সখী বুলি নেমাতিবি দুনাই– মানসী প্ৰিয়দৰ্শিনী

—”অ’ই চানডে মাৰ্কেট যাবি?”

স্বাধীনতা দিৱসৰ অলস দুপৰীয়াটোত ঠাকুৰে ৰন্ধা গৰম গৰম ভাত, মোচাৰ ঘণ্টা, ৰৌ মাছৰ ঝাল, ঝুৰি ঝুৰি আলু ভজা, নাৰিকল দিয়া চানা দাইল আৰু খাহী মাংসৰ ৰঙা জোলেৰে ভূৰি-ভোজন কৰাৰ পিছত টোপনি এটাত হাবু-ডুবু খাবলৈ মন যোৱাটো নিতান্তই স্বাভাৱিক কথা। পিছে দেবাহুতি জানো কি ধাতুৰে গঢ়া ছোৱালী, বিছনাত দুবাগৰমান দিয়েই তাই আব্দাৰ ধৰাত লাগিল বোলে চানডে মাৰ্কেটলৈ যায়। আৰে! বিশেষ দিন বুলি ফুড চেক্ৰেটাৰীয়ে নানা আলোচনাৰ মাজেৰে তৈয়াৰ কৰা ম্যেনুৰ খাদ্যৰ আমেজকণ এতিয়াও শেষেই হোৱা নাই! ডেজাৰ্ট হিচাপে দিয়া ৰসগোল্লাটো অনা হৈছিল হোৱাইটটাউনৰ বিখ্যাত বাঙালী হোটেল ‘সুৱৰ্ণাৰ’ পৰা। মুখত দিয়া লগে লগে পমি গৈছিল। আস! ভাবোঁতেই মোৰ মুখখন পানীৰে ভৰি পৰিল! মহুৱা চক্ৰৱৰ্তীয়ে তাইৰ কথা ৰাখিলে। তামিল লবীটোৱে খুব আপত্তি কৰিছিল মহুৱা ফুড চেক্ৰেটৰী হোৱাক লৈ। সিহঁতৰ মতে মালায়ালী, তামিল, তেলেগু যি হয় সেয়া লৈ সিহঁতৰ আপত্তি নাই। তেওঁলোকৰ খাদ্যৰীতিৰ মিল আছে। মুথুলক্ষ্মীয়ে তামিল দলৰ হৈ আগভাগ লৈ ৱাৰ্ডেনক ক’লেগৈ,

-”আক্কা বহুত স্পাইছী খাই বংছ্ বোৰে, আমাৰ পেটে সহ্য কৰা কি সহজ? তদুপৰি চাম্বাৰ, ৰছম বিনে ভোজ-ভাত হ’বনে?”

মহানদী হোষ্টেলত অসমীয়া কেৱল মই আৰু দেবাহুতি। ইদলী, চাম্বাৰ, উত্তাপাম বা টমাট’ ৰাইছ খাই খাই আমাৰ জিভা বেয়া হৈ গৈছে। আমি দুয়োজনীয়ে মিলি মাছৰ টেঙা বা লাইশাক গাহৰিৰ আঞ্জা মেন্যুত থাকিব লাগিব নিচিনা অলীক কল্পনা কৰাতকৈ বুদ্ধিমানৰ দৰে মহুৱাৰ পক্ষত থিয় দিলো। ৱাৰ্ডেনে অৱশ্যে কাৰো কথা গুৰুত্ব নিদি মহুৱাক খাদ্য বিভাগৰ দায়িত্ব দিলে। সেইদিনা মহুৱাই উদাত্ত কণ্ঠেৰে কৈছিল,

-”একটু থামো, বাঙালী খাওয়াৰেৰ স্বাদ কাকে বলে আমি দেখাচ্ছি!”

তাৰ ফলশ্ৰুতিতে এই ৰাজকীয় খোৱা-দোৱা। এতিয়া দেবাহুতিৰ কৃপাত টোপনিৰ মিঠা আৱেশৰ পৰা মুক্ত হৈ হোষ্টেলৰ পৰা গেটলৈ এচোৱা খোজকাঢ়ি আৰু তাৰ পিছৰ চোৱা বহিবলৈ কি থিয় হ’বলৈও ঠাই নোহোৱা বাছত উচ্চস্বৰত লগোৱা তামিল সংগীত শুনি যোৱাৰহে কথা। লগতে মাছৰ ভেকেটা ভেকেট গোন্ধৰ সৈতে জেছমিন ফুল আৰু চুলিত লগোৱা তেলৰ উগ্ৰ সন্মিলিত গোন্ধৰ শাস্তি আছেই! টাউন গৈ পোৱালৈ বহুত দিন মূৰৰ বিষ উঠিছে। এনেকৈ গৈ কি ভাল পায় তাইহে জানে। মই বেয়া পাও বুলি জানিও লেনিয়াই থাকিব,

-”ব’ল না, সদায় লগ ধৰো নেকি ক’চোন। গৈ পাই ৰক্ বীচ্চত বহিমতো। তই শিলত বহি ঢৌ চাই থাকিবি। মই সাউতকৈ গৈ তই ভালপোৱা ক’কনাট আৰু জিঞ্জাৰ ফ্লেভাৰৰ আইচক্ৰীম লৈ আনিম। বৈ না….!”

তাই জানে সাগৰৰ প্ৰতি মোৰ দুৰ্বলতা। আচলতে তাই মোৰ সকলো জানে। জানি বুজিয়েইটো এই আবেগিক অত্যাচাৰ!

দেবাহুতিৰ লগত পৰিচয় পৰ্বটো মই কেতিয়াও নেপাহৰো। কটন কলেজত সেই যে একেলগে প্ৰথম দিনা ক্লাছলৈ সোমাই গৈ একেলগে বহিলো তাৰ পৰা তাই মোৰ লগেই নেৰা হ’ল। ব্ৰেকত কফি হাউচত বহি থাকোঁতে চুটি বেণীডাল নচুৱাই নচুৱাই মোক সুধিলে–

-”বয়ফ্ৰেণ্ড আছে তোমাৰ?”

মই সলাজভাৱে উত্তৰ দিলো, -”আছে, এইবাৰ মেডিকেল কলেজত এডমিশ্যন হৈছে তাৰ। তোমাৰ আছেনে?”

-”আছে। দুই লাঠ মাৰি দিব মন যায়। মহা অসভ্য!”
তাই খিক্ কৈ হাঁহি ক’লে।

মোৰ মুখৰ পৰা কফি ওলাই অহাৰ উপক্ৰম হ’ল! প্ৰথমদিনা লগ পায়েই এনেকৈনো কথা কয় নে! আমাৰ মা গাঁৱৰে প্ৰাথমিক বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী, সবৰে বৰবাইদেউ। কোনে জানো শিকাইছিল মোক ‘জহনীজাতি’ বুলি ক’বলৈ, মায়ে কেনেবাকৈ শুনি স্কুলতে সবে দেখাকৈ উৰাই-ঘূৰাই পিটিলে। সেইদিন ধৰি যি ভয় সোমাল, কথা বহুত জুখি-মাখি কওঁ। মাক আচলতে বহুত ডাঙৰ হোৱালৈকে মাকতকৈ বেছি বৰ বাইদেউ যেনেই লাগি থাকিল! সেই বৰবাইদেউ স্কুলৰ কামত গুৱাহাটী আহোঁতে মোক লগ কৰিবলৈ কলেজলৈকে আহিল। চাই বোলে জীয়েকক কলেজীয়া ৰূপত(মোৰ মতেতো ক্লাছ নকৰি প্ৰেম-চেম কৰি ঘূৰি ফুৰিছো নেকি গোন্ধ লোৱাৰহে চেষ্টা)! যিহঁ‌ওক, বৰবাইদেউক দেবাহুতিয়ে লগ পাই একেবাৰে সাৱটি ধৰিলে–

-”আণ্টি ইউ আৰ চ’ লাভলী। এইজনীয়ে এনেই মোক হিটলাৰ বুলি কৈ থাকে!”

মায়ে মোলৈ ঘোপাকৈ চালে। মই আনফালে মুখ ঘূৰালোঁ।

-”আপুনি বনোৱা নাৰিকলৰ লাৰু যে ইম্মান টেষ্টি! মোলৈ বেলেগকৈ দিব হা। নহ’লে এখেতৰ ৰুমমেটসকলৰ কৃপাত মোৰ ভাগত পৰো নপৰোকৈ এটাহে পৰে!”

দেবাহুতিৰ পেকপেকনিৰ অন্ত নাই। বৰবাইদেৱে তাইক মৰম কৰি মূৰতে চুমা এটা খালে। মোৰ চকু ডাঙৰ হৈ গ’ল। চিটপখিলীয়ে মানুহ মুহিব জানে!

বহুতে আচৰিত হয়–চঞ্চলা চপলা দেবাহুতি আৰু লাজকুৰীয়া, অন্তৰ্মুখী সুকণ্যাৰ বন্ধুত্ব হ’ল কেনেকৈ? তাৰ উত্তৰ আমাৰ হাততো নাছিল! লাইব্ৰেৰীলৈ তাইক টানি টানি লৈ যাওঁ‌। মই আলোচনীৰ পাত লুটিয়ালেই তাই হামিয়াবলৈ ধৰে। তাৰ পিছত বিভিন্ন প’জত চেলফী লোৱা আৰম্ভ হয় তেখেতৰ। কিমানদিন যে চিচি টিভি কেমেৰাত ধৰা পৰি সঁকীয়নি খাইছে হিচাপ নাই! তাই যি তায়েই। থোড়াই কেয়াৰ কৰে!

ফৰ্থ চেমিষ্টাৰ পাওঁ‌তেই মোৰ প্ৰেমৰ সম্পৰ্কৰ অৱসান ঘটিছিল। দেবাহুতিয়ে মোক হোষ্টেলৰ পৰা তাইৰ ঘৰলৈ লৈ গৈছিল। ছাদৰ ওপৰত কিমান ৰাতি তাইৰ গাত মূৰ থৈ কান্দিছো হিচাপ নাই! তেনেকুৱা সময়বোৰত তাই মোক নিচুকায়,

-”বদমাছটোক পালে চালা লাঠ মাৰি দিম!”

সেই দেবাহুতি মাষ্টাৰ ডিগ্ৰী কৰিবলৈ টাটা ইনষ্টিটিউট অৱ ছছিয়েল ছায়েন্সত চিট পায়ো নগ’ল। তাই মোক জোৰ দিলে–

-”ব’ল না একেলগে পঢ়িম। নহ’লে যে তই তেজপুৰ ইউনিভাৰ্ছিটিত, মই মুম্বাইত। ধ্যে–ই!”

বৰ বাইদেউক মোক অসমৰ বাহিৰলৈ পঠিওৱাত উৎসাহী যেন দেখা গ’ল। দেবাহুতিৰ মাকে ফ্লাইটত উঠাবলৈ আহোঁতে মোক ক’লে—

-”তাই বহুত চঞ্চল সুকণ্যা, তোমাৰ ভৰসাত পঠাইছো। চাবা!” মই আশ্বাস দিলো, “চাম খুড়ী!”

এনেদৰেই আমি অসমৰ পৰা বহু দূৰৈৰ সাগৰৰ পাৰত অৱস্থিত কেন্দ্ৰীয় বিশ্ববিদ্যালয়খনৰ ছাত্ৰী হ’লো। এইবোৰ এবছৰৰ আগৰ কথা। এতিয়া আমি বিশ্ববিদ্যালয়ৰ কেম্পাছ লাইফত অভ্যস্ত। মুক্ত জীৱনে দেবাহুতিৰ মুকলি মনটোত যেন ডেউকা লগাই দিলে। বিশ্ববিদ্যালয়ৰ নানা সাংস্কৃতিক অনুষ্ঠানবোৰত পৰাই নোৱাৰাই তাই অংশগ্ৰহণ কৰে। লগতে মোকো টানিব বিচাৰে।

-”না ভাই না! মোক এইবোৰত নোসোমোৱাবি।” মই ৰুমত শুই শুই উপন্যাস এখন পঢ়িবলৈ পালেই ভাল পাওঁ‌।

অৱশ্যে অসমীয়া ছাত্ৰ-সমাজে আয়োজন কৰা কাতি বিহুত মেখেলা-ছাদৰ পিন্ধি তাইৰ লগতে আগ-ভাগ লৈ তুলসীৰ তলত চাকি জ্বলালোঁ। তাই কাণে কাণে ক’লে–

-কাতি বিহুত উপহাৰ পোৱা শুনিছ?
-নাই শুনা। কাতি বিহু কঙালী। উপহাৰ নিদিয়ে।
-কিন্তু মোক দিব।
-কোনে দিব?
-সৌ যে তোলৈ ট’ ট’ কৈ চকুকেইটা মেলি চাই আছে পি এইচ ডিৰ অম্লান দা, সিয়েই দিব।
-হোৱাট? কিয় দিব?
-তোক মেখেলা-চাদৰ পিন্ধাই আনিলোঁ যে, লগতে তই প্ৰাৰ্থনাও গালি। সি চাগৈ ৰেকৰ্ডিংটো গোটেই ৰাতি চাই থাকিব!

মেখেলা কোঁ‌চাই খেদি গ’লো মই। তাই পলাল। আচ্ছা সেইকাৰণে তাই কৈ আছিল—-

-”ইমান মুডত নাথাকিবিচোন। মানুহে মাতিবলৈও ভয় খাই তোক বেং! মোক বহুতে সুধি আছে সুকণ্যা বহুত খঙাল নেকি?”

অসমীয়া ফেয়াৰৱেলৰ বাবে হ’বলগীয়া যা-যোগাৰৰ মিটিঙত দেবাহুতিয়ে কৈ থৈ আহিল -”এংকৰিঙ সুকণ্যাই কৰিব, বেলেগে নহয়!” আঠ বজাৰ পিছত কেম্পাছত বাছ নচলে। ৰাতি লাইব্ৰেৰী বা টাউনৰ পৰা খোজকাঢ়ি আহোঁতে চিনাকি কোনোবাই পালে বাইকখন ৰখাই লিফ্ট দিয়ে। কেম্পাছৰ ভিতৰত বাইকত তিনিটা কি, চাৰিটাও উঠে। সাধাৰণ কথা। এনেকৈ উঠিবলৈ হ’লে মই তাইৰ চকুলৈ চাওঁ‌। তাই বুজে। বিন্দাছ মাজত বহি মোলৈ পিছফালে জেগা উলিয়াই দিয়ে। কেতিয়াবা হোষ্টেলৰ ছাদত ভৰি চৰি আৰামত মেলি ক্ৰেনবেৰী বা ব্লেকবেৰী ফ্লেভাৰৰ ব্ৰিজাৰ পি থাকোঁতে তাইক সোধো,

-”তই নথকা হ’লে মোৰ কি হ’লহেঁতেন দেবা?”

-”কি হ’লহেতেন আৰু! মুডত অহা যোৱা কৰিবি ক্লাছলৈ। কালৈকো নেচাবি। প্ৰপ’জ দিলেতো যিটো চাৱনি দিবি ল’ৰা দগ্ধ হৈ চেটেপ। মই সৱকে কৈছো বুলিহে বোলো আমাৰ ছোৱালী ভিতৰি তামাম ৰোমাণ্টিক!”

তাই অলপ নিচা লগাৰ অভিনয় কৰি কোৱা কথাখিনি শুনি ভুকু দুটা তাইৰ পিঠিত বহুৱাই দিলো। পাগলী ক’ৰবাৰ!

এনেকৈয়ে আমি দ্বিতীয় বৰ্ষত ভৰি দিলো। এই সকলোবোৰ হয়তো এনেকৈ থাকিলেহেঁ‌তেন যদিহে আমাৰ জীৱনলৈ ৰাহুল খত্ৰীৰ আগমন নঘটিলহেঁ‌তেন! এদিন দুপৰীয়া মেছত মই অকলেই খাবলৈ বহিছো। দেবাহুতিৰ বোলে ৰেম্পৱাক প্ৰতিযোগিতা সম্পৰ্কীয় কাম আছে। তাই এফালে গৈছে। দেৰি হ’ব, মোক লান্স কৰি ল’বলৈ ক’লে। আগতেও যায় তাই। গতিকে মই অকলেই মেছলৈ গৈ ভাত খাবলৈ বহিলো।

-”কেন আই চিট হিয়েৰ?”

কাৰোবাৰ মাত শুনি মূৰ দাঙি চালো, মুথুলক্ষ্মী। হাতত কাঁহী লৈ ৰৈ আছে।

-য়াহ চিঅ’ৰ!”

মুখেৰে ক’লো যদিও মোৰ বৰ এটা মন নাছিল তাইৰ লগত খাবলৈ। এবাৰ তাই একেলগে খাবলৈ বহি যি চলৌপ চলৌপকৈ একাঁ‌হী ৰচমত ভাত ডুবাই লৈ খাইছিল! সেই খাই থকা হাতেৰেই মোৰ ভাল লাগিছে বুলি শুনি তাইৰ কাঁ‌হীৰ পৰা কাচকলৰ ভাজি অলপ থেপেককৈ মোৰ কাঁহীত পেলাই দিছিল। মোৰ ওকালি আহিবলৈ বাকী! তেতিয়াও খাবলৈ আৰম্ভ নকৰা দেবাহুতিয়ে তাইৰ লগত মোৰ কাঁহীখন সলাই লৈছিল। দেবাহুতিৰ মতে এইবোৰ মৰম! আজি বা মুথুৱে কি মৰম দেখুৱায়! তাই পিছে শান্তকেই খালে। যাবৰ পৰত মাত্ৰ লাহেকৈ কৈ গ’ল,

-”বেষ্ট ফ্ৰেণ্ডক অলপ চকু দিবি। খত্ৰী ইজ এ ভেৰী কানিং গাই! তাৰ বহুত কেচ আগতে!”

মই আচৰিত হ’লো। হা? খত্ৰী আৰু দেবাহুতি? লাইব্ৰেৰী আৰু প্ৰফেচৰৰ পিছত ঘূৰি ফুৰাৰ বাহিৰে বেলেগ চিনি নোপোৱা মুথুলক্ষ্মীয়েও যদি কিবা গম পাইছে তেন্তে কথা বহু দূৰলৈ শিপাইছে। দেবাহুতিয়ে মোক কিয় কোৱা নাই একো? ৰাহুল খত্ৰীক মই ভালকৈ চিনি পাওঁ‌। ইউনিয়ন বডীৰ ল’ৰা, শিয়ান বুলি তাক নিচিনা মানুহ নাই! কাম সৰকাবলৈ সি বহুত তললৈ নামিব পাৰে। ছোৱালীও কাপোৰ সলোৱাদি সলায়। কিন্তু আমাৰ এই তাৰ পাল্লাত পৰিল কেনেকৈ! দেবাহুতি ৰাতি ৰাতি দেৰিকৈ অহা বা কেতিয়াবা কিবা অনুষ্ঠানৰ দোহাই দি ৰুমলৈ নহা কথাবোৰ মোৰ মনত স্পষ্ট হ’বলৈ ধৰিলে!

সেইদিনা দেবাহুতি ৰুমলৈ অহাৰ পিছত চিধাই সুধিলোঁ–

-”কিমান দিনৰ পৰা চলি আছে?”

তাই মুখেৰে একো নামাতিলে। মই বুজনিৰ সুৰত ক’লোঁ তাইক যে তাই তাৰ চৰিত্ৰৰ বিষয়ে জনাৰ পিছত অলপ সাৱধান হোৱাটো ভাল। সি কিয়, বেলেগ ভাল ল’ৰা এটা বয়ফ্ৰেণ্ড বনাওক তাই।

-”তাৰমানে তই শিকাবি মোৰ ফিলিংছ কালৈ আহিব লাগে?”

তাই হিমশীতল মাতেৰে ক’লে। মই ৰৈ গ’লো। নিজৰ কাণক যেন বিশ্বাস নকৰিম। লাহেকৈ ৰুমৰ পৰা ওলাই ছাদলৈ উঠি গ’লো। মহুৱাই বেপৰোৱা ভংগীত ছিগাৰেট হুপি আছিল। চুক এটালৈ গৈ মই হুক হুকাই কান্দি পেলালো। মহুৱা দৌৰি আহিল,

-”আৰে মোৰো একেই অৱস্থা বে, অৰুনিমাই সৌভিকক পতাই লৈ মোক চিনিয়েই নাপায় এতিয়া। দিন-ৰাত তাৰ লগত। চিগাৰেট খাবলৈ লগ নোহোৱা কৰি দিলে মোৰ!” তাই বুজালে।

মই মহুৱাক কেনেকৈ কওঁ যে দেবাহুতিৰ কাৰোবাৰ লগত সম্পৰ্ক হোৱাক লৈ মোৰ কি আপত্তি থাকিব পাৰে? কিন্তু সেই গুণ্ডা মাৱালীটোৱে তাইক যদি আন ছোৱালীৰ লগত কৰা দি ব্যৱহাৰ কৰি এৰি দিয়ে?

সেই ঘটনাটোৰ পিছত আমাৰ সম্পৰ্কটো অসহজ হৈ পৰিল। মাত-বোল প্ৰায় বন্ধ হোৱাৰ দৰেই। মই মাতিব বিচাৰো, তাই নিৰ্বিকাৰ হৈ থাকে। এদিন দেখিলো আমি চানডে মাৰ্কেটত কিনা, দুজনী সোমাব পৰা আমাৰ মৰমৰ প্ৰকাণ্ড ছাতিটোৰ তলত তাই আৰু খত্ৰী! হেৰ’ তই বেলেগ এটা ছাতি নেপালিনে দেবা! সেই ছাতিটোৰ কাৰণে যে আমাক সবেই জোকাইছিলে। অসমৰ দাদা এজনে কৈছিলে বোলে অসমীয়া বুঢ়া নালৰ ছাতিটোৱেইচোন! আমি হাঁহিছিলো। ছাতিৰো আকৌ কি জাতি ধৰ্ম! এতিয়া তাইৰ আৰু মোৰ ছাতিটোৰ তলত সেই খত্ৰীক দেখি তাক ঠেলা মাৰি পেলাই দিবলৈ মন গ’ল যদিও সম্বৰণ কৰিলোঁ‌। সি বৰ হৃষ্ট-পুষ্ট।

কিন্তু যিদিনা দেবাহুতিক খত্ৰীৰ আণ্ডাৰৱেৰ, বিছনা ছাদৰ ধুই থকা অৱস্থাত বাথৰুমত আৱিষ্কাৰ কৰিলোঁ মোৰ ধৈৰ্যচ্যুতি ঘটিল।

-”ঘৈণীয়েৰ নেকি হা তই? কিয় ধুবি তাৰ লেতেৰা কাপোৰ?” খঙত মোৰ কাণ-মূৰ গৰম হৈ গ’ল।

তাই সেইদিনাই বস্তু বান্ধি ৰুম সলনি কৰি গুচি গ’ল। মহুৱাই মোক সান্ত্বনা দিলেহি-”জাঙিয়া ধুই ইমান মজা পাইছে যদি যাব দে বে। বিয়েৰ খাবি মোৰ লগত?”

ক’ৰ পৰা কি হৈ গ’ল মই তৰ্কিবই নোৱাৰিলো। দেবাহুতি লাহে লাহে সকলোৰে পৰা আতঁ‌ৰি থাকিবলৈ ল’লে। দিল্লীৰ ৰাজীৱ চৌহানে মোক লাইব্ৰেৰীত লগ পাই দেবাহুতি শেহতীয়াকৈ নিৰামিষাহাৰী হোৱাৰ খবৰ দিলে। মাংস বুলিলে বলিয়া ছোৱালীজনী নিৰামিষাহাৰী! কাৰণ? খত্ৰী নিৰামিষাহাৰী।

-”ৱহ লড়কী পাগলা গয়ী হ্যে। চম্ভাল লে!”

সি চিন্তিত মাতেৰে কৈ গ’ল।” চম্ভাল লে” বুলি ক’লেই চম্ভালিব পাৰি নে কাৰোবাক? তাই প্ৰাপ্তবয়স্ক। বান্ধৱী হিচাপে মই মাত্ৰ বুজাবহে পাৰো। ইতিমধ্যেই মোৰ বুজনিয়ে আমাৰ মাজত শীতল যুদ্ধৰ সৃষ্টি কৰিছে।

দেবাহুতিয়ে সেই বছৰটোত কোনো অনুষ্ঠানত অংশগ্ৰহণ নকৰিলে, ৰাহুল খত্ৰীৰ অনুমতি নাই বুলি গুজৱ শুনা গ’ল। নৰ্থ-ইষ্ট ফেষ্টিভেলত বিহু নচাৰ কথা পাতিবলৈ এদিন মই তাইক নিজেই বিচাৰি গ’লো। ৰুমত নাই। তাইৰ ৰুমমেটে জনালে,

-”শ্বি ইউজুৱেলি কামচ্ টু ৰুম এট আৰ্লি মৰ্নিং!”

ফোনটো উলিয়াই ক’ল কৰিলোঁ, ৰিং বাজি বাজি বন্ধ হৈ গ’ল। সন্ধিয়া দেবাহুতিক মেনেজমেণ্ট কেণ্টিনত খত্ৰীৰ সৈতে দেখা গ’ল। তাত খাদ্য সুস্বাদু আৰু দামো সস্তা বাবে অসমীয়া বান্ধৱীকেইজনীয়ে মোক লগ ধৰি আছিল। সিহঁতক অৰ্ডাৰটো দিবলৈ কৈ মই উঠি গ’লো।

-”দেবা অলপ এইফালে আহিবি নেকি, কথা এটা আছিল।” মোৰ কথা শুনি তাই উঠি আহিল। সিহঁতক বিৰক্ত কৰা অভিব্যক্তি মুখত স্পষ্ট।
-”ক, কি ক’ব আছে?” , তাই যিমান পাৰি সোনকালে আজৰি হ’ব পাৰিলেই যেন ৰক্ষা পৰে।

  • “এন ই ফেষ্টিভেলত বিহু নানাচ বোলে তই? মনামীয়ে সেইদিনা কৈছে। কেনেকুৱা লাগিব তই নানাচিলে ক’চোন!”
  • মোৰ নাচিব মন যোৱা নাই নানাচো। সিমানেই!
    -আৰে তোক মই নাজানো নেকি? বিহু বুলিলে তই ৰ’ব নোৱাৰ। তোক ই খত্ৰীয়ে মানা কৰিছে নেকি? লাগিলে মই অনুৰোধ কৰিম তাক। প্লিজ ব’ল একেলগে নাচিম। আকৌ জানো এইবোৰ দিন উভতি আহিব?
    -”সুকণ্যা প্লিজ নিজৰ কাম কৰ না। মোক স্পেছ দে। লাগি নাথাকিবি। মোৰ নিজৰে মন নাই নাচিবলৈ।”

কথাখিনি কৈ তাই গপ্ গপাই গুচি গ’ল। কেণ্টিনৰ ভিতৰলৈ মোৰ আৰু সোমোৱা নহ’ল। লাজ, অপমান অথবা দুখত প্ৰস্তৰ হৈ ৰ’লো সেই ঠাইতে। প্ৰেম মানে জানো এনে বান্ধোন! নিজকে হেৰুৱাই কাৰোবাৰ হাতত সৰ্বস্ব তুলি দিয়া জানো প্ৰেম!

-”উশাহ কেনেকৈ লৈছ দেবাহুতি!” মই বিৰ্ বিৰালো।

বিশ্ববিদ্যালয়ৰ শেষৰ দিনকেইটাত সকলোৰে কাণত এটা খবৰ খৰকৈ বিয়পিবলৈ ধৰিলে—

-”দেবাহুতি তিনিমাহৰ বাবে অষ্ট্ৰেলিয়ালৈ যাব ষ্টুডেণ্ট এক্সচেইঞ্জিং প্ৰগ্ৰামত!”

ক্লাছৰ টপাৰ কেৰালাৰ মৈত্ৰেয়ী ভেনুগোপাল অথবা শ্ৰীৰাজ আয়েঙ্গাৰৰ সলনি দেবাহুতি কেনেকৈ নিৰ্বাচিত হ’ল? হৈ চৈ এটা লাগি গ’ল। কোনেও গম পোৱাৰ আগতেই অতি গোপনে এই নিৰ্বাচন প্ৰক্ৰিয়া সমাধা হৈছিল। ইয়াত কাৰ হাত আছিল সকলোৱে গম পালে।

মোক ডিপাৰ্টমেণ্টৰ এছ মালব্যাই আহি ক’লে—”স্মাৰ্ট বুলিতো আমি ৰাহুল খত্ৰীকহে ভাবি আছিলো, আচল খেলখন বেলেগেহে খেলিলে!” মই আৰু শুনিব নোৱাৰিলো।

গুৱাহাটীলৈ ঘূৰি অহাৰ আগদিনা মই তাইক ফোন কৰি মাতিলো সন্ধিয়া মোৰ ওচৰলৈ। ছাদত বহি তৰা চাম, ব্ৰিজাৰ খুলি ল’ম। হয়তো শেষবাৰৰ বাবে! তাইলৈ অপেক্ষা কৰি কৰি শেষ নিশা মই শুবলৈ যত্ন কৰিলো।

পুৱা গ্ৰাউণ্ড ফ্লৰ’লৈ মোৰ ট্ৰ’লী চুঁ‌চৰাই থকা ৰুমমেটক যাবলৈ দি মই দেবাহুতিৰ ৰুমৰ দুৱাৰত নক কৰিলোঁ। হুক লগোৱা হোৱা নাছিল, লাহেকৈ থেলি সোমাই গ’লো। তাইলৈ চালো, টোপনিত বৰ শান্ত লাগিছে মুখখন। এনেকৈ দেখিলে কোনে ক’ব তাই ইমান কথকী বুলি! ব্ৰিজাৰৰ বটল দুটা আৰু তাইৰ প্ৰিয় আলহুদাৰ তন্দুৰী চিকেনৰ পেকিংটো টেবুলখনত থৈ ওলাই আহিলোঁ। টেক্সীত উঠাৰ আগতে ৰুমমেট ৰজিতাই সাৱটি ধৰিলে, ক’লে–

—-”পুৱা চাৰে তিনি বজাত দেবাহুতি আহিছিল, মই তাইক গালি দিছো বিদায় বেলাতো বয়ফ্ৰেণ্ডটোক এৰি অকণমান সময় মিলাব নোৱাৰিলে নে! তাই তোমাক চাই গুচি গৈছে।”

মই ফ্লাইটত উঠালৈ দেবাহুতিৰ ধাৰাসাৰ ক’ল আৰু ক্ষমাসূচক মেছেজ আহিবলৈ ধৰিছিল। মই নাম্বাৰটো ব্লেক লিষ্টেড কৰি ফোনটো বন্ধ কৰি দিলো। তিক্ততাখিনি বাদ দিও দেবাহুতি আৰু মোৰ পুৰনি মধুৰ স্মৃতি বহুত আছে। সেইখিনি মই পাহৰিব নোখোজো। তাৰ খাতিৰতে এই দেবাহুতিক মই পাহৰাতো জৰুৰী, বৰ জৰুৰী।

অৱশ্যে মই ৰজিতাক নক’লো যে দেবাহুতিয়ে পুৱতি নিশা মোৰ মূৰত হাত ফুৰাই দিওঁ‌তে মই সাৰে আছিলো আৰু জোৰকৈ ওলাই আহিব খোজা কান্দোনটো বন্ধ কৰাৰ তীব্ৰ চেষ্টাত ব্ৰতী হৈছিলোঁ।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক