৰ মাজতো একে আষাৰেই “পঠাই দিয়ক” বুলি কৈ নিয়াৰিকৈ কামখিনি কৰি দিয়া গীতাৰ্থ বৰদলৈ দাদা আৰু কাৰিকৰী দিশত সহায় আগবঢ়োৱা ৰূপাঙ্কৰ চৌধুৰী দাদাৰ ওচৰত কৃতজ্ঞ হৈ ৰ’লো। ‘সাহিত্য ডট অৰ্গ’ৰ সক্ৰিয় সদস্যসকলৰ মাজত উৎপলা কৌৰ বাইদেউ, মৌচুমী বৰি বাইদেউ আৰু মিতালী বৰ্মন বাইদেউৰ নাম নল’লেই নহ’ব। ব্যস্ততা কাৰনো নাথাকে? একোখনকৈ ভৰপূৰ ঘৰ আৰু কৰ্ম সংক্ৰান্তীয় অনেক দৈনন্দিন ব্যস্ততাৰ মাজতো প্ৰয়োজনীয় সহায়, দিহা- পৰামৰ্শ আৰু উৎসাহ যোগাই অহা শ্ৰদ্ধা আৰু মৰমৰ এই বাইদেউ কেইগৰাকীক মই কেতিয়াও পাহৰিব নোৱাৰিম। তদুপৰি মাজে- সময়ে আলোচনীখনৰ কাম- কাজৰ অগ্ৰগতিৰ খবৰ লৈ যিকোনো সহায় কৰিবলৈ প্ৰতি মুহূৰ্ততে উন্মুখ হৈ থকা ভাস্কৰজ্যোতি দাস দাদা, পংকজ বৰা দাদা, অৰুণজ্যোতি দাস দাদা, মনজিত নাথ দাদা আৰু দীপজ্যোতি বৰা দাদাৰ লগতে সাক্ষাৎকাৰ গ্ৰহণৰ সময়ত বিশেষভাৱে সহায় কৰা ড° মৃণাল জ্যোতি গোস্বামী দাদাৰ শলাগ নলৈ নোৱাৰো।

‘সাহিত্য ডট অৰ্গ’ৰ এই সংখ্যাটো সুচাৰুভাৱে সম্পাদন কৰাৰ আঁৰত আৰু কেইজনমান বিশেষ ব্যক্তিৰ নাম ল’ব লাগিব। আলোচনীখনৰ সম্পাদনাৰ দায়িত্ব হাতত লৈ অভিজ্ঞতাৰ ভূ ল’বলৈ কথা পাতিছিলোঁ “অসমীয়াত কথা- বতৰা” গোটৰ এগৰাকী সক্ৰিয় সদস্য পৰী পাৰবীন বাইদেউ আৰু মোৰ পূৰ্বসুৰীৰ সম্পাদক মীনাক্ষী বৰুৱা বাইদেউৰ সৈতে। নিজৰ কাৰ্যকালত আলোচনীখনক এক সুকীয়া মৰ্যাদা প্ৰদান কৰা এই দুয়োগৰাকী বাইদেৱে প্ৰয়োজনীয় দিহা- পৰামৰ্শৰে মোৰ মনোবলৰ ভেটিটো শিথিল নোহোৱাকৈ কামত আগবাঢ়ি যাবলৈ সাহস যোগাইছিল। ভাল কাম এটা কৰিবলৈ সদায় উদগনি যোগাই অহা মোৰ পৰিয়ালৰ প্ৰতিজন সদস্য, “গধুৰ দায়িত্ব এটা হাতত লৈছা যদিও ই তোমাৰ আত্মবিশ্বাস বৃদ্ধি কৰিব” বুলি মোৰ প্ৰত্যেকটো দ্বিধাৰ প্ৰতি তাৎক্ষণিকভাৱে সঁহাৰি আগবঢ়োৱা মোৰ ভিনদেউ টংকেশ্বৰ দাস আৰু কিছুমান আনুসংগিক যাৱতীয় কামত যৎপৰোনাস্তি সহায় কৰা মোৰ স্বামী মানস জ্যোতি বৰাও কৃতজ্ঞতাৰ পাত্ৰ।

তদুপৰি যি সকল লেখক- লেখিকাৰ সৃষ্টিশীল ৰচনাই ‘সাহিত্য ডট অৰ্গ’ৰ এই সংখ্যাটো সজাই তুলিলে সেই সকলোৰে প্ৰতি এই আপাহতে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। এই সংখ্যাটো সজাবৰ বাবে ‘অকব’ৰ মজিয়াৰপৰা লেখাসমূহ বাছনি কৰাৰ উপৰিও কেইজনমান বিশিষ্ট সাহিত্যিকক লিখনিৰ বাবে অনুৰোধ কৰিছিলো। তেখেতসবৰ মানবিশিষ্ট লিখনিয়ে আলোচনীখনৰ এই সংখ্যাটোক নিশ্চিত ৰূপত সুকীয়া মৰ্যাদা প্ৰদান কৰিছে বুলি আমি বিশ্বাসী। সন্মানীয় হৰেকৃষ্ণ ডেকা, কুল শইকীয়া, ময়ূৰ বৰা, কমল কুমাৰ তাঁতী, ডঃ প্ৰণৱজ্যোতি চেতিয়া,   আকাশ দীপ্ত ঠাকুৰ, নীলাক্ষী গোস্বামী, পাৰ্থবিজয় দত্ত, দেৱজ্যোতি বৰা, ডাঃ দুৰ্লভ বৰুৱা, বিশ্বজ্যোতি শৰ্মা, ৰঞ্জিত গগৈ, উত্তম কুমাৰ বৰদলৈ, ৰাজলক্ষ্মী শৰ্মা গোস্বামী, ডঃ দিব্যজ্যোতি ওজাৰ ওচৰত মই বিশেষভাৱে কৃতজ্ঞ হৈ ৰ’লো যে মোৰ অনুৰোধ উপেক্ষা নকৰাকৈ তেখেতসকলে নিজৰ ব্যস্ত দিনপঞ্জীৰপৰা কিছু সময় আলোচনীখনৰ বাবে উলিয়াই দিলে।

আলোচনীখনৰ এটা উল্লেখযোগ্য শিতান ‘অন্তৰংগ আলাপ’ৰ বাবে সাম্প্ৰতিক অসমীয়া কাব্যজগতৰ আলোড়নকাৰী কবি শ্ৰদ্ধাৰ নীলিম কুমাৰৰ সৈতে কৰা যোগাযোগত তেখেতে জনোৱা সঁহাৰিৰ বাবে আৰু অনানুষ্ঠানিক কথা- বাৰ্তাৰে এটা মনোৰম সন্ধিয়া আমাক উপহাৰ দিয়া বাবে কবিগৰাকী আৰু তেখেতৰ পৰিবাৰ পুষ্পাঞ্জলি গোস্বামী তথা জীয়ৰী মিচিকিলৈ সস্নেহ ধন্যবাদ জনালোঁ।

জীৱনৰ প্ৰাত্যহিকতাত আমি বিভিন্ন প্ৰকৃতিৰ মানুহক লগ পাওঁ; তাৰমাজতেই কাৰোবাৰ লগত হোৱা সান্নিধ্যই হয়তো আহিবলগীয়া দিনবোৰৰ বাবে পাথেয় হৈ ধৰা দিয়ে। ‘সাহিত্য ডট অৰ্গে’ মোক এনে এচাম সুন্দৰ মনৰ অধিকাৰী ব্যক্তিৰ সংস্পৰ্শলৈ লৈ আহিছিল যাৰ সৈতে জড়িত সোঁৱৰণীবোৰে মোক অনাগত দিনবোৰত প্ৰাপ্তি, গৌৰৱ আৰু সুখানুভূতিৰ আৱেশত অকুণ্ঠ ডুবাই ৰাখিব। ভাল মানুহৰ ভাল স্মৃতিবোৰ আচলতে মনৰ মণিকোঠাত চিৰদিনৰ বাবেই ৰৈ যায়, পাছলৈ তাকেই ৰোমন্থন কৰি পুলকিত হ’বলৈ কিম্বা আকৌ কিবা এটা ভাল কাম কৰাৰ তাগিদা অনুভৱ কৰিবলৈ। সহস্ৰটা সৃষ্টিকামী চিন্তাৰ সংঘাতৰ ধনাত্মক পৰিণতিৰে উজ্জ্বল- সুজ্জল কহিনুৰ ভূষিত কৰি ‘চিৰ চেনেহী ভাষা জননী’ক জগত সভালৈ লৈ যাব খোজা এইসকল নিৰৱচ্ছিন্ন সাধকৰ প্ৰচেষ্টা যথাৰ্থত সফল হওক, ‘সাহিত্য ডট অৰ্গ’ৰ জ্ঞান তথা সাহিত্যৰ ৰূপ- তৃষ্ণা উন্মেষৰ এই যাত্ৰা আলোকেৰে উদ্ভাসিত হৈ বিশ্ববাসীৰ বুকুত প্ৰোথিত হওক- সেয়াই কামনা কৰিলোঁ।

ৰাজশ্ৰী ধনদিয়া
সম্পাদক
সাহিত্য ডট অৰ্গ
আহিন, ১৯৪০ শক

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক