সংস্কৃতিৰ সাধক, বিশিষ্ট লেখক,কর্মযোগী,শি‍ক্ষাবিদ – টংকেশ্বৰ লইং (হেমেন্দ্ৰ কুমাৰ বৰি‍)

Image of Tankeswar Loing

         “টংকেশ্বৰৰ মৃত্যু হৈছে ৷ টংকেশ্বৰ জীয়াই থাকক ৷” টংকেশ্বৰ লইঙৰ অকাল বিয়োগত  শোকার্ত্ত হৃদয়েৰে তেওেঁৰই শুভানুধ্যায়ী শিক্ষক সুৰেন গগৈৰ এয়া মৰণোত্তৰ শুভেচ্ছা ৷ এক ব্যতিক্ৰমী শুভেচ্ছা অথবা স্নে‍হাশীষ ৷  শিক্ষক জনে‍  নিশ্চয় তেওঁৰ স্নেহভাজন ছাত্ৰজনৰ মৃত্যুকো হাৰ মনাব পৰা প্ৰতিভাৰ দ্বাৰা প্ৰভাৱিত হৈয়েই এনে বক্তব্য ৰাখিছিল ৷ কিন্তু আজিৰ তাৰিখত টংকেশ্বৰ লইং দে‍ৱক কেইজনেই বা জানে? যিজন লেখকে ‘মিচিং ভাষা নোকোৱা মিচিং’ শীর্ষক প্ৰৱন্ধ লিখি অসমবাসীক পোণ প্ৰথম বাৰৰ বাবে অৱগত কৰিছিল যে অসমত অসমীয়াভাষী মিচিঙও আছে, যি জনে ‘অভিনয় শিল্পৰ বলি আইদেউ সন্দিকৈ’ শীর্ষক লেখনিৰে প্ৰথম অসমীয়া কথাছবি ‘জয়মতী’ৰ নাম ভুমি‍কাত অভিনয় কৰাৰ পিছত আইদেউ সন্দিকৈ তিনিকুৰিৰ দেওনা পাৰ হোৱা বয়সতো সমাজ বিবর্জিতা, অনাদৃতা, অৱহেলিতা আৰু সংস্থানহীনা হৈ দুর্বিষহ জীৱন কটোৱাৰ বতৰা  দিছিল, যিজনে মিচিঙৰ সাংস্কৃতিক উপাদান সমূহৰ ক্ষ‍েত্রভিত্তিক অধ্যয়ন কৰি সেইবোৰক বহল প্ৰে‍ক্ষাপটত তুলি ধৰিবলৈ অহোপুৰুষার্থ কৰিছিল, সেইজনক কেইজনেই বা জানে ?

         অন্ন-বস্ত্ৰৰ সমস্যা জর্জৰ, শি‍ক্ষা-দীক্ষা, স্বাস্থ্য সেৱাৰ সুবিধা নথকা তেনেই আওহতীয়া ঠাইৰ পৰা পথচাৰীক বিভ্ৰান্ত কৰা শোচনীয় বাটেৰেই ওলাই আহিছিল টংকেশ্বৰ লইং নামৰ  আলোক সন্ধানী দূৰন্ত ব্যক্তি গৰাকী৷ শূণ্যৰ পৰাই যাত্রা আৰম্ভ কৰি সামাজিক আৰু পাৰিবেশিক প্ৰতিকূলতাক নেওচা দি‍‍ বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ডিগ্ৰী পর্যন্ত আহৰণ কৰিছিল তেওঁ৷ কু-সংস্কাৰ, অন্ধবিশ্বাস, অশি‍ক্ষা, অনু্ন্নত সমাজ ব্যৱস্থাৰে ধূম্ৰাচ্ছাদিত পৰিবেশৰ পৰাই নেদেখা জনে পাৰি দিয়া পোহৰৰ দলিছাইদি সম্তর্পনে আগুৱাই আহিছিল তেওঁ সমাজ খনৰ উত্তৰণৰ আকাঙ্খ্যা লৈ৷ কিন্তু এইখন পৃথিৱীত মানুহৰ আশা আকাংক্ষা জানো পূৰণ হয় ?  যদিওবা লক্ষ্যপ্ৰাপ্তি নহ’ল আৰু উদ্দেশ্যও সাধিত নহ’ল তথাপি তাৰ বাবে এইজন পূর্বসূৰীয়ে কৃচ্ছ্ৰ সাধনেৰে যি আদর্শ দেখুৱালে সেয়া তেওঁৰ উত্তৰসূৰীৰ বাবে পাথেয় হৈ ৰ’ব৷

            অসমীয়াভাষী মিচিং সকলৰ পাঁচটা ফৈদ বা গোত্র আছে৷ টেমাৰ, চামুগুৰীয়া, বিহিয়া, বংকোৱাল আৰু বেবেজীয়া৷ গোলাঘাট জিলাৰ বোকাখাট মহকুমাৰ শ্বহীদ কমলা মিৰি(লইং)ৰ ওপজা ঠাই ওপৰ টেমেৰাৰ নিকটবর্ত্তী অসমীয়াভাষী টেমাৰ-মিচিং অধ্যুষিত চোমনি টেমেৰা গাঁৱত ১৯৪৪ চনৰ পহিলা অক্টোবৰত তেওঁৰ জন্ম হয়৷ তেওঁৰ পিতৃ আৰু মাতৃৰ নাম ধনচন্দ্ৰ লইং আৰু পেটুলী লইং৷ তেওঁৰ শি‍ক্ষা জীৱন আৰম্ভ হয় দুসুতীমুখ নিম্ন বুনিয়াদী প্ৰাথমিক বিদ্যালয়ত৷ তাৰপিছত দুসূতীমুখ এম্ ই স্কুলৰ পৰা শেষ দেওনা পাৰ হৈ‍ দুসূতীমুখ হাইস্কুলৰ পৰা ১৯৬৪ চনত মেট্ৰিক, ১৯৬৬ চনত দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ পৰা  প্ৰাক-স্নাতক আৰু ১৯৬৮ চনত স্নাতক ডিগ্ৰী লাভ কৰে৷ সেই বছৰতে লখিমপুৰৰ চামুগুৰীয়া গাঁৱৰ শ্ৰীমতী তিলেশ্বৰী মৰাঙৰ সৈতে বিবাহ পাশত আৱদ্ধ হয়৷ বৈবাহিক জীৱন আৰম্ভ‍ হোৱা সময়তে তেওঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অসমীয়া বিভাগত নাম ভর্ত্তি কৰে৷ ১৯৭১ চনত তেওঁ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে৷

            টংকেশ্বৰ লইঙে ঈর্ষনীয় এক সুন্দৰ জীৱন উদযাপন কৰি গৈছে৷ তেওঁ শৈশৱ কৈশোৰৰ ল’ৰা-ধেমালি একাষৰীয়াকৈ থৈ কঠোৰ পৰিশ্ৰমৰ মাজেদি প্ৰাথমিক আৰু হাইস্কুলীয়া শি‍ক্ষা আহৰণ কৰিছিল৷ “লাহী গাৰে‍ তেজগোৰা বৰণৰ ল’ৰাটোৱে‍ হাফপেণ্ট,কামিজ পিন্ধি খালী ভৰিৰে অহা যোৱা কৰি পঢ়িছিল৷” (-সুৰেন গগৈ‍)৷ আপং খোৱাৰ পাৰম্পৰিক প্ৰথাৰে সিক্ত সমাজত থাকিও সৰুতেই মাদক দ্ৰব্য বর্জনৰ দৃঢ় সংকল্প লোৱা তেওঁ আছিল এক ব্যতিক্ৰমী ল’ৰা৷ ছাত্ৰাৱস্থাতেই তেওঁ মাদক দ্ৰব্য নিবাৰণৰ বাবে সভা-সমিতি পাতি সক্ৰিয় ভূমিকা লৈছিল৷ তেওঁ সকলো ঘৰুৱা কামত যেনেকৈ নিপূণতা প্ৰদর্শন কৰিছিল তেনেকৈ ক্ৰীড়া আৰু লোক-সংস্কৃতিৰ পথাৰতো তেওঁৰ সমানেই দখল আছিল৷ কলেজত ১০০ মিঃ,২০০ মিঃ,৪০০ মিঃ আৰু মাৰাথন দৌৰত শ্ৰেষ্ঠত্ব অর্জন কৰি খ্যাতি অর্জন কৰিছিল৷ আনহাতে ঢোল,পেপা,বাঁহী আদি লোকবাদ্য বোৰ সুন্দৰকৈ বজাব জানিছিল৷ অঞ্চলটোৰ ডেকা ল’ৰা বোৰক এইবোৰ বজাবলৈ শিকাইছিল৷ ডেকা-গাভৰু সকলক মিচিং গোমৰাগ নৃত্য শিকাই সাংস্কৃতিক অনুষ্ঠান সমূহত পৰিবেশন কৰিছিল৷‍ অত্যন্ত অনাড়ম্বৰ আৰু অমায়িক প্ৰকৃতিৰ টংকেশ্বৰ লইং আছিল স্পষ্টবাদী, নির্ভীক আৰু প্ৰয়োজন সাপেক্ষ‍ে একাচে‍কা৷ স্পষ্টবাদীতাৰ বাবে তেওঁ বহুতৰ অপ্ৰিয়ভাজনও হৈছিল৷ শি‍ক্ষাৰ বিস্তাৰক  তেওঁ অনগ্ৰসৰতাৰ গ্ৰাসৰ পৰা সমাজ খনক উদ্ধাৰ কৰাৰ অন্যতম উপায় হিচাপে গণ্য কৰিছিল৷ নিৰক্ষৰতা দূৰীকৰণৰ উদ্দেশ্য‍ে সেই সময়ৰ ব্যৱস্থা অনুসৰি তেওঁ এখন নৈশ বিদ্যালয় প্ৰতিষ্ঠা কৰিছিল৷ মধ্য গুলুং টেমেৰাৰ শ্বহীদ কমলা মিৰি নিম্ন বুনিয়াদী বিদ্যালয়তে‍ নৈশ বিদ্যালয় খন স্থাপন কৰিছিল৷ দুখীয়া ল’ৰা-ছোৱালীক কাপোৰ-কানি,কিতাপ-পত্ৰ দান কৰিছিল৷ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ পিছতেই তেওঁ তথাকথিত শিক্ষ‍িত নিবনুৱাৰ দৰে সময় নকটাই সময়বোৰ অর্থবহ কৰিছিল নিষ্ঠাসহকাৰে সমাজসেৱা কৰি‍৷‍  ১৯৭২ চনত তেওঁ “ওপৰ টেমেৰা কমলা মিৰি মধ্য ইংৰাজী বিদ্যালয়” প্ৰতিষ্ঠা কৰে৷ এই খন বিদ্যালয়ৰ তেওঁ মূখ্য প্ৰতি‍স্থাপক আছিল৷ এইখন বিদ্যালয়ৰ ছত্রছায়াতেই পৰবর্ত্তী সময়ত গঢ় লৈ উঠিল “ওপৰ টেমেৰা কমলা মিৰি উচ্চ মাধ্যমিক বিদ্যালয়”৷ সমাজসেৱাৰ উদ্দেশ্য‍েৰে তেওঁ ৰঙামাটি সমবায় সমিতিৰ সভাপতি পদৰ বাবে প্ৰতিদ্বন্দিতাত নামিছিল আৰু বিজয়ীও হৈছিল; কিন্তু সততা আৰু মানবীয় প্ৰমূল্যক অগ্ৰাধিকাৰ দিয়া টংকেশ্বৰ লইং এচাম অসৎ লোকৰ চকুৰ কুটা দাঁতৰ শূল হৈছিল আৰু সেই সকল লোকৰ স্বার্থ বিঘ্ন‍িত হোৱাত তেওণলোকে প্ৰতিশোধৰ ষড়যন্ত্ৰ ৰচনা কৰিছিল৷  তেনেতে‍ কমাৰগাঁৱত মহাবিদ্যালয় খোলাৰ যো-জা চলে৷ সেই সময়ত টংকেশ্বৰ লইঙেই ৰঙামাটি মৌজাৰ উত্তৰ অংশৰ একমাত্ৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী৷ গতিকে উদ্য‍োক্তা সকলৰ আগ্ৰহী আমন্ত্ৰণৰ পৰিপ্ৰেক্ষ‍িতত তেওঁ সাগ্ৰহে সক্ৰিয় সহযোগ আগবঢ়ালে৷ টেমেৰাগাঁৱৰ পৰা কমাৰগাঁৱলৈ ১০-১২ কিলোমিটাৰ৷ অনুন্নত যোগাযোগ ব্যৱস্থাৰ বাবে তেওঁ এইখিনি দূৰত্ব প্ৰায় খোজকাঢ়িয়েই অহা-যোৱা কৰিছিল৷ কালক্ৰমত বাঁহ,বেত,খেৰ আদিৰে,সমূহীয়া শ্ৰমদানে‍ৰে‍ মহাবিদ্যালয় খনৰ গৃহনির্মান সম্পন্ন হ’ল৷ এইখন মহাবিদ্যালয়ত তেওঁ ১৯৭৫ চনলৈকে অসমীয়া বিভাগত অধ্যাপনা কৰিলে৷ সেই চনতে সেইখন মহাবিদ্যালয়ৰ পৰিচালনা সমিতিয়ে‍ তেওঁক চাকৰিৰ পৰা অব্যাহতি দিয়ে‍(কাৰণ অজ্ঞাত),চাকৰিৰ পৰা অব্যাহতি পোৱাৰ পিছ দিনাই তেওঁ অসম চৰকাৰৰ পৰা নিযুক্ত‍ি লাভ কৰে শদিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিষয়-শিক্ষক হিচাপে৷ তেৱোঁ প্ৰবঞ্চনাৰ ক্ষোভ বুকুত লৈয়ে‍ নিজহাতে গঢ়ি তোলা মহাবিদ্যালয় খন ত্যাগ কৰি শদিয়ালৈ গুছি যায়৷ ১৯৮৪ চনত ন-গাঁও বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ বদলি হৈ আহে, পুনৰ ১৯৮৫ চনত গোলাঘাট বেজবৰুৱা চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ বদলি হৈ আহে‍৷ এইখন বিদ্যালয়ত উপাধ্যক্ষৰ পদত থাকোঁতেই ২০০৩ চনত হঠাতে তেওঁ ইহ সংসাৰৰ পৰা বিদায় মাগে৷

            ওৰেটো জীৱন তেওঁ পৰি‍শ্রম আৰু ব্যস্ততাৰে‍ কটাই গ’ল৷ দোকমোকালিতে উঠি হাল-কোৰ লৈ পথাৰলৈ যায়, পথাৰত  ৩ ঘণ্টা হাল বাই ঘৰলৈ‍ আহি গা-পা ধুই এমুঠি খাই প্ৰায় ৮কিঃমিঃ নিলগৰ ৰঙাগড়া ঘাটলৈ চাইকেল মাৰি যায়৷ ঘাটত চাইকেল খন থৈ বাচত উঠি প্ৰায় ৪০কিঃমিঃ দূৰৈত থকা গোলাঘাটস্থিত কর্মস্থলী পায়গৈ৷ কেতিয়াবা বাচ নাপালে ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথলৈকে চাইকেল মাৰি  দেৰগাঁও হৈ বাচেৰে‍ গোলাঘাট পাইছিলগৈ৷ স্কুলৰ পৰা ঘূৰি আহি প্ৰায় সাঁজ লগা পৰত ঘৰ পাইছিলহি৷ ঘৰ পাই কাপোৰ সলাই হয়  কামত লাগি গৈছিল নহয় কিতাপ পঢ়িছি‍ল৷ কোনো অজুহাত দেখুৱাই তেওঁৰ প্ৰাপ্য নৈমিত্তিক আৰু অর্জিত ছুটিৰ এদিনো উপভোগ নকৰাকৈ বিৰামহীন ভাৱে তেওঁ শি‍ক্ষকতাৰ পৱি‍ত্র সেৱাৰে‍ সকলো ছাত্র-ছাত্রী আৰু সহকর্মীৰ হৃদয় জয় কৰি গৈছে৷ এজন আদর্শ আৰু কৃতী শি‍ক্ষকৰ সকলো গুণ তেওঁৰ আছিল ৷

            তেঁও ইচ্ছা কৰা হলে চহৰত থাকিও চাকৰি কৰিব পাৰিলে হেঁতেন৷ কিন্তু খেতি কৰাৰ আনন্দত আত্মহাৰা হৃদয়খনে তেওঁৰ শৰীৰটোক বাৰে বাৰে গাঁৱলৈ টানি আনিছিল৷ খেতিৰ ধানেৰে তেওঁ দুটা ভঁৰাল ভৰাই ৰাখিছিল৷ তেওঁ কেৱল কেৰাচিনতেল আৰু নিমখহে কিনিছিল,বাকী সকলো খাদ্য সামগ্ৰী নিজৰ পথাৰ আৰু বাৰীতেই উৎপাদন কৰিছিল৷ ৰাসায়নিক দ্ৰব্য প্ৰয়োগ নকৰাকৈ জৈৱিক পদ্ধতিৰে তেওঁ কৰা খেতিত  শস্যৰ দৃষ্টিনন্দন সৌষ্ঠৱ প্ৰকট হৈছিল,সেই কথা অনেক প্ৰত্যক্ষদর্শীয়ে নিজ মুখে কৈছে‍ অথবা লিখনি‍ৰে প্ৰকাশ কৰিছে৷ সকলোৱে একমুখে তেওঁক এজন আগশাৰীৰ আদর্শ কৃষক বুলিও অভিহিত কৰি‍ছে৷

            ইমান ব্যস্ততাৰ মাজতো তেওঁ পঢ়িছিল, লিখিছিল আৰু সভা-সমিতিত গঠনমূলক বক্তব্যৰে মার্গ দর্শন কৰিছিল৷ তেওঁৰ নিজৰ সমাজ খনৰ সাংস্কৃতিক উপাদান সমূহৰ ক্ষ‍েত্র ভি‍ত্তি‍ক অধ্যয়ন কৰিছিল আৰু তাৰ ওপৰত তথ্যসমৃদ্ধ প্ৰৱন্ধ লিখিছিল৷‘মিচিং ভাষা নোকোৱা মিচিং’ শীর্ষক প্ৰৱন্ধ লিখি অসমবাসীক পোণ প্ৰথম বাৰৰ বাবে বিশদ ভাৱে অবগত কৰিছিল যে অসমৰ দ্বিতীয় বৃহৎ জনগোষ্ঠী মিচিঙৰ  মাজত টেমাৰ, চামুগুৰীয়া, বিহিয়া, বংকোৱাল আৰু বেবেজীয়া নামৰ পাঁচটা অসমীয়াভাষী গোষ্ঠী  আছে৷ মিচিং সকলৰ দিগ্গজ সাহিত্য‍িক ভৃগুমুনি কাগয়ুঙৰ দ্বাৰা সম্পাদিত বৃহৎ কলেৱৰৰ গ্ৰন্থ “মিচিং সংস্কৃতিৰ আলে‍খ্য”ত তেওঁৰ তিনিটা প্ৰবন্ধই ঠাই পাইছে, সেই কেইটা হৈছে‍- “মিচিং ভাষা নোকোৱা মিচিং”, “মিচিং বাদ্যযন্ত্ৰৰ পৰিচয়” আৰু “মিচিং সমাজত প্ৰচলিত ঢোলৰ চেও”৷ মিচিং সমাজত পূর্বাপৰ চলি অহা জনশ্ৰুতি,লোকাচাৰ,লোকানুষ্ঠান,টেমাৰ-চামুগুৰীয়াৰ মাজত প্ৰচলিত শব্দ,টেমাৰ চামুগুৰীয়া সকলৰ প্ৰতি মিচিঙৰ কেইজনমান প্ৰতিস্থিত লেখকৰ অৱহেলামূলক বা উপলুঙা সূচক মন্তব্যৰ সমালোচনা- “ভাষা ভিত্তিত মিচিং সকলৰ কেইটামান মন কৰিব লগীয়া কথা” আদি অনেক তত্ত্বগধূৰ প্ৰৱন্ধ তেওঁ লিখি থৈ গৈছে৷ মিচিং ভাষাত অসমীয়া লিপি ব্যৱহাৰৰ সপক্ষ‍ে তেওঁ মাত মাতিছি‍ল৷ ব্যস্ততাৰ সূতাৰে গাঁথি যোৱা সাহিত্যকর্মৰ মালাধাৰ সম্পূর্ণ হোৱাৰ আগতেই তেওঁ ইহ সংসাৰৰ পৰা মেলানি মাগিলে৷  টংকেশ্বৰ লইঙৰ মৃত্যুৰ পাছত তেওঁ লিখি থৈ যোৱা ৩৪ টা প্ৰৱন্ধ  থাপি‍  থূপি‍ অসমৰ  কৃষক মুক্তি‍ সংগ্ৰাম সমিতিৰ অবিসম্বাদী নেতা অখিল গগৈ আৰু গীতাশ্রী তামুলীৰ সম্পাদনাত “মিচিং জনজীৱন” শীর্ষক এখনি গ্ৰন্থ ২০০৬ চনত প্ৰকাশ কৰা হয়৷ গ্ৰন্থখনিত উপৰিউক্ত সকলো বিষয় সামৰি লোৱাৰ উপৰি শ্বহীদ কমলা মিৰি সমন্বিতে আন ছজন অখ্যাত স্বাধীনতা সংগ্ৰামীৰ জীৱনৰ ওপৰত সুখপাঠ্য ৰচনা সংযোজিত কৰা হৈছে৷ গৱেষক সকলৰবাবে এইখনি গ্ৰন্থই প্ৰসঙ্গপু্থিৰ কাম কৰিব৷ গ্ৰন্থখনিৰ শেষৰ ফালে “অভিনয় শিল্পৰ বলি আইদেউ সন্দিকৈ” নামৰ এটি লেখা সংযোজিত কৰা হৈছে৷ প্ৰণিধান যোগ্য যে এই লেখাটি আইদেউ সন্দিকৈৰ প্ৰতিবেশী তথা নিকটাত্মীয় পানীদিহিঙ্গীয়াৰ লক্ষীপ্ৰভা বৰবৰুৱা (‘শিল্পী আইদেউ সন্দিকৈক লগ পোৱা দিনবোৰ’ৰ লেখিকা)ৰ অনুৰোধত লিখিছিল৷ লেখাটি ১৯৭৭ চনত দৈনিক জনমভূমিৰ ১৬ জুন সংখ্যাত প্ৰকাশ পাইছিল৷ জানিব পৰা গৈছে যে প্ৰথম অসমীয়া কথাছবি ‘জয়মতী’ৰ নাম ভুমি‍কাত অভিনয় কৰাৰ পিছত আইদেউ সন্দিকৈ তিনিকুৰিৰ দেওনা পাৰ হোৱা বয়সতো সমাজ বিবর্জিতা, অনাদৃতা, অৱহেলিতা আৰু সংস্থানহীনা হৈ থকাৰ বতৰা  দি এই লেখাটিয়ে অসমবাসীক সোঁৱৰাই দিয়াৰ পিছতহে আইদেউ সন্দিকৈৰ ঘৰলৈ সংবাদ সেৱী সকল,সংস্কৃতিপ্ৰেমী সচেতন নাগৰিক সকলৰ সোঁত বৈছিল ৷

            তেওঁৰ অনন্যসূলভ কর্মস্পৃহাই জীৱনটোক গতি দিছিল৷ সমাজহিতৈষণাই তেওঁক লিখি যাবলৈ প্ৰেৰণা যোগাইছিল৷ সমাজখনত এক শৈ‍ক্ষ‍িক বাতাবৰণ সৃষ্ট‍ি কৰিবলৈ তেওঁ আত্মবিস্মৃত হৈ কাম কৰিছিল৷ ঋজু শৰীৰৰ, তেজগোৰা বৰণৰ, নিচেই সাধাৰণ অথচ পৰিপাটি পোছাক পৰিহিত টংকেশ্বৰ লইঙৰ মাজত যি অনন্যসাধাৰণ ব্যক্তিত্ব লুকাই আছিল সেয়া তেওঁৰ কর্মই জল জল পট পটকৈ দেখুৱাই গৈছে৷ তেওঁ আছিল মিথ্যাচাৰৰ প্ৰতি বীতশ্রদ্ধ এক সৰলচিতীয়া ষ্পষ্টবাদী সজ্জন৷ জীৱনৰ এটা লহমাও অবাবত ব্যয় নকৰাকৈ নিয়তক্ৰিয়াশীল ব্যস্ততাৰে ৰচনা কৰি গ’ল তেওঁৰ জীৱনচর্যা৷ পুনৰবাৰ দোহাৰিছোঁ-এইজন পূর্বসূৰীয়ে কৃচ্ছ্ৰ সাধনেৰে যি আদর্শ দেখুৱালে সেয়া তেওঁৰ উত্তৰসূৰীৰ বাবে পাথেয় হৈ ৰ’ব৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments