সংগীত-কিছু ৰোমন্থন : অঞ্জলি সোণোৱাল

 

সাহিত্য.অৰ্গৰ এইবাৰৰ থীম ‘সংগীত’ৰ ওপৰত লেখা দিবলৈ সদস্য সকলক আহ্বান জনোৱা হৈছে আৰু জনাইছে যে সংগীতৰ ওপৰত যিকোনো লেখা দিলেই হ’ব । সংগীতৰ ওপৰত মোৰ জ্ঞান শূন্যই বুলিব পাৰি। গান শুনি ভাল পাওঁ। তাৰে কিছুমান গান বাৰে বাৰে শুনি থাকিলেও আমনি নালাগে। হঠাতে মনত খেলালে সংগীত সংযুক্ত কিছু ৰোমন্থনকেই লিখোঁচোন । সাহিত্য.অৰ্গত স্থান পাবই লাগিব বুলি নহয়, মনত পৰা খিনিকে ৰাইজৰ আগত তুলি ধৰোঁ।

 

সৰুতে, ৰেডিঅ’ত যেতিয়া গান শুনোঁ, শুনি শুনি নিজে ক’ব নোৱাৰাকৈয়ে প্ৰায় ৰেডিঅ’টোৰ একেবাৰে কাষ পাওঁগৈ আৰু গায়কৰ লগে লগে সুৰ মিলাওঁ। যিখিনি সুৰ গায়কৰ লগত গাব নোৱাৰোঁ সেইখিনি হয় নাকীসুৰত নতুবা স্কেল সলনি কৰি গাওঁ।

 

মইনামেলত গগৈ দাদা আৰু বৰা দাদাই গান গাবলৈ শিকাইছিল। সেইবোৰ আজি আৰু মনত নাই।

 

ৰেডিঅ’ত দেওবাৰে মইনামেলত শিকোৱা এটা গানৰ প্ৰথম শাৰীহে মনত পৰিছে- হাচনাহানাৰ ওৰণিৰ তলত গোন্ধে আমোলমোল………. আৰু বহুত গান শিকাইছিল যদিও আজি মনত নাই।

 

তাৰ পিছত পঞ্চম/ষষ্ঠ শ্ৰেণীত পঢ়ি থকাৰ সময়ত ৰেডিঅ’ৰ গানৰ তালে তালে নাচিবলৈকো ল’লো।

এবাৰ তেনেকৈ গাই গাই নাচি থাকোঁতে পাকঘৰৰ পৰা মা চোঁ মৰাদি আহি প্ৰায় খং কৰি ক’লে- আজিৰ পৰা তই এই গানটো নাগাবি। মই বোলো কিয়? নাগাবি বুলিছোঁ নাগাবি, বচ।

মই একো নুবুজিলোঁ। খঙো উঠিছিল মোৰ। স্কুলত এগৰাকীক মায়ে কোৱা কথাটো ক’লো।

উৰহি গছৰ ওৰ তেতিয়াহে ওলাল ।চিনেমাখন আছিল পিয়লি ফুকন….. ইভা আচাওৱে নাচিছিল…গাঁৱৰে জীয়ৰী সপোন সুন্দৰী গাৱতে সৰগ, ৰচোঁ মই, মাটিতে সৰগ, ৰচোঁ মই, দেৱতাই ৰ’ লাগি চাই। ধুনীয়া মন মোৰ কুমলীয়া, বাহুদুটি মোৰ লহপহীয়া,কাকনো সাবটিব খুজি অলিয়া-বলিয়া হৈ…….গণ্ডগোলটো সেইখিনিতেই চাগে…..মাক আৰু নুসুধিলোঁ। সেই সময়ত এইবোৰ বৰ লাজৰ কথা আছিল।

 

লাচিত বৰফুকন চিনেমাৰ ‘আবেগৰ বোকোচা বব মই নোৱাৰোঁ …যৌৱনে আমনি কৰে… চেনাইধন… এই গানটো কেতিয়াও ঘৰত গোৱা নহ’ল।

 

আমি নৱম নে দশম শ্ৰেণীত থাকোঁতে ভূপেন দা আমাৰ স্কুললৈ আহোঁতে কেইবাটাও গান গাইছিল আৰু সকলোকে গান গাবলৈ উৎসাহিত কৰিছিল।

 

কলেজত প্ৰি-য়ুনিভাৰচিটি পঢ়ি থাকোঁতে কলেজ সপ্তাহত মোৰ গায়িকা বান্ধবীয়ে বৰ জোৰ কৰাত আৰু শিকাই বুজাই দিয়াত বৰগীত প্ৰতিযোগিতাত এবাৰ নিজে হাৰমনিয়াম বজাই বৰগীত পৰিবেশন কৰিছিলোঁ। আমাৰ বিজ্ঞান বিভাগৰ পৰা আন কোনো প্ৰতিযোগী নথকাত বিজ্ঞান বিভাগৰ পৰা প্ৰয়োজনতকৈ বেছি হাত চাপৰি বজোৱা শুনিছিলোঁ। হ’লে কি হ’ব ফলাফল শূন্য। সেয়াই শেষ। আৰু সেইমুৱা হোৱা নাই।

 

স্কুলীয়া দিনৰ এগৰাকী বান্ধবী নাম দীপিকা বৰ কাকতি । দীপিকাই যেতিয়া হাৰমনিয়াম লৈ ‘মোৰ চোতালৰ তুলসী তলত বন্তি জলাব কোনে’ গানটো গাইছিল গোতেই হলটো মোৰ ভাষাত ভয়ঙ্কৰ ভাবে নিস্তব্ধ হৈ পৰিছিল।গান শেষ হোৱাৰ পিচতো কেই চেকেণ্ড মানলৈ আমিবোৰে হাতচাপৰি বজাবলৈ পাহৰি গৈছিলোঁ।

 

ভূপেনদা ডিগবৈলৈ আহিলে যি গৰাকীৰ ঘৰত থাকিছিল সেই গৰাকী সহপাঠী দীপাঞ্জলী বৰুৱাই ভূপেনদাৰ গীত কিযে অনুপম সুৰত গাইছিল আজিও কাণত বাজি থাকে। বুকু হম হম কৰে গীতটি গালে গোতেই ঘৰ হম হমাই থকা যেন লাগিছিল।

 

মহাবিদ্যালয়ৰ ছাত্ৰীনিবাসত থকাৰ সময়ত অঞ্জলি বৰুৱাই গোৱা এটা বিশেষ গান ‘আপোন সদাই আপোনেই, পৰ হেনো পৰ,আপোন পৰ মিলি মই পাতিম এখন ঘৰ,হেনো এইহে নিয়ম মানি ল’লে দোষ লাগে বৰ,এয়ে নীতি সমাজৰ’ এই গানটো প্ৰায় সকলো আবাসীৰে মখে মুখে শুনা গৈছিল। আনকি গাধোৱা ঘৰত বেসুৰা সুৰতো কোনো কোনোৱে গাবলৈ এৰা নাছিল। মহাবিদ্যালয়ৰ মঞ্চত এই গানটো গাবলৈ শ্ৰোতাৰ পৰা বাৰম্বাৰ অনুৰোধ আহিছিল।

 

আৰু এজনৰ কথা বৰকৈ মনত পৰে। পেৰ’ডী গায়ক মুনিন দত্ত। নিজে ৰচনা কৰা পেৰ’ডীবোৰে সেই সময়ত খুব সমাদৰ লাভ কৰিছিল। মই এটি যাযাবৰ- মই এটা গাধাবৰ, হিন্দী গানৰ পেৰ’ডী এটা আছিল,অ’ মোৰ মানুহজনী…আকৌ কি হ’ল, চাহ একাপ দেচোন…চেনী শেষ হ’ল, গুৰেৰেই দে তেনে….গাখীৰ শেষ হ’ল , ফিকাকৈ দে বাৰু খৰি শেষ হ’ল, তেনে বৰবিহকেই আনি দে অ’ মোৰ লখিমী…. মই তাকেই গিলি থওঁ। এই বোৰ গান আজিকালি শুনিবলৈকে নোপোৱা হ’লো। মুনিন মোৰ বৰ ভাল বন্ধু আছিল। অকালতেই গুছি গ’ল।

 

দিপাঞ্জলী, অঞ্জলি আৰু মুনিনৰ আত্মাই সদায়েই শান্তিত থাকক প্ৰভু।

 

আমাৰ সময়ত গানেৰে ছোৱালীও জোকাইছিল। যেনে-

গা গা আজি গাই যা এই গীতকে গা…চা চা আজি চাই চাই এবাৰ মাতি যা…..

উৎপতীয়া কেই জন মানে কলেজ কৰিড’ৰত/বাৰাণ্ডাত কাষেদি পাৰ হৈ যাওঁতে ‘কি নাম দি মাতিম, মাতিম তোমাক নিবিড় গোপন কিযে মায়া…..’ বুলি কাণৰ কাষত গুণগুণাই থৈ গৈছিল। সেই সময়ত ড০ বেজবৰুৱা চিনেমা খন খুব চলিছিল।

 

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত পঢ়ি থকাৰ সময়ত আমাৰ নিগাজিকৈ ছাত্ৰীনিৱাস নথকাত আমোলাপট্টিত দুটা (১,২)আৰু চিৰিংচাপৰিত এটাকৈ(৩) ঘৰ ভাৰা লোৱা হৈছিল। আমি আছিলোঁ দুই নং ছাত্ৰীনিৱাসত। আমাৰ ছাত্ৰীনিৱাসৰ পৰা কিছু দূৰৈৰ এটা ক্লাব ঘৰত বৃষ্টি চিনেমাৰ গানৰ আখৰা চলি আছিল। ৰিণিকি-ৰিণিকি আমি শুনিবলৈ পাইছিলোঁ। ৰাতিৰ সাঁজ খোৱাৰ ঠিক পাছতেই সমবেত সংগীতৰ সুৰ এটা লাহে লাহে যেন আমাৰ ছাত্ৰীনিৱাসৰ ফালে আহি আছে। চকোৱাৰে ওখ বেৰ দি থোৱাত পোনে পোনে খিৰিকীৰে বাহিৰলৈ চাবলৈ অসুবিধা হয় বাবে কেইগৰাকীমানে বিচনাৰ ওপৰত উঠি চকোৱাৰ ওপৰেদি জুমি জুমি চাবলৈ ধৰিলে। আমাৰ পৰা ৪০ফুটমান আঁতৰৰ পুলটোৰ চিমেন্টেৰে বন্ধাই থোৱা পাৰ টোতে তেওঁলোক বহি কোনো বাদ্য যন্ত্ৰ নোহোৱাকৈ আমাক গানটো কেইবা বাৰো শুনোৱাই থৈ গ’ল। গানটো তেতিয়াও ৰিলিজ হোৱাই নাছিল। গানটো আছিল বৃষ্টি চিনেমাৰ- ৰম্ভা মেনকা কিম্বা যুথিকা নাম বোৰ নাজানো ভাই…. আমি লাইট বোৰ নুমুৱাই গানটো উপভোগ কৰিলোঁ। আমাৰ হোষ্টেল চুপাৰ চপলা মিৰি বাইদেৱেও নিজৰ ৰুমৰ পৰা গানটো উপভোগ কৰিছিল।

 

সৰুতে চিনেমা চাবলৈ যোৱাৰ আৰু এটা আকৰ্ষণ আছিল চিনেমাৰ গানবোৰ কেইখিলা মান পৃষ্ঠাৰ একোখন সৰু কিতাপ চিনেমা ঘৰতেই বেচিছিল ।দাম বোধকৰো আঠঅনা বা তেনেধৰণৰ আছিল। মোৰো তেনে গানৰ কিতাপ? কেইবাখনো গোট খাইছিল। আমি কেইগৰাকী মানে সেইবোৰ গাই গাই মুখস্থ কৰিছিলোঁ।

 

গান শুনি কান্দিছেনে কেতিয়াবা?

‘ধুমুহা’ চিনেমা খন চাবলৈ গৈ চিনেমা ঘৰতেই মই উচুপি উচুপি কান্দিছিলোঁ। সেই যে গানটো- পৰখি/পৰহি পুৱাতে টুলুঙা নাৱতে ৰংমন মাছলৈ গ’ল……… ৰংমন নোহোৱা হ’ল। গানটো ৰেডিঅ’ত দিলেই চকু চল-চলিয়া হৈ পৰিছিল আৰু দেউতাৰ মুখলৈ চালে শোকে খুন্দা মাৰি ধৰিছিল।

 

এমহীয়া কেঁচুৱাইও গানৰ সুৰ অনুভৱ কৰি প্ৰতিক্ৰিয়া কৰে। এমহীয়া কেঁচুৱা এটাৰ ওচৰত যদি অলপ কৰুণ সুৰত গান গোৱা যায় কিছু সময় শুনাৰ পিছত ফেকুৰি উঠে। ৰাইজে প্ৰমাণ কৰি চাব পাৰে বিশেষকৈ ‘আজি ৰাতি শিলা বৰশিলে… নুশুনি প্ৰজাৰে মাত, মই দুৰাচাৰ কেৱলে তোমাৰ আদি বা তেনে ধৰণৰ প্ৰাৰ্থনাৰে।

 

আৰু বহুত আছিল যদিও আজিলৈ সামৰো দেই ৰাইজ।

 

ধন্যবাদ।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments