সংবাদ মাধ্যমৰ গৰিমা আৰু কালিমা (লোচন জুমন বৰদলৈ)

(স্কুলৰ পৰা ওলোৱা অৰ্থহীন ভাগৰুৱা আন্দোলনবোৰত ২০০ ছাত্ৰ-ছাত্ৰীক পিছদিনাৰ বা দুদিন পিছৰ বাতৰি কাকতখনত যেতিয়া ২,০০০ বুলি কোৱা হ’ল, তেতিয়াই মোৰ ধাৰণাবোৰো সলনি হ’ল | মোৰ ধাৰণা সলনি হ’ল যেতিয়া কাকতখনৰ প্ৰথম পৃষ্ঠাত গুটখাৰ অপকাৰিতাৰ সম্পাদকীয় লেখাৰ পিছত, শেষ পৃষ্ঠাটোত তিৰংগা, শিখৰ ইত্যাদি গুটখাৰ বিজ্ঞাপন দেখা পোৱা হ’লো | বাচ-বিচাৰ নোহোৱা কিছুমান কথাৰ বাতৰি দেখা পোৱা হ’লো, মই  স্বচক্ষে দেখা ঘটনাটো কাকতত বেলেগ কিবা বুলিহে দেখা পোৱা হ’লো )

বাল্যকালৰ কথা | তেতিয়া মোৰ স্কুলীয়া শিক্ষা আৰম্ভ হোৱাই নাই | মই সৰুৰে পৰা ককা-আইতাৰ লগত থাকি ডাঙৰ হোৱা | তেতিয়া আইতাহঁতৰ ঘৰত বাতৰি কাকত লোৱা হৈছিল | যিহেতু তেতিয়া গাঁৱৰ সকলো মানুহৰে বাতৰি কাকত এখন কিনি পঢ়াৰ সামৰ্থ নাছিল, সেয়েহে পুৱা কাকতখন অহাৰ পিছত ককা-আইতাহতঁৰ ঘৰত বিভিন্ন মানুহৰ সমাগম হৈছিল | তাৰপিছত মামা বা আইতাই কাকতখনৰ বিভিন্ন খবৰবোৰ স্পষ্ট আৰু ডাঙৰকৈ সকলোৱে শুনাকৈ পঢ়ি গৈছিল | সকলো শ্ৰোতাই ইমান মনোযোগেৰে খবৰবোৰ শুনি গৈছিল যে মোৰ কৈশোৰ মনত বহু কথাই ক্ৰিয়া কৰিছিল | এটা সৰু উদাহৰণ—আগতে আমাৰ গাৱঁৰ মানুহবোৰৰ ঘৰত এগালমান সা-সম্পত্তি নাথাকিলেও খুব সঘনাই ভাগৱত-পাঠৰ আয়োজন কৰা হৈছিল | সেই ভাগৱত পাঠ কৰিবলৈ লগতে অৰ্থ ভাঙিবলৈ বিভিন্ন ঠাইৰ পৰা শাস্ত্ৰ-জ্ঞান থকা গুণী-মানী বা সত্ৰৰ কিছুমান বিশেষ ব্যক্তিক নিমন্ত্ৰণ কৰা হৈছিল, যি সকলক আমাৰ গৃহস্থই ‘প্ৰভু’ বুলি সম্বোধন কৰিছিল | ৰাতিলৈ যেতিয়া সেই ব্যক্তিসকলৰ সুৱলা কণ্ঠত ভাগৱত পাঠ আৰম্ভ হৈছিল তেতিয়া আমাৰ মানুহবোৰৰ সেই পাঠৰ প্ৰতি যি উত্‍সাহ আৰু ভক্তি দেখা পাইছিলোঁ সেই একেই উত্‍সাহ মই মোৰ আইতা বা মামায়ে পঢ়া বাতৰি কাকতখনৰ শ্ৰোতাসকলৰ মাজতো দেখা পাইছিলোঁ, ভাবিছিলো ভাগৱতখন আৰু বাতৰি কাকতখনৰ মৰ্যাদা একেই! আনকি কেতিয়াবা কাকতখনৰ পৃষ্ঠা এটাত ভুলৱশত: কোনোবাই যদি ভাঁজ এটাও লগাই, তেন্তে তাৰ বাবে জগৰীয়াই ধমকিলৈকে শুনিব লগীয়া হৈছিল | বাতৰি কাকতখনৰ প্ৰতি এনেধৰণৰ শ্ৰদ্ধাই মোকো মোৰ শিক্ষা জীৱনৰ প্ৰতি আকৰ্ষিত কৰি তুলিছিল, ভাবিছিলো কেতিয়ানো পঢ়িব শিকিম, মামাহতঁৰ নিচিনাকৈ কাকতখন চিঞৰি চিঞৰি সকলোকে পঢ়ি শুনাম! কিন্তু সময় পাৰ হ’ল, শিক্ষাজীৱনৰো আৰম্ভ হ’ল, আখৰ চিনিব পৰা হ’লো, কিন্তু বাতৰি কাকতখন চিঞৰি পঢ়াৰ যি মানসিকতা গঢ় লৈ উঠিছিল, সেই মানসিকতা দেখোন ক্ৰমান্বয়ে কমি কমি একেবাৰে নাইকিয়া হৈ গ’ল | তাৰোপৰি লাহে লাহে ককা-আইতাহতঁৰ ঘৰত বাতৰি শুনিবলৈ অহা মানুহবোৰো কমি কমি এদিন একেবাৰে নাইকিয়া হৈ থাকিল | পিছৰ দিনবোৰত বহুতৰেই ঘৰত ভিন্ন ভিন্ন বাতৰি কাকত দেখা পোৱা হ’লো | মোৰ মামা বা আইতা বা ককায়ো কাকতখন ওপৰে ওপৰে চাই বিছনালৈ বা টেবুলখনলৈ দলিয়াই  দিয়া হ’ল ! মই ধাৰণা কৰি ল’লো যে এতিয়া সকলোৰে ঘৰত বাতৰি কাকত ৰাখে  বাবে আমাৰ ঘৰলৈ বাতৰি শুনিবলৈ কোনো নহা হ’ল ! কিন্তু মোৰ এই ধাৰণা ভুল প্ৰমাণিত হ’ল যেতিয়া মোৰ হাইস্কুলীয়া শিক্ষা আৰম্ভ হ’ল। স্কুলৰ পৰা ওলোৱা অৰ্থহীন ভাগৰুৱা আন্দোলনবোৰত ২০০ ছাত্ৰ-ছাত্ৰীক পিছদিনাৰ বা দুদিন পিছৰ বাতৰি কাকতখনত যেতিয়া ২,০০০ বুলি কোৱা হ’ল, তেতিয়াই মোৰ ধাৰণাবোৰো সলনি হ’ল | মোৰ ধাৰণা সলনি হ’ল যেতিয়া কাকতখনৰ প্ৰথম পৃষ্ঠাত গুটখাৰ অপকাৰিতাৰ সম্পাদকীয় লেখাৰ পিছত, শেষ পৃষ্ঠাটোত তিৰংগা, শিখৰ ইত্যাদি গুটখাৰ বিজ্ঞাপন দেখা পোৱা হ’লো | বাচ-বিচাৰ নোহোৱা কিছুমান কথাৰ বাতৰি দেখা পোৱা হ’লো, মই  স্বচক্ষে দেখা ঘটনাটো কাকতত বেলেগ কিবা বুলিহে দেখা পোৱা হ’লো (যি বৰ্তমানৰ কাকতবোৰত তেনেই সহজলভ্য)|

আজিৰ এই ইন্টাৰনেট, ম’বাইল ফোনৰ যুগতো, কিছুমান বাতৰি কাকতে বা সাংবাদিকে সত্যনিষ্ঠ সংবাদৰ নামত এনে কিছুমান বিভ্ৰান্তিকৰ বাতৰিৰ সৃষ্টি কৰে বা প্ৰকাশ কৰে যে তাৰফলত আমি ভাবিবলৈ বাধ্য হওঁ, কাকতখনে বা সাংবাদিকজনে অসমীয়া মানুহক বুৰ্বক বুলিয়ে ভাবে! নে বুৰ্বক সজায় ? এজন সাংবাদিকে হাতত উপযুক্ত প্ৰমাণ নথকাকৈ কিয় এক অবিশ্বাস্য বাতৰি প্ৰকাশ বা পৰিবেশন কৰি তাত ৰহণ সানে সেয়া অতি চিন্তনীয় | এনেকুৱা লাগে যেন কিছুমান বিয়াগোম মানুহৰ ছত্ৰছায়াতে কিছু সংখ্যক সাংবাদিক সোমাই থাকে ! বিয়াগোম মানুহবোৰে যি ক’ব, সেই সাংবাদিকসকলেও যেন তাকেই লিখিব | শেহতীয়াকৈ বিভিন্ন কাকতত এনেকুৱা এক বাতৰি চৰ্চিত হৈছে যে অসমৰ এগৰাকী জীয়ৰীক লণ্ডনৰ ৰাণী এলিজাবেথে সাবটি ধৰি নিজৰ হীৰাখচিত এডাল হাৰ উপহাৰ দিলে | খবৰতো যিদিনা পঢ়িছিলো এজন গৰ্বিত অসমীয়া হৈ বুকু ফিন্দাই ফূৰ্তিতে ইণ্টাৰনেটত দৰাচলতে লণ্ডনত কিনো হৈছিল, পেপাৰে লিখা তথ্যমতে সন্ধান কৰিব ধৰিলো | প্ৰায় সম্পূৰ্ণ এদিন সন্ধান কৰিলো, কিন্তু না, মই তেনেকুৱা কিবা প্ৰতিযোগিতা দেখিলো না অনুষ্ঠান, তাৰ বিপৰীতে বাতৰি কাকতৰ মতে অনুষ্ঠানত অংশগ্ৰহণ কৰা দুজনমান বিশেষ ব্যক্তিৰ টুইটাৰ(twitter) একাউন্ট লক্ষ্য কৰাত দেখা পালো যে উল্লেখিত অনুষ্ঠানৰ দিনাংকত তেওঁলোকৰ কোনোবা যদি উপস্থিত আছিল আমেৰিকাত তেন্তে কোনোবা আকৌ তুৰ্কীত | ফে’চবুকতো আমাৰ বিভিন্ন বন্ধুবৰ্গৰ মাজত এই বাতৰিৰ বিষয়ে আলোচনা হ’ল, কিন্তু ক’তো একো শুংসূত্ৰ পোৱা ন’গল | তেন্তে কি যুক্তিত সাংবাদিক এগৰাকীয়ে এনে বাতৰি প্ৰকাশ কৰিলে?  আনকি নিৰ্দিষ্ট এটা অসমীয়া ইলেক্ট্ৰ’নিক মাধ্যমেও উক্ত খবৰটো ভুৱা ফটোগ্ৰাফ (যাক এডিটিং ফটো বোলা হয়) এখনেৰে পৰিবেশন কৰিছিল হেনো (যদিও মই দেখা নাই) ! মই জনাত ইলেক্ট্ৰ’নিক মিডিয়া, এডিটিং কৰা কাৰ্যত অভ্যস্ত, কিন্তু কেনেকৈ এখন ফটোৰ এক সাধাৰণ এডিটিং তেঁওলোকে ধৰিব নোৱাৰিলে সেয়াও এক ৰহস্য ! যিয়েই নহওঁক ইলেক্ট্ৰ’নিক মিডিয়াৰ কথা মই বিশেষ নকওঁ, মোৰ কাৰণে তেওঁলোক টি আৰ পি (TRP)ৰ বাবে নাৰীৰ শ্লীলতাহানি, এম্বুলেন্স সেৱাক দোষাৰোপ কৰিবলৈ দুৰ্ঘটনাত পতিত অৰ্ধমৃত ব্যক্তিজনৰ লাইভ টেলিকাষ্ট কৰা কিছুমান অৰ্থলোভী কোম্পেনিৰ কৰ্মচাৰীহে মাথোন! কিন্তু প্ৰিণ্ট মিডিয়া অসমৰ জাতীয়তাবাদী চিন্তাৰ প্ৰাণ | ইয়াৰ অপমান বা অৱহেলা আমি অসমীয়াই কেতিয়াও সহ্য নকৰো | অপমান নিজেই মাতি অনা আৰু বেলেগে স্বেচ্ছাৰে কৰা দুয়োটা সম্পূৰ্ণ বেলেগ কথা আৰু মোৰ ভাব হয় আজিৰ কিছুমান প্ৰিণ্ট মিডিয়াই নিজৰ অপমান নিজেই মাতি আনিছে, জগৰ বেলেগক দিয়াৰ উপাই নাই | বহুত গণ্য-মান্য ব্যক্তিৰ লগতে নতুন চাম এই মিডিয়া জগতখনৰ লগত জড়িত, বিশেষকৈ প্ৰিণ্ট মিডিয়াৰ লগত, বহুতৰেই এয়া একমাত্ৰ উপাৰ্জন স্থলো | কিন্তু উপাৰ্জনৰ নামত কিছুমান সাংবাদিক লগতে বাতৰি কাকত গোষ্ঠীয়ে ব্ৰিটিছে ভাৰতীয়ক কৰা ঠগবাজিৰ দৰে অপকৰ্ম নকৰক, অসমীয়া মানুহক বুৰ্বক নসজাওঁক বা নাভাবক, সাংবাদিকতাৰ প্ৰতি নৱপ্ৰজন্মৰ মনত ঘৃণা ভাব নজন্মাওঁক, তাৰেই আশাৰ লগতে অনুৰোধ কৰোঁ |||

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক