সংলাপ – নাজমা বেগম

বন্ধৰ দিনকেইটা ইহঁত দুটা ব্যস্ত থাকক বুলিয়েই গান নাচৰ কৰ্মশালালৈ লৈ যোৱাৰ কথা ভাবিছিল লীনাই৷ গিৰীয়েক সুশীলৰ এইবোৰ বিষয়ত কোনো আগ্ৰহ নাই৷ অযথা সময় নষ্ট কৰাৰ বাদে এইবোৰ একো কামত নলগা বিষয় বুলি ভাবে৷ কিন্তুু লীনাই নিজৰ কষ্টবোৰলৈ চকু নিদি দুয়োটাকে দৈনিক কৰ্মশালালৈ নিজেই অনা নিয়া কৰিলে৷ আজি অন্তিমটো দিনত সকলো শিশুৰ দ্বাৰা প্ৰদৰ্শন হব এখন চুটি নাটক৷ দেউতাকক টানি টানি অনুৰোধ কৰি গৈছে গীত আৰু অভিকাই যাতে আবেলি দেউতাকে সময় মিলাই সিহঁতৰ নাটক চায়গৈ৷ লীনাক দুপৰীয়া ফোন কৰি সুশীলে ওলাই থাকিবলৈ কলে দুয়ো একেলগে যাব কাৰণ কৰ্মশালাত এদিনো নোযোৱা মানুহজন তাত গৈ অস্বাভাৱিক হোৱাই স্বাভাৱিক৷
আবেলি দুয়ো গৈ কৰ্মশালা হোৱা স্কুলখনত উপস্থিত হ’লগৈ৷ ইতিমধ্যে নাটক আৰম্ভ হৈছিলেই৷ অভিকাই মাকৰ মেখেলা চাদৰ সুন্দৰকৈ পিন্ধি লৈছে৷ এঘাৰ বছৰীয়া ছোৱালীজনী তেৰ বছৰীয়া গীতৰ মাকৰ ভূমিকাত পৈনত লাগিছে৷ দুটোপাল চকুলো বাগৰি আহিল লীনাৰ৷ চকুৰ সন্মুখতে ছোৱালীজনী এনেকৈ এদিন আনৰ হ’বগৈ এই কথা ভাবিয়েই তেওঁৰ বুকুখন মোচৰ খাই উঠিল৷ যৌতুকৰ ওপৰত ৰচনা কৰা সুন্দৰ নাটকৰ সংলাপ বোৰে লীনাৰ বুকুখন বিন্ধি গৈছে৷ প্ৰতিটো শব্দ যেন তেওঁৰ বাবে, বিয়াৰ পিছৰ পৰা এতিয়ালৈকে সুশীলৰ কথা বতৰাত তাইৰ বাবে ওলোৱা শব্দবোৰ ঘূৰি পকি আহি তাইৰ বুকুতে সোমাইছে৷ প্ৰতিগৰাকী শিশুৰ কি সুন্দৰ অভিনয়৷ হঠাতে লীনাই দেখিলে গীত অলপ অন্যমনস্ক হৈছে৷ ইটোৱে সিটোৰ মুখলৈ চাইছে৷ জঠৰতা আহিছে গতিশীল নাটকখনত৷ হয়তো সংলাপ পাহৰিছে গীতে৷ কিন্তুু মুহূৰ্ততে পৰিস্থিতি চম্ভালি ললে সি৷ একেবাৰে প্ৰাণঢালি কৈ যোৱা সংলাপবোৰে লীনাৰ বুকুৰ গভীৰলৈ ডুব মাৰিলে৷ ভবাই নাছিল দৈনন্দিন সুশীল লীনাৰ কাজিয়াৰ ভাষাবোৰ নাটক এখনৰ সংলাপত দৰ্শকৰ জাকে জাকে হাত চাপৰি পৰিব৷

তোমালোকৰ মাইকী মানুহৰ কিহৰ ফুটনিহে? এটকা উপাৰ্জন কৰি পাইছা? দিনৰ দিনটো ঘৰতে থাকিবা, খাবা, টিভিত ফাল্টু চিৰিয়েলসোপা চাবা, বজাৰলৈ গৈ কাপোৰ কিনিবা, আকৌ ঘূৰাবা আকৌ আনিবা বেলেগ কি কাম৷ এই সকলোবোৰ পইচা মোৰেই নহয় জানো? বাই দা ৱে তুমি লগত অনা গোটেইসোপা বস্তু এতিয়া ঘূণে খালে এইবোৰ যৌতুক দিছিল দেউতাৰে? __সেয়া গীত৷ পত্নীক তাচ্ছিল্য কৰি কোৱা প্ৰতিটো শব্দ সুশীলৰ পৰা ধাৰ কৰা৷ সংলাপ পাহৰি গৈ ঘৰখনত ঘটি থকা দৈনন্দিন কথাবোৰকে কৈ দিলে সংলাপ হিচাবে৷

হয় দিয়া অ’ বোপাই৷ মাইকী মানুহৰ কাম সঁচাকৈয়ে দেখিবলৈ একো নাই কিন্তুু এদিন নাথাকোচোন ঘৰখন ঘৰ গুচি মৰিশালী হ’ব৷ ইমানবোৰ কথা কেনেকৈ ক’ৰ পৰা শিকিলি অ’ বোপা৷ তোৰ পিতাৰৰ আনুষ্ঠানিক শিক্ষা নাছিল কিন্তুু তেওঁ মোক বৰ আদৰ যত্ন কৰি ৰাখিছিল৷ সন্মান দিছিল, পত্নীৰ সম্পূৰ্ণ মৰ্যাদা দিছিল৷ এনেকুৱা কথাবোৰ শুনাৰ আগতে পিতাৰে মৰি গ’ল ভালেই হ’ল৷ নহ’লে তেওঁ বৰ লাজ পালেহেঁতেন৷ বলা বোৱাৰী মই তোমাক তাত ববলৈ শিকাম৷ ই তোমাক উপাৰ্জনৰ কথা কৈ হাঁহিছে তোমাক মই উপাৰ্জনৰ পথ দেখুৱাম ____মাকৰ চৰিত্ৰত অভিনয় কৰা অভিকাই কথাবোৰ কৈ বোৱাৰীয়েকক ভিতৰলৈ লৈ গ’ল৷ সুশীলৰ মুখলৈ বেকাকৈ চালে লীনাই৷ গোটেইটো লাজত ৰঙা পৰি গৈছে৷ মূৰ তুলি চাব পৰা নাই লীনালৈ৷
ঘৰলৈ ওভতাৰ পথত সুশীলৰ মুখত এটাও শব্দ নাই৷ অভিকাই শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটাটো দেউতাকক দেখুৱাই কিবাকিবি কৈ গৈছে কিন্তুু তেওঁ নিৰুত্তৰ৷ জীৱনত ইমানখিনি লাজ তেওঁক কোনেও দিব পৰা নাছিল৷

জানানে দেউতা হঠাতে মই নাটকৰ সকলো সংলাপ পাহৰি গ’লো কিন্তুু তুমি মাক কৈ থকা ডায়লগবোৰে কিমান সহায় কৰিলে দেখিছা? গীতৰ কথাবোৰত কাৰো মুখত মাত নাছিল৷ লীনাৰ বুকুত মাথো এটা প্ৰাৰ্থনা বাজি ৰ’ল এইবোৰ কথা গীতৰ জীৱনত কেৱল সংলাপ হৈ ৰওঁক৷ বাস্তৱ জীৱনত দ্বিতীয়জন সুশীলৰ জন্ম নহওঁক৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments