সংগীত :: কাজলী-ভেদেলিহতঁৰ কথাৰে : দিগন্ত যাদৱ শৰ্মা

: কেইদিনমানৰ পৰা দেহ মন বৰ ভাল লাগি আছে অ’।

: অ’ বুজিছোঁ! তাৰ মানে এইকেইদিন তোৰ মুগাটোৱে পেট ভৰাই খাবলৈ পাইছে নহয়নে?

: ও! বহু দিন বিতুলৰ ককাক ঘৰত নাছিল যে। দহ-বাৰ দিনমান হ’ল ঘৰলৈ ঘুৰি অহা। তীৰ্থ ভ্ৰমণ কৰিব গৈছিল বোলে।

 

এমাহৰো বেছি দিন! তেওঁ দৈনিক ৰাতিপুৱাই উঠি বৰ সুন্দৰকৈ বৰগীতবোৰ গায়-

“তেজৰে কমলাপতি পৰভাতে নিন্দ।

তেৰি চান্দ মুখ পেখো উঠৰে গোৱিন্দ।।”

আবেলি হ’লে আকৌ বিতুলৰ ভনীয়েক তৰাই চোতালত আইতাকৰ লগত বহি বহি গীত গাই থাকে! মই ৰ’ লাগি শুনিয়েই থাকো। তায়ো নাছিল নহয় কেইবাদিনো। গৰমৰ বন্ধ আছিল বাবে মোমায়েকৰ তালৈ গৈছিল। তায়ো যে কি সুন্দৰকৈ গীতবোৰ যোৰে-

“পকা ধানৰ মাজে মাজে সৰু সৰু আলি

ঐ সৰু সৰু আলি।

আলিত পৰি গীত জোৰে জাক বালিমাহী……”

-ইমান শান্ত, কোমল স্বৰৰে গীতবোৰ গাই যে কেতিয়ানো মোৰ ওহাৰখন ভৰি উঠে গমেই নাপাওঁ। পাত্ৰটো ভৰি উঠিলে বিতুলৰ দেউতাকেও বৰ আনন্দ পায়। মোৰ দেহটোত মৰমেৰে হাতো বুলাই দিয়ে। মুগাইয়ো এইকেইদিন পেট ভৰাই গাখীৰ খাবলৈ পাইছে।

: তোৰে ভালদে কাজলী! মোৰ কথা কি কবি! সেইদালে অনবৰত কিবোৰ যে বজাই থাকে। বাহিৰলৈ ওলায়ো নাযায়। পঢ়ি-শুনি ঘৰত এনেয়ে বহি আছে। গোটেই দিনটো অনবৰত ‘মিউজিক চিষ্টেম’টো লৈয়ে ব্যস্ত থাকে। কি যে শুনে! শুনি মোৰ পেটতে হাত-ভৰি লুকাই। দুটা ‘স্পীকাৰ’ আকৌ মই থকা গোহালিটোৰ মুখ কৰিহে থৈ দিয়ে। ৰঙাইটো ভয়তে মোৰ বুকুতে কুঁচি-মুচি সোমাই থাকে। সেইবোৰ সংগীত হ’লনে? এসোপামান লোহা-লক্কৰ, নাট-বল্টু ওপৰৰ পৰা পেলাই দিলে যেনে শব্দ হয় তেনে যেনহে লাগে। মোৰ অকণো ভাল নালাগে। বুকুখনো কিবা আজিকালি ধপধপাই থাকে। ওহাৰত গাখীৰ যে ননমাই হ’ল। ৰাতিপুৱাই ৰাতিপুৱাই সেই হটঙা মানুহজনে ওহাৰখনত ইমান জোৰেৰে খুন্দিয়াই যে মোৰ জীউটো ওলাই যোৱা যেন লাগে। ইমান হুলস্থুলৰ মাজত থাকিলে ক’ত ওহাৰলৈ গাখীৰ নামিব?

-হুমুনিয়াহ এটা কাঢ়ি ভেদেলিয়ে এবাৰ ৰঙালৈ চালে। গাখীৰ ভালদৰে খাবলৈ নাপাই সি সঁচাকৈয়ে খীণাই গৈছে।

: ব’ল পথাৰৰ মাজলৈ যাওঁ। ইয়াত ভাল ঘাঁহ-বন নাই। -কাজলীয়ে ভেদেলিক কথাখিনি কৈ এবাৰ মুগা আৰু ৰঙালৈ চকু দিলে। সিহঁত দুয়োটাকে একেলগে আগবাঢ়িবলৈ ইঙ্গিত দিলে।

 

কাজলী আৰু ভেদেলি দুজনী গাইগৰু। মুগা আৰু ৰঙা সিহঁত দুজনীৰ দুই-তিনিমহীয়া দমৰা পোৱালী। সিহঁতকেইজনীয়ে যদি কথা ক’ব পাৰিলেহেঁতেন হয়তো কথোপকথন এনেধৰণৰে হ’লহেতেঁন। বিভিন্ন গৱেষণাত এইটো প্ৰতীয়মান হৈছে যে গাই গৰুক শান্ত কোমল সুৰৰ সংগীত শুনিবলৈ দিলে গাখীৰৰ উৎপাদন বৃদ্ধি পায়। দেশ বিদেশৰ বহুতো দুগ্ধ পামত ধ্ৰুপদী অথবা শাস্ত্ৰীয় সংগীত বজাই গাখীৰৰ উৎপাদন বৃদ্ধি কৰিবলৈ সক্ষম হৈছে। যোৱা দুটা দশকত জীৱ-জন্তুক সঙ্গীত শুনোৱাৰ লাভালাভ সম্বন্ধে কিছু চিন্তা-চৰ্চা কৰা হৈছে। অৱশ্যে প্ৰথম প্ৰথম ১৯০৯ চনতে নিউৰ্য়ক টাইমচত প্ৰকাশিত হোৱা “effects of music upon animals of the zoo” এটা প্ৰবন্ধত এই বিষয়ে কিছু কথা ব্যক্ত কৰা হৈছিল। জীৱ-জন্তুৰ ওপৰত সংগীতৰ উপকাৰিতাৰ সম্বন্ধে জানিবলৈ এতিয়ালৈকে কেইবাটাও পৰীক্ষা কৰা হৈছে। এনে এটা পৰীক্ষাত ইংল্যান্ডত একহাজাৰ ফ্ৰিজীয়ান গাইগৰু থকা এখন দুগ্ধপাম লোৱা হৈছিল। তাত গাইগৰুবোৰক চাৰিটা ভাগত ভাগ কৰি চাৰি ধৰণৰ সংগীত শুনোৱাৰ ব্যৱস্থা কৰা হৈছিল। প্ৰথম ভাগক দেশীয় (কাউন্ট্ৰী) সংগীত, দ্বিতীয় ভাগক উদ্দাম সংগীত (ৰক), তৃতীয় ভাগ আৰু চতুৰ্থ ভাগক যথাক্ৰমে লোকসংগীত (ফ’ক) আৰু ধ্ৰূপদী সংগীত (ক্লাচিকেল) শুনোৱা হৈছিল। এনেদৰে দৈনিক ১২ ঘন্টাকৈ ৯ সপ্তাহৰ বাবে একেৰাহে দুগ্ধপামত সংগীত বজাই শুনোৱাৰ পিছত দেখা গৈছিল যে তৃতীয় আৰু চতুৰ্থ ভাগৰ গাইগৰুৰ গাখীৰৰ উৎপাদন তিনি শতাংশলৈ বৃদ্ধি পাইছিল। ইয়াৰ দ্বাৰা এইটোৱে প্ৰমাণিত হৈছিল যে লোকসংগীত আৰু ধ্ৰূপদী সংগীতে জীৱ-জন্তুৰ ওপৰত যিকোনো ধৰণৰ শাৰীৰিক অথবা মানসিক হেঁচা হ্ৰাস কৰে আৰু লগতে শৰীৰটোকো জিৰণি দিয়ে। ইয়াৰ ফলত ওহাৰলৈ গাখীৰ সহজেই নামি আহে। কিন্তু উদ্দাম সংগীত বা তেনে ধৰণৰ হুলস্থূলীয়া সংগীতে মানসিক চাপৰ সৃষ্টি কৰি একো উপকাৰ নঘটাই।

কুকুৰৰ ওপৰতো সঙ্গীতৰ প্ৰয়োগ সম্বন্ধে অধ্যয়ন কৰা হৈছে। বিভিন্ন ধৰণৰ সঙ্গীতৰ প্ৰয়োগৰে কুকুৰৰ মানসিক স্থিতি সম্বন্ধে কিছু কথা জনা গৈছে। ইয়াত তেনে ধৰণৰ এক অধ্যয়নৰ ফলাফল সম্বন্ধে আপোনালোকৰ আগত অৱগত কৰা হ’ল। কেইবাটাও কুকুৰক তিনিটা ভাগত ভাগ কৰি যথাক্ৰমে ‘ক্লাচিকেল’, ‘প’প’ আৰু ‘হেভি মেটেল’ সংগীত শুনিবলৈ দিয়া হ’ল। প্ৰতিটো ভাগক দহ মিনিটৰ অন্তৰে অন্তৰে সম্পূৰ্ণ চাৰি ঘন্টা শুনিবলৈ দিয়া হৈছিল। এতিয়া চাওঁ আহক কি দেখিবলৈ পোৱা গ’ল! ‘ক্লাচিকেল’ সংগীত শুনিবলৈ পোৱা ভাগটোৰ মাজত ধীৰ-স্থিৰ, শান্তিময় পৰিবেশ এটাই বিৰাজ কৰি থাকিল। সিহঁতে কোনো ধৰণৰ হুলস্থূল নকৰাকৈ আনন্দৰে থাকিল।  ‘পপ  সংগীত শুনা গোটটোৰ ওপৰত বৰ বিশেষ প্ৰভাৱ পৰা পৰিলক্ষিত নহ’ল। কিন্তু ‘হেভি মেটেল’ শুনাকেইটাইহে বৰকৈ হুলস্থূল লগাইছিল। সিহঁতে গান শুনি থকা অৱস্থাত ভুকিছিল, আলোড়িত হৈছিল। কেইটামানক উদ্বিগ্ন হোৱাও দেখা গৈছিল।

কিছু কিছু কুকুৰা পামৰ স্বত্বাধিকাৰীয়ে পামবোৰত কুকুৰাবোৰক অধিক উৎপাদনক্ষম কৰি তুলিবলৈ সংগীত শুনোৱাৰ ব্যৱস্থা কৰিছে। বিভিন্ন গৱেষণা আৰু অধ্যয়নৰ যোগেদি প্ৰমাণিত হৈছে তিমি মাছ আৰু কেইটামান প্ৰজাতিৰ পক্ষীয়ে সঙ্গীতৰ সুৰাৰোপো কৰে। আনকি আচৰিত যেন লাগিলেও তিমি মাছ আৰু সেইকেইটা প্ৰজাতিৰ পক্ষীৰ মাজত সংগীতৰ লয়, বিন্যাস সম্বন্ধেও জ্ঞান উপলব্ধ। সংগীতৰ যোগেৰেই তিমি মাছ আৰু বহু পক্ষীয়ে নিজৰ মাজত মনৰ ভাবো বিনিময় কৰে। তিমি মাছবোৰে আনকি একে গোত্ৰৰ আন আনবোৰৰ পৰা সংগীত শিকাৰো চেষ্টা কৰে। পক্ষীবোৰৰ দৰে মতা তিমিবোৰে সঙ্গিনীক আকৰ্ষিত কৰিবলৈ গানো গোৱাৰো চেষ্টা কৰে।

 

আজিকালি যেতিয়া ব্যৱসায়িক কাৰণত সৰু সৰু পোহনীয়া জীৱ-জন্তুবোৰক মাকৰ পৰা পৃথক কৰিব লগা হয়, তেতিয়াও সুমধুৰ ধ্ৰূপদী অথবা শাস্ত্ৰীয় সংগীতে সিহঁতক শান্ত কৰি ৰখাত সহায়ক হয়। অকলে থকা অৱস্থাত ঘৰচীয়া জীৱ-জন্তুবোৰক বিষাদৰ পৰা মুক্তি পাবলৈও সংগীতে এক ভূমিকা পালন কৰে। সংগীতে কুকুৰক কেইবাটাও উপকাৰ সাধন কৰে। যেনে নিয়মিত ভাবে সংগীত শুনা মৃগী ৰোগত আক্ৰান্ত হোৱা কুকুৰৰ বিপদৰ শঙ্কা কমাই তোলে। ঠিক তেনেকৈ জীৱ-জন্তুবোৰৰ বিষ নিৰাময়ৰ ক্ষেত্ৰতো সংগীতে এক নিৰ্ণায়ক ভূমিকা অৱলম্বন কৰে। সুন্দৰভাবে টোপনি যোৱা আৰু হজম প্ৰক্ৰিয়াটো অৰিহণা যোগায়।

কিন্তু আজিৰ অত্যাধিক শব্দ প্ৰদূষিত এলেকাবোৰত এই অধ্যয়নৰ ফলাফলসমূহ আখৰে আখৰে নিমিলিবও পাৰে। অনবৰতে হুলস্থুলীয়া পৰিৱেশত থাকি পশু-পক্ষীকূল অভ্যস্ত হৈ গৈছে। গতিকে সিহঁতো আজিৰ পৰিৱেশৰ লগত খাপ খাই গৈছে। আমাৰ বহুতৰে ঘৰত পোহনীয়া পশু-পক্ষী আছে। সিহঁতক আমি ভাল পোৱা সংগীতবোৰ শুনোৱাও আহক। তেতিয়া আমি নিজেও জানিম কেনে ধৰণৰ সংগীতে সিহঁতক কেনে ধৰণৰে ক্ৰিয়া কৰে। তথাপিও কাজলী-ভেদেলিহতঁৰ কথাটো নিশ্চয় অলপ বেলেগ হ’ব। কিয়নো ইয়াত উৎপাদনৰ দিশটো জড়িত হৈ আছে।

 

(**সহায় লৈ)

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments