সত্যজিত ৰায় জন্ম শতবাৰ্ষিকী শ্ৰদ্ধাৰ্ঘ


দীৰ্ঘস্থায়ী প্ৰেৰণাৰ উৎস — ডাঃ সান্ত্বনা বৰদলৈ

কলেজৰ দ্বিতীয় বাৰ্ষিকত পঢ়ি থাকোঁতে হোষ্টেলৰ পৰা চিনেমা চাবলৈ গৈছিলোঁ, চৌধুৰী টকীজত ৷ অত্যন্ত বেয়া চিনেমা হল ৷ চেৰিটী শ্ব’৷ তেতিয়ালৈকে ভাল ছবি, অৰ্থবহ ছবি চোৱাৰ অভ্যাস মোৰ বৰ বিশেষ নাছিল ৷ ৰোমাণ্টিক বা খুহুটীয়া ছবিয়েই সাধাৰণতে চাইছিলোঁ ৷ ছবি এখন চাই পিছদিনাই পাহৰি যোৱাটোৱেই চিৰাচৰিত কথা আছিল আমাৰ বাবে ৷ বেয়া হল, বেয়া প্ৰজেক্শ্যন সত্বেও কিন্তু সেইবাৰ তেনে নহ’ল ৷ আন্ধাৰ হলটোত ছবি চাই থাকোঁতেই মই বুজিছিলোঁ যে সেইখন মই সাধাৰণতে চোৱা ছবিখন নহয় ৷ তাৰ পিছৰ কেইবাদিনো ছবিখনৰ মই বুজা বা আধাবুজা বহু কথাই মোক আমনি কৰি থাকিল ৷ ছবিৰ বিষয়বস্তু, সংগীত, অভিনয়ৰ নতুন ( মোৰ বাবে ) শৈলী এই সকলো কথাই মোক ভালকৈয়ে জোকাৰি গ’ল ৷

পাকঘৰৰ মজিয়াত পিৰাত বহি সৰ্বজয়াই ভাত খায়, লগত চৰ্চৰি৷ ডাঠা চুহি খায়৷ সৰ্বজয়াৰ কঠিন মুখ ৷ কঠোৰ পিঠিৰ শব্দহীন ভাষা৷ পিছফালে চোতালত থিয় হৈ ভোকত কাতৰ ইন্দিৰ বুঢ়ীয়ে শোলামুখেৰে লুভীয়া হাঁহি মাৰে ৷ জিভাৰ-পানী সামৰিবলৈ পাৰে মানে পানীকে খায় ৷ অপুৱে মৃত বায়েকৰ লজ্জাকৰ গোপণ সত্য পুখুৰীলৈ দলিয়াই দিয়ে, পুখুৰীয়ে পুনিৰে তাক লুকুৱাই থয় ৷ সৰ্বজয়াৰ কঠোৰ পিঠি, ইন্দিৰ ঠাকৰুণৰ নিৰ্লজ্জ লোভ, বয়সতকৈ অধিক পৈণত অপূ, সকলোৰে কাৰণ এটাই ৷ দাৰিদ্ৰ ৷ কিন্তু সেই দাৰিদ্ৰৰে ভয়ংকৰ মুখখন, প্ৰায় কাব্যিক যেন লগা এক ভাষাৰে সত্যজিত ৰায়ে আঁকি গৈছে পথেৰ পাঁচালীত ৷ এৰা ’পথেৰ পাঁচালী’ আছিল মই সেইদিনা চোৱা ছবিখন৷ সাধাৰণ ছবিবোৰ চাই চাই অন্ধ হৈ পৰা মোৰ দুচকু মুকলি কৰি দিয়া, আগেয়ে নেদেখা এক নতুন দিশৰ সম্ভেদ দিয়া, মোৰ বাবে এখন অসাধাৰণ ছবি ৷ সত্যজিৎ ৰায়ৰ ছবিৰ বিষয়ে আলোচনা কৰাৰ জ্ঞান আৰু দুঃসাহস মোৰ নাই ৷ মাথো ’পথেৰ পাঁচালী’য়ে মোৰ জীৱনক কিদৰে স্পৰ্শ কৰি গৈছে, কিদৰে এক বিশাল প্ৰতিভাৰ সেই সৃষ্টি, মোৰ দৰে সৃষ্টিৰ প্ৰয়াস কৰাজনৰ বাবে প্ৰেৰণাৰ স্থায়ী উৎস হৈ পৰিছিল বা এতিয়াও হৈ আছে তাকহে মই বৰ্ণাব খুজিছোঁ, আৱেগেৰে ৷ বহুবাৰ ’পথেৰ পাঁচালী’ মই চাইছোঁ ৷ আৰু প্ৰতিবাৰেই নতুন কিবা এটা বিচাৰি পাইছোঁ, যিটো আগতে দেখা নাছিলোঁ বুলি মোৰ বিশ্বাস হয় ৷ সত্যজিৎ ৰায়ৰ সকলো ছবি চাইছোঁ ৷ প্ৰতিবাৰেই বিস্ময়ত, আনন্দত আপ্লুত হৈছোঁ, শ্ৰদ্ধাত নত হৈছে শিৰ ৷ কিন্তু ’পথেৰ পাচাঁলী’ ৰ স্থান মোৰ মনত নিগাজী, আচুতীয়া ৷ পঞ্চাছৰো অধিক বছৰ আগতে ছবিখন প্ৰথমবাৰ দেখাৰ অনুভৱৰ হাঁহি উঠা তুলনা এটা জীৱনানন্দৰ কবিতাৰে ক’বলৈ মন গৈছে , “….অতিদূৰে সমুদ্ৰেৰ পৰ, হালভেঙে যে নাবিক হাৰায়েছে দিশা, সবুজ ঘাসেৰ দেশ যখন সে চোখে দেখে দাৰুচিনি দ্বীপেৰ ভিতৰ, তেমনি দেখেছি তাৰে অন্ধকাৰে…“৷৷

সত্যজিত ৰায়ৰ চিনেমাবোৰেই এটা পাঠ্যক্ৰমৰ দৰে — উত্পল বৰপূজাৰী

সত্যজিত ৰায় আছিল এগৰাকী স্বয়ংসম্পূৰ্ণ চিনেমা নিৰ্মাতা। চিনেমাৰ মাজেৰে তেওঁ সমাজতত্ত্বৰ যি প্ৰতিফলন দেখুৱাইছিল, সেয়া মোৰ বাবে চিৰদিন প্ৰধান আকৰ্ষণৰ দিশ। দ্বিতীয়তে, মানুহৰ মাজৰ যি সম্পৰ্ক সমীকৰণ, সেয়া কোনো অপ্ৰয়োজনীয় বাহুল্য অথবা অতি নাটকীয়তা বৰ্জন কৰি, সত্যজিত ৰায়ে অত্যন্ত স্পৰ্শকাতৰভাৱে দেখুৱাইছিল, সেই দিশটো মোৰ বাবে অতি গুৰুত্বপূৰ্ণ। নিজৰ প্ৰতিখন চিনেমাতে তেওঁ কিছুমান ইমেজ অৰ্থাত দৃশ্য এনেদৰে সৃষ্টি কৰিছিল যে, চিনেমাখন চোৱাৰ বহু বছৰ পাছলৈকে সেই দৃশ্য দৰ্শকে অন্তৰত ধাৰণ কৰি ফুৰে। উদাহৰণস্বৰূপে, পথেৰ পাঁচালী চিনেমাখনত দূৰ্গা আৰু অপুয়ে ৰেলগাড়ীখন চাবলৈ পথাৰৰ মাজেৰে দৌৰি যোৱাৰ দৃশ্যটো পাহৰিব নোৱৰা ধৰণৰ। সত্যজিত ৰায়ৰ আন এটি বিশেষত্ব আছিল হাস্যৰসৰ মাজেৰেও দৰ্শকলৈ সমাজ-ৰাজনৈতিক বাৰ্তা দিয়া। গোপী গাইন বাঘা বাইনৰ দৰে চিনেমাবোৰ যদিওবা হাস্যৰসেৰে সম্পৃক্ত আৰু শিশুসকলেও চাই আনন্দ ল’ব পৰা বিধৰ আছিল, কিন্তু সেইবোৰক নিৰ্মাণ কৰা হৈছিল, ৰাজনৈতিক ব্যংগ চিত্ৰ হিচাপেহে।

চলচ্চিত্ৰ পৰিচালনাৰ ক্ষেত্ৰত তেওঁ কোনোদিন আপোচ কৰা নাছিল। আপাতদৃষ্টিত তেওঁৰ কিছুমান চিনেমাক এটা তেনেই সহজ-সৰলভাৱেৰে নিৰ্মিত কাহিনী যেন লাগিলেও সেইখিনিৰ আঁৰত প্ৰকৃততে লুকাই আছিল যথেষ্ট শ্ৰম।
সত্যজিত ৰায়ৰ চিনেমাৰ আন এক চকুতলগা দিশ হৈছে চিনেমাত সংগীতৰ ব্যৱহাৰ, যিটোত তেওঁ ইমানেই সিদ্ধহস্ত আছিল যে চিনেমাত সংগীতৰ প্ৰয়োগত দক্ষতা দেখুওৱা পৃথিৱীৰ শ্ৰেষ্ঠ তিনিগৰাকী চিত্ৰ নিৰ্মাতাৰ মাজত তেওঁৰ নামটো ল’বলৈ বিচাৰিম। প্ৰতিখন চিনেমাতে তেওঁ ইয়াৰ প্ৰমাণ ৰাখি থৈ গৈছে। আনকি নিজৰ প্ৰথমখন চিনেমা পথেৰ পাঁচালীত এগৰাকী গতানুগতিক সংগীত পৰিচালকক নলৈ তেওঁ লৈছিল পণ্ডিত ৰবি শংকৰক, কিয়নো সেই চিনেমাখনৰ সাংগীতিক দিশটোৰ প্ৰতি তেওঁ দৃষ্টভংগী আৰু পৰিকল্পনা স্পষ্ট আছিল। দৰাচলতে সৰুৰে পৰা সাহিত্য, সংগীত আৰু বিভিন্ন ধৰণৰ কলাৰ চৰ্চা তেওঁ ঘৰখনতে দেখিছিল আৰু সেইখিনিক অতি সাৱলীলভাৱে পাচলৈ চিনেমাসমূহত প্ৰয়োগ কৰিছিল। সেইবাবে জলসাঘৰ চিনেমাখন সম্পূৰ্ণ শাস্ত্ৰীয় সংগীত আধাৰিত হোৱাৰ বিপৰীতে ফেলুদাৰ সংগীত আছিল পৃথক। আকৌ গুপী গাইন বাঘা বাইনত সংগীতৰ দ্বাৰাই তেওঁ চিনেমাখনৰ মুডটো ধৰি ৰাখিবলৈ সক্ষম হৈছিল। আকৌ চাৰুলতাৰ ক্ষেত্ৰত সংগীতৰ ব্যৱহাৰ কৰা হৈছিল যথেষ্ট জুখি মাখি। আৱহ সংগীত কেনেকৈ কোনটো দৃশ্যত প্ৰয়োগ কৰিব লাগে, সেই দিশত তেওঁ সদায় সচেতন আছিল। এটা কথাত ক’বলৈ গলে চিনেমা নিৰ্মাণৰ বিভিন্ন দিশ সম্পৰ্কে জানিবলৈ যদি সত্যজিত ৰায়ৰ চিনেমাখিনি কোনোবাই চায়, তেন্তে সেয়া হ’ব এটা সম্পূৰ্ণ চিনেমাৰ পাঠ্যক্ৰমৰ দৰে।

মোৰ জীৱনক তেওঁ বাৰুকৈ প্ৰভাৱিত কৰি আছে — জুবিন গাৰ্গ

সত্যজিত ৰায়ৰ সকলোখিনি চিনেমাই চাইছোঁ। সৰুতে দেউতাই গোটাই আনি সেইখিনি চোৱাৰ সুবিধা কৰি দিছিল আৰু ডাঙৰ হোৱাৰ পিচতো বহুবাৰ তেওঁৰ চিনেমাখিনি চাইছোঁ। ভাৰতৰ এজনেই চিনেমা পৰিচালক যাক সমগ্ৰ পৃথিৱীয়ে জানে আৰু সন্মান দিয়ে। অথচ সেই পৰ্যায়টো পাবলৈ তেওঁৰ যিটো যাত্ৰা আছিল সেয়া সহজ নাছিল। প্ৰথম চিনেমাখন নিৰ্মাণ কৰাৰ সময়খিনিত তেওঁ যথেষ্ট কষ্টৰ সন্মুখীন হৈছিল। মুক্তি দিয়াৰ ক্ষেত্ৰত অথবা প্ৰচাৰৰ ক্ষেত্ৰত আৰ্থিক সমস্যা আহিছিল। কিয়নো সেই সময়ত তেনেকুৱা এখন চিৰিয়াছ চিনেমাৰ বাবে ছবিগৃহ অথবা দৰ্শক পোৱাটো আছিল প্ৰত্যাহ্বানমূলক। কিন্তু বাৰ্লিনত যেতিয়া চিনেমাখনে গোল্ডেন বিয়েৰ বঁটা পালে, তেতিয়া সমগ্ৰ দেশৰ দৃষ্টি সেইখনৰ ওপৰত পৰিল। তাৰ পিছত বহুতো প্ৰ’মোটাৰ তেওঁৰ ওচৰলৈ আগবাঢ়ি আহিছিল। সেই সময়ৰ পৰা তেওঁ আৰু পাছলৈ উভতি চাবলগীয়া হোৱা নাছিল আৰু বিশ্ববাসীক তেওঁ সুন্দৰ সুন্দৰ চিনেমা উপহাৰ দিছিল।

সত্যজিত ৰায়ৰ সৈতে মোৰ চিনাকি কিন্তু এগৰাকী চিনেমা পৰিচালক ৰূপেৰে নহয়, বৰং এজন শিশু সাহিত্যিক হিচাপেহে। তেওঁ এগৰাকী সাংঘাতিক নিপুণ শিশু সাহিত্যিক আছিল। সৰুতে যিহেতু মই আঠ বছৰ কৰিগঞ্জত আছিলোঁ সেয়ে, সাহিত্যৰ সৈতে মোৰ প্ৰথম মুখামুখি বাংলা ভাষাৰ জৰিয়তেহে। অসমীয়া সাহিত্য তাৰ পিচতেহে পঢ়িছিলোঁ। তেতিয়া সত্যজিত ৰায়ে সন্দেশ নামৰ এখন সৰু শিশু আলোচনী সম্পাদনা কৰিছিল। তেওঁৰ দেউতাক, বাংলাৰ এগৰাকী প্ৰথিতযশা শিশু সাহিত্যিক সুকুমাৰ ৰায়ে আৰম্ভ কৰা সন্দেশ আলোচনীখনৰ দায়িত্ব পাচলৈ সত্যজিত ৰায়ে কান্ধ পাতি লৈছিল। শৈশৱত মই নিয়মীয়াকৈ পঢ়া সেইখন আলোচনী প্ৰকৃতাৰ্থত জ্ঞানৰ ভঁৰাল আছিল। এতিয়া অৱশ্যে সেইখন চলি আছে নে নাই নাজানো, বহুদিন দেখাও নাই। সেইখনত তেওঁ নিজে ধুনীয়া ধুনীয়া ছবি আঁকিছিল। পাচলৈ চিনেমাৰ চিত্ৰনাট্য লিখি যাওঁতেও কাষে কাষে তেওঁ দৃশ্যবোৰ আঁকি গৈছিল। এতিয়া দৃশ্যৰ ফ্ৰেইমবোৰ আঁকি যোৱা তেনেবোৰ কথা ফিল্ম স্কুলবোৰৰ পাঠ্যক্ৰমত শিকোৱা হয়। এগৰাকী ব্যক্তি কেনেদৰে ইমানবোৰ প্ৰতিভাৰ অধিকাৰী হ’ব পাৰে, সেই কথাটোৱে মোক আজিও বিস্মিত কৰি তোলে।

সত্যজিত ৰায় আছিল প্ৰকৃতাৰ্থত এগৰাকী সংগীত বুজি পোৱা পৰিচালক। বহুকেইখন চিনেমা তেও সংগীতক আধাৰ হিচাপে লৈয়ে নিৰ্মাণ কৰিছিল। যেনে, গুপী গাইন বাঘা বাইন চিনেমাখন হাস্যমধুৰ আৰু ফেণ্টাচিৰে ভৰপুৰ হ’লেও সেইখন এখন সংগীত আধাৰিত চিনেমাহে। ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ উপৰি পাশ্চাত্য সংগীতৰ বিষয়েও তেওঁ জানিছিল। সেয়ে তেওঁৰ চিনেমাৰ সংগীত সদায় নোটেশ্যনৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা হৈছিল। আনকি পণ্ডিত ৰবি শংকৰৰ দৰে প্ৰখ্যাত সংগীতজ্ঞই তেওঁক সংগীত পৰিচালনাত সহায় কৰিছিল।

সত্যজিত ৰায়ৰ চিনেমাবোৰ চোৱাৰ উপৰি আমি তেওঁৰ সাহিত্যকৰ্মখিনিও পঢ়িব লাগে। নিজৰ হাততো মই তেওঁৰ বহু কিতাপ সংগ্ৰহ কৰি থৈছোঁ। বিশেষকৈ তেওঁ লিখা চুটিগল্পবোৰ এতিয়াও সময় পালে পঢ়োঁ। তাৰে বহুখিনিৰ ইংৰাজী অনুবাদো উপলব্ধ। ইণ্ডগো বুলি তেওঁৰ এখন চুটিগল্পৰ সংকলন আছে যিখন মই নৱপ্ৰজন্মই পঢ়া উচিত বুলি ভাৱোঁ। সেইখনৰ বহুকেইটা গল্প এতিয়াও মই কিছুমান আড্ডাত কওঁ। আগতে ফেলুডাক লৈ তেওঁ যিবোৰ কাহিনী লিখিছিল সেইবোৰো খুব আগ্ৰহেৰে পঢ়িছিলোঁ। আনন্দমেলা নামৰ শিশু আলোচনীখনৰ দুৰ্গা পূজা বিশেষ সংখ্যাবোৰৰ বাবে প্ৰতিবাৰে তেওঁ একোখন মনোমুগ্ধকৰ উপন্যাস লিখিছিল। সেই কামটো তেওঁ জীৱনৰ শেষ বয়সলৈ কৰি আছিল। চিনেমাৰ দৰে লগা তেওঁৰ লেখাৰ মাজেৰেই আচলতে মানুহজনক মই আৱিষ্কাৰ কৰিছিলোঁ আৰু এনেদৰেই সেই মানুহজনে মোক আজিও যথেষ্ট প্ৰভাৱিত কৰি আছে।

ব্যক্তিগতভাৱে তেওঁৰ ঘৰে বাইৰে চিনেমাখন মোৰ অত্যন্ত প্ৰিয়। সেইখনত সৌমিত্ৰ চট্টোপাধ্যায় আৰু ভিক্টৰ বেনাৰ্জীৰ অভিনয় দেখি এনে লাগিছিল যেন এখন অৰণ্যত দুটা বাঘে একেলগে গুজৰিহে আছে। আৰু শুনামতে শিল্পীৰ পৰা শ্ৰেষ্ঠ কাম কেনেকৈ উলিয়াব লাগে সেই দক্ষতা সত্যজিত ৰায়ৰ বাৰুকৈয়ে আছিল। চিনেমাবোৰ বাৰে বাৰে চালোঁ। পাচলৈ যেতিয়া নিজে চিনেমা নিৰ্মাণ কৰিবলৈ ল’লোঁ তেতিয়া তেওঁৰ চিনেমাৰ বিষয়ে আকৌ পঢ়িবলৈ আৰম্ভ কৰিলোঁ।তেওঁৰ কেমেৰা ফ্ৰেইমিঙৰ শৈলীৰ পৰা কাহিনী এটা কোৱাৰ ধৰণলৈকে সকলোতে যেন এক অদ্ভুত স্বকীয়তা বিচাৰি পোৱা যায়। সেইগৰাকী ব্যক্তিৰ সৃষ্টিৰাজিক লৈ বহু ভাল ভাল কাম হৈ আছে আৰু তেওঁৰ বিষয়ে অধিক পঢ়া-শুনা হোৱাটো বিচাৰোঁ।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments