সংস্কৃতি(-অঞ্জনা তামূলী)

সংস্কৃতিৰ বিষয়ে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই কৈছে- “প্ৰকৃতিত বাৰিষাৰ নৱজীৱন সঞ্চাৰিণী প্লাৱনে যেনেকৈ ধুমুহা, বিজুলী, বজ্ৰপাতৰ ভয়াবহ মূৰ্তিৰ মাজেদি বিয়পি পৃথিৱীৰ উদ্ভিদ জীৱনত নতুন সৃষ্টিক জগাই দিছে , সৌন্দৰ্যৰ নতুন প্ৰকাশ জীৱন ধাৰণৰ নতুন সামগ্ৰীক বিকশিত কৰি তুলিছে, সেইদৰেই আমাৰ জীৱনৰ ওপৰেদি বাগৰি যোৱা নতুন ভাবক,নতুন সংস্কৃতিক সৃষ্টিৰ আশাৰ বৈপ্লৱিক প্লাৱনেও তাৰ বুকুত বান্ধি লৈ অহা সেই নতুনৰ প্ৰেৰণাৰ বীজবোৰ আমাৰ মনত , আমৰ হৃহয়ত, আমাৰ মনীষাত, আমাৰ প্ৰতিভাত সঁপি দি আমাৰ এক অভিনৱ সংস্কৃতিক জীৱনৰ সৃষ্টি কৰক।”
এইজন সুন্দৰৰ আৰু সংস্কৃতিৰ পূজাৰীয়ে অসমৰ সংস্কৃতিৰ ভঁৰালত নৱজাগৰণৰ সৃষ্টি কৰি অসমৰ বুকুত অনন্ত কাললৈ এক শক্তিশালী অবিনাশী সংস্কৃতিৰ ভেটি নিৰ্মাণ কৰি গৈছে।
কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই কৃষ্টি আৰু সংস্কৃতিৰ বিষয়ে এনেদৰে কৈছে–“কৃষ্টি হৈছে কৃষ ধাতু ক্তি প্ৰত্যয়ৰ সংযোগত কৃষ্টি। কৃষি বিষয়ক মাত্ৰেই কৃষ্টি অৰ্থাৎ কৰ্ষণেই কৃষ্টি। ভূমিকৰ্ষণেই কৃষ্টি নহয় , অদৃশ্য অন্তৰীক্ষৰ শূন্যময় পথাৰকৰ্ষণো কৃষ্টি আৰু যদি হৃদিস্থানত বা কেৱল হৃদয়ৰ কুন্দলিনী চক্ৰত নাইবা মস্তিষ্কৰ মগজুৰ মাজত আলোড়ন তোলা মানসিক কৰ্ষণো কৃষ্টি।” এই কৃষ্টিৰ যেতিয়া সংস্কাৰ হয় তেতিয়াই কৃষ্টি হয় সংস্কৃতি। কাব্য গান, দৰ্শন, ধ্যান-ধাৰণাই নাইবা আচাৰ-অনুষ্ঠান, ভদ্ৰতা, শিষ্টাচাৰ, নীতি-নিয়মকেই মানুহে কৃষ্টি বা সংস্কৃতি বুলি কয়। গতিকে মানুহৰ জীৱন-যাত্ৰাৰ লগত কৃষ্টি -সংস্কৃতিৰ ওতপ্ৰোতভাৱে জড়িত আছে।কৃষ্টি-সংস্কৃতি স্থিৰ হ‘লে এটা জাতিৰ জীৱন-যাত্ৰাও স্থিৰ হয় । গতিকে দেশ এখনৰ বা জাতি এটাৰ অগ্ৰগতি কৃষ্টি-সংস্কৃতিৰ ওপৰত প্ৰত্যক্ষভাৱে জড়িত থাকে ।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments