সণ্ঢালনি – গীতাৰ্থী গোস্বামী

     জপং জপং জপং….। পাগলী বুঢ়ীৰ ঘৰৰ সমুখত এতিয়া ভৰিৰ সৰু গাঁঠিলৈকে পানী। 
: কোন অ’ । কোন হাইজাত যাবলৈ আহিছ ? দ’ত, দ’ত ! ঐ দ’ত, আহ মাৰক চোবাহি । আহ ঐ । চাই লওঁ তোৰ মুখখন।
একেৰাহে কেতেকী বুঢ়ীয়ে দ’তক উদ্দেশ্যি গালি পাৰি থাকিল । সণ্ঢালনিয়ে মুখেৰে একো নামাতিলে । ভদীয়া বান শুকাল । কেৱল বুঢ়ীৰ ঘৰৰ আগৰ পথচোৱাত অলপ পানী আছে । যোৱা বছৰ এনে সময়তে বুঢ়ীৰ নাতিনীয়েকৰ শটো পথাৰত উবুৰি হৈ পৰি আছিল । কেও কিছু নোহোৱা কেতেকী বুঢ়ী তেতিয়াৰ পৰাই পাগলী হ’ল । গধূলি বাটৰ বাটৰুৱাক গালিৰে থকা সৰকা কৰে । কোনেও বেয়া নাপায় ।

       গাঁওখনত এটা দ’ত আছে । দুবছৰত দ’তে দুজনী মানুহ খালে । ফণীধৰৰ গাভৰু ঘৈণীয়েকজনীও পিতনীতে উবুৰি হৈ পৰি আছিল।  
সণ্ঢালনিৰ বয়স দুকুৰি পাৰ হ’ল । পথাৰৰ কাম কোনোমতে সামৰিছে । এটা বানে সোপাকে খেতি নষ্ট কৰিলে । নতুনকৈ পথাৰত হাল জুৰিব লগা হ’ল । খেতিৰ ধানবোৰ চাবলৈ দুপৰীয়া তাই পথাৰলৈ গৈছিল । ঘূৰি আহোঁতে নিজান হাবিৰ মাজত গামোচা এখনেৰে লেটেকু এমুঠি বান্ধি লৈ সৰুকন ৰৈ আছিল । লেটেকুবোৰ তাইৰ হাতত গুজি দি সি ক’লে- “আৰু বহুত বস্তু আছে । গধূলি এপাক বাটলৈ আহিবিচোন।”
সৰুকনৰ চকুলৈ একেথিৰে চালে সণ্ঢালনিয়ে । তাৰ চকুত নাচি আছিল পথাৰৰ দ’তটোৱে।মুখেৰে একো নামাতি সণ্ঢালনি আঁতৰি আহিল ।
‘হুদু হুদু হুদু ‘ সমুখৰ গছজোপাৰ পৰা হুদু এটাই চিঞৰি উঠিল। উচপ খাই উঠিল সণ্ঢালনি । ডিঙিৰ গামোচাখন ভালকৈ লৈ ল’লে। আন্ধাৰ পথত জপং জপংকৈ তাই আগুৱাই গ’ল। সেই সময়ত তাইৰ নিজকে এজনী যখিনী যেন লাগিল।

      পিছদিনা কেতেকী বুঢ়ীৰ ঘৰৰ সমুখৰ পানীত উবুৰি হৈ পৰি থাকিল সৰুকনৰ মৃতদেহ।গাঁৱত বু বু বা বা হ’ল – “এইবাৰ দ’তে মতা মানুহ খালে।”
পুলিচ আৰু গঞাৰ হাই উৰুমিৰ মাজতে পাগলী কেতেকীয়ে হাতত এমুঠি শিলগুটি লৈ পানীলৈ এটা এটাকৈ দলিয়াই বকি গ’ল – দ’ত, ঐ দ’ত, মোক খাহি । মোক মাৰহি আহ । এই বুঢ়ীমাৰক চিনি পোৱা নাই ! 
   লেটেকু এটাৰ বাকলি গুচাই গুচাই সণ্ঢালনি ওচৰতে থিয় হৈ থাকিল । ইয়াৰ পাছত আৰু কোনো দ’তে এই গাঁৱত কোনো মানুহ নামাৰে । শান্তিৰ নিশ্বাসৰ লগতে ওঁঠৰ ফাঁকেৰে তাইৰ এটা হাঁহি বাগৰি গ’ল ।

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Gongotry
2 years ago

খুউব ভাল লাগিল ৷