সংগীতকাৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা : মৌচুমী বৰী

বহুধা-ব্যক্তিত্বৰ অধিকাৰী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দেৱৰ অৱদান অসমীয়া গীতৰ জগতলৈও আছিল অপৰিসীম। ৰাভাদেৱৰ প্ৰতিটো গীতেই যেন একো একোটি উজ্জ্বল মুকুতামণি। এইগৰাকী শিল্পীয়ে ৰচা গীতৰ মাজেৰে স্বদেশপ্ৰেম, প্ৰকৃতিপ্ৰেম, মানৱপ্ৰেম, শোষণৰ বিৰুদ্ধে বিদ্ৰোহ, ৰোমান্টিক চেতনা, আশাবাদ আৰু প্ৰগতিৰ ছবি জিলিকি উঠা দেখা যায়।

এইগৰাকী গণসংস্কৃতিৰ পূজাৰী ৰাভাদেৱে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি ফুৰোঁতে দেখিছিল যে শ্ৰমজীৱী দুখীয়া বনুৱাবোৰক মালিক শ্ৰেণীয়ে প্ৰাপ্যৰ পৰা বঞ্চিত কৰি শোষণ কৰি আহিছে। সেই বঞ্চিত শ্ৰমিক কৃষকক জাগ্ৰত কৰি নিস্পেষণৰ অৱসান ঘটাবলৈ তেখেতে লিখিছিল —
“ব’ল ব’ল ব’ল ব’ল
কৃষক শক্তি দল।
অ’ বনুৱা সমনীয়া আগবাঢ়ি যাওঁ ব’ল।
জাগ জাগ জাগ জাগ
মজদুৰ ন-জোৱান….”

আকৌ—
“দয়ামায়া নকৰিবি
ক্ষমাৰ দিন যে গ’ল
হালকোৰ, দা, হাতুৰী লৈ ৰণলৈ যাওঁ ব’ল।।
তই খুৱাৱ বিশ্ববাসীক মাটি ফালি ধান
তই যোগাৱ ধনী শ্ৰেণীক অস্ত্ৰ শক্তিমান
কাৰখানা কল তোৰেই সৃজন পথাৰ সুবহল
নাঙল, কাচি, হাতুৰী, দাৰ যাদুকৰী ফল….” ইত্যাদি।

মুক্তিপ্ৰয়াসী ৰাভাদেৱে জানিছিল নৱপ্ৰজন্মৰ হাততে অনাগত দিনবোৰ নিৰ্ভৰ কৰিছে; সেয়ে তেখেতে ডেকাশক্তিক আহ্বান জনাই লিখিছিল—
“ভাঙ ভাঙ ভাঙ ভাঙ
লোহাৰ শিকলি ভাঙ
ছিঙ ছিঙ ছিঙ ছিঙ
দাসৰ বান্ধোন ছিঙ
খোল খোল খোল খোল
কাৰাৰ “ফাটক” খোল…..”

আকৌ তেখেতে নৱপ্ৰজন্মক আহ্বান জনাইছিল এইবুলি যে এটা সংস্কৃতিৱান মনৰ অধিকাৰী হ’লেহে মুক্তিৰ যাত্ৰা জয়যাত্ৰা হ’ব।
তেখেতৰ ভাষাত –
“স্বাগত নৱাগত অতিথি
হিয়াত ফুলাম আসন থৈছো পাতি
পুষ্পিত মন্দিৰ কানন বীথি”।

তেখেতে জ্ঞানৰ বন্তিৰে নিজৰ লগতে বিশ্বচৰাচৰক উজ্বলাই তুলিবলৈ আহ্বান জনাই লিখিছিল –“…বিশ্বৰে দেউলত/ জ্ঞানৰে বন্তিৰ/ আলোকৰে শিখা উঠক নাচি/অজ্ঞান এন্ধাৰ বিনাশী/পুলকানন্দে….”

ইহকাল পৰকালক বিশ্বাস কৰি প্ৰথমা পত্নীৰ মৃত্যুৰ শোকত গভীৰ ৰোমান্টিক ভাৱধাৰাৰে ৰাভা দেৱে এটি অতি সুন্দৰ গীত ৰচনা কৰিছিল –
“পৰজনমৰ শুভ লগনত
যদিহে আমাৰ হয় দেখা
পূৰাবানে প্ৰিয়ে এই জনমৰ
মোৰ হিয়াৰ অপূৰ্ণ আশা..”

হাতুৰীৰ শব্দৰ নিচিনা শব্দ ব্যৱহাৰ কৰি গীত লিখা গীতিকাৰ গৰাকীয়ে ৰোমাণ্টিক কোমল মনপৰশা বহু গীত ও ৰচনা কৰি থৈ গৈছে —
“নাহৰ ফুলে নুশুৱায়
তগৰ ফুলে শুৱাব
তগৰ ফুলে নুশুৱায়
কপৌ ফুলে শুৱাব”।।
আকৌ—
“ফুলকুঁৱৰীৰ ৰস চুমিলৈ পলাই ভোমোৰা
মুখ ঢাকি তাই কান্দে লুকাই আপোন পাহৰা”…

মহাসাগৰ সিঁচি প্ৰেমিকাৰ বাবে সাতসাগৰৰ ধনো আনিব পাৰি…. তেখেতে লিখিছিল—
“মেঘৰ বুকু ফালি আনিম বিজুলী চাকি
খোপাত গুজিবানে?
কুঁৱলী জাল কাটি আনিম
ৰূপোৱালী জোনাই
বিৰীত লগাবানে?”…

এইগৰাকী শিল্পীয়ে দিহিঙে দিপাঙে ঘূৰি ফুৰিলেও নিজৰ ওপজা গাঁৱৰ চিনাকি ছবিখনিক কেতিয়াও পাহৰা নাছিল। তেখেতৰ প্ৰকৃতি প্ৰেমৰ স্বাক্ষৰ বহন কৰা গীতবোৰ আছিল –
“সোণামুৱা গাঁও দেহি সোণামুৱা গাঁও
হিয়াভৰি সাদৰী গাঁৱকে ভাল পাওঁ ।।
ধুনীয়াকৈ শুৱনিকৈ চেনেহী শুৱনি
হিয়াৰ আমঠু জীউ সৰু গাঁওখনি
দুখী মনত দুখীয়াৰ সৰগ যেনহে পাওঁ”…

আৰু-
“বিলতে হালিছে ধুনীয়া পদুমী
ফুলনিত ফুলিছে ফুল..”

তেনেকৈ—
“উটি যা ৰূপালী নাও
উটি যা ৰূপালী নাও
জুৰ কৈ বা
অ’ মোৰ পশ্চিমৰ মলয়া বা…”

আকৌ—
“আজলী ছোৱালী নানা ফুল তুলি
আনিলো আঁচল ভৰাই…”

আৰু–
“কাষতে কলচী লৈ
যায় অ’ ৰচকী বাই…”

আন এটি গীত—
“লগন উকলি গ’ল
তেওযে নহ’ল কোৱা
মনৰ কথাটি মোৰ হিয়াত গুপুতে থোৱা”।

সঁচাই ৰাভাদেৱৰ গীতবোৰ চিৰসেউজ, যুগমীয়া, অসমৰ অসমীয়া সমাজৰ অসমীয়া গীতৰ সম্পদ।
গোটেই জীৱন গীত গাই, নাট কৰি, নাচি-বাগি এদিন এইগৰাকী মহান শিল্পী ৰাভাদেৱ নিজেই গুচি গ’ল প্ৰলয় নাচোনেৰে। ১৯৬৯ চনৰ ২০ জুনৰ দিনা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ জীৱন নাটৰ যৱনিকা পৰিল।।
(সহায় লৈ)

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments