সৃষ্টিৰ পৰা স্ৰষ্টালৈ: সত্যজিৎ ৰায়-ড° অভিজিত দত্ত

প্ৰস্তাৱনা:

১৯২১ চনৰ ২ মে তাৰিখ। উত্তৰ কলিকতাৰ গড়পাৰ ৰ’ডত অৱস্থিত ৰায় পৰিয়ালত এটি পুত্ৰ সন্তানৰ জন্ম হ’ল। দেশৰ প্ৰথম মহিলা চিকিৎসক কাদম্বিনী গাঙ্গুলীৰ তত্বাৱধানত জন্মলাভ কৰা সেই সন্তানক পৰিয়ালে মানিক নাম দিলে। সেই মানিকেই এসময়ত পশ্চিমবংগ, ভাৰত তথা বিশ্বৰেই ‘মাণিক’ হিচাবে নিজক প্ৰতিস্থা কৰিলে।

এসময়ত মানিকৰ বাবে পোছাকী নাম এটাৰ প্ৰয়োজন হ’ল। মাণিকৰ পিতৃ প্ৰখ্যাত শিশু সাহিত্যিক সুকুমাৰ ৰায়ে তেওঁৰ সতে থকা সুসম্পৰ্কৰ বাবে মানিকক পোছাকী নাম এটি দিবলৈ কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰক অনুৰোধ জনালে। এটি সহজ নাম ঠিক কৰিবলৈ তেখেতক মানিকৰ পিতৃয়ে খাটনি ধৰিলে। কবিগুৰুয়ে মানিকৰ খুড়াকৰ সন্তান অৰ্থাৎ মানিকৰ ককায়েক সৰলকুমাৰৰ নামটোৰ সতে ৰজিতা খুৱাই মানিকৰ নাম দিলে সহজকুমাৰ। কবিগুৰুৰ ৰসিকতাত মানিকৰ পিতৃয়েও ৰস আস্বাদন কৰিলে।

পৰবৰ্তী পৰ্যায়ত মানিকক পোছাকী নাম এটা দিয়া হ’ল। সেই নামটো হ’ল সত্যজিৎ। সেই সত্যজিৎয়েই এসময়ত বিংশ শতিকাৰ এগৰাকী প্ৰখ্যাত চিত্ৰ পৰিচালক হিচাবে বিশ্বত জনাজাত হৈ পৰিল।

বিৰল প্ৰতিভাৰ অধিকাৰী সত্যজিৎ ৰায় অকল চিত্ৰ পৰিচালকেই নাছিল। এজন সফল শিশু সাহিত্যিক, গল্পকাৰ, প্ৰবন্ধকাৰ, সঙ্গীতঙজ্ঞ, চিত্ৰকৰ, অনুবাদক, চিত্ৰনাট্যকাৰ আৰু সমালোচক হিচাবেও তেওঁ খ্যাতি অৰ্জন কৰিছিল। উল্লেখযোগ্য যে ঠাকুৰ পৰিয়ালৰ দৰেই সকলো ক্ষেত্ৰতেই পাৰদৰ্শিতা প্ৰদৰ্শন কৰা সত্যজিৎ ৰায়ৰ পৰিয়ালটোৰ সাংস্কৃতিক আৰু বিদ্যায়তনিক পৰিবেশে এই বিৰল প্ৰতিভাৰ অধিকাৰী মানুহজনক বাল্যকালৰ পৰাই তিলতিলকৈ গঢ়ি তুলিছিল।

সত্যজিৎ ৰায়ৰ বিৰল প্ৰতিভা তথা বিভিন্ন ক্ষেত্ৰত থকা তেওঁৰ পাণ্ডিত্য সম্পৰ্কে অধ্যয়ন কৰিলেই মানুহজনৰ বিভিন্ন দিশত থকা পাৰদৰ্শিতা সম্পৰ্কে এক সম্যক জ্ঞান আহৰণ কৰিব পৰা যায়। তেওঁৰ প্ৰতিভা বিকশিত হোৱা বিভিন্ন ক্ষেত্ৰ সম্পৰ্কে আলোকপাত কৰাৰ মানসেৰে এই লেখাটি প্ৰস্তুত কৰি তোলা হৈছে। আলোচনাৰ সুবিধাৰ্থে এই লেখাটি নিম্নলিখিত ক্ৰমত সজাই তোলা হ’ল।

(১) বংশ পৰিয়াল:

সত্যজিৎ ৰায়ৰ পৰিয়ালটি আছিল কলিকতাৰ এক প্ৰখ্যাত পৰিয়াল। তেওঁৰ ককাদেউতাক উপেন্দ্ৰকিশোৰ ৰায়চৌধুৰীয়ে সেই সময়ত কলিকতাৰ এজন প্ৰখ্যাত মুদ্ৰক, প্ৰকাশক, চিত্ৰকৰ, বৈজ্ঞানিক, সঙ্গীতজ্ঞ তথা শিশু সাহিত্যিক হিচাবে প্ৰসিদ্ধি লাভ কৰিছিল।

উপেন্দ্ৰকিশোৰ ৰায়চৌধুৰীৰ পদাংক অনুসৰণ কৰি তেওঁৰ বৰপুত্ৰ সুকুমাৰ ৰায়েও মেধাৰ পৰিচয় দাঙি ধৰিছিল। কলিকতাৰ বিখ্যাত প্ৰেচিডেন্সী মহাবিদ্যালয়ৰ পৰা পদাৰ্থ বিজ্ঞান আৰু ৰসায়ন বিজ্ঞান বিভাগৰ স্নাতক সুকুমাৰ ৰায়ে আন কিছুমান ক্ষেত্ৰতো পাৰ্গতালি দেখুৱাবলৈ সক্ষম হৈছিল। মহাবিদ্যালয়ৰ ছাত্ৰ সুকুমাৰ ৰায়ে সেই সময়তেই ননচেঞ্চ ক্লাব (Nonsense Club) নামৰ এক সংস্থা গঠন কৰি ‘ঝালাপালা’ আৰু ‘লক্ষণেৰ শক্তিশেল’ নামৰ দুখন নাট ৰচনা কৰি সমসাময়িক সাহিত্য আৰু নাট্যক্ষেত্ৰত খলকনি তুলিছিল। পৰবৰ্তী কালত পিতৃ উপেন্দ্ৰকিশোৰ ৰায়চৌধুৰীৰ পৰামৰ্শ অনুসৰি তেওঁ মুদ্ৰণ আৰু ফটোগ্ৰাফী সম্পৰ্কে জ্ঞান আহৰণ কৰিবলৈ ইংলেণ্ডলৈ যাত্ৰা কৰে। ইতিমধ্যেই মুদ্ৰক আৰু প্ৰশাসক হিচাবে সমাজত পৰিচিতি লাভ কৰা উপেন্দ্ৰকিশোৰ ৰায়চৌধুৰীয়ে ১৮৯৫ চনত ‘ইউ ৰায় এণ্ড চনচ’ (U Rai & Sons) নামৰ এক ছপাশাল প্ৰতিস্থা কৰে। ১৯১৩ চনত ৰায়চৌধুৰীয়ে শিশু আৰু চেমনীয়াসকলৰ বাবে ‘সন্দেশ’ নামৰ এক পত্ৰিকা প্ৰকাশ কৰে। এই পত্ৰিকাৰ সম্পাদনা কাৰ্যত নিয়োজিত হৈ থকা ৰায়চৌধুৰীয়ে ‘ৰামায়ণ’ আৰু ‘মহাভাৰত’ৰ শিশুপাঠ্য সংস্কৰণো প্ৰকাশ কৰে। একেদৰে বাংলা লোকজীৱনৰ উপকথাসমূহ সংগ্ৰহ কৰি তেখেতে ‘টুনটুনিৰ বই’ নামৰ আন এক গ্ৰন্থ শিশু আৰু কিশোৰসকলৰ বাবে প্ৰকাশ কৰে।

উপেন্দ্ৰকিশোৰ ৰায়চৌধুৰীৰ মৃত্যুৰ পিছত তেওঁৰ সুযোগ্য পুত্ৰ সুকুমাৰ ৰায়ে ‘সন্দেশ’ৰ প্ৰচাৰ আৰু প্ৰকাশৰ কামত নিয়োজিত হৈ পৰে। এই পত্ৰিকাত সুকুমাৰ ৰায়ৰ প্ৰথম প্ৰকাশ আছিল ‘খিচুড়ী’ নামৰ এক হাস্যব্যঙ্গ কবিতা। পৰবৰ্তী কালত তেওঁৰ ‘আবোল তাবোল’‌ নামৰ পদ্যৰ এক শৃংখলা প্ৰকাশ কৰে এই পত্ৰিকাত। সুকুমাৰ ৰায়ে এই পত্ৰিকাত পদ্যসমূহ লিখাৰ উপৰিও বিষয়বস্তু সম্পৰ্কে বিভিন্ন ছবি অঙ্কন কৰি এই পত্ৰিকাখনত প্ৰকাশ কৰে। ইতিমধ্যে শিশু সাহিত্যিক হিচাবে জনপ্ৰিয় হোৱা সুকুমাৰ ৰায়ে শিশু আৰু কিশোৰৰ বাবে ‘হ-য-ব-ৰ-ল’ নামৰ আন এক গ্ৰন্থ প্ৰকাশ কৰে। লুইচ কেৰলৰ ‘এলিচ ইন ৱাণ্ডাৰলেণ্ড’ নামৰ গ্ৰন্থখনৰ দ্বাৰা অনুপ্ৰাণিত হৈ সুকুমাৰ ৰায়ে প্ৰকাশ কৰা এই গ্ৰন্থখনেও ৰায়ক শিশু সাহিত্যিক হিচাবে জনসমাজত পৰিচিত কৰে। দুৰ্ভাগ্যজনক কথা এই যে ১৯২৩ চনৰ ১০ ছেপ্টেম্বৰত পয়ত্ৰিশ বছৰ বয়সতেই সুকুমাৰ ৰায়ে ইহলীলা সম্বৰণ কৰে। সেই সময়ত সত্যজিৎৰ বয়স মাথো দুই বছৰ চাৰি মাহ। যদিও সত্যজিৎ-এ অতি কম সময়ৰ বাবেহে তেওঁৰ পিতৃক পাইছিল, তথাপি তেওঁৰ পিতৃ সুকুমাৰ ৰায় আৰু ককাদেউতাক উপেন্দ্ৰকিশোৰ ৰায়চৌধুৰীৰ অনবদ্য সত্বাই যেন গজালি মেলিছিল সত্যজিৎৰ ব্যক্তি আৰু শিল্পীসত্বাত।

(২) চিত্ৰ পৰিচালক সত্যজিৎ ৰায়:

সত্যজিৎ ৰায়ৰ চিনেমাৰ প্ৰতি থকা দুৰ্বলতা তেওঁৰ সৰুকালতেই প্ৰকাশ পাইছিল। সত্যজিৎৰ পেহীয়েকৰ জীয়েক কল্যাণী কাৰ্লেকৰে প্ৰকাশ কৰা মতে তেওঁ এদিন মটীয়া ৰঙৰ এটা ফাইবাৰৰ বাকচ বিচাৰি পাই সেই বাকচটোৰ ওপৰত ডাক্তৰ সত্যজিৎ ৰায়’ বুলি লিখি সেইয়া সত্যজিৎক উপহাৰ দিছিল। বাকচটি পাই কণমানি সত্যজিৎ উৎসাহিত হৈ পৰিব বুলি তেওঁ ভাবিছিল। পিছে কথাটো তেনেধৰণৰ নহ’ল। কণমানি সত্যজিৎ-এ বায়েকক লাহেকৈ কলে,

“মই ডাক্তৰ নহও। জাৰ্মানীত ছবি তোলা সম্পৰ্কে শিকি আহি মই চিনেমা নিৰ্মাণ কৰিম।”

এনেদৰে সত্যজিৎৰ মনত চিনেমা নিৰ্মাণ কৰাৰ বাসনা এটাৰ সৃষ্টি হৈছিল তেওঁৰ সৰু থকাৰ পৰাই। সুকুমাৰ কলাক এক বিশেষ মাত্ৰা প্ৰদান কৰা সত্যজিৎৰ তেতিয়া হয়তো দহ-বাৰ বছৰমান বয়সঁ হব। সেই তেতিয়াই তেওঁৰ মনত চখ এটাই বাহ লৈছিল। সেই চখটো আছিল ফটো তোলাৰ চখ। সেই ফটোসমূহ আছিল প্ৰকৃতিৰ বিভিন্ন উপাদান যেনে নিজৰা, পাহাৰ আদিৰ আলোকচিত্ৰ।

‘পথেৰ পাঁচালী’ নিৰ্মাণ কৰি ভাৰতীয় আৰু বাংলা চিনেমাৰ ধাৰাত বিশেষ অৰিহণা যোগোৱা সত্যজিৎ ৰায়ৰ মুঠ চলচ্চিত্ৰৰ সংখ্যা হ’ল ২৮খন। সত্যজিৎ ৰায়ে কথাছবি নিৰ্মাণৰ সমান্তৰালকৈ বিভিন্ন তথ্যচিত্ৰও নিৰ্মাণ কৰে। কবীগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ, পিতৃ সুকুমাৰ ৰায় আদি বিশিষ্ট ব্যক্তিসকল তথা আন কেতবোৰ ক্ষেত্ৰ সামৰি তেওঁ পাচখন তথ্যচিত্ৰ নিৰ্মাণ কৰে। আনহাতে নিজ ছবিসমূহ নিৰ্মাণ কৰাৰ উপৰিও সত্যজিৎ ৰায়ে বিখ্যাত পৰিচালক যেনে নিত্যানন্দ দত্ত, হৰিসাধন দাসগুপ্ত, বংশী চন্দ্ৰগুপ্ত, পুত্ৰ সন্দীপ ৰায় আদিৰ ছবিত চিত্ৰনাট্য ৰচনা কৰে।

সত্যজিৎ ৰায়ৰ ছবি ‘পথেৰ পাঁচালী’-এ মুক্তি লাভ কৰে ১৯২৯ চনত। বিভূতিভূষণ বন্দ্যোপাধ্যায়ৰ একে নামৰ উপন্যাসখনৰ আধাৰত প্ৰস্তুত কৰা এইখন ছবিৰ বাবে সত্যজিৎ ৰায়ে আন্তৰ্জাতিক ক্ষেত্ৰত পৰিচালক হিচাবে খ্যাতি লাভ কৰে। ১৯৫৬ চনত ‘কান’ আন্তৰ্জাতিক চলচ্চিত্ৰ উৎসৱত তেওঁক এই ছবিখনৰ বাবে পুৰস্কৃত কৰা হয়। একেদৰে উক্ত ছবিখনৰ বাবে তেওঁক বাৰ্লিন আন্তৰ্জাতিক চলচ্চিত্ৰ উৎসৱ, ষ্ট্ৰাটফোৰ্ড (কানাডা) দ্বিতীয় আন্তৰ্জাতিক চলচ্চিত্ৰ উৎসৱ, নিউ ইয়ৰ্ক আফ্ৰো আৰ্টস থিয়েটাৰ, ডেনমাৰ্ক চলচ্চিত্ৰ সম্পাদক সমিতি আদিকে ধৰি বিভিন্ন আন্তৰ্জাতিক অনুষ্ঠানৰ দ্বাৰা সন্মানিত কৰা হয়। পৰবৰ্তী কালত বিভূতিভূষণ বন্দ্যোপাধ্যায়ৰ অপৰাজিত’ নামৰ উপন্যাসখনৰ আধাৰত তেওঁ নিৰ্মাণ কৰে ‘অপৰাজিত’ (১৯৫৬) নামৰ আন এখন চলচ্চিত্ৰ। ‘পথেৰ পাঁচালী’ৰ দৰে সত্যজিৎ ৰায়ৰ এই ছবিখনেও চিত্ৰ সমালোচকৰ দৃষ্টি আকৰ্ষণ কৰে আৰু ৰাষ্ট্ৰীয় আৰু আন্তৰ্জাতিক ক্ষেত্ৰত ই উচ্চ প্ৰশংসিত হয়। প্ৰসঙ্গক্ৰমে উল্লেখযোগ্য যে ‘অপৰাজিত’ক ভেনিচ চলচ্চিত্ৰ উৎসৱত শ্ৰেষ্ঠ চলচ্চিত্ৰ হিচাবে ঘোষণা কৰা হয় আৰু এই চলচ্চিত্ৰখনৰ বাবে সত্যজিৎ ৰায়ে ১৯৫৭ চনত চলচ্চিত্ৰৰ কালজয়ী পুৰস্কাৰ ‘গোল্ডেন লায়ন অফ সেন্ট মাৰ্ক’ লাভ কৰে। সত্যজিৎ ৰায়ৰ আন এখন বিখ্যাত ছবি অপুৰ সংসাৰ’-এ মুক্তি লাভ কৰে ১৯৫৯ চনত। উল্লেখযোগ্য যে ‘পথেৰ পাঁচালী’, ‘অপৰাজিত’ আৰু ‘অপুৰ সংসাৰ’ক সত্যজিৎ ৰায়ৰ দ্বাৰা নিৰ্মিত ‘অপু চিত্ৰত্ৰয়ী’ (‘অপু ট্ৰিলজি’) বুলি গণ্য কৰা হয়। এই ‘ট্ৰিলজি’ৰ অন্তৰ্গত প্ৰতিখন কথাছবিকেই ১৯৬০ চনত অনুষ্ঠিত লণ্ডন চলচ্চিত্ৰ উৎসৱত ‘উইংটন’ পুৰস্কাৰ প্ৰদান কৰা হ’য়। প্ৰণিধানযোগ্য যে ওপৰোক্ত কথাছবিসমূহৰ উপৰিও সত্যজিৎ ৰায়ৰ অন্যান্য ছবি যেনে ‘দেবী’, ‘তিনকন্যা’, ‘কাঞ্চনজঙ্ঘা’, ‘মহানগৰ’, ‘নায়ক’, ‘গুপী গাইন বাঘা বাইন’, ‘অশনি সংকেত’, ‘গণশত্ৰু’ আদিয়েও দৰ্শক আৰু চিত্ৰ-সমালোচকসকলৰ দৃষ্টি আকৰ্ষণ কৰে।

সত্যজিৎ ৰায়ৰ চলচ্চিত্ৰসমূহক যেনেদৰে সমগ্ৰ বিশ্বই স্বীকৃতি দিছে, একেদৰে চিত্ৰ পৰিচালক হিচাবেও তেওঁ আন্তৰ্জাতিক অনুষ্ঠান-প্ৰতিস্থানৰ দ্বাৰা সন্মানিত হৈছে। তেওঁৰ চিত্ৰ -প্ৰতিভাক সন্মান জনাই ইতিমধ্যে দেশ-বিদেশৰ বিভিন্ন সংস্থাই তেওঁক বিভিন্ন সন্মান প্ৰদান কৰিছে। ১৯৭৫ চনত ‘ব্ৰিটিছ ফেডাৰেশ্বন অফ ফিল্ম চচাইটি’য়ে ‘বিংশ শতিকাৰ দ্বিতীয়াৰ্ধৰ শ্ৰেষ্ঠ চিত্ৰ পৰিচালক’ হিচাবে ৰায়ক সন্মানিত কৰে। ১৯৮৭ চনত ফৰাচী চৰকাৰে ফ্ৰান্সৰ সৰ্বোচ্চ সন্মান ‘লিজিয়ন অব অনাৰ’ সন্মানেৰে সন্মানিত কৰা সত্যজিৎ ৰায়ক ১৯৮৯ চনত অসম চৰকাৰেও ‘শঙ্কৰদেৱ বটা’ প্ৰদান কৰে। ১৯৯২ চনত সত্যজিৎ ৰায় সন্মানিত হ’য় অস্কাৰ বটাৰে। চিকিৎসালয়ৰ বিচনাৰ পৰাই তেওঁ সেই বটা গ্ৰহণ কৰে আৰু এনেদৰেই আমাৰ দেশলৈ কঢ়িয়াই আনে এক অপ্ৰত্যাশিত সুখবৰ।

(৩) সাহিত্যিক সত্যজিৎ ৰায়:

চলচ্চিত্ৰ নিৰ্মাণত  নিজৰ অভিনৱ দক্ষতা প্ৰমাণ কৰা সত্যজিৎ ৰায়ৰ সাহিত্য প্ৰতিভাও কোনোগুণে কম নহ’য়। বাংলা সাহিত্যত এজন সফল শিশু সাহিত্যিক, প্ৰবন্ধকাৰ তথা চলচ্চিত্ৰ সমালোচক হিচাবে সত্যজিৎ ৰায়ে আগবঢ়োৱা বিভিন্ন আলোচনাই এই বিখ্যাত পৰিচালকজনৰ সাহিত্যিক প্ৰতিভা সম্পৰ্কে আমাক অৱগত কৰে। লেখাটিৰ এই অংশত সত্যজিৎ ৰায়ৰ সাহিত্যিক কৰ্মৰাজি বিশেষকৈ তেওঁৰ দ্বাৰা চেমনীয়াসকলৰ বাবে ৰচিত সাহিত্য আৰু চলচ্চিত্ৰ সম্পৰ্কীয় প্ৰবন্ধ সম্পৰ্কে বাখ্যা কৰা হ’ল।

(ক) চেমনীয়াসকলৰ সাহিত্য:

সত্যজিৎ ৰায়ৰ পিতৃ সুকুমাৰ ৰায় আৰু ককাদেউতাক উপেন্দ্ৰকিশোৰ ৰায়চৌধুৰীৰ সাহিত্য কৃতি সম্পৰ্কে আমি ইতিমধ্যে আলোচনা কৰিছো। ককাদেউতাক আৰু পিতৃৰ সাহিত্যকৰ্মৰ দ্বাৰা আকৃষ্ট হোৱা সত্যজিৎ ৰায়েও শিশু-কিশোৰ সাহিত্য ৰচনা কৰি বাংলা সাহিত্যৰ ভৰাল চঁহকী কৰিছে।

সত্যজিৎ ৰায়ৰ গল্পসমূহত চৰিত্ৰৰ এক অন্তৰ্মুখী ব্যক্তিত্ব লক্ষ্য কৰা যায়। তেওঁৰ বিভিন্ন গল্প যেনে ‘পটলবাবু ফিল্ষ্টাৰ’, ‘ব্যোমযাত্ৰীৰ ডায়েৰী’, ‘বন্ধুবাবুৰ বন্ধু’ আদিয়ে যদিও চেমনীয়াসকলক সদায়েই আকৰ্ষিত কৰে, একেদৰেই সত্যজিৎ ৰায়ৰ এই গল্পসমূহে যেন প্ৰাপ্তবয়স্ক লোকসকলৰ অন্তৰৰ অভ্যন্তৰত লুকাই থকা কিশোৰজনকো অলপ সময়ৰ বাবে জগাই তোলে।

সত্যজিৎ ৰায়ৰ দ্বাৰা সৃষ্ট ‘ফেলুদা’ শিশু আৰু কিশোৰ সকলৰ বাবে এক আকৰ্ষণীয় চৰিত্ৰ। তীক্ষ্ণ পৰ্যবেক্ষণ শক্তি, বিদগ্ধতা তথা কাম কৰাৰ এক জটিল অথচ আকৰ্ষণীয় শৈলীৰে জনপ্ৰিয় হৈ উঠা ফেলুদা এক মজাৰ চৰিত্ৰ। ৰহস্যময় পৰিবেশৰ মাজত সত্যৰ সন্ধান কৰা ‘ফেলুদা’ নামৰ চৰিত্ৰটি যদিও এজন সত্য অন্বেষণকাৰী, সেই ‘ফেলুদা’ই শিশু আৰু কিশোৰসকলৰ বাবে যেন হৈ পৰিছে এক মনোগ্ৰাহী চৰিত্ৰ। স্যাৰ আৰ্থাৰ কনান ডয়ালৰ বিখ্যাত চৰিত্ৰ ‘শাৰ্লক হোমচ’ৰ দৰেই সত্যজিৎ ৰায়ৰ ‘ফেলুদা’ই বিভিন্ন সত্য ফাদিল কৰিছে। সেই ‘ফেলুদাই নিজ কৰ্মৰ যোগেৰে শিশু আৰু কিশোৰসকলৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ।

চেমনীয়াসকলক আপ্লুত কৰি তুলিব পৰা সত্যজিৎ ৰায়ৰ আন এক চৰিত্ৰ হ’ল ‘প্ৰফেচাৰ শঙ্কু’। বিশেষকৈ কল্পবিজ্ঞান কাহিনী বৰ্ণনা কৰিবলৈ সত্যজিৎ ৰায়ে এই চৰিত্ৰটি সৃষ্টি কৰে। সত্যজিৎ ৰায়ৰ ‘শঙ্কু’ৰ গল্পই চেমনীয়া সকলক উৎসাহিত কৰাৰ লগে লগে বয়স্কসকলৰ মনতো এক কাল্পনিক পৃথিৱীৰ প্ৰতিচ্ছবি সৃষ্টি কৰে। চেমনীয়া সকলৰ লগতে প্ৰাপ্তবয়স্ক লোকসকলৰ বাবে মুকলি কৰে ভৌগোলিক, আঞ্চলিক অথবা আন্তৰ্জাতিক পৰিসৰৰ বিস্তৃত জ্ঞান ভাণ্ডাৰক। এই সম্পৰ্কত উল্লেখ কৰিব পাৰি যে ১৯৬৫ চনৰ নৱেম্বৰ মাহত সত্যজিৎ ৰায়ৰ তেওঁৰ প্ৰথম বাংলা গ্ৰন্থ ‘প্ৰোফেসৰ শঙ্কু’ প্ৰকাশিত হ’য়।

সত্যজিৎ ৰায়ে শিশু আৰু কিশোৰসকলৰ বাবে বিভিন্ন পদ্যও ৰচনা কৰা পৰিলক্ষিত হ’য়। তেওঁৰ পিতৃ সুকুমাৰ ৰায়ৰ তেজ যেন প্ৰবাহিত হৈ আছিল তেওঁৰ ধমনীত। পিতৃৰ দৰেই সত্যজিৎ ৰায়েও বিভিন্ন শিশুপদ্য ৰচনা কৰা পৰিলক্ষিত হ’য়। কথাছবি নিৰ্মাণ , চিত্ৰনাট্য ৰচনা আদি এশ-এবুৰি কাৰ্যত নিয়োজিত হৈ থকাৰ সময়তো সত্যজিৎ ৰায়ে এই পদ্যসমূহ ৰচনা কৰে। হয়তো বংশগত কাৰণো কাৰ্যক্ষম হৈ পৰিছিল সত্যজিৎ ৰায়ৰ সাহিত্য কৃতিৰ মাজেৰে। সেয়েহে পিতৃ সুকুমাৰ ৰায় তথা ককাদেউতাক উপেন্দ্ৰকিশোৰ ৰায়চৌধুৰীৰ পদাংক অনুসৰণ কৰি সত্যজিৎ ৰায়েও সৃষ্টি কৰিছিল কেতবোৰ কালজয়ী শিশুপদ্য। উল্লেখযোগ্য যে এই পদ্যসমূহ বাংলা সাহিত্যত আজিও জনপ্ৰিয় হৈ আছে। শিশু অথবা কিশোৰ-কিশোৰীসকলক আকৰ্ষণ যোগোৱাৰ উপৰিও সত্যজিৎ ৰায়ৰ এই শিশুপদ্যই সমালোচকসকলৰো দৃষ্টি আকৰ্ষণ কৰিছে। সত্যজিত ৰায়ৰ দ্বাৰা ৰচিত আৰু তেওঁৰ ‘গুপী গাইন বাঘা বাইন (১৯৬৯) নামৰ চলচ্চিত্ৰত ব্যৱহৃত এটি পদ্যৰ অসমীয়া ভাঙনি ইয়াত সংযোজন কৰা হ’ল:

“হব হব হব হব
গান হব ঢোল হব
সুৰ হব তাল হব লয় হব
লোক সব হব বিহ্বল
স্থিৰ হৈ ৰৈ যাব
ৰৈ যাব—“

(হবে হবে হবে হবে
গান হবে ঢোল হবে
সুর হবে তাল হবে লয় হবে
লোকে সব ভ্যাবা চ্যাকা
স্থিৰ হয়ে থেমে যাবে
থেমে যাবে—
(মূল বাংলা)

সত্যজিৎ ৰায়ে লিখা ‘যখন ছোট ছিলাম’ত লিখকে নিজ জীৱনৰ বাল্যকাল সম্পৰ্কে পাঠকক অৱগত কৰিছে। চেমনীয়াসকলে নিজৰ শৈশৱ আৰু কৈশোৰৰ সন্ধান কৰিব পৰা পৰিবেশ এটাৰ সৃষ্টি কৰা হৈছে এই গ্ৰন্থখনত। সত্যজিৎ-এ সৰুকালত বাস কৰা গড়পাৰ ৰ’ডৰ ঘৰটো, ঘৰৰ সদস্যসকল তথা ঘৰটোৰ পাৰিপাৰ্শ্বিক পৰিবেশ সম্পৰ্কে এই গ্ৰন্থত তেওঁ উল্লেখ কৰিছে। সত্যজিৎৰ পিতৃ সুকুমাৰ ৰায়ৰ অকাল মৃত্যুৰ পিছত ভবানীপুৰত অৱস্থিত মোমায়েকৰ ঘৰত সত্যজিৎ আৰু তেওঁৰ মাতৃয়ে আশ্ৰয় গ্ৰহণ কৰে। ভবানীপুৰৰ বিভিন্ন স্মৃতি সম্পৰ্কেও সত্যজিৎ ৰায়ে এই গ্ৰন্থখনত উল্লেখ কৰিছে। উক্ত গ্ৰন্থখন চেমনীয়া আৰু শিশুসকলৰ বাবে নিসন্দেহে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে যত উদ্ভাসিত হৈছে শিশু আৰু চেমনীয়াসকলৰ স্মৃতি, আৱেগ অথবা অনুভূতি।

(খ) সত্যজিৎ ৰায়ৰ প্ৰবন্ধ আৰু সমালোচনা:

বাংলা চলচ্চিত্ৰৰ বিভিন্ন বিষয় সম্পৰ্কে উল্লেখিত সত্যজিৎ ৰায়ৰ গ্ৰন্থ ‘বিষয় চলচ্চিত্ৰ’ প্ৰকাশ পায় ১৯৮২ চনৰ ছেপ্টেম্বৰ মাহত। এই গ্ৰন্থৰ যোগেৰে ৰায়ে এগৰাকী প্ৰবন্ধকাৰ হিচাবে আত্মপ্ৰকাশ কৰে। যদিও এই গ্ৰন্থৰ ভূমিকাত প্ৰবন্ধকাৰে গ্ৰন্থখনত থকা ওঠৰটা প্ৰবন্ধৰ ভিতৰত মাত্ৰ দুটা প্ৰবন্ধকহে আচল প্ৰবন্ধ (স্বতঃপ্ৰবৃত্ত) বুলি উল্লেখ কৰিছে, গ্ৰন্থখনৰ প্ৰতিটো প্ৰবন্ধই ৰায়ৰ চলচ্চিত্ৰ সম্পৰ্কে থকা অগাধ জ্ঞানক প্ৰতিফলিত কৰা পৰিলক্ষিত হয়।

সত্যজিৎ ৰায়ৰ বিভিন্ন প্ৰবন্ধই সমালোচনাৰ এক ধাৰা প্ৰতিষ্ঠা কৰিছে। এই সম্পৰ্কত তেওঁৰ দ্বাৰা ৰচিত ‘বিষয় চলচ্চিত্ৰ’ নামৰ গ্ৰন্থখনৰ কথা উল্লেখ কৰিব পাৰি। উক্ত শিৰোনামৰ গ্ৰন্থখনত তেওঁ চিত্ৰ সমালোচক হিচাবে আত্মপ্ৰকাশ কৰিছে। চলচ্চিত্ৰক সমালোচনা সাহিত্যৰ অন্তৰ্ভুক্ত কৰি উক্ত গ্ৰন্থখন প্ৰকাশ কৰাৰ লগে লগে বাংলা সাহিত্যত সমালোচনাৰ এক নতুন ধাৰাৰ সৃষ্টি হোৱা দেখা যায়। এই গ্ৰন্থখনৰ অন্তৰ্ভুক্ত প্ৰবন্ধসমূহৰ ভিতৰৰ দুটা প্ৰবন্ধ ক্ৰমে ‘চলচ্চিত্ৰেৰ ভাষা-সেকাল ও একাল’ আৰু ‘সোভিয়েট চলচ্চিত্ৰ’ক আজিও চলচ্চিত্ৰ সমালোচনাৰ ক্ষেত্ৰখনৰ দুটা বিশেষ লেখা বুলি চলচ্চিত্ৰ সমালোচকসকলে গণ্য কৰে।

সত্যজিৎ ৰায়ৰ আন এক সমালোচনা কৰ্ম ‘Our films their films’ আন এক উল্লেখযোগ্য গ্ৰন্থ। ইংৰাজীত লিখা এই পুথিখনত জাপানী চলচ্চিত্ৰ, চাৰ্লি চেপলিন, ভাৰতীয় চলচ্চিত্ৰ ইত্যাদি বিভিন্ন বিষয়ত সত্যজিৎ ৰায়ে এক নিৰ্মোহ সমালোচনা আগবঢ়াই সমালোচনা সাহিত্যৰ ভেটি সুদৃঢ় কৰে।

যদিও সমালোচক হিচাবে সত্যজিৎ ৰায়ৰ পুথিৰ সংখ্যা নিতান্তই তাকৰ, তথাপি তেওঁৰ দ্বাৰা ৰচিত গ্ৰন্থ ‘বিষয় চলচ্চিত্ৰ’ক বাংলা সাহিত্য, চলচ্চিত্ৰ জগত তথা বিশ্ব সাহিত্যৰ আপুৰুগীয়া সম্পদ বুলি গণ্য কৰা হয়।

(৪) সত্যজিৎ ৰায়ৰ সংগীত বীক্ষা:

সত্যজিৎ ৰায়ৰ সংগীতৰ ওপৰত এক আচৰিত দখল আছিল। তেওঁৰ দ্বাৰা পৰিচালিত বিভিন্ন চলচ্চিত্ৰত তেওঁ সংগীত নিজে ৰচনা কৰিছিল। ছবিৰ চৰিত্ৰসমূহৰ সংলাপ, অভিব্যক্তি অথবা মানসিক অৱস্থা বুজাবলৈ সত্যজিৎ ৰায়ে সংগীতৰ ওপৰত নিৰ্ভৰ কৰিছিল। চিত্ৰনাট্য ৰচনা কৰাৰ সময়ত যেনেদৰে তেওঁ গুৰুত্ব প্ৰদান কৰিছিল, একেদৰেই তেওঁ গুৰুত্ব দিছিল সংগীত ব্যৱহাৰৰ ক্ষেত্ৰতো। এই সম্পৰ্কত ৰায়ৰ ছবি ‘পথেৰ পাঁচালী’ত ব্যৱহৃত হোৱা আৱহ সংগীতৰ কথা উল্লেখ কৰিব পাৰি। ছবিখনৰ পটভূমি, বিষয় অথবা চৰিত্ৰৰ অভিব্যক্তি অনুসৰি সত্যজিৎ ৰায়ে আৱহ সংগীত ব্যৱহাৰ কৰে। ‘পথেৰ পাঁচালী’ৰ সংগীত পৰিচালক আছিল বিখ্যাত ধ্ৰুপদী শিল্পী পণ্ডিত ৰবিশঙ্কৰ। সত্যজিৎ ৰায় আৰু ৰবিশঙ্কৰৰ সাংগীতিক আলোচনাৰ ফলত এই কথাছবিখনত সংযোজিত কৰা হয় মনোগ্ৰাহী সংগীত। চৰিত্ৰসমূহৰ অভিব্যক্তি তথা ঘটনাৰ প্ৰয়োজন অনুসৰি সংগীত সংযোজন কৰা হয় ‘পথেৰ পাঁচালী’ত। পৰবৰ্তী কালত মুক্তিলাভ কৰা সত্যজিৎ ৰায়ৰ বিভিন্ন চলচ্চিত্ৰ যেনে ‘অপৰাজিত’, ‘পৰশ পাথৰ’, ‘অপুৰ সংসাৰ’ আদি ছবিতো সংগীত শিল্পী ৰবিশঙ্কৰে সংগীত পৰিচালনা কৰে। একেদৰে তেওঁৰ আন চলচ্চিত্ৰসমূহ যেনে ‘জলসাঘৰ’, ‘দেবী’ আদিত সংগীত পৰিচালনা কৰে ধ্ৰুপদী শিল্পী ওস্তাদ বিলায়েত হোসেন খান, আলি আকবৰ খান আদিয়ে।

লাহে লাহে যেন সত্যজিৎ ৰায়ৰ সংগীতৰ জ্ঞান অধিক গভীৰ হৈ পৰিল। পৰবৰ্তী পৰ্যায়ত তেওঁ নিজৰ চলচ্চিত্ৰসমূহৰ সংগীত পৰিচালনাৰ কামত নিজেই হাত দিলে। তাৰেই ফলশ্ৰুতিত তেওঁৰ চলচ্চিত্ৰ যেনে ‘কাঞ্চনজঙ্ঘা’, ‘অভিযান’, ‘চাৰুলতা’, ‘নায়ক’, ‘গুপী গাইন বাঘা বাইন’, ‘প্ৰতিদ্বন্দী’, ‘অশনি সংকেত’ আদিত তেওঁ এগৰাকী সফল সংগীত পৰিচালক হিচাবে নিজৰ পৰিচয় দাঙি ধৰিলে। উল্লেখযোগ্য যে সংগীত পৰিচালকৰূপে নিজৰ সফলতা প্ৰদৰ্শন কৰা সত্যজিৎ ৰায়ে নিত্যানন্দ দত্ত, বংশী দাসগুপ্ত, সন্দীপ ৰায় আদি বিখ্যাত পৰিচালকৰ ছবিতো সংগীত পৰিচালনা কৰে।

(৫) অন্যান্য কৃতি:

এজন সফল চলচ্চিত্ৰ তথা সংগীত পৰিচালক , চিত্ৰনাট্যকাৰ তথা সাহিত্যিক হিচাবে স্বীকৃতি লাভ কৰা সত্যজিৎ ৰায় আছিল অনন্য প্ৰতিভাৰ অধিকাৰী। ওপৰোক্ত বিষয়সমূহৰ উপৰিও আন আন ক্ষেত্ৰতো সত্যজিৎ ৰায়ে নিজৰ বুদ্ধিমত্তা তথা সৃজনশীল শক্তিৰ পৰিচয় দাঙি ধৰে। লেখাটিৰ এই অংশত সত্যজিৎ ৰায়ৰ আন কেতবোৰ প্ৰতিভা সম্পৰ্কে আলোচনা কৰিবলৈ প্ৰয়াস কৰা হৈছে।

(ক) গ্ৰাফিক শিল্পী:

সত্যজিৎ ৰায় আছিল এগৰাকী প্ৰকৃত গ্ৰাফিক শিল্পী। ১৯৪৩ চনত বিজ্ঞানৰ জগতখনত তেওঁ এগৰাকী বাণিজ্যিক শিল্পী হিচাবে যোগদান কৰে। দৃশ্যশিল্প তথা সংযোগৰ ক্ষেত্ৰত সত্যজিৎ ৰায়ৰ নিপুনতাই তেওঁক গ্ৰাফিক শিল্পী হিচাবে প্ৰতিষ্ঠিত কৰে। ৰেখাচিত্ৰ অঙ্কণত অসামান্য দক্ষতা প্ৰদৰ্শন কৰা সত্যজিৎ ৰায়ে বিজ্ঞাপনৰ জগতখনত এক জোঁৱাৰ সৃষ্টি কৰিবলৈ সক্ষম হয়। পৰবৰ্তী কালত তেওঁৰ শিল্পকৰ্মই ভুমুকি মাৰে তেওঁৰ দ্বাৰা ৰচিত গ্ৰন্থত। এই ক্ষেত্রত তেওঁৰ চলচ্চিত্ৰ ‘পথেৰ পাঁচালী’ৰ ওপৰত নিৰ্ভৰ কৰি কিশোৰসকলৰ উদ্দেশ্যে ৰচনা কৰা তেওঁৰ ‘আম আটিৰ ভেঁপু’ নামৰ কিতাপখনৰ কথা উল্লেখ কৰিব পাৰি। কিতাপখনত সন্নিবিষ্ট তেওঁৰ দ্বাৰা সৃষ্ট ছন্দময় চিত্ৰকৰ্মই কিতাপখনৰ কাহিনীক এক সুকীয়া মাত্ৰা প্ৰদান কৰা পৰিলক্ষিত হয়। গ্ৰাফিক শিল্পী হিচাবে ১৯৫২ চনত জীৱনানন্দ দাশৰ কাব্যগ্ৰন্থ ‘বনলতা সেন’ৰ দ্বিতীয় সংস্কৰণৰ প্ৰচ্ছদ তৈয়াৰ কৰে সত্যজিৎ ৰায়ে। প্ৰসঙ্গক্ৰমে উল্লেখযোগ্য যে সত্যজিতৰ পিতৃ প্ৰখ্যাত শিশু সাহিত্যিক সুকুমাৰ ৰায়ৰ বিভিন্ন ধেমেলীয়া কবিতা আৰু গল্পৰ বাবেও তেওঁ বহুতো ছবি আঁকে আৰু কালক্ৰমত তেওঁৰ দ্বাৰা অঙ্কিত এই ছবিসমূহ সুকুমাৰ ৰায়ৰ দ্বাৰা ৰচিত লেখাসমূহৰ অবিচ্ছেদ্য অংগ হৈ পৰে।

(খ) মুদ্ৰণ শিল্পী:

সত্যজিৎ ৰায়ৰ পিতৃ সুকুমাৰ ৰায় আৰু ককাদেউতাক উপেন্দ্ৰকিশোৰ ৰায়চৌধুৰী মুদ্ৰণৰ সতে জড়িত হৈ আছিল বুলি ইতিমধ্যে এই লেখাটিত উল্লেখ কৰা হৈছে। পিতৃ আৰু ককাকৰ দৰেই সত্যজিৎ ৰায়েও মুদ্ৰণবিদ্যা, টাইপগ্ৰাফি আদি বিষয়ত মেধাৰ পৰিচয় দাঙি ধৰে। এই সম্পৰ্কত তেওঁৰ দ্বাৰা ৰচিত গ্ৰন্থ ‘বিষয় চলচ্চিত্ৰ’ৰ কথা উল্লেখ কৰিব পৰা যায়। সত্যজিৎ ৰায়ৰ দ্বাৰা ৰচিত এই গ্ৰন্থৰ প্ৰচ্ছদ আৰু অলংকৰণৰ দায়িত্বত আছিল খোদ সত্যজিৎ ৰায়েই।

(গ) চিত্ৰকৰ:

বিভিন্ন বিষয়ত পাৰদৰ্শিতা দেখুওৱা সত্যজিৎ ৰায়ে এগৰাকী চিত্ৰকৰ হিচাবেও প্ৰতিষ্ঠা লাভ কৰিছিল। সৰুকালৰ পৰাই ছবি অঁকাৰ ক্ষেত্ৰত তেওঁ নিজৰ অসামান্য প্ৰতিভা প্ৰকাশ কৰিছিল। এসময়ত কলিকতাৰ শান্তি নিকেতনৰ কলাভবনত শিক্ষা গ্ৰহণ কৰা সত্যজিৎ ৰায়ৰ দ্বাৰা অঙ্কন কৰা ছবিত প্ৰকাশিত হৈ উঠে বিভিন্ন চৰিত্ৰ তথা কাহিনী। কলাভবনত অধ্যয়ন সমাপ্ত কৰি সত্যজিৎ ৰায়ে যোগদান কৰে এটি বিজ্ঞাপন সংস্থাত। সেই সময়তেই তেওঁ শিশু আৰু চেমনীয়াসকলৰ বাবে বিভিন্ন কাহিনী লিখিবলৈ আৰম্ভ কৰে। পিছে সত্যজিৎ ৰায়ে শিশু আৰু চেমনীয়াসকলৰ বাবে কাহিনী লিখাতেই ব্যস্ত নাথাকি কাহিনীৰ প্ৰয়োজন অনুসৰি বিভিন্ন ছবি আঁকিবলৈ আৰম্ভ কৰে। কালক্ৰমত তেওঁ বিভূতিভূষণ বন্দ্যোপাধ্যায়ৰ ‘পথেৰ পাঁচালী’ৰ কিশোৰ সংস্কৰণৰ বাবেও ছবি অঁকা কামত নিয়োজিত হয় আৰু এই কৰ্মই তেওঁক পিছলৈ উক্ত উপন্যাসৰ আধাৰত ‘পথেৰ পাঁচালী’, ‘অপৰাজিত’ আৰু ‘অপুৰ সংসাৰ’ নামৰ চলচ্চিত্ৰ নিৰ্মাণ কৰাত অনুপ্ৰেৰণা যোগায়।

(ঘ) সম্পাদক:

একেধাৰে চলচ্চিত্ৰ পৰিচালক, সঙ্গীত পৰিচালক, সাহিত্যিক হিচাবে পৰিচিত সত্যজিৎ ৰায় আছিল এগৰাকী সফল সম্পাদকো। অন্তহীন কৰ্মব্যস্ততাৰ মাজতো তেওঁ ককাদেউতাক উপেন্দ্ৰকিশোৰ ৰায়চৌধুৰীয়ে শিশু আৰু চেমনীয়াসকলৰ বাবে প্ৰকাশ কৰা ‘সন্দেশ’ নামৰ পত্ৰিকাখনৰ সম্পাদনাৰ কামত নিয়োজিত হৈ আছিল। উল্লেখযোগ্য যে সম্পাদনাৰ আত ধৰিয়েই তেওঁ সাহিত্যিক হিচাবে আত্মপ্ৰকাশ কৰে। এই পত্ৰিকা সম্পাদনাৰ সময়তেই তেওঁৰ প্ৰথম মৌলিক গল্প ‘ব্যোমযাত্ৰীৰ ডায়েৰী’ প্ৰকাশ পায়। ‘সন্দেশ’ৰ সম্পাদনা কাৰ্যত নিয়োজিত হৈ থকাৰ সময়ত সত্যজিৎ ৰায়ে লেখকসকলক বিভিন্ন উপদেশ প্ৰদান কৰা সম্পৰ্কীয় বিভিন্ন কাহিনী পশ্চিমবংগত আজিও সজীৱ হৈ আছে।

উপসংহাৰ:

১৯৯২ চনৰ ২৩ এপ্ৰিল। প্ৰায় নবছৰ কাল হৃদৰোগত আক্ৰান্ত হোৱা সত্যজিৎ ৰায়ে এই দিনটোতেই ইহলীলা সম্বৰণ কৰে।

বিংশ শতিকাৰ সমাজখনৰ বাবে সত্যজিৎ ৰায়ে যি অৱদান আগবঢ়াইছে, সেইয়া নিশ্চয়েই মুখৰ কথা নহয়। সত্যজিৎ ৰায় কেৱল এজন চিত্ৰ পৰিচালকেই নাছিল। তেওঁ আছিল এজন সাহিত্যিক, প্ৰবন্ধকাৰ, চিত্ৰকৰ, মুদ্ৰক আৰু সঙ্গীত শিল্পী। ৰায়ে নিজৰ সমসাময়িক ভাৰতীয় সমাজখনক বিশ্বৰ আগত তেওঁৰ চলচ্চিত্ৰৰ মাধ্যমেৰে উপস্থাপন কৰিছে। স্বকীয় শিল্পকৰ্মৰ যোগেৰে তেওঁ উদ্ভাসিত কৰিছে পশ্চিমবংগ তথা সমগ্ৰ ভাৰতবৰ্ষক। সৰস্বতীৰ বৰপুত্ৰস্বৰূপ সত্যজিৎ ৰায়ৰ বহুমুখী প্ৰতিভাৰ দ্বাৰা অনুপ্ৰাণিত হৈ আজিৰ প্ৰজন্মই সমাজৰ উত্তৰণৰ বাট এটি নিৰ্মাণ কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে। ভূমিৰ পৰা ভূমালৈ নিজ কৰ্মক্ষেত্ৰ সম্প্ৰসাৰণ কৰা সত্যজিৎ ৰায় হ’ব পাৰে আমাৰ বাবে অনুপ্ৰেৰণা। তেওঁৰ শিল্পকৰ্মৰ অধ্যয়ন আৰু অনুসন্ধানত ৰত হৈ আমি গৌৰৱ অনুভৱ কৰোঁ। সত্যজিৎ ৰায়ক আমাৰ দেশৰ এক সম্পদৰূপে গণ্য কৰি আৰু বহুজন ‘সত্যজিৎ’ গঢ় দি তুলিবলৈ আমি চেষ্টা অটুট ৰাখিব পাৰোঁ। এনে এক প্ৰচেষ্টা অথবা একাত্মতাই আমাকো বিধৌত কৰি তুলিব পাৰে। নীৰলে এখন্তেক বহি আমিও অনুভৱ কৰিব পাৰোঁ সত্যজিৎৰ অমূল্য শিল্পৰাজিক। হয়তো নিৰলতাৰ সেই অনুভবে আমাকো একাত্ম কৰি তুলিব পাৰে সত্যজিৎ ৰায় নামৰ মানুহজন আৰু তেওঁৰ শিল্পসত্বাৰ সৈতে।

গ্ৰন্থপঞ্জী:

সহায়ক গ্ৰন্থ:

১। সুব্ৰত ৰুদ্ৰ: সত্যজিৎ জীৱন আৰ শিল্প

২। বিষয় চলচ্চিত্ৰ: সত্যজিৎ ৰায়

৩। যখন ছোট ছিলাম: সত্যজিৎ ৰায়

৪। চিদানন্দ দাসগুপ্ত: সত্যজিৎ ৰায়

৫। এনড্ৰু ৰবিনচন: সত্যজিৎ ৰায়-ড্যা ইনাৰ আই

৬। ধীমান দাসগুপ্ত: চিত্ৰনাট্য ৰচনা ও চিত্ৰনাট্য বিশ্লেষণ

তথ্যচিত্ৰ:

১। সত্যজিৎ ৰায় প্ৰডাকশ্বন: সুকুমাৰ ৰায়

২। ক্ৰিয়েটিভ আৰ্টিষ্ট অৱ ইণ্ডিয়া: সত্যজিৎ ৰায়

৩। শ্যাম বেনেগাল: সত্যজিৎ ৰায়

৪। সব্যসাচী চক্ৰৱৰ্তী: সন্দেশ ১০০/

অন্তৰ্জাল সূত্ৰ:

১। www.indiatoday.in : Satyajit Ray

২। www.britannica.com: Satyajit Ray/ Biography, Movies, Awards and Facts

৩। satyajitray.org: Life, Films and Filmmaking of Satyajit Ray

৪। m.imdb.com: Satyajit Ray

(লেখকৰ টোকা: যোৱা ৬ ডিচেম্বৰ, ২০২০ চনৰ বিয়লি লেখাটো প্ৰস্তুত কৰি তুলিবলৈ মোলৈ ফোন এটা আহিছিল। সেয়া আছিল সাহিত্যৰ সম্পাদক মেঘনা চৌধুৰীৰ ফোনকল। প্ৰিয়বন্ধু মৃদুল শৰ্মাৰ সৈতে পতা কথাৰ আঁত ধৰি তেওঁ মোক সত্যজিৎ ৰায়ৰ ওপৰত লেখা এটা প্ৰস্তুত কৰি তোলাৰ কথা ক’লে‌। মই কাম আৰম্ভ কৰিলোঁ।

লেখাটো প্ৰস্তুত কৰি তোলাৰ সময়ত বিভিন্ন গ্ৰন্থ তথা তথ্যৰ যোগান ধৰিলে প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ অধ্যাপক সুৰজিৎ সাহা আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ডঃ বৰুণ কুমাৰ সাহাই। নগাঁও মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক শিক্ষাগুৰু ডঃ সঞ্জয় দে ছাৰ আৰু প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ভাতৃপ্ৰতীম ডঃ জ্যোতিৰ্ময় সেনগুপ্ত দাদাই লেখাটি প্ৰস্তুত কৰি তোলাত বিভিন্ন পৰামৰ্শ দি মোক কৃতাৰ্থ কৰিলে। ‘সাহিত্য’ৰ সম্পাদকৰ লগতে লেখাটি প্ৰস্তুত কৰি তোলাৰ সময়ত সহায়ৰ হাত আগবঢ়োৱা মোৰ অন্তৰংগ বন্ধুসকলক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।)

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments