সগৰ্ভা (বৰ্নালী দেউৰী)

 

মানুহ গৰাকী দেখাত খুউব বেচি ২০-২২ বছৰ যেন হে লাগে, কিন্ত মই যেতিয়া বয়সৰ কথা সুধিলো, তেতিয়া তাই মিচিকিয়াই হাঁহি গিৰিয়েকৰ ফালে চালে, আৰু গিৰিয়েকে তপৰাই কলে, অহা শাওনত তাইৰ ৩১ বছৰত সোমাব বাইদেও|

“আগতেও এনকুৱা হৈছেনে ?” মই সুধিলো

“অ বাইদেও আগতে খোৱা পাটৰ পৰা উঠি উঠি যাওঁ , খোৱা বস্তুৰ গোন্ধ পালেও বমি আহিব খোজে | অৱশ্যে সিদিনাখন জেতুকীয়ে অনা কেঁচা আম চকলিয়াই খুউব খালো|”

অপৰাধীৰ দৰে লাজ লাজকৈ তাই গিৰিয়েকৰ ফালে চালে |

মুখৰ কোণত হাঁহি এটা বিয়পি পৰিল | মুখ ফুটাই কলো .. “হ’ব দিয়া, কোনো কথা নাই, এনেকুৱা হয়েই এইটো সময়ত |”

মানুহ গৰাকীলৈ চালো. গাখীৰৰ দৰে উজ্জল বগা ৰং,.তেজে ফোটো ফোটো কৰা দুগাল, কপালত ৰঙা দগমগীয়া সেন্দুৰৰ ডাঙৰ ফোট, উজ্জ্ল টনা টনা চকু এজুৰি, গলধনত থকা খোপা টোৰ ওপৰেদি চাদৰৰ আঁচলখন আগফাললৈ টানি লৈছে |

মিনতিক কলো ৰোগীক বিচনাখনত শুৱাই দিয়া |

 

প্ৰাথমিক পৰীক্ষা খিনিৰ অন্তত ,পেটত হাত দি চিন্তিত হলো| ডিঙিৰ ষ্টেথোস্কোপ ডালেৰে স্ফীত পেটটোৰ বিভিন্ন অংশত হৃদস্পন্দন শুনিব খুজিলো,

অদ্ভূত !!!!!!!

“পাছে মাহেকীয়া বন্ধ হোৱাৰ তাৰিখটো কি কৈছিলে ?”

উত্তৰটো নহা দেখি , ব্যৱস্থা পত্ৰ লিখাৰ পৰাই মুৰ দাঙি চালো..

মানুহ গৰাকীয়ে তল মুৰ কৰিছে , গিৰিয়েকে সেমেনা –সেমেনি কৰি কৰি কলে “দিন বাৰ বোৰ বৰকৈ মনত নাথাকেই নহয়, কাতিৰ চাৰিদিনমান যোৱাৰ পাছতে আমাৰ কলি গাইজনীৰ পোৱালী এজনী জগিছিল, সেই সময়তে তাই অশুচি হ’লে দামুৰীজনীক নিজ হাতে নিমখ খোৱাব নোৱাৰিব বুলি তাইৰ বৰ ভয় আছিল, পিছে ভগৱন্তৰ কৄপাত সেইবাৰ ন’হল |”

বুজিলো ! আঘোন..পুহ..গৈ. .শাওন সোমাই গৈ…মানে আনুমানিক ৯মাহ.. এনেকৈ এটা সঠিক তাৰিখ উলিওৱাটো টান হৈ পৰেগৈ, আৰু পিছত সন্তান ভূমিষ্ঠ হয় দিন দিয়াৰ এমাহ আগত বা পিছত|

ল’ৰালৰিকৈ লিখি গ’লো..নাম ..শ্ৰী মতী পূৰ্ণিমা গগৈ , প্ৰযত্নে শ্ৰী নীলকান্ত গগৈ, গাওঁ…মহঘূলি ..ডাক ..কমাৰ বন্ধা, বয়স..৩০ বছৰ ১১ মাহ, ওজন..৫৬ কেজি…

এই পৰীক্ষা কেইটা কৰাই তাৰ পাছত আকৌ আহিব…খচখচ কৈ লিখি দিলো..ইউৰীন ফ’ৰ বিটা এইচ্‍ চি জি, আৰু পেটৰ আলট্ৰাচাউন্দ এখন |

বিদায় লৈ দুয়ো ওলাই গ’ল |

মিনতিয়ে পিছৰ গৰাকী ৰোগীক পঠাই দিলে |

মিচেচ দীপালী বৰুৱাৰ প্ৰসৱ কালীন দুটা মান অসুবিধা | উগাৰ আহি থাকে, খাবৰ মন নাযায়, আভোক লাগি থাকে| লগতে কৌষ্ঠকাঠিন্যৰ সমস্যা | গোটেই গাটো খজুৱাই থাকে , ৰাতিও ভালকৈ শুব নোৱাৰে, ফণি খন লৈ দেহাটো আঁচুৰি বহি থাকে | গিৰিয়েক আকৌ কেন্দ্ৰীয় চৰকাৰৰ চাকৰিয়াল , পুৱা ৮.00 বজাতে যাব লাগে | মুঠতে দুয়োজনৰ টোপনি খতি | মিচেচে বৰুৱাই দিনত অকনমান বাগৰ মাৰিব পাৰিলেও, মিষ্টাৰ গিৰিণ বৰুৱাৰ সেই সুবিধা কন নিমিলেগৈ |

গধুলি ৭ বজাত আহিও ঘৈনীয়েকৰ নানান টা ওজৰ –আপত্তি , কাম কৰা বাইজনী সময়মতে নাহিল, দৰব কেইটা আজিও আনিবলৈ পাহৰিলা, পাকঘৰৰ এগ‍জ্‍ষ্ট খন বেয়া হৈ আছে. , আলহীক ভাত খাবলৈ মাতি ৬-৩০ত ওলালেহি বজাৰ কেতিয়া কৰিবা ? ৫ বজাতে অহাৰ কথা আছিল.., দিনটো বমি কৰি বহি থাকিলেও, ফ’নত পাবলৈকে দিগদাৰ |ইত্যাদি ইত্যাদি..

সাতে – পাঁচে মিলি মুঠতে ঘৰুৱা অশান্তি হৈছেগৈ |

মিচেচ বৰুৱাৰ মতে গিৰিয়েকে তেওঁৰ কথা অকনো শুনিব নোখোজে | ক’ব খুজিলেও হাঁহি উৰাই দিয়ে | মিঁচিকিয়াই দুয়োজনৰ কথাবিলাক শুনি আছো | এটা সময়ত মিচেচ বৰুৱাক বুজালো এনেসময়ত মন প্ৰফুল্ল ৰখাটো খুবেই প্ৰয়োজনীয়, এইবিলাক প্ৰসুতিকালিন সৰু বৰ সমস্যা থাকিবই | গধুলি এপাক দুয়োকে বাহিৰত মুকলি বতাহত অলপ খোজকঢ়াৰ পৰামৰ্শ দিলো, মন আৰু শৰীৰ দুয়োটাই ভালে থকিব |মুখৰ উজ্জল হৈ উঠা চেহেৰাটোৰ পৰাই গম পালো প্ৰস্তাবটো শ্ৰীমতী বৰুৱাৰ পচন্ড হৈছে | বুজিলো মিষ্টাৰ বৰুৱাৰ লেথাৰি নিচিগা কামৰ ধাৰে তেওঁক বাৰুকৈয়ে আমুৱাইছে |

গৰ্ভৱতী অৱস্থাত নিঃসৰণ হোৱা বিভিন্ন হ’ৰমনৰ বাবে শৰীৰৰ নানটা পৰিবৰ্তনৰ লগতে মানসিক উ‍ত্‍কন্ঠাও বৄদ্ধি পায়| এইখিনি সময়ত আপোনজনৰ মৰম, সহানুভূ্তি, আৰু মৰমৰ মাত এষাৰ খুবেই প্ৰয়োজনীয় হৈ পৰে | স্বামী জন যিমানেই ব্যস্ত নহওক কিয় তেওঁ অলপ ধৈয্য ধৰি পত্নীৰ কথা শুনিলেই ৮০% সমস্যাৰ সমাধান হৈ যায় | আজিকালি ব্যস্ততাই মানুহক যান্ত্ৰিক হ’বলৈ বাধ্য কৰি পেলাইছে | স্বামী –স্ত্ৰীৰ মাজত বুজা-পৰাৰ অভাৱে সংসাৰত জটিলতাৰ সৄষ্টি কৰি পেলায় | স্ত্ৰী গৰাকীয়েও কামৰ পৰা ভাগৰি-জুগৰি অহা স্বামী জনক অহাৰ লগে লগে সমস্ত ওজৰ-আপত্তি নিদি , তেওঁৰ মানসিক অৱস্থাৰ বুজ লোৱাটো খুবেই প্ৰয়োজনীয় | পৰস্পৰৰ প্ৰতি শ্ৰদ্ধা, বিশ্বাস আৰু সহনশীলতাই হে এখন সুন্দৰ সংসাৰৰ জন্ম দিয়ে | এনে এখন ঘৰ আহিবলগা প্ৰত্যেকটো দেবশিশুৰে প্ৰাপ্য |

 

প্ৰয়োজনীয় দৰব-পাতি খিনি লিখি কেনেদৰে ল’ব লাগে বুজাই দিলো | দুপৰীয়া ২-৩ ঘন্টা সময় সদায় নিৰ্দিষ্ট সময়ত শোৱাৰ কথাও সকিয়াই দিলো |

নিকু বাইদেওলৈ মনত পৰি গ’ল |ডাঙৰ বাইদেওৰ প্ৰথম সন্তানটো জন্ম হোৱাৰ সময়ত ঘৰত আছিলগৈ | তাইৰ যে টেঙা খোৱাৰ কি চখ হৈছিল | কলি আম, জলফাই, নেমু, কৰ্দ্দৈ , অমৰা একো বাদ নপৰিছিল | সৰু ভাইটি আৰু মই দুপৰীয়া গাঁৱৰ সকলোৰে বাৰী তহিলং কৰি ফুৰিছিলো |

“সন্ধ্যা যেতিয়া নামে….আইলৈ মনত পৰে…” সুললিত সুৰত মবাইলটো বাজি উঠাত ভাৱনাত যতি পৰিল | হেল্ল… সিফালৰ পৰা মাৰ কণ্ঠ স্বৰ ভাহি আহিল | “ভাত-পানী খালিনে, কেবল ৰোগী বোৰৰ লগতে লাগি নাথাকিবি, নিজৰ দেহাৰ ফালেও চাবি |” মাৰ কথা শুনি হাঁহি উঠিল , মেডিকেল পাছ কৰিলো যদিও, মাৰ মানত এতিয়াও তাহানিৰ আইনু জনী হৈয়েই থাকিলো |

যিমান বাৰ মানা কৰিলেও, মায়ে এতিয়াও দিনে এবাৰ ভালদৰে খোৱা-বোৱা কৰিছোনে খবৰ লবলৈ নাপাহৰে | মাক ক’বৰ বৰ মন যায়, মই নিজৰ যত্ন ল’ব পৰা হৈছো অ’ মা | এতিয়া তোৰ নিজৰ যত্ন লোৱাটোহে বেছি দৰকাৰ| ঘৰখনৰ আৰু পিতাইৰ যত্ন লোৱাৰ লগতে নিজলৈকো চকু দিবি | আগতে হোষ্টেলত থাকোতে একেবোৰ কথাকে শুনি শুনি আমনি লাগছিল, খং উঠিছিল মাজে মাজে | এতিয়া মা’ৰ আব্দাৰ বোৰ শুনি ভাল লাগে |

 

কেতিয়াবা চাৰিওকাষৰ বিশ্ৰংখল পৰিবেশ আৰু হুলস্থূলৰ মাজত আইৰ মাতষাৰে অমিয়া নমাই আনে | এনেই জানো কথাতে কয় মাতৄৰ এষাৰি শুৱলা মাতে হেজাৰ দুখ পাহৰাই পেলাব পাৰে বুলি ? নৈৰ সমান বব কোন, আইৰ সমান হ’ব কোন ?

উত্তৰ টো চমুৱাই থলো… “খাম দে মা, তই চিন্তা কৰি নাথাকিবি |”

থিক কৰিলো এইবাৰ প্ৰদিপ্তক কৈ যেনেতেনে পূজাৰ বন্ধত ঘৰলৈ যাব লাগিব| মনে মনে ভগৱানক খাটিলো এইবাৰো যেন আগৰ কিবাৰৰ দৰে শেষ মূহূৰ্তত ইমাৰ্জেনচি নোলাইহি |

ইন্টাৰকম ফ’নটো বাজি উঠিল….

“বাইদেও ৩নং বিচনাৰ ৰোগী গৰাকীক লেবাৰ ৰুমলৈ লৈ যোৱা হৈছে | বিষ বেচি হৈছে |” ফ’নত চিষ্টাৰ মামণিৰ মাত টো ভাহি আহিল| তাইক দুটামান পৰামৰ্শ দিলো |

মিনতীক কলো পাছৰ ৰোগীসকলক কবা মোৰ অলপ দেৰি হ’ব | অসুবিধা হলে অইন এদিন এপইনমেন্ট ল’বলৈ কলো|

মানুহ গৰাকীৰ চতুৰ্থ সন্তান হ’’ব এইটো | দেখুৱাবলৈ আহোতে

আচৰিত হৈছিলো, নভৱাকৈয়ে মুখৰ পৰা ওলাই গৈছিল, আৰু এটি সন্তান কিয় লাগে?

 

মানুহ গৰাকীয়ে তলমুৰ কৰিছিল | গিৰিয়েকে কৈছিল “আমি খাটি খোৱা মানুহ বাইদেও, ল’ৰা এটা নহলে কেনেকৈ চলিম ?”

“কিন্ত সেই বুলিয়েই এটা মানুহৰ হাজিৰা কৰা পইচাৰে ইমান বোৰক কেনেকৈ খুৱাবা পিন্ধাবা ?”

দুয়ো নিৰুত্তৰ হৈ থাকিল | বুজিলো বুজাই লাভ নহ’ব | টিটেনাচৰ বেজিটো লৈ যাবলৈ কলো |লগতে চেম্প’লৰ বিনামূলীয়া দৰব অলপ দি পঠালো |

কেৱল ল’ৰাইহে মাক দেউতাকৰ দ্বায়িত্ব ল’য়নে ? পিছে কাকনো ক’ব পাৰি ? এতিয়াও আমাৰ সমাজত বেচিভাগ মানুহৰে সেইটোৱেই ধাৰণা| জীয়েক বিলাকক আনৰ ঘৰৰ কাৰণেই যেন ডাঙৰ-দীঘল কৰা হয় | যিখন ঘৰত জীৱনৰ প্ৰথম ৰঙীন সময় ছোৱা পাৰ হয় , বিয়াৰ পাছত সেইখন ঘৰহে পৰ হৈ পৰে |

দুঘন্টা মানৰ পাছত লেবাৰ ৰুমৰ পৰা ওলাই আহি, মানুহ গৰাকীৰ গিৰিয়েকৰ মুখামুখি হ’বলৈ আৰু মন নগল | নাজানো এইটো সন্তানে কেতিয়াবা দেউতাকৰ মৰম পাবনে? মানুহ গৰাকীয়ে উচুপি উচুপি কান্দি আছিল, ডিঙিয়ে ককালে ওলমি থকা মাদলি কেইটাই যেন তেওঁক ভ্ৰকুটিহে কৰিছিল |

 

গধূলী আজিকালি জি.এস. ৰোডত ট্ৰেফিকৰ বৰ ভিৰ, সেউজীয়া বগা আঁচ আঁচ থকা চাৰ্ট পিন্ধা মাগুৰ বৰণীয়া ১০-১২ বছৰীয়া সৰু ল’ৰা এটাই খিৰিকিৰ গ্লাচৰ ফাকেৰে ভৰাই দিলে এথোপা ফুল,… “বাইদেও ফুল লওক”,

“ৰঙা, হালধীয়া, গুলপীয়া, কমলা, মূহূৰ্ত্ততে সজীব হৈ পৰিল গাড়ীৰ ভিতৰখন | “কিমান লাগিব ?” “কেনেকৈ দিছা?”

“এদালত দহ টকা |”

সন্মূখত তেতিয়াও দীঘলীয়া গাড়ীৰ শাৰী | তাক সুধিলো “দিনে কেই টকা পো্ৱা? ” আগ্ৰহী ক্ৰেতা পাই সি মহা উ‌‍ত্‍সাহেৰে কৈ গ’ল “কেতিয়াবা ৫০ টকা বা দিনটো থিকে থাকে গ’লে ১০০- ১৫০ টকা | ৰাতিপুৱা বাতৰি কাকতো বিকো |” টকা ত্ৰিশটা তাৰ হাতত গুজি দিলো | মিঠা হাঁহি এটাৰে সি সন্ধিয়াৰ ব্যস্ততাত মিলি গ’ল |

ঘৰলৈ আহি দ্ৰংই ৰুমৰ কোণৰ তিনিচুকীয়া টেবুলখনত ফুলখিনি, ফুলদানি এটাত সজাই দিলো, ফুলখিনিয়েও যেন মোলৈ চাই হাঁহিলে, মনতো ভাল লাগি গ’ল|

চাহ একাপ লৈ বাৰান্ডাত বহিলো | মৄদু বতাহজাকে নাম নজনা সুবাস এটা কঢ়িয়াই আনিছে | ৰেলিঙৰ খুটাত থকা হাচনাহানাজোপা থোপা থোপে ফুলিছে, পাতল বেঙুনীয়া ৰঙৰ ফুলখিনিৰ পৰা তীব্ৰ মন ওতলোৱা গোন্ধ এটা ভাহি আহিছে |েপ্ৰদীপ্ত এতিয়াও আহি পোবাহি নাই | অলপ পলম হ’ব বুলি ফ’ন কৰিছিল| আনদিনা হ’লে মনে মনে হঠাতে আহি পৰা তাৰ কামটোৰ প্ৰতিও নাম নজনা খং এটাও উঠি আহিলহেঁতেন, পিছে আজি বৰ এটা বেয়া নাপালো| অলপ সময় অকলে বহিবৰ মন গৈছে |

মানুহজনীৰ কথাকে মনত পৰি থাকিল | দুখীয়া মানুহ খিনিৰ তো কথাই নাই, অসমৰ বাহিৰত ধনীক শ্ৰেণীৰ মানুহখিনিয়েও যৌতুকৰ ভয়তে ভ্ৰণ হত্যাৰ আশ্ৰয় লয়| আমাৰ ইয়াত দেখোন কিছু সময়ৰ আগলৈকে এনেকুৱা নাছিল| আগতে বোৱাৰীকো নিজৰ জীয়াৰীৰ দৰেই ব্যবহাৰ কৰা হৈছিল| জীয়াৰীক এঘৰলৈ উলিয়াই দি, বোৱাৰীক নিজৰ জীৰ দৰে আদৰি লৈছিল| যোৱা ৫০ বছৰৰ পৰা অসমত বেছিকৈ যৌতুকৰ বাবে অদ্ভুত কান্ড কিছুমান ঘটি থকা দেখা গৈছে| ল’ৰা যিমানেই শিক্ষিত হৈ গৈ থাকে সিমানেই বিয়াৰ বজাৰত দৰ বাঢ়ি গৈ থাকে| ছোৱালী যিমানেই শিক্ষিত নহওক কিয় তাৰ কোনো মূল্য নাই | আমাৰ লগৰ বিনোদ আগৰৱালাই মেডিকেল পাছ কৰাৰ পাছতে গৰ্বেৰে কৈছিল এতিয়া বিয়াৰ বজাৰত তাৰ দৰ পাঁচ লাখ টকা হৈছেগৈ , কেনেবাকৈ এম.ডি বা ডি. এম. কৰিব পাৰিলেতো কথাই নাই | ফ্লেট, গাড়ী , মাটি বা নাৰ্চিং হোমৰ কাৰণে পইচা একোৰে চিন্তা কৰিব নালাগে|

আ-অলংকাৰ, কাপোৰ-কানি আৰু বিভিন্ন উপহাৰৰ মাজত ছোৱালীজনী কেতিয়াবা কৰবাত হেৰাই যায়গৈ | প্ৰতিদিনে খবৰ কাকতত ওলোৱা যৌতুকৰ বাবে বোৱাৰী হত্যাৰ খবৰ বোৰে প্ৰতিবাদৰ ভাষাবিলাক শক্তিশালী কৰি তুলিব পাৰিছেনে ? আৰু যি বিলাক হৈছে সেইবিলাকেও সিমান সবল ভাবে সমস্যাটো উপস্থাপন কৰাত সফল হৈছেনে ? বা যৌতুক বিৰোধী আইন খনেও কিমান উপকাৰ সাধিছে সন্দেহ আছে|

আমাৰ অসমতো যৌতুকৰ বাবে বোৱাৰী হত্যা, নিবনুৱা গিৰিয়েকৰ চাকৰিৰ উপধৌকনৰ সমল, কইনা ঘৰৰ পৰা আনিবলৈ কৰা অত্যাচাৰ আদি নানানটা খবৰেৰে বাতৰি কাকত খন ভৰি থাকে| এইয়া ভালকৈ জীয়াই থকাৰ মোহ নে মানুহৰ মনৰ মাজত লুকাই থকা সীমাহীন বাসনা ? আগৰ দিনৰ মানুহবোৰে তেন্তে এইবোৰ ক’ত লুকুৱাই থৈছিল? বা কেনেকৈ দমন কৰিছিল ? মানুহ বোৰ ইমান সোনকালে কেনেকৈ সলনি হৈ গ’ল বাৰু ? ধন-সম্পতি , মাটি-বাৰী, গাড়ী-ঘোঁৰাৰ মোহে মানুহক অন্ধ কৰি পেলোৱা নাই তো ? ভাবি থাকিলে দেখোন বুকুখন মোচৰ খাই উঠে | ৰাতি ভাত খাওঁতে প্ৰদীপ্তক ঘৰলৈ যোৱাৰ কথাটো কলো | “ঠিক আছে,যাম বাৰু” বুলি সি শলাগিলে| “মই নোৱাৰিলেও তুমিয়েই এপাক মাৰিবা|”

অভিমানত বুকুখন ফুলি আহিছিল যদিও একো নকলো| এইবাৰ ঘৰলৈ নগলে, ঘৰলৈ নোযোৱা দুবছৰেই হ’বগৈ | জানো, প্ৰদীপ্তৰ মন থাকিলেও হ‍ঠা‍তে আহি পৰিব পৰা ইমাৰ্জেনচিৰ কথা ভাবিয়েই তেনেকৈ কৈছে | ইয়াৰ আগৰ বাৰ ঘৰলৈ যাবলৈ ওলাওতে, কাপোৰ-কানি বেগত ভৰোৱা ভাগে থকিল| নামঘৰলৈ যাওঁতে লবলৈ বুলি মা’লৈ অনা ৰিহাখনৰ ভাজ নোখোলাকৈয়ে থাকিল | যোৱাৰ আগমূহূৰ্ত্তত যোৱা-থোৱা ৰোগী এজনৰ অপাৰেচনৰ বাবে প্ৰদিপ্ত কো বিচাৰিলে| দুদিনমানৰ কাৰণে বুকুখনে হাঁহাকাৰ কৰি থাকিল | ঘৰৰ পদূলীটো সুৰুঙা বিচাৰি স্মৄতিৰ আগেদি অগা-দেৱা কৰি থাকিল| অবসৰৰ সময়ত মাৰ কঁপা কঁপা মাতটো কাণত ভাহি থাকিল |এই কথাবোৰতো আৰু কাকো ক’ব নোৱাৰি|

পুৱা বৰ্হিবিভাগত বহোঁতে মিনতিয়ে খবৰটো দিলে | বাইদেও কালি যে জন্ম হৈছিল ৪নং বিচনাৰ মানুহজনীৰ কেঁচুৱাটো, ছোৱালী জনী এৰি থৈ ৰাতিয়েই মানুহহাল গুচি গ’লগৈ নহ্য় |

“কি’ মুখৰ পৰা আৰ্তনাদ এটা সৰি পৰিল |

“অ’ বাইদেও এতিয়া তাইক বেবি ৰুমত ৰখা হৈছে |”

কিমান দুখত যে মাতৄয়ে, বুকুত একুৰা বহ্নি জ্বলাই নিজ সন্তানক এনেকৈ এৰি থৈ যাবলৈ বাধ্য হয় সেয়া হ্য়তো ভুক্তভুগীৰ বাহিৰে আন কোনেও বুজিব নোৱাৰিব | মানুহ গৰাকীৰ ছাগৈ দুটাই পথ খোলা আছিল হ্য় আগৰ তিনিজনী ছোৱালীক লৈ যেনেতেনে জীয়াই থকা নাইবা নতুন শিশুটি ল’ৰা হ’লে তাক গিৰিয়েকৰ হাতত তুলি দি অকনমান প্ৰশংসা লাভ কৰা| যি কোনো এটা !কিন্ত বিধিৰ কি বিপাক !এই চতুৰ্থ সন্তানটিও ছোৱালী হোৱাত, তাইক এনেকৈয়ে বুকুত শিল বান্ধি ত্যাগ কৰিব লগা হ’ল |

পৰ্দ্দা থেলি পূৰ্ণিমা গগৈ আৰু গিৰিয়েক সুমাই আহিল| বহাৰ পাছতেই

নীলকান্ত গগৈয়ে হাতত থকা ৰিপৰ্টৰ কাগজ খিনি মোলৈ আগবঢ়াই দিলে|

“আপুনি বাৰু কিবা অসুবিধা পাইছিল নেকি?”

“নাই, নাই প্ৰথমে খুউব সঘনাই বাহিৰলৈ যাব ল’গা হোৱা, বমি হোৱা , মূৰ ঘূৰোৱা ইত্যাদি হৈছিল | পাছলৈ কমি গ’ল | ভালদৰে খাবও পৰা হ’লো | পাঁচ মাহৰ পাছৰ পৰাই লৰচৰ কৰাও গম পাইছো নহয় | এতিয়া বহি থাকোতে গোৰ সোধাই আছেই নহয়|”

“বাইদেও আমি আজি এওঁক ভৰ্তি কৰাম বুলিয়েই আহিছো” মানুহ জনে ক’লে|

মিনতিক মাতি আনি ভৰ্তি কৰাবৰ বাবে সাজু কৰিবলৈ কলো | যাবতীয় দিহা পৰামৰ্শ খিনি লিখি কাগজ খন মানুহজনৰ হাতত দিলো |

এঘন্টা মানৰ পাছত মানুহজনক আকৌ মাতি পঠিয়ালো | ভূমিকা নকৰাকৈ কলো “চাওঁক আপোনাক সহায় কৰিব পাৰিম কিন্ত সকলো কথা আপুনি খুলি ক’লে আমাৰ সুবিধা হ’ব| তেখেত আগতে গৰ্ভৱতী হৈছিল নেকি..?

“বাইদেও, আমাৰ বিয়াৰ ৪ বছৰেই হ’লহি, সতি-সন্ততি নাই| মই ভাগ্যৰ ফল বুলি মানি ললেও, পূৰ্ণিমাৰ আকৌ বৰ হেপাহ ল’ৰা-ছোৱালীলৈ| ঘৰৰ ফালৰ পৰাও প্ৰচন্ড হেঁচা , লগৰ বোৰ সকলো বাপেকী হ’লেই |

যোৱা বছৰ তেওঁ গৰ্ভৱতী হৈছিল| আনন্দত উতলা হৈ পৰিছিলো| হওঁক তেওঁ এইবাৰ ভগৱানে মূৰ তুলি চালে| কিন্ত কি হ’ব তিনি মাহৰ পাছতেই গৰ্ভ নৰল| পূৰ্ণিমা কান্দি-কাটি বাউলী হ’ল| মানুহৰ লগত মিলা-মিচা কৰিবলৈ এৰি দিলে| নিজৰ মাজতেই অকলশৰে থাকিবলৈ ল’লে| এইবাৰ আকৌ ইশ্বৰে চকু মেলি চাইছে|”

নীলকান্ত গগৈৰ লগত আধা ঘন্টা মান কথা পাতি বিদায় দিলো |

বেবী ৰুমত থকা ছোৱালী কেচুঁৱাজনীক এপাক চাই আহিলোগৈ,ফিদিং লৈ ধুনীয়াকৈ শুই আছে |

মিনতি সুমাই আহিল- বাইদেও আপুনি ডা০ জয়ন্ত হাজৰিকাক বিচাৰিছিল নহয় , ডা০ হাজৰিকাই ফ’ন এটা কৰিব কৈছে| মনোৰোগ বিশেষজ্ঞ ডা০ হাজৰিকাৰ লগত কথা পাতিবলৈ ফ’নটো হাতত ল’লো|

নাৰিকল বস্তিত থকা শাৰী শাৰী নাৰিকল গছ আৰু দূৰৰ সেউজীয়া পাহাৰ বোৰ দেখিলেই মনটো ফৰকাল লাগি আহে |আমাৰ অসম টাইপৰ সৰু ভাড়া ঘৰটোতো দুজোপা নাৰিকল গছ আৰু কেইজোপামান তামোল গছে পদূলী মূৰ শুৱাই ৰাখিছে|বছৰ টোৰ বেছি ভাগ সময়তে তামোল গছ দুজোপাত টোকোৰা চৰায়ে বাঁহ বান্ধে|

আবেলি ব’লা বতাহ্জাকত ডুলি ডুলি সিঁহতে কিচিৰ-মিচিৰ কৰি নানা কথা পাতি থাকে|নিৰ্মাণ শৈলীৰ অপূৰ্ব নিদৰ্শণ এই সজা বোৰ| এবাৰ হেনো ভগৱানে গোটেই চৰাই বোৰক বাঁহ সাজিবলৈ শিকাবলৈ আমন্ত্ৰন জনালে| নিৰ্দিস্ট দিনত আটাইবোৰ পক্ষী গোট খালেহি| সকলোৱে অতীৱ আগ্ৰহেৰে শিকিবলৈ ধৰিলে, কিন্ত সকলো চৰায়ে অলপ অচৰপ শিকিয়েই, হ’ব পাৰিম ছাগৈ বুলি এটা এটাকৈ ঘৰমূৱা হ’ল| ঈশ্বৰৰ বাঁহ সজা শেষ হোৱাত দেখা গ’ল, অকল টোকোৰা চৰাইৰ বাহিৰে তাত আৰু কোনোৱেই নাছিল| সেয়ে হেনো ভগৱানে সন্তুষ্ট হৈ বৰ দিলে ..তোৰ বাঁহ টোৱেই আটাইতকৈ সুন্দৰ হ’ব| জোৰকৈ বতাহ বলিলে বীণায়ে আটাহ পাৰি উঠে-“ইচ টোকোৰা চৰাইৰ কণীকেইটা সৰি পৰিব এতিয়া|”

আমাৰ গলিটোলৈ ঘূৰিয়েই দেখিলো পাৰ্ট টাইম কাম কৰা বীণা জপনা মূৰতে ৰৈ আছে| মোক দেখিয়েই তাইৰ মূখখনত হাঁহি বিৰিঙিল| মোৰ পৰা ধেকীয়া দুমুঠি, ঔ টেঙা. আৰু সৰু বৰলীয়া মাছৰ টোপোলা কেইটা ল’ৰাল’ৰিকৈ তাই নিজৰ হাতলৈ নিলে|

“এ বাইদেওৰ হপাই আজি মাছ খাবৰ মন গ’ল|” “ নহয় অ’, ছাৰে আকৌ ঔ টেঙা দিয়া ধেকীয়া জোল বৰ ভালপায় নহয়, বৰলীয়া মাছ কেইটা দেখি লৈ আহিলো| তই বাচি পেলাগৈ যা |”

কাম কৰা মানুহ এগৰাকীৰ দৰকাৰ হোৱাত বীণাক আমাৰ ঘৰলৈ পঠিয়াইছিল. আমাৰ কাষৰ ঘৰৰ মন্দিৰাই, এবছৰেই হ’ল| ইমান বিশ্বাসী মানুহ সতকাই পোৱাটো টান| ওচৰৰ আটাই কেইঘৰৰ জঞ্জাল মাৰি তাই আমাৰ ঘৰ পাইহি| গিৰিয়েকে ৰিক্সা চলাই পোৱা পইচাৰে তাহাঁতৰ চাৰিজনীয়া সংসাৰ খন নচলে| তাতে আকৌ গিৰিয়েকৰ গধূলী পানীটুপি ধৰাৰ অভ্যাস | যিদিনাই মাত্ৰাধিক হ্য় তাৰ পাছ দিনাই বীণা হাতে মূখে দাগ লৈ কামলৈ আহে বা নোৱাৰিলে দুই এদিন ক্ষতি হয়|এদিন তাইৰ পিঠিত ফলাখৰিৰ দাগ দেখি শিয়ৰি উঠিছিলো| কোনোদিনেই প্ৰতিবাদ নকৰে তাই, এদিন ভোৰভোৰাব, নিজৰ অদৄষ্টক দো্ষ দিব, পিছ দিনাৰ পৰাই আকৌ সকলো আগৰ দৰে, কামৰ মাজে মাজে গুন-গুনাব, কথাৰ মাজে মাজে খিল-খিলাব|

গা-পা ধুই চাহ দুকাপ বাকি ললো..”বীণা চাহ খাই লোৱাহি আহা.”..

“বাইদেও এইমাহৰ প‍ইচাৰ আধা এতিয়াই লাগিছিল” ..কিয়? “নাই মানে মানুহজনক লাগে হেনো, ৰিক্সাৰ টায়াৰ সলাব|” “দিবা জানো ? আগৰ কিবাৰৰ দৰে খাই উৰাই নিদিয়ে তো?”

কাপ-প্লেট জোৰ সামৰি-সুতৰি পাকঘৰলৈ লৈ যাওঁতে বীণাই কৈ গ’ল..

“দিনটো ইমান হাড় ভঙা পৰিশ্ৰম কৰাৰ পাছত, অকনমান খালেও জানো দোষৰ কথা বাইদেও?”

প‍ইচাকেইটা লৈ বীণা গ’লগৈ, তাইৰ অপসৄয়মান দেহাটোলৈ চাই চাই মোৰ লাগিল, বীণাহঁতো যেন এজনী এজনী টোকোৰা চৰাই, সমস্যাৰ বতাহত ডুলি ডুলি নিজৰ সজা টো বচোৱাৰ আপ্ৰাণ চেষ্টা চলাইছে|

ৰাতি ঘৰত প্ৰদিপ্তকো মানুহহালৰ কথাষাৰ কলো| তেওঁ মাথো কলে “তুমি বৰ বেছিকৈ চিন্তা ভাৱনা কৰা| ইমানকৈ এইবিলাকৰ মাজত নোসোমাবা, নিৰ্লিপ্ত হৈ থাকিবলৈ শিকা |” মিচিকিয়াই হাঁহিলো ,কলো “একো নহয় , তুমি মিছাতে চিন্তা নকৰিবা |”

পুৱাই পূৰ্ণিমাক লেবাৰ ৰুমত ভৰ্তি কৰোৱা হ’ল| য্থা সময়ত বিষো আৰম্ভ হ’ল|

ৱাৰ্ডলৈ অনাৰ পিছত এটুকুৰা গুলপীয়া পুতলা তেওঁৰ কাষত

শুৱাই দিয়া হ’ল| পূৰ্ণিমাৰ ধূনীয়া মূখ খন হাঁহিৰে উপচি পৰিল|

তিনিদিন পাছ্ত পূৰ্ণিমাহঁত গ’লগৈ | যোৱাৰ আগত নীলকান্ত গগৈ আহি হাত যোৰ কৰিলেহি, “বাইদেও আপোনালোকৰ ওচৰত চিৰ জীৱন ৠণী হৈ থাকিম |”

মই কলো “নাই নাই এইটো আমাৰ কৰ্তব্যহে|

পূৰ্নিমাৰ চকুৰেও দুটোপাল চকুলো বৈ আহিল|

বেবী ৰুমত ভূমুকি মাৰি গ’লো , মাকে এৰি থৈ যোৱা কেচুঁৱাটো থকা বিচনাখন

এতিয়া উদং|

পূৰ্ণিমা গগৈৰ মুখৰ হাঁহিটো মোলৈকো বিয়পি পৰিল|

****************************************************************

 

উপসংহাৰ :

চেম্বাৰলৈ আহি দেখো পূৰ্ণিমাৰ ৰিপৰ্ট খিনি মোৰ টেবুলৰ ওপৰতে থাকি গ’ল| প্ৰথম দিনাখন যি মোলৈ যেন অযুত সাথৰ হৈ ৰৈ আছিল|

ইউৰিণৰ ৰিপৰ্ট- পজিটিভ প্ৰেগনেনছি টেস্ট | কিন্ত আলট্ৰাসাওন্ড ৰিপৰ্ট – নৌ ফিটাচ অৰ এনি ফিটেল পাৰ্টচ চিন| এবদ’মেন দিচটেনদেদ ৱিথ গেছ |

পেটত হাত দি কোনো ফিটেল পাৰ্টচ নাপাওঁতেই আচৰিত হৈছিলো| তাৰ পাছত হৄদ স্পন্দন নুশুনি দোমোজাত পৰিছিলো|

হ্য়, আচলতে পূৰ্ণিমা গগৈ কোনোদিনেই গৰ্ভৱতী হোৱা নাছিল| তেওঁ একপ্ৰকাৰ মানসিক ৰোগত ভূগিছিল-চিকি‌‌ত্‍সা বিজ্ঞানত যাক কোৱা হয় – চিউড’চায়েচিচ বা ফল’চ প্ৰেগনেচী| চিউড’চায়েচিচ এনেকুৱা এক মানসিক বিকাৰ য’ত ৰোগীয়ে নিজকে গৰ্ভৱতী বুলি কল্পনা কৰি লয়| গৰ্ভৱতী হোৱাৰ ইচ্ছা ইমানেই প্ৰবল হ্য় যে এই প্ৰক্ৰিয়াটোৰ সকলো লক্ষণ তেওঁৰ গাত ফুটি উঠে| মাহেকীয়া বন্ধ হোৱা, পেটৰ আকাৰ বাঢ়ি অহা, বমি ভাৱ হোৱা বা বমি হোৱা, ৰোগীৰ বদ্ধমূল ধাৰণাই মানসিক ভাৱে পিটুইটেৰী গ্লেন্ডৰ ওপৰতো প্ৰভাব পেলাই বহুল পৰিমাণৰ প্ৰলেকটিন হৰম’ন নিঃসৰণ কৰে| যাৰ ফলত শিশুৰ বাবে গাখীৰো নিসৄত হ্য়| কোনো কোনো ক্ষেত্ৰত ফ’লচ লেবাৰ পেইনৰো অভিযোগ কৰিব পাৰে|পেটৰ আকাৰ ক্ৰমানয়ে বাঢ়ি আহে পেটৰ চৰ্বি আৰু পেটৰ নাড়ীবিলাকৰ মাজত বায়ু জমা হৈ |

পূৰ্ণিমাৰ ক্ষেত্ৰতো সেয়ে হ’ল| সন্তান লাভৰ অতীব হেপাহে অধীৰ কৰি ৰখা

সময়তে বেচেৰীৰ দূৰ্ভাগ্যবশত ভ্ৰণত থকা ত্ৰুটিৰ বাবে গৰ্ভপাত হ’ল|

বেচেৰী গভীৰ হতাশাত নিমজ্জিত হ’ল | আৰু তাৰ বিকল্প হিচাবে ৮ মাহ মানৰ পাছৰ পৰা তাই নিজকে গৰ্ভৱতী বুলি কল্পনা কৰিবলৈ ললে | এই

ভাৱ ইমানেই প্ৰবল হ’ল যে তাইৰ শৰীৰেও তাইক সহযোগ কৰিবলৈ

ল’লে| ঘৰতো সকলোৱে স্বস্তিৰ নিশ্বাস পেলালে| ডাক্টৰৰ ওচৰলৈয়ো শেষ মুহূৰ্ত্তত হে আনিলে| এইৰোগী সকলৰ আন সকলো ঠিক থাকে মাত্ৰ এই কাল্পনিক গৰ্ভৱস্থাৰ বাহিৰে আৰু ইয়াৰ মূল চিকি‍ত্‍সা হ’ল চাইকোথেৰাপি | মই নীলকান্ত গগৈৰ লগত কথা পতাৰ পাছতে মনোৰোগ বিশেষজ্ঞ

ডাঃ জয়ন্ত শইকীয়াৰ সতে পূৰ্ণিমাৰ কথা আলোচনা কৰিলো| তেওঁ পিছদিনাৰ পৰাই পূৰ্ণিমাৰ চিকিত্‍সা আৰম্ভ কৰিলে| কিন্ত যিহেতু তাইৰ কেছটো তেতিয়ালৈ জটিল হৈ পৰিছিল আৰু নমাহ ইতিমধ্যে সম্পূৰ্ণ হৈছিল বাবে তাই প্ৰসব বেদনা অনুভৱ কৰিছিল|

 

কিন্ত মই আগবঢ়োৱা কন্যা শিশুটি তুলি লোৱাৰ প্ৰস্তাৱ টি পূৰ্ণিমা

আৰু নীলকান্ত গগৈয়ে অতি সানন্দৰে গ্ৰহণ কৰিছিল|

নিঃসন্তান দম্পতী যি বহু দিনৰ পৰা সন্তান লাভৰ চেষ্টা কৰি বিফল হৈছে, কিন্ত ঘৰখনে বিচাৰে এক উত্তৰাধিকাৰী, বা সমাজৰ নানানটা প্ৰশ্নৰ উত্তৰ দিয়া,বাঁজীঁ বুলি আহি পৰিব পৰা বদনামৰ ভয়, বা কোনো কাৰণত গৰ্ভপাত হ’লে নাইবা আন কোনো কাৰণত গভীৰ হতাশাত ভোগা বা ধৰ্ষণৰ বলি হোৱা ৰোগী আদি বিভিন্ন কাৰণত মহিলাৰ ওপৰত  এই চাপ বৄদ্ধি পায় আৰু তেওঁলোক এই ৰোগৰ চিকাৰ হ’ব পাৰে|

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক