সংস্কৃতি – মূল: হৰিশংকৰ পৰসাই, অনুবাদ: মিতালী নাৰায়ণি

ৰাষ্টাৰ দাঁতিত এজন ভোকাতুৰ মানুহে ছটফটাই আছিল৷ এজন দয়ালু মানুহে তেওঁৰ বাবে ৰুটি লৈ তেওঁৰ ওচৰত থিয় হ’ল৷ মানুহজনে সেই ভোকাতুৰ মানুহজনক ৰুটি দিবলৈ হাত আগবঢ়োৱাৰ সময়তে আন এজন মানুহে তেওঁৰ হাতখন টানি আনিলে৷ সেই মানুহজন বৰ ৰঙীন আছিল৷

প্ৰথম মানুহজনে সুধিলে, “কি হ’লহে ভাই! ভোকাতুৰজনকনো কিয় খাদ্য দিবলৈ নিদিয়া?”

ৰঙীন মানুহজনে ক’লে, “ৰ’বাহে, তুমি এইদৰে তেওঁৰ উপকাৰ কৰিব নোৱাৰা৷ তুমি কেৱল তেওঁৰ শৰীৰৰ ভোকটোহে বুজিব পাৰিবা, কিন্তু মই তাৰ আত্মাৰ ভোকটোও বুজিব পাৰোঁ৷ মানুহৰ শৰীৰত পেটটো তলত আৰু হৃদয়খন যে ওপৰত আছে তুমি দেখা নাই নেকি! সেইবাবে হৃদয়ৰ মহত্ব সদায় বেছি৷”

প্ৰথম মানুহজনে ক’লে, “কিন্তু বৰ্তমান তেওঁৰ হৃদয়খনো যে পেটটোতে সোমাই আছে! পেটত খুদ-কণ নপৰিলে তেওঁৰ হৃদয়ৰ ধপধপনিয়ে বন্ধ হৈ যাব৷”

ৰঙীন মানুহজনে হাঁহি মাৰি ক’লে, “ৰ’বা তেওঁৰ ভোকৰ কিদৰে উপশম হ’ব মই দেখুৱাওঁ!”

এইদৰে কৈ তেওঁ সেই ভোকাতুৰ মানুহজনৰ সন্মুখত বাঁহী বজাবলৈ ধৰিলে৷

ইয়াকে দেখি প্ৰথম মানুহজনে সুধিলে, “এয়া তুমি কি কৰি আছা? ইয়াৰপৰা কি হ’ব?”

ৰঙীন মানুহজনে ক’লে, “মই তেওঁক সংস্কৃতিৰ ৰাগ শুনাই আছোঁ৷ তুমি দিয়া ৰুটিৰে তেওঁৰ মাত্ৰ এটা দিনৰ ভোকৰহে উপশম হ’ব, সংস্কৃতিৰ ৰাগ শুনিলে তেওঁৰ জন্ম-জন্মান্তৰৰ বাবে ভোক নোহোৱা হ’ব৷”

এইদৰে কৈ তেওঁ পুনৰ বাঁহী বজাবলৈ ধৰিলে৷

আৰু তেতিয়া সেই ভোকাতুৰ মানুহজন উঠিল আৰু তেওঁ ৰঙীন মানুহজনৰ বাঁহীটো আজুৰি আনি ওচৰৰ নলাটোত দলিয়াই পেলালে৷

০০০০০

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক