সংস্কৃতিৰ উৎকৰ্ষত ৰূপকোঁৱৰ: দিগন্ত যাদৱ শৰ্মা

(তেওঁ সঁচাকৈয়ে সুন্দৰৰ পূজাৰী আছিল। কিছুমান অনুষ্ঠানৰ সুন্দৰ সুন্দৰ নামকৰণেৰে তেওঁ ইয়াৰ উজ্জ্বল চানেকি ডাঙি ধৰিছিল। গুৱাহাটী অনাতাঁৰ কেন্দ্রৰ মহিলা অনুষ্ঠানটোৰ নাম “আইদেউৰ বুলনি” ৰূপকোঁৱৰেই ৰাখি থৈ গৈছিল। ঠিক তেনেকৈ গুৱাহাটীৰ কামৰূপ নাট্য সমিতিৰ মঞ্চখনৰ নামটোও “কুমাৰ ভাস্কৰ নাট্য মন্দিৰ” হিচাপে জ্যোতিপ্ৰসাদ আগৰৱালাদেৱেই ৰাখি থৈ গৈছে।)
“লুইতৰ পাৰৰে আমি ডেকা ল’ৰা মৰিবলৈ ভয় নাই…”
“মোৰে ভাৰতৰে মোৰে সপোনৰে চিৰ সুন্দৰ সংস্কৃতি…”
“সাজু হ, সাজু হ, নৱ জোৱান! সাজু হ, সাজু হ, নৱ জোৱান…”
স্কুলৰ তলৰ শ্ৰেণীবোৰত এই গীতবোৰ শুনি শুনিয়ে আমি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ সৈতে কাৰ্যতঃ চিনাকি হৈছিলোঁ। অলপ ডাঙৰ হোৱাত বুজিছিলোঁ জ্যোতিপ্ৰসাদে অকল গীত ৰচনা কৰি থৈ যোৱাই নাছিল; তেওঁ আছিল একেধাৰে কবি, নাট্যকাৰ, অভিনেতা আৰু চাহ বাগানৰ পৰিচালকো। ১৭ জুন ১৯০৩ চনত জন্মগ্ৰহণ কৰা পৰমানন্দ আৰু কিৰণময়ী আগৰৱালাৰ সন্তান ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদে দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত হৈ মাত্ৰ ৪৮ বছৰ বয়সত ১৯৫১ চনৰ ১৭ জানুৱাৰীত অকালতে মৃত্যুবৰণ কৰিছিল। পোনপ্ৰথমে তেজপুৰত, পিছলৈ ডিব্ৰুগড়ত স্কুলীয়া শিক্ষা লৈ কলিকতা (বৰ্তমানৰ কলকাতা)ত গৈ কলেজীয়া শিক্ষা লৈছিল। ১৯২৬ চনত বিলাত যাত্রা কৰি তাতে অর্থনীতি, সংস্কৃত, আইন, দর্শন, ইতিহাসৰ অধ্যয়ন কৰিছিল। অৱশ্যে অসমাপ্ত হৈ ৰৈছিল সেই শিক্ষা। ১৯৩০ চনত স্বদেশলৈ প্রত্যাৱর্তন কৰাৰ আগতে জার্মানীত কথাছবি সম্পর্কীয় ৭ মাহৰ শিক্ষাও লৈ আহিছিল। জ্যোতিপ্ৰসাদ আগৰৱালাই বিদেশৰ পৰা আহিয়েই অসহযোগ আন্দোলনত যোগদান কৰে। তেনে সময়তে তেওঁ ৰচনা কৰিছিল তেওঁৰ সেই কালজয়ী গীত-মাত, নাটকবোৰ যিবোৰ অমৰ সৃষ্টি হৈ ৰ’ল। এই গীত-মাতবোৰেই অসহযোগ আন্দোলনত ইন্ধনৰ যোগান ধৰিছিল। তেওঁৰ সেই অমৰ সৃষ্টিৰ প্রয়োজনীয়তা বিভিন্ন সময়ত আজিও আমি পদে পদে অনুভব কৰো। এতিয়াও মনত পৰে বেছ কিছুবছৰ আগলৈকে যিকোনো ধৰণৰ সাংস্কৃতিক কার্যসূচীবোৰত জ্যোতিসংগীত এৰাব নোৱাৰা অংগ আছিল। বিহুৰ সাংস্কৃতিক সন্ধিয়াবোৰতো জ্যোতিসঙ্গীত আৰু তেওঁৰেই নাটক, বিভিন্ন গীত-মাত, নাচ ইত্যাদি পৰিৱেশন কৰা হৈছিল। ক’বলৈ মনত কষ্ট হয় আজি কেৱল ১৭ জানুৱাৰী আৰু ইয়াৰ আশে-পাশে দুই তিনিওজনে দিনতহে তেওঁৰ গীত-মাত অথবা নাটসমূহ পৰিৱেশন কৰা হয় প্রতিযোগিতা বা আন আন মাধ্যমেৰে।
ভাবিলে সঁচাকৈয়ে আচৰিত হ’বলগীয়া যে মাত্র ১৪ বছৰ বয়সতে তেওঁ ‘শোণিত-কুঁৱৰী’ নাটক ৰচনা কৰিছিল। পিছলৈ তেওঁ নীৰৱচিন্নভাবে চুটিগল্প, গীত-মাত, নাটক ইত্যাদি ৰচনা কৰি গৈছিল। ৩১ বছৰ বয়সত ১৯৩৪ চনত অসমৰ প্রথম কথাছবি ‘জয়মতী’ নির্মাণ কৰি ১৯৩৫ চনত মুক্তি দিয়াইছিল। তাৰ ৪-৫ বছৰৰ ভিতৰতে তেওঁ তেজপুৰত এটা চিনেমা গৃহ নির্মাণ কৰাৰ উপৰিও দ্বিতীয়খন ছবি ‘ইন্দ্রমালতী’ ১৯৩৯ চনত সমাপ্ত কৰিছিল। জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ১৯৩৬ চনত দেৱযানী ভূঞাৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। পৰ্যায়ক্রমে তেওঁ সংবাদ সেৱাতো ব্রতী হোৱাৰ লগতে চাহবাগিচা পৰিচালনাতো হাত দিছিল। মৃত্যুৰ আগলৈকে তেওঁ গীত, কবিতা, নাটক, চিত্রনাট্যৰ ৰচনা অব্যাহত ৰাখিছিল।
প্রকৃততে জ্যোতিপ্ৰসাদে সাহিত্য-সংস্কৃতি, সাংবাদিকতা, ৰাজনীতি এই সকলো দিশতে দৃঢ়তাৰে খোজ দিছিল। ৰূপকোঁৱৰৰ জীৱনৰ মূল মন্ত্র আছিল সুন্দৰৰ আৰাধনা। দদায়েক চন্দ্রকুমাৰ আগৰৱালাই লিখিছিল “সুন্দৰৰ আৰাধনা জীৱনৰ খেল।” অতুলচন্দ্র হাজৰিকাদেৱৰ লেখাত পোৱা যায় যে ৰূপকোঁৱৰে খুব ইচ্ছা প্রকাশ কৰিছিল যাতে সেই সময়ত নতুনকৈ স্থাপিত হোৱা গুৱাহাটি বিশ্ববিদ্যালয়খনৰ ঘৰ দুৱাৰবোৰতো কাশী অথবা শান্তিনিকেতনত থকা নিজা নিজা বৈশিষ্ট্যসমূহৰ দৰে অসমীয়া স্বকীয় বৈশিষ্ট্য প্রকাশ পায়। তেওঁ সেইমতে ঘৰ কিছুমানৰ নক্সা আঁকি লোকপ্রিয় গোপীনাথ বৰদলৈৰ হাতত পোৱাৰ ব্যৱস্থা কৰিছিল। কিন্তু হয়তো সেই সময়ত অইন কাৰোৰেই তেওঁৰ দৰে কলাসুলভ সৌন্দর্যৰ মনোবৃত্তি নাছিল বাবে গতানুগতিক ভাবেই গুৱাহাটী বিশ্ববিদ্যালয় নির্মাণ কৰা হ’ল। ৰূপকোঁৱৰে এই কথাত দুখ পাই কৈছিল, “অসমৰ প্রাণকেন্দ্র প্রাগজ্যোতিষপুৰত অদূৰ ভবিষ্যতে অসমীয়া সংস্কৃতিৰ নিদর্শন বিচাৰিলে, পর্বতত কাছকণী বিচৰাৰ দৰেহে হ’ব।”
তেওঁ সঁচাকৈয়ে সুন্দৰৰ পূজাৰী আছিল। কিছুমান অনুষ্ঠানৰ সুন্দৰ সুন্দৰ নামকৰণেৰে তেওঁ ইয়াৰ উজ্জ্বল চানেকি ডাঙি ধৰিছিল। গুৱাহাটী অনাতাঁৰ কেন্দ্রৰ মহিলা অনুষ্ঠানটোৰ নাম “আইদেউৰ বুলনি” ৰূপকোঁৱৰেই ৰাখি থৈ গৈছিল। ঠিক তেনেকৈ গুৱাহাটীৰ কামৰূপ নাট্য সমিতিৰ মঞ্চখনৰ নামটোও “কুমাৰ ভাস্কৰ নাট্য মন্দিৰ” হিচাপে জ্যোতিপ্ৰসাদ আগৰৱালাদেৱেই ৰাখি থৈ গৈছে। তেওঁৰ সত্ত্বাতো চিৰন্তন শিশুমন এটা জীয়াই আছিল বাবেই শিশুৰ মনোজগতখনৰ লগতো একাত্ম হৈ পৰিছিল। সেয়ে তেওঁ শিশু নাটিকা, সাধু, কবিতা, শিশু গীতৰ ৰূপত বহুতো শিশু সাহিত্যৰো সৃষ্টি কৰি থৈ গৈছে।
গান্ধীজীক মনে প্রাণে তেওঁ এজন মহা বিপ্লৱীৰূপে গ্রহণ কৰিছিল। তাৰ প্রমাণস্বৰূপে আগৰৱালাদেৱে এঠাইত লিখি থৈ গৈছে “জীৱনৰ সকলো ক্ষেত্রতেই অহিংসা প্রয়োগ কৰিব পাৰিলে মানৱ সংস্কৃতিৰ পূর্ণ বিকাশ হ’ব।” ৰাজনৈতিক জীৱনত শ্বহীদ ভগৎ সিং আৰু ৰাজগুৰুৱে তেওঁক বিশেষ প্রেৰণা যোগাইছিল। সেই সময়ৰ তৰুণ নেতা জৱাহাৰলাল নেহৰুৰ উদ্দীপ্ত ভাষণেও তেখেতৰ মনটো উতলা কৰি তুলিছিল। সেই সময়তে তেওঁৰ অগণন কালজয়ী গীতৰ ভিতৰত সেই বিশেষ গীতটো ৰচনা কৰিছিল। গীতটো গোটেই ভাৰততে প্রসিদ্ধি লাভ কৰিছিল। মুলতঃ এই গীতটি সেৱাদলৰ স্বেচ্ছাসেৱকসকলৰ বাবেই ৰচনা কৰিছিল, যাতে তেওঁলোক দেশপ্রেমৰ অনুভৱৰে অসহযোগ আন্দোলনটোক আগুৱাই লৈ যাব পাৰে। এই গীতটো নিশ্চয় আমি জীৱনত এবাৰলৈ হ’লেও গুণগুণাইছোঁ।
“বিশ্ববিজয়ী নৱ জোৱান, বিশ্ব-বিজয়ী নৱ জোৱান
শক্তিশালিনী ভাৰতৰ, ওলাই আহা, ওলাই আহা
সন্তান তুমি বিপ্লৱৰ”
ৰূপকোঁৱৰে লিখা নাটকসমূহতো বিপ্লবী সত্বা বিৰাজমান। তেওঁৰ বিভিন্ন নাটকৰ সংলাপত অসমৰ সুৱদী সুৰীয়া মাত জয় হিন্দ ধবনিৰ লগত মিলিত হৈ থকা দেখা যায়। নাটকসমূহৰ সংলাপত অসম প্রেমৰ লগতে ভাৰত প্রেমৰ অভিন্ন গাথা বিৰাজমান। ‘লভিতা’ নাটকখনৰ পটভূমিয়ে হৈছে দ্বিতীয় মাহাসমৰ, ১৯৪২ চনৰ বিপ্লৱ তথা আজাদ হিন্দ ফৌজৰ উত্তৰ-পূবৰ দুৱাৰেৰে ভাৰতত প্রবেশৰ সময়টো। এই নাটকখনত তেওঁৰ নিজস্ব ৰাজনৈতিক ধ্যান ধাৰণাৰ প্রতিফলন ঘটাইছিল।
প্রকৃততে ৰূপকোঁৱৰৰ গোটেই জীৱনটোৱেই হৈছে এটা উচ্ছ্বাসৰ সমষ্টি। অনুভূতিবোৰ যেতিয়া তীব্রৰ পৰা তীব্রতম হৈ উঠে তেতিয়াই তেওঁৰ কলমত প্রকাশ পাইছিল একো একোটা সুৰৰ মূৰ্চ্ছনা অথবা একোটা ছন্দোময় কবিতা। ৰূপকোঁৱৰৰ শিল্পী মনটোৱে অসমৰ বিভিন্ন সত্রসমূহত সিঁচৰতি হৈ থকা বিভিন্ন সম্পদ বিশ্বৰ সংস্কৃতিৰ মাজত কেনেদৰে থাপিব পাৰি, তাৰ বাবে বৰ চিন্তা কৰিছিল। তেনেদৰে তেওঁ সত্রীয়া নৃত্যক, সত্রৰ বিভিন্ন সুৰসমূহক বিশ্ব দৰবাৰলৈ আগবঢ়াবলৈ বিষ্ণু প্রসাদ ৰাভাৰো সহায় বিচাৰিছিল। বৰগীতৰ স্বৰলিপি লিখি সংগীতজ্ঞ লক্ষ্মীনাথ দাসে তেওঁক সহায়ো কৰি দিছিল। অতি পৰিতাপৰ বিষয় যে সপোনবোৰে সঁচাৰূপ লোৱাৰ আগতেই ৰূপকোঁৱৰে ইহলীলা সম্বৰণ কৰিছিল। তেওঁ সংস্কৃতিক কৃষ্ণ সংস্কৃতি আৰু অসমীয়া সংস্কৃতিক শংকৰী সংস্কৃতি বুলি সকলোতে কৈছিল। অসমৰ গাঁৱে-ভূঞে সুপ্ত হৈ থকা সম্ভাৱনাবোৰৰ প্রতি সদা সচেতন ৰূপকোঁৱৰে সকলো অসমীয়াকে দুর্বলতা পৰিহাৰ কৰি  আত্মপ্রতিষ্ঠাৰ বাটত বাট বুলিবলৈ প্রেৰণা যোগাইছিল। তেওঁৰ সেই প্রেৰণাদায়ক বাণীয়ে তাকেই কয়- “আজি অসমীয়া ৰাইজ নতুন নানা অৱস্থাৰ ঘাত-প্রতিঘাতৰ মাজত পৰি, নানা সমস্যাৰ চাকনৈয়াত ককবকাই এটা হতাশাৰ মাজেদি গৈ নিজকেই এটা ক্ষয়িঞ্চু সংস্কৃতিৰ সমাজ বুলি ভবা যেন কৰিছে … … কিন্তু…অসমীয়া জনসাধাৰণৰ প্রতিৰোধ শক্তি, অৱস্থাক জিনি জীয়াই থাকি পৃথিৱীত নিজৰ অস্তিত্ব ৰাখিব পৰা যুঁজা ক্ষমতা নিশ্চয়েই হেৰুওৱা নাই।”—এই কথাখিনিৰ প্রাসংগিকতা আজিও বিৰাজমান।
গুণীসকলে কয় ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ শ্রেষ্ঠ সৃষ্টি “শিল্পীৰ পৃ্থিৱী”। তেওঁৰ সমস্ত শিল্পীমনৰ পৰিচয় ইয়াতেই নিহিত হৈ আছে। ইয়াত ঘাইকৈ তেওঁ মহাপুৰুষ শংকৰদেৱৰ সৃষ্ট অসমীয়া কৃষ্টিসমূহৰ সুন্দৰ, অতুলনীয় আৰু আদর্শণীয় ৰূপত ফুটাই তুলিছিল। প্রথমবাৰৰ বাবে শিৱসাগৰত অনুষ্ঠিত অসম শিল্পী সংঘৰ অধিৱেশনত ৰূপকোঁৱৰে সভাপতিৰূপে দিয়া অভিভাষণেই হৈছে “শিল্পীৰ পৃ্থিৱী”। তেখেতে সেই ভাষণতেই সকলোকে উদ্দেশ্যি কৈছিল- “শিল্পীৰ মাজলৈ আজি মই মোৰ প্রাণৰ, মোৰ মনৰ, মোৰ সপোনৰ, মোৰ কল্পনা কৰা নতুন পৃ্থিৱীৰ দিঠকৰ কথাটো ক’বলৈ আহিলোঁ।” প্রকৃত শিল্পী সেইগৰাকীহে, যিয়ে জগতখনকে আগত ৰাখি সৃষ্টিশীল কর্মত নিয়োজিত হয়। সেই বাবেই হয়তো তেওঁ শিল্পীৰ অসম নাইবা শিল্পীৰ ভাৰত বুলি নকৈ “শিল্পীৰ পৃ্থিৱী” বুলিহে উল্লেখ কৰিছিল।
বিভিন্ন ভাষণ, লেখা অথবা নাটকসমূহত তেওঁৰ চিন্তাৰ ব্যপ্তি আৰু গভীৰতাৰ উমান পোৱা যায়। দেখা যায় তেওঁ সম্পূর্ণভাৱে সংকীর্ণতাৰ পৰা মুক্ত। তেওঁৰ সার্বভৌম আদর্শ আছিল সর্বমানৱীয় সংস্কৃতি। আমাৰ আজিৰ দিনটোতো অতি প্রাসংগিক বুলি ধৰা তেওঁৰ কেইটামান অসামান্য উক্তিৰে এই প্রবন্ধটো শেষ কৰিবলৈ বিচাৰিছো ।
“…আজিৰ দিনৰ ভাৰতীয় বা অসমীয়া স্থাপত্যত প্রতিফলিত হ’ব লাগিব আমাৰ আজিৰ নতুন মনটো…”
“…আমি যদি আমাৰ সভ্যতা, সংস্কৃতি এই সার্বভৌম আদর্শৰ পৰা আঁতৰাই আনি আমাৰ মনটোক লুইতৰ বৰ চাপৰিতে এৰাল দি থওঁ তেন্তে আমাৰ মনটো অসমৰ গৰুৰ দৰেই টিলিকা হৈ থাকিব। আমাৰ সংস্কৃতি, সাহিত্য, কলা সকলোৱেই থাকিব অসমৰ নামঘৰতে পৰি…”
“…আজি অসমত যি যি সুকীয়া সংস্কৃতি আহি উপস্থিত হৈছে সেই সকলোৰে এটা সংস্কৃতি গঢ়ি তুলিবলৈ আমাৰ নৱবৰ্ষৰ উৎসৱৰ মাজেদি চেষ্টা হ’ব লাগে…”
“…আমাৰ জাতীয় স্থাপত্য নিশ্চয় ধর্মনিৰপেক্ষ হ’ব লাগিব। আৰু তাকো কৰিব লাগিব এটা শিল্পীসুলভ ঐক্য ৰক্ষা কৰি…”
কেইটামান দিনৰ পিছতে আহিবলগীয়া ১৭ জানুৱাৰীৰ সুন্দৰৰ পূজাৰী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ পূণ্য তিথি উপলক্ষে তেখেতলৈ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক