সংবাদ যাত্রা (মানস ফুকন)

বাহাদুৰ কাইৰ হোটেল; হোটেল মানে, দুচলামান টিনপাতত কেইটামান বাঁহৰ খুটা পুতি থোৱা, এজাক সাধাৰণ বতাহতে উৰোৱাই নিও নিও কৰা এখন চাহৰ দোকান। আজি দহ-বাৰ বছৰে সি বহুত পৰিৰ্বতন দেখিলে চহৰখনৰ। কিন্তু বাহাদুৰ কাইৰ হওক বা হোটেলখনৰে হওক একো পৰিবৰ্তন সি দেখা নাপালে। মাত্র ইয়াত বহা আবেলিৰ আড্ডাত আগতে তাৰ সৈতে লগ দিছিল মন্টু, গনেশ আদি বহুতে, এতিয়া সিহঁত নাই, তাৰ ঠাইত নতুনকৈ আহিছে তাৰ দৰেই একে অৱস্থা-সম্পন্ন বিজয়। মন্টু, গনেশৰ কোনোবাটো এতিয়া ঘোঁচখোৰ চৰকাৰী চাকৰিয়াল বা কোনোটো বিয়াগোম ব্যৱসায়ী…, সিহঁতৰ ইয়াত আহি বহাৰ সময় নাই, আত্মসন্মানেও সিঁহতক হয়টো বাধা দিয়ে।
 
অৰুণাভৰ জীৱনলৈও পৰিৰ্বতন নহাকৈ নাথাকিল অ’ত বছৰে। কলেজীয়া দিনৰ ৰঙিন সপোন থানবান হৈ সি এতিয়া এটা মস্ত বেকাৰ; ঘৰৰ বোজা। বাহাদুৰকাইৰ দৰে সিও ৰৈ গ’ল নিজৰ ঠাইতে, নোৱাৰিলে সি তললৈ নামিব। নিজক বিক্রী কৰাৰ সাহস ন’হল তাৰ। সেয়েহে আগতে মৰম-সমীহ কৰা মানুহবোৰে এতিয়া তাক পুতৌৰ চকুৰে চায়। সি এতিয়া ৰাস্তাৰ দাঁতিত পেলোৱা আৱর্জনা। হঠাৎ সম্বিত হয় সি…, আৱর্জনা? সি আৱর্জনা হ’ব নোৱাৰে। সিও আগুৱাব এইবাৰ; বহুত আগুৱাব…! সি মনতে ভাবিলে। তাৰ সপোনত বিবেকক অন্তৰায় হ’বলৈ নিদিয়ে সি এইবাৰ। বিবেকে দুখ দিয়ে মনত; সপোন ভাঙে। অৰুণাভে তাকেই বুজিছে ইমান দিনে।
***
হোটেলৰ ভিতৰত সোমায়ে অৰুণাভে দেখে বিজয় আগৰ পৰাই বহি আছেহি ইয়াত। বাহাদুৰ কাইৰ হোটেলত বহা সিহঁতৰ আবেলিৰ এই আড্ডা নিৰবিচ্ছিন্নভাৱে আজি দুই-তিনি বছৰে চলি আছে। এটা অনিশ্চিত ভৱিষ্যত, ঘৰৰ নিঃস্পৃহ পৰিবেশ সকলোৰে পৰা মুক্ত হোৱাৰ এটা প্রয়াস যেন আবেলিবিলাক।
“কেতিয়া আহিলি, আজি বৰ সোনকাল যে?” – কাষৰ খালীহৈ থকা চকী খনত বহি সি বিজয়ক সোধে।
“হ’ল অলপ সময়, ডাকঘৰৰ পৰা বাহিৰে বাহিৰে ইয়ালে গুছি আহিছো অলপ মনটোকে ভাল লাগক বুলি”।
“ডাকঘৰ…!? আক’ কিবা চাকৰি?” – অৰুণাভ যেন অলপ আচৰিত হ’ল। অৱশ্যে সি জানে বিজয় কিয় ডাকঘৰলৈ যাব পাৰে।
“তিনিটা চাকৰিৰ বাবে দৰ্খাস্ত পঠাইছো আজি…। তাৰ কামত ঘূৰি ঘূৰি ভাগৰ লাগি আহিছে অ’…!”
“বাদ দে আৰু, কিমান চাকৰিৰ পিছে পিছে দৌৰিবি…! চাই থাক এইবাৰো নহয় তোৰ চাকৰি, এনেয়ে সময়বিলাক বৰবাদ কৰি থকাতকৈ আহ কামটোকে আৰম্ভ কৰি দিওঁ সোনকালে…।” – বিশেষ বেলেগ কথাৰ অৱতাৰনা নকৰাকৈ সি তাৰ পৰিকল্পনাৰ কথাটো উলিয়ালে।
“কি কাম কাম কৰি থাক’, থৈ দে হে তোৰ কাম…! এফালে ঘৰৰ খেংখেঙনি, আনফালে একো এটা কৰিবও পৰা নাই। আমাৰ দৰে মানুহক ভগৱানে পৃথিৱীলৈ পঠায়ে বা কিয়…?!”
“দুটা চাহ আৰু চিঙৰা” – তাৰ কথালৈ বিশেষ আগ্রহ নেদেখুৱাই অৰুণাভে হোটেলৰ এমূৰত বহি থকা বাহাদুৰ কাইক চিঞৰিলে।
আগতেও বহুবাৰ কৈছে সি বিজয়ৰ আগত কথাটো, কিন্তু সি যেন বৰ আগ্রহী নহয় এইক্ষেত্রত। কিন্তু সিও নাচোৰবোন্দা। বিজয় নাথাকিলে সি জানো পাৰিব ইমান ডাঙৰ এটা কাম অকলে আগবঢ়াব? … নোৱাৰে; জানে সি কথাটো।
“তোৰ মানুহজনীৰ খবৰ ক’…!” – চাহৰ কাপটো হাতত লৈ সি বিজয়ৰ প্রেমিকাৰ খবৰ সুধিলে।
“ধূৰ, ম’বাইল বন্ধ কৰি থওঁ আজি কালি, ছাল্লা খুলিবই নোৱাৰি। বিয়া বিয়া বিয়া…। দেখিছেই তাই মোৰ অৱস্থা। কেনেকৈ বাৰু এই অৱস্থাত বিয়া পাতিব পাৰোঁ?!” – আৰম্ভ বিজয়-গাথা, ইমানতে ইতি নেপেলালে হৈ গৈছে আজি, অৰুণাভে ভাৱে।
তাৰোতো একেই অৱস্থা ঘৰত। মাক দেউতাকে মুখ খুলি একো নকয় যদিও সি জানে তেঁওলোকে যে তাক লৈ কেনে মানসিক দ্বন্দত ভুগিছে। বায়েকক বিয়া দিয়া আজি পাঁচ বছৰেই হ’ল, ঘৰত যে বুঢ়া মাক-দেউতাকক চাবলৈকে এজনী বোৱাৰী লাগে তাকো সি বুজি পায়। কিন্তু সি অপাৰগ, এতিয়া বিয়া পতা আৰু ডিঙিত চিপজৰী লোৱা একে কথা তাৰ মতে।
“সেইবাবেই কৈছো, আৰম্ভ কৰি দিওঁ কামটো। কেইহাজাৰ মান টকাৰ ইনভেষ্টমেন্ট আৰু দুই এক বছৰৰ ভিতৰতে আমি দুইটা হৈ যাম অসমৰে অন্যতম লেখত লবলগীয়া মানুহ” – চল চাই অৰুণাভে আক’ তাৰ পৰিকল্পনাটোৰ কথা উলিয়াবলৈ চেষ্টা কৰে। চোৰ-ডকাইতেও যদি খুলিব পাৰে সিহঁতে কিয় নোৱাৰিব – তাৰ যুক্তি এয়া।
“তই আকাশত চাং পাতিছ নেকি…! তই ভবাৰ দৰে সহজ জানো কথাবিলাক?” – বিজয়ৰ সকলোতে হতাশা।
“ইমান টকা ক’ত পাবি…? আগতে কৈছোয়েই, দেউতাৰ অৱসৰ লোৱা তিনি বছৰ মানেই হ’ল, তেওঁক কেনেকৈ খোজোঁ? খুজিব গ’লেই আৰম্ভ হ’ব এখন মহাভাৰতৰ।”
“বাদ দে তোৰ ভাষণ, মাত্র এবাৰ ক হ’ব বুলি, মই আছো নহয়; সকলো যোগাৰ কৰিম।”
“নহয় অ’, ভাইটিৰ পঢ়া খৰচ, মোৰ এই দূৰৱস্থা…, কেতিয়াবা বৰ বেয়া লাগে অ’ দেউতাটোলৈ, একো দিব নোৱাৰিলো মই।”
“তই বৰ নেতিবাচক মানুহ অ’, টকাৰ কথা তই চিন্তা কৰিব নালাগে, মোৰ ডাকঘৰত কিছু টকা আছে, আটাইকেইটা উলিয়াই ল’ম” – অৰুণাভে সকলো পৰিকল্পনা কৰি থৈছে।
“আজিলৈকে খুজি পোৱা নাই যদিও, খুজিলে অলপ টকা ভিনিদেওয়েও নিদিও বুলি নকয়। মুঠৰ ওপৰত আমি কামত লাগি যাওঁ।”
“ভালদৰে এখন আঁচনি নকৰাকৈ আগবাঢ়িলে হ’ব জানো…?” – বিজয়ে তাক সোধে।
“সেই বাবেই তোক যেনে তেনে লগত ল’ব বিচাৰিছো” – অৰুণাভে হাঁহি হাঁহি কয়।
***
বহু কষ্ট কৰিও সিহঁতে এটা ভাল ভাড়া কোঠালি বিচাৰি পোৱা নাই। কোনোটো অলপ পছন্দ হ’লেও ভাড়া বহুত বেছি। আনহাতে ইয়াৰ মাজতে চহৰৰ পৰা দহ-বাৰ কিলোমিটাৰমান দূৰৰ এখন গাঁৱত কম দামতে এটা কম্পিউটাৰ পাই কিনি ল’লে সিহঁতে।
কম্পিউটাৰৰ গৰাকীয়ে ইয়াক বৃত্তি হিচাপে পাইছিল চৰকাৰৰ পৰা, কিন্তু গাঁৱত বিদ্যুতৰ সুবিধা নোহোৱাৰ বাবে এনেয়ে পৰি থকাতকৈ তেঁও বিক্রী কৰি দিছে। “চৰকাৰী ধনৰ এয়াই সু-ব্যৱহাৰ!”- অৰুণাভে মনতে ভাবিলে।
“ভিডিঅ’ কেমেৰা” এটাৰো যোগাৰ হ’ল ঠিকে ঠাকে।
***
“বাহাদুৰ কাই, আপোনাৰ হোটেলত…!” – দুয়োটাই আশ্বৰ্যৰে চাই বাহাদুৰ কাইলৈ।
“বেয়া পাবা নেকি…? তোমালোকৰ সুবিধা হওক বুলিহে কথাটো কৈছিলো।”
“নাই, নাই বাহাদুৰকাই। তেনেকৈ কিয় ভাবিছে? আপোনাৰ ইয়াতে আমাৰ অফিচ খুলিব পাৰিলেটো আমি ভালেই পাঁও। কিন্তু…, ঠাইৰ অভাৱযে ইয়াত?!”
“কাষৰ এই গোটেইডোখৰ দি দিম তঁহতক, মাত্র নিজে বহলাই মেলি লব লাগিব” – হোটেলৰ এনেয়ে পৰি থকা ঠাইটুকুৰা দেখুৱাই বাহাদুৰ কায়ে সিহঁতক কয়।
***
বাঁহ-বেত কিনি আনি আটোম-টোকাৰিকৈ সজাই ল’লে সিহঁতৰ কায্যালয়। কাষতে সৰুকৈ ষ্টুডিঅ’সদৃশ এটা “চেট”ও তৈয়াৰ হৈ গ’ল। বিজয়ৰ কাৰিকৰি জ্ঞানে ইয়াক ইমান ধুনীয়াকৈ সজালে যে ভিতৰত সোমালে এইয়াযে এখন সৰু হোটেলৰ ভিতৰৰ এটা সৰু কোঠলি কোনেও কল্পনা কৰিব নোৱাৰিব। ইমানবিলাক কৰোঁতেই অৰুণাভৰ মোটমুটি টকা শেষ হওঁ হওঁ।
***
“পাৰিবনে ল’ৰা কেইটাই…?” লৰা কেইজন ওলাই যোৱাৰ পিছতে বিজয়ে অৰুণাভক সন্দেহেৰে সোধে।
“কিয় নোৱাৰিব…? ইমান বছৰ হ’কাৰৰ অভিজ্ঞতা। তাতে টোপ দি দিছো। এজন মানুহ দিলেই কমিছন দি দিম” – অৰুণাভে আশ্বাস দিয়ে তাক।
“থিকেই আছে বাৰু, লাহে লাহে বাঢ়ি যাব আমাৰ মানুহ”।
“বাহিব মানে? তই চাই থাক, এদিন আমাৰ নিউজ চেনেলে এই চহৰৰ পৰিধি ভাঙি গোটেই অসমত ৰাজত্ব কৰিব” – অৰুণাভৰ এয়াই সপোন। এদিন হ’বই। সিহঁতৰ নিউজ চেনেল দেশৰ নাম কৰা নিউজ চেনেল হ’ব। মনোৰঞ্জনৰ একছত্রী সাৰথি হ’ব সিহঁতৰ নিউজ চেনেল। সি কৈ যায়—
“বাতৰি পৰিবেশন কৰাত আমি এটা বিশেষ নিয়ম মানি চলিম যাতে এটা সাধাৰণ ঘটনাকে লৈ বহুদিন ব্যৱসায় চলাব পাৰোঁ, বাতৰি এটা পৰিবেশন কৰি থাকোঁতে যেতিয়া বাতৰিৰ মুখ্য অংশ পাবহি পর্দাত ভাঁহি উঠিব এষাৰি বাক্য, “ক্রমশঃ… বাতৰিৰ পৰবর্তী অংশ দেখিবলৈ পাব…”, হঠাৎ ৰৈ যায় অৰুণাভ। এজনী ছোৱালীৰ মাত শুনা পাই সিহঁতে নিজকে প্রস্তুত কৰি লয়।
“আহাঁ, সোমাই আহাঁ” – গাম্ভীৰ্য্যপূর্ণ ভাৱে সোমাই অহাৰ নির্দেশ দিয়ে বিজয়ে।
ছোৱালীজনীক চকুৰ ইঙ্গিততে সন্মুখৰ চকীখনত বহিবলৈ কয় দুয়োয়ে। এজনী ধুনীয়া দীপলিপ ছোৱালী। সুন্দৰ সাজসজ্জা, প্রসাধনৰ মৃদু প্রয়োগে অপৰূপ দেখাইছে তাইক। প্রথম দর্শনতে প্রেমত পৰিবলৈ মন যোৱা ছোৱালী – অৰুণাভে ভাৱে।
নাম, ঠিকনা সকলো লোৱাৰ পিছত অৰুণাভে তাইক সোধে – “তোমাৰ এনে কি গুণ আছে যে আমি তোমাক এনে এটা গধুৰ দায়িত্ব দিব পাৰো ?”
ছোৱালীজনী বেছ স্মার্ট। তাৰ প্রশ্নত থতমত খালে যদিও তৎক্ষনাত নিজকে প্রস্তুত কৰি তাই অসমীয়া, ইংৰাজী মিশ্রিত ভাষাৰে অতি সাৱলীল ভাৱে সকলো কৈ যায়। ধুনীয়া কণ্ঠেৰে, এজনী ধুনীয়া ছোৱালীয়ে, তেনে ধুনীয়া ভাষা প্রয়োগ কৰি যদি বাতৰি পৰিবেশন কৰে তেতিয়া আৰু কি লাগে! মনোৰঞ্জনৰ প্রথম আহিলাই হ’ল এই গুণ। দৰমহা, কামৰ বিৱৰণ আদিৰ কথা বুজাই সিহঁতে ছোৱালীজনীক পিছদিনা খবৰ কৰিবৰ বাবে কৈ বিদায় দিয়ে।
“সঙ্গীত, শিহৰণ আৰু সর্বশেষত মূল বাতৰিৰ কিছু অংশ, এয়াই বাতৰিৰ পৰিবেশনৰ প্রকৃত সজ্ঞা” – ছোৱালীজনী যোৱাৰ পিছতো তাই কোৱা এই কথাষাৰ অনুৰণিত হৈ থাকিল দুইটাৰ মনত।
অৰুণাভৰ মনটো ভাল লাগি আছে। আজি প্রথম কোনোবাই তাক “চাৰ” বুলি সম্বোধন কৰিলে। চাকৰি বিচাৰি বিচাৰি অফিছে অফিছে ঘূৰি ফুৰোঁতে সিযে কিমানক চাৰ বুলি ক’লে, কিমানৰ পৰা যে লাঞ্ছনা পালে। সেয়েহে আজি তাৰ গর্ব অনুভৱ হৈছে। দহ-বাৰ বছৰে সিহঁতে যি যান্ত্রণা ভূগিলে এই ছোৱালীজনীও জানো আজি সেই একে পথতে নাই…! সি মনে মনে ছোৱালীজনীক কামটোৰ বাবে লোৱাটো খাটাং কৰি পেলালে।
***
“সদাই চিডি কেছেট, বহুত খৰচী হ’ব দেখোন! তাতকৈ টিভিত দেখাবোৰৰ দৰে নকৰা কিয়?” – বাহাদুৰ কাইৰ কথাত অৰুণাভৰ চমক ভাগিল। চকুত প্রশ্নবোধকলৈ দুইটায়ে বাহাদুৰ কাইলৈ চালে।
“বাহাদুৰ কাই সিহঁতৰ নিজা নিজা “ফ্রিকোয়েঞ্চি” আছে। বহুত টকা খৰচ হয় ইয়াত। আমি ক’ত পাম ইমান?” – বিজয়ে বুজাবলৈ চেষ্টা কৰে তেঁওক।
“তাত যিমান খৰচ পৰিব আমাৰ এবছৰৰ চিডি কিনোতেও সিমান নপৰে”।
“তঁহতে যেনেকৈ পাৰ কৰ। মাত্র সফল হ দুয়োটা” – বাহাদুৰকাই পুনৰ ওলাই যায়।
…সিহঁতৰ চেনেল হ’ব অসমৰ তথা ভাৰতবর্ষৰে একমাত্র সংবাদ প্রতিষ্ঠান যি ছপা আৰু বৈদ্যুতিক দুয়োটা মাধ্যমৰ বৈশিষ্ট বহন কৰে। মূলধন অতি কম হোৱাৰ বাবে অৰুণাভে এই বিকল্প পন্থা বাছি উলিয়াইছে। বাতৰি কাকতৰ দৰে সিহঁতে প্রতি দিনাই অজস্র চি.ডি. কেছেত বজাৰত এৰি দিব। লগতে গ্রাহকসকলক সিহঁতে অনুৰোধ কৰিব যাতে প্রতিদিনে হ’কাৰৰ পৰা তেওঁলোকৰ “চি.ডি.খন” সংগ্রহ কৰিবলৈ নাপাহৰে। ইয়াৰ দ্বাৰা সিহঁতে বৈদ্যুতিক মাধ্যমৰ লগতে ছপা মাধ্যমৰ নয়নমণি হ’কাৰৰ বৃত্তিও জীয়াই ৰখাৰ চেষ্ঠা চলাব। গ্রাহক বিলাকে সদায় নিজৰ “চি.ডি./ডি.ভি.ডি. প্লেয়াৰ”ত লগাই চাব সিহঁতৰ বাতৰি বিলাক, যেতিয়াই মন যায় তেতিয়াই, যিমান মন যায় সিমান।
***
“মানুহক বাতৰি-মনোৰঞ্জন লাগে, তাৰ বাবে যিমান পইছা লাগে তেওঁলোকে খৰচ কৰিবলৈ প্রস্তুত, আমি মাত্র তাৰ সুবিধা উঠাব লাগে” -কম্পিউটাৰত কিবা খুচৰি খুচৰি অৰুণাভে কৈ যায়।
“তই চাই থাক, আমাৰ টকা একে মাহতে ওলাই আহিব” – সি পুনৰ কয়।
“সকলোতে ব্যৱসায় এতিয়া। ৰাইজ সাৱধান…। আপোনাৰ বিচনা তলত দেখা মেকুৰিটো এটা বাঘ হ’ব পাৰে। পিছফালে বাজি উঠিব পশ্চিমীয়া সঙ্গীত… ৱাহ” – নাটকীয় ভংগীত বিজয়ে যোগ দিয়ে তাৰ কথাত।
“দূৰদৰ্শনৰ বাতৰি বিলাক মনত পেলাচোন…! বাতৰি এতিয়া দূৰদৰ্শনৰ যুগৰ পৰা গৈ বহুদূৰ আগুৱালে, এতিয়া আৰু “ধ্রুপদী” বাতৰিৰ দিন নাই…। এতিয়া ধর্ষণৰ দৃশ্য, হত্যাকাণ্ডৰ পোনপটীয়া প্রচাৰ আদিয়েহে প্রাধান্য পায় বাতৰিবিলাকত।”
মানুহে যি বিচাৰে তাক উপস্থাপন কৰাই হ’ল সংবাদ মাধ্যমৰ মূল কাম। মানুহে আজি কালি বিচাৰে মছলা। মছলা সংবাদ। কি কৰিবি…? উপাই নাই যুগৰ পৰিবর্তন” – অৰুণাভে মূৰ নদঙাকৈয়ে কয়। সি ইন্টাৰনেটত দেশ-বিদেশৰ কিছুমান বাতৰি বিচাৰি আছে। সিহঁতৰ চেনেল আৰম্ভ হ’লে ইয়ে মূল ভৰষা হ’ব বাতৰি সংগ্ৰহৰ। আজি কালি সকলোয়ে তাকেই কৰে তাৰ মতে।
“আজি কালি বাতৰি সংগ্রহ কৰা নহয়, বাতৰি প্রস্তুত কৰা হয়” – সি পুনৰ কয়।
“ভাল কথাৰ ওপৰত আলোচনা কৰাতকৈ এতিয়া গুৰুত্ব দিয়া হয় বজৰুৱা কথাৰ পৰিবেশনত…। পৰিবেশ, কৃষি আদি বৰ্তমান বাতৰিৰ বিষয় নহয়, মুঠতে মছলা মাৰোতে মাৰোতে বাতৰিৰ সোৱাদেই সলনি হৈ যায়” – ক্রমাৎ গহীন হৈ পৰে সিহঁতৰ আলোচনা; প্রতিদিনৰ দৰে।
***
হাঁহি হাঁহি দুয়োটা ওলাই যায় চহৰৰ অভিমুখে। অতি সোনকালে সিহঁতৰ সপোন সার্থক হ’ব। সপোনবোৰে পাহি মেলিছে। আৰম্ভ হ’ব সিহঁতৰ সংবাদ যাত্রা। মছলা জাতীয় কিবা খবৰ যোগাৰ কৰিব পাৰি নেকি তাৰ সন্ধানত লাগি যায় দুইটা এইবাৰ।
“প্রভূ, ল’ৰাকেইটাক বাট দেখুওৱা…। ভুল অথবা শুদ্ধ হওক, কিবা এটা কৰিটো দুটা পৰিয়ালৰ মুখত হাঁহি বিৰিঙাব খুজিছে।” হোটেলৰ সন্মূখত বহি আছে বাহাদুৰ কাই; ঠিক আগৰ দৰেই। তেওঁৰ দৃষ্টিৰ পৰা দুইটা হেৰাই গৈছে…। চহৰখনত এতিয়া বৰ ভীৰ।
 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক