সত্ৰীয়া নাম-প্ৰসঙ্গ ড° গিৰিকান্ত গােস্বামী

অসমৰ মহাপুৰুষীয়া সত্ৰসমূহত ভগৱান শ্ৰীকৃষ্ণ-বিষ্ণু ৰামৰ নানা প্ৰকাৰে গুণানুকীৰ্তন
কৰা হয়। এই গুণানুকীৰ্তনৰ এটি প্ৰধান ভাগ হল ‘নাম-প্ৰসঙ্গ। এই ‘নাম-প্ৰসঙ্গ’ সত্ৰসমূহৰ ঈশ্বৰ
উপাসনাৰ ঘাই কথা। ‘নাম-প্ৰসঙ্গ’ মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ সময়ৰ পৰা ধাৰাবাহিকভাৱে
সত্ৰসমূহত চলি আহিছে। ভগৱানৰ নামৰ মাজতে পৰম-ব্ৰহ্মৰ সৃষ্টি-স্থিতি-লয়ৰ নানান তত্ত্বমূলক কথাবোৰ
নিহিত হৈ আছে। নামৰ নানা ৰূপ-ৰস-বৈশিষ্ট্য ‘নাম-প্ৰসঙ্গ’ত বিলীন হৈ অসমীয়া সমাজ-সংস্কৃতিত পাঁচশ
বছৰ ধৰি প্ৰতিপালিত হৈ আহিছে। এই ‘নাম’ ৰূপাত্মকভাৱে মানুহৰ মাজত বহু কাৰ্যপ্ৰক্ৰিয়াৰে একাত্মক হৈ
পৰিচালিত হৈছে। ‘নাম’ হ’ল ভগৱানৰ নাম, ঈশ্বৰৰ নাম, পৰমব্ৰহ্মৰ নাম। প্ৰাচীন ভাৰতীয় ধৰ্মশাস্ত্ৰ সমূহতাে
ঈশ্বৰৰ নামক লৈ ‘নাদব্ৰহ্ম’, ‘নামব্ৰহ্ম’ আৰু ‘শব্দব্ৰহ্ম’ তত্ত্বৰ বহু কথা বৰ্ণিত হৈছে। নামৰ তত্ত্ববােৰৰ মতে
ওঁ-কাৰ মহাধ্বনিয়েই ‘নাম’ যাৰ দ্বাৰা মানুহৰ সকলাে ইন্দ্ৰিয় পৰিচালিত হয় মানৱ মনত। এই মনৰ পৰা সৃষ্টি
হয় ভাৱ-ধাৰা। এই ভাৱধাৰাই বাঙ্ময় ৰূপত প্ৰকাশিত হয় নাম ৰূপত। নাম-ৰূপ-ভাৱে একাত্মকবােধৰ
সৈতে ভগৱানৰ ওচৰ চাপিবলৈ মােক্ষ বা মুক্তি পাবলৈ আশা কৰি ‘নাম’ জপ কৰে। এই বিষয়লৈ প্ৰাচীন
ভাৰত তথা অসমৰ সন্ত-পুৰুষসকলে গীত, নাট, পদ, পদাৱলী শাস্ত্ৰাদি ৰচনা কৰিছে। নানা প্ৰকাৰে এই
শাস্ত্ৰাদি অধ্যয়ন কৰি কণ্টকময় জগতৰ পৰা পৰিত্ৰাণ পাবলৈ মানৱ সমাজক শঙ্কৰদেৱ-মাধৱদেৱে একশৰণ
ভাগৱতী নাম ধৰ্মবস্তু প্ৰদান কৰে। এই নামকে লৈ নামঘৰসমূহত প্ৰণালীবদ্ধভাবে ভকত-বৈষ্ণৱসকলে
নাম-প্ৰসঙ্গ কৰে। নাম-প্ৰসঙ্গৰ একোটা নিৰ্দিষ্ট ক্ৰম আছে। নামৰ এই ক্ৰম অনুসাৰে প্ৰসঙ্গ কৰা পদ্ধতি
শঙ্কবদেৱ আৰু মাধবদেৱৰ তিৰোভাৱৰ পিছত নিৰ্ণয় কৰা হৈছে বুলি সম্তাৱলী পুথিত আছে। অসমৰ
সত্ৰভেদে এই ‘নাম-প্ৰসঙ্গ’ৰ সুকীয়া সুকীয়া পদ্ধতি লক্ষ্য কৰা যায়। নামৰ চাৰিটা প্ৰধান ভাগ- (১) দিহা
নাম, (২) প্ৰসঙ্গীয়া নাম, (৩) পাল নাম আৰু (৪) হিড়া নাম। মতান্তৰে পাঁচ ভাগ- (১) উৎসৱৰ নাম,
(২) উপাঙ্গ নাম, (৩) নিবিড় নাম, (৪) বিড় নাম আৰু (৫) মানস নাম।

অসমৰ নৱ-বৈষ্ণৱ ধৰ্মৰ মহাপুৰুষীয়া লােকসকলে শ্ৰীকৃষ্ণ-বিষ্ণু ৰাম নামৰ সহায়
হিচাপে লৈ ধৰ্ম-সংস্কৃতি প্ৰচাৰ আৰু প্ৰসাৰ ঘটাইছে। ইয়াৰ বাবে অসমৰ সন্ত-মহন্তসকলে নিজা নিজা ধৰ্ম
সংস্কৃতিৰ বিভিন্ন ৰীতি-নীতি আৰু প্ৰণালী কৰি লৈছে। বিভিন্ন ধৰ্মৰ যেনে- ইছলামধৰ্মী লােকে মছজিদত,
খৃষ্টানধৰ্মী লােকে গীৰ্জাত, শিখধৰ্মী লােকে গুৰুদ্বাৰত নিজৰ নিজৰ ইষ্টদেৱৰ নাম-গুণ প্ৰণালীবদ্ধ ৰূপে নাম লয়।

ঠিক সেইদৰে জৈন, বৌদ্ধ, ব্ৰাহ্ম-সমাজ আদিয়েও নিজৰ নিজৰ নীতি-নিয়মমতে ধৰ্মীয় ধাৰণা গ্ৰহণ
কৰি আহিছে। হিন্দু সনাতনী ধৰ্মতাে ঈশ্বৰৰ কথা, কীৰ্তন, গীত-গুণ, বাণী, নাম, লীলা, ব্যাখ্যা আদি কৰা
পদ্ধতি আছে। অসমৰ নৱবৈষ্ণৱ ধৰ্মত ‘নাম কীৰ্তন’ কৰা পদ্ধতিৰে উপাসনা মূল পন্থ বুলি মানি আহিছে।
সেই অনুক্ৰমিকভাৱে অসমৰ সত্ৰসমূহত শ্ৰীমদ্ভাগৱত গীতা শাস্ত্ৰৰ মতক ভালদৰে উপলব্ধি কৰি মহাপুৰুষীয়া
নাম-কীৰ্তনৰ দ্বাৰা ধৰ্ম-কৰ্ম পদ্ধতি চলি আহিছে। ভগৱন্ত ঈশ্বৰক নৰ-মনুষ্যে চাক্ষুষভাৱে নেদেখে, তথাপি
অতি বিশ্বাসেৰে তেওঁৰ গুণ-নাম-ৰূপ-লীলাসমূহ শ্ৰৱণ-কীৰ্তনৰ দ্বাৰা চৰ্চা কৰিবলৈ মহাপুৰুষসকলে একোটা
আৰ্হি প্ৰদান কৰিছে।

অসমত পােন্ধৰ শতিকাৰ পৰা বৰ্তমান একৈশ শতিকালৈকে সেই নিয়ম-নীতি মানি চলি আছে আৰু চলি থাকিব। এই নাম-কীৰ্তন ভাগৱত শাস্ত্ৰৰ আধাৰত প্ৰতিষ্ঠিত হােবাৰ কাৰণে ‘একশৰণ ভাগৱতী ধৰ্ম’ বুলিও অসমীয়া সমাজত জনাজাত। ভাগৱতত কৃষ্ণ ভগৱানৰ গুণ লীলাদিৰ বহল ব্যাখ্যা আছে। এই ভাগৱতী ধৰ্মৰ মূল প্ৰাণকৃষ্ণ হ’ —‘একশৰণ’। কৃষ্ণৰ চৰণত একান্তভাৱে শৰণ ল’ব লাগে। তেওঁ সৃষ্টি-স্থিতি-প্ৰলয় আৰু কাল-মায়াদিৰ অধিকাৰী। এই ‘একশৰণ’ৰ কথা গীতাশাস্ত্ৰটো আছে। গতিকে কৃষ্ণক শৰণ
লৈ ন-বিধ ভকতি কৰিব লাগিব। যেই সেই এবিধ অতি একাগ্ৰভাৱে আশাশুধীয়াকৈ কৃষ্ণক ভজনা কৰিলে
সংসাৰ সাগৰ পাৰ হ’ব পাৰি। কৃষ্ণ নামৰ ভকতিয়েই সাংসাৰিক বিষয়-বাসনা, সুখ-সংবাদ আনকি মুক্তিও
নিবিচাৰে। বিচাৰে কেৱল কৃষ্ণৰ চৰণ সেৱা। এই নামকীৰ্তন বা নামসেৱাই মানুহৰ বাবে অমূল্য সেৱা।
মানুহৰ তাৰণ-কাৰণৰ ঘাই উপায় মহাপুৰুষ শঙ্কৰদেৱে কীৰ্তন-দশম আদি মহাগ্ৰন্থ ৰচনা কৰি সকলােলৈকে
প্ৰকাশ আৰু প্ৰচাৰ কৰি থৈ গৈছে। নাম-কীৰ্তন কৰি বা কৃষ্ণ ভক্ত হৈ কৃষ্ণৰ পাদপদ্ম সেৱা কৰি মুকুতি লাভ
কৰিব পাৰি বুলি একশৰণ ভাগৱতী ধৰ্মই অসমীয়া লােকক শিকাইছে। সাধুৰ সঙ্গত মন থাকিলে ঈশ্বৰৰ শৰণাৰ্থী হ’ব পাৰে। শৰণ মানে আশ্ৰয়। এই আশ্ৰয় সাধুৰ সঙ্গত থাকি ঈশ্বৰ ভগৱান কৃষ্ণ-বিষ্ণু ৰামৰ চৰণৰ ওচৰত শৰণ ল’ব লাগে। শঙ্কৰ গুৰুৱে কৈছে –

”এক শৰণ হৰি নাম ধৰ্ম

ৰাজা কহুকৰু পৰকাশ। ।”

কায়, বাক্য আৰু মনে ভগৱন্তক আশ্ৰয় দাতা হিচাপে গ্ৰহণ কৰিলে মানুহে বাক্য-মনৰ অধীন হৈ থাকিব পাৰে। বাক্য কেৱল ঈশ্বৰৰ নামগুণ আৰু মনেৰে কেৱল ঈশ্বৰৰ চিন্তা। গীতাৰ কথা হ’ল-

”সৰ্ব ধৰ্ম এৰি এক শৰণ সাক্ষাত।

সুদৃঢ় বিশ্বাসে সখি লৈয়ােক আমাত। ।

কৃষ্ণক এৰিয়া কৰে আশ্ৰয় আন।

নাহি মুঢ়মৰি আৰু তাহাৰ সমান। ।”

মহাপুৰুষ শঙ্কৰদেৱ-মাধবদেৱে নাম ধৰ্মবস্তুৰ মূলসাৰকথা গীতা, ভাগৱত, পুৰাণ আদি নানা শাস্ত্ৰৰ পৰা সংগ্ৰহ কৰি অসমীয়া ভাষাত ৰচনা কৰিছে। এই কথা আগেয়েও উল্লেখ কৰিছোঁ। তেওঁলােকে ভাৰতীয় আধ্যাত্মিক তত্ত্ব মূলকথা “ধৰ্ম-অৰ্থ-কাম-মােক্ষ” লাভৰ উপায় দি “এক দেৱ এক সেৱ” নামধৰ্ম প্ৰচাৰ কৰিছিল, তেত্ৰিশ কোটি দেৱতাৰ সলনি এক ঈশ্বৰতত্ত্ব গ্ৰহণ কৰি মানৱৰ কল্যাণ সাধন কৰিবলৈ যত্ন
কৰিছিল। এই ঈশ্বৰত্ত্ব কৃষ্ণ-বিষ্ণু-ৰাম বিষয়ৰ তত্ত্ব।

গুৰু চৰিতৰ বৰ্ণনা মতে শ্ৰীমন্ত শঙ্কৰদেৱে ১৩৯০-৯১শকত নগাঁৱৰ বৰদোৱাত দেৱগৃহ স্থাপন কৰি ঈশ্বৰ ভক্তিৰ নামধৰ্ম প্ৰচাৰৰ পাতনি কৰিছিল ‘চিহ্ন-যাত্ৰা’ ভাওনাৰ জৰিয়তে। তাতে তেওঁ দেৱগৃহ বা সত্ৰগৃহ স্থাপন কৰিছিল। এইজনা মহাপুৰুষৰ পিছত তেওঁৰে শিষ্য প্ৰশিষ্য বৰভকত সতানন্দদেৱ, মাধবদেৱ, দামােদৱদেৱ, হৰিদেৱ, গােপালদেৱ, অনিৰুদ্ধদেৱ আদি সন্ত-পুৰুষসকলে যােল্ল-সােতৰ শতিকাত থান-সত্ৰ সংস্থাপন কৰি গুৰু-দেৱ-নাম-ভকতৰ চাৰিতত্ত্বৰে অসমৰ উজনি-নামনি-মধ্য অঞ্চলত নৱবৈষ্ণৱ ধৰ্মীয় সমাজখনক একতাৰ ডােলেৰে বান্ধি থৈ গ’ল। গীত-নাট-ভাওনা-ভট্টিমা-চপচ-টোটয় আদি ৰচনা কৰি
তেওঁলােকে নামতত্ত্বৰ মাহাত্ম্য প্ৰচাৰ আৰু প্ৰসাৰ ঘটালে। সেইমতে ‘নামেই’ হ’ল জগতৰ মানৱ দেহাৰ
পৰিত্ৰাণৰ উপায়। ‘ভগৱানৰ নাম’ ভাৰতীয় আধ্যাত্মিক ঐক্য-সংহতিৰ পবিত্ৰ প্ৰতীক। এই নামৰ মূল বিৰাজক্ষেত্ৰ
সত্ৰৰ নামঘৰ সমূহ। নামঘৰত নাম-প্ৰসঙ্গই মুখ্য কাৰ্য সম্পাদন কৰা হয়। গতিকে শঙ্কৰদেৱ-মাধৱদেৱে কীৰ্তন, গীত, নামঘােষা, ভট্টিমা আদি ব্যৱহাৰৰ দ্বাৰা ‘নাম-প্ৰসঙ্গ’ৰ পাতনি মেলে। ভাগৱতৰ মতে ভক্তি ন-বিধ। এই ন-বিধ হ’ল- শ্ৰৱণ, কীৰ্তন, অৰ্চণ, বন্দন, স্মৰণ, দাস্য, সাখ্য, পদসেৱন আৰু আত্ম নিবেদন। শঙ্কৰদেৱে কৈছে-

“যদ্যপি ভকতি নৱবিধ মাধৱৰ। ।

শ্ৰৱণ-কীৰ্তন তাতে শ্ৰেষ্ঠ অতিবৰ।

অৰ্চণ বন্দন ধ্যান সমস্ততে কৰি।

যশ কীৰ্তত আতি তুষ্ট হােন্ত হৰি। ।”

এই শ্ৰৱণ-কীৰ্তন নিত্য আৰু নৈমিত্তিক ভাৱে কৰিলে ব্যক্তিগত বা ৰাজহুৱা সুখ-শান্তি লাভ হয়।

সম্পদ বিপদৰ পৰা শিশু বয়ােবৃদ্ধলৈকে পৰিত্ৰাণ পায়। উক্ত ভক্তিমূলক কথাবােৰ শঙ্কৰদেৱে অসমত প্ৰচাৰ আৰু
প্ৰসাৰৰ প্ৰচেষ্টা কৰাৰ বাবে তেওঁক ধৰ্মগুৰু বােলা হয়। তেওঁ প্ৰৱৰ্তন কৰা ধৰ্মৰ নাম মহাপুৰুষীয়া বা ভাগৱতী ধৰ্ম। এই ধৰ্মৰ বাবে বৈষ্ণৱৰ বা সম্তলােকৰ সঙ্গ লাগে। গুৰু শঙ্কৰদেৱে কৈছে-

বৈষ্ণৱৰ সঙ্গ সিটো লৈৱ প্ৰথমত।

নালাগে সম্ভুত শাস্ত্ৰ বিস্তৰ জানিব।

শঙ্কৰদেৱ-মাধৱদেৱ গুৰু দুজনাৰ কীৰ্তন, নামঘােষা, বৰগীত, ভটিমা, চপয়, টোটয় আদিত কৃষ্ণৰ নিৰাকাৰ
নিৰাময় শব্দ ব্ৰহ্মতেই গুণময়তত্ত্ব বাঙ্ময় ৰূপত আমাৰ সমাজত চলি আহিছে। এই গুণময়তত্ত্বসমূহ
অসমৰ সত্ৰানুষ্ঠান সমূহত প্ৰতিপালিত আৰু পৰিচালিত হৈ আহিছে। নাম-কীৰ্তনৰ মাজতে উক্ত তত্ত্বৰ
বহুল প্ৰসাৰ ঘটিছে। এই নাম-কীৰ্তনৰ লগত হাত চাপৰি বজাই তাল ৰক্ষা কৰি চলাতো শাস্ত্ৰ সম্মত।
ইয়াকে নামঘৰত কৰিলে অৰ্থাৎ তাল-খােল, ডবা, কাঁহ, নেগেৰা আদিৰ ধ্বনিৰে কৰিলে শ্ৰীকৃষ্ণ-বিষ্ণু-ৰামসহ সকলাে দেৱদেৱী গন্ধৰ্ব সন্তুষ্ট আৰু আনন্দিত হয় বুলি বিশ্বাস। পৌৰাণিক কালতে দেৱাসুৰসকলে
অনেক পৰীক্ষা, নিৰীক্ষা কৰিহে কৃষ্ণ-বিষ্ণুদেৱক শ্ৰেষ্ঠ বুলি মানি শৰণ লয়, কৃষ্ণ-বিষ্ণুৰ নাম ল’লে তিনি
কৰ্ম সম্পাদিত হয়।

ভজে মাধৱক স্মৰে সৰ্বক্ষণে।

একেবাৰে সিজে তাৰ তিনি প্ৰয়ােজন।

১) কৃষ্ণ-বিষ্ণু-মাধৱত প্ৰথমতে প্ৰেম ভক্তি বাঢ়ে। অৰ্থাৎ ভকতৰ বাবে এই ঈশ্বৰৰ বাদে আন একো নাথাকে।

২) গৃহ-সংসাৰ কৰিলেও দ্বিতীয়তে তাৰ প্ৰতি বিৰকতি ভাৱ জন্মে।

৩) শেষত কৃষ্ণ মূৰ্তিময় চতুৰ্দিশে বিৰাজ কৰে। যেনে- তুমি ভক্ত কল্পতৰু/ বাহিৰে ভিতৰে তৰু/ তুমি বিনে নাহি মােৰ আন।

আনফালে আকৌ সত্ৰীয়া মহাপুৰুষীয়া ধৰ্মৰ বাণীত কোৱা হৈছে “ভকতৰ পদধুলাই ঐশ্বৰ্য বিভূতি” বুলি। –

ভকতেসে আদি মূল ভকতেসে বৰ।

ভকতক ভূঞ্চালে গুছে কৰ্ম জড়। ।

এই ধৰ্মত ভকতেই ডাঙৰ। ভকতেই মহত্ত্ব। ভকতেই ভগৱান। ভকতেই মহা ভাগবত। ভগবান ভকতৰ
অধীন হয়। ভগৱানে সদায় যােগীৰ হৃদয় বা স্বৰ্গতে বাস নকৰে, ভকতৰ অধীন হৈ ভকতৰ কাষে কাষে,
ভকতৰ লগে লগে ফুৰে। এই কথা অজামিল, গজেন্দ্ৰ, দ্ৰোপদী, অৰ্জুন, প্ৰহ্লাদ, বিভীষণ, সুগ্ৰীব আদিৰ নানা কাহিনী পােৱা যায়। শঙ্কৰদেৱে ‘নিমি-নৱ-সিদ্ধ’ সংবাদত ভকতৰ কথা সুন্দৰ ভাৱে বৰ্ণনা কৰিছে। ভকত তিনিবিধ— উত্তম, প্ৰকৃত আৰু মধ্যম ভকত। উত্তম ভকতে সৰ্বদায় ঈশ্বৰ কৃষ্ণৰ কথা চিন্তা কৰি কৰি জগতক অসাৰ সংসাৰ বুলি ভাবি ভাবি তেওঁতে সমৰ্পিত হয়। প্ৰকৃত ভকতে একে ঈশ্বৰ প্ৰতিমা
মূৰ্তিত পূজা-অৰ্চনা কৰিলেও তেওঁৰ সমভাগী হ’ব নােৱাৰে। আনফালে আকৌ মধ্যম ভকতে ঈশ্বৰ কৃষ্ণৰ অচলা ভক্তি প্ৰতিষ্ঠাৰ প্ৰযত্ন কৰি অজ্ঞানজনক ক্ষমা কৰি সকলাে ভকতৰ লগতে সম্পৰ্ক ৰক্ষা কৰি চলে। মহাপুৰুষ শঙ্কৰদেৱে ভকতৰ কৰণীয় কাৰ্যৰ প্ৰতিও লক্ষ্য কৰিছে-

প্ৰথমে কৰিবে সিটো গুৰুক সন্মান।

গুৰুক ঈশ্বৰ আত্মা গুৰু মানি মনে।

কৰিবে একান্ত ভক্তি-কৃষ্ণৰ চৰণে। ।

মহাপুৰুষ শঙ্কৰদেৱ আৰু মাধৱদেৱৰ দ্বাৰা প্ৰচাৰিত ধৰ্মই নামধৰ্ম, ভক্তিধৰ্ম, একশৰণ ভাগৱতী ধৰ্ম এই কথা আগেয়ে কোৱা হৈছে। তেওঁলােকে ন-বিধ ভক্তিৰ ভিতৰত শ্ৰৱণ-কীৰ্তন ভক্তিত অতিকৈ গুৰুত্ব দিছে, কাৰণ কলিযুগত মানুহৰ আয়ুস অতি কম, অল্পপ্ৰাণ আৰু অন্নগত প্ৰাণ। গতিকে শঙ্কবদেৱে কৈছে-

(ক)“কলিৰ ধৰ্ম হৰিনাম জান। ।

পাপীৰ নিন্দাত নিদিবা কাণ।”

(খ)”কলিসে শ্ৰেষ্ঠ চাৰি যুগ মাজে। ।

প্ৰশংসে কলিক জ্ঞানী সমাজে।”

ঈশ্বৰ কৃষ্ণ-বিষ্ণু সৰ্বাতে আছে আৰু আছে ভকতৰ হৃদয়ত বিশেষভাৱে। গতিকে মাধৱদেৱে কৈছে—

(গ)”একান্ত ভকতে সৱে নিৰ্গুণ কৃষ্ণৰ গুণ

গাৱে সদা বসিয়া যথাত।” ইত্যাদি।

তেওঁলােকৰ তিবৰোভাৱৰ পিছত গুৰু নাতি তথা সন্ত-পুৰুষ পুৰুষােত্তম, চতুৰ্ভূজ ঠাকুৰ আদি লােকসকল একত্ৰিত হৈ “নাম-প্ৰসঙ্গৰ আৰ্হি প্ৰচলন কৰিলে। সেইমতে নিতৌ দুই-চাৰিবাৰকৈ ঈশ্বৰৰ নাম-কীৰ্তন কৰি অসমীয়া মানুহৰ বিপদ-বিঘিনী, শ্ৰাদ্ধাদি পাতি, দুখ-দুৰ্দশাৰ পৰা উদ্ধাৰৰ পথ প্ৰশস্ত কৰিলে। সৎ সঙ্গৰ ভকত-বৈষ্ণৱক সঙ্গত কৰি ‘নাম-কীৰ্তন’ৰ দিহা কৰা হ’ল। নিৰ্দিষ্ট নীতি-নিয়মেৰে
সদাচাৰ কৰি উপকাৰী সত্ৰীয়া গুৰুৰ পৰা শৰণ-ভজন, মালা-মন্ত্ৰৰ লগতে নামতত্ত্ব গ্ৰহণ কৰিবলৈ উপযুক্ত
লােকে নামঘৰত ‘নাম-কীৰ্তন’ বা ‘নাম-প্ৰসঙ্গ’ কৰিবলৈ ল’লে। ইয়াৰ বাবে গীত-ৰাগ, ঘােষা-কীৰ্তন, পাঠ, জয়ধ্বনি, আশীৰ্বাদ, সেৱা আৰু মাহ-প্ৰসাদৰ ব্যৱস্থা প্ৰণালীবদ্ধভাৱে কৰিলে। লগতে দিনটোৰ চাৰিটা পৰ বা ভাগ কৰি (যেনে— পুৱাপৰ, ডেৰপৰ, বিয়লি পৰ আৰু ৰাতি পৰ) নামঘৰত ভকত-বৈষ্ণৱসকলে ‘নাম-প্ৰসঙ্গৰ’ কাৰণে ধাৰাবাহিকতা ৰক্ষা কৰি নিৰ্দ্ধাৰণ কৰে। সেইমতে পুৱা-প্ৰসঙ্গ, দুপৰ প্ৰসঙ্গ, বিয়লি প্ৰসঙ্গ আৰু ৰাতি-প্ৰসঙ্গ বুলি নামৰ বাবে গীত-ৰাগ, ঘােষা-কীৰ্তন, পাঠ আদি পৰিবেশনৰ একোটা আৰ্হি ঠিক কৰি দিনটোৰ ভিতৰত চাৰি-প্ৰসঙ্গ কৰিবলৈ ল’লে। এই চাৰি-প্ৰসঙ্গতে আকৌ চৈধ্যটি নামৰ প্ৰধান ভক্তিমূলক
ৰচনাৰ অঙ্গ সংযােগ কৰি অসমৰ মহাপুৰুষীয়া সত্ৰসমূহত দিনটোৰ ভিতৰতে চৈধ্য প্ৰসঙ্গ নাম দিলে। এই চৈধ্য প্ৰসঙ্গৰ কথা সন্তাৱলী পুথিত আছে—-

”(ক) শঙ্খ গুৰু চক্ৰ দেৱ জানিবা নিশ্চয়।
গদা নাম ভক্ত পদ্ম নাহিকে সংশয়। ।

(খ)
সুনন্দ আদি কৰি পাৰিষদ বাৰজন।
বাৰসত্য আসি জানা ভৈলা এহি থান। ।

(গ) শৰণ ভজন আৰু দুইজন ভৈলা।
চৈধ্য পাৰিষদে চৈধ্য প্ৰসঙ্গ ৰৈলা। ।

(ঘ)
সপ্ত বৈকুণ্ঠ সপ্ত পাতাল ভেদি।
চৈধ্য প্ৰসঙ্গ নাম-কীৰ্তন কৰি। ।” ইত্যাদি।

নামৰ বাবে ব্যৱহাৰ কৰা এই প্ৰধান ভক্তিতত্ত্বৰ অঙ্গবােৰ হ’ল- নাম-মন্ত্ৰ, গুৰু স্মৰণ, গীত, ৰাগ, ঘােষা-কীৰ্তন, ভাগৱত পাঠ, জয়ধ্বনি, হৰিধ্বনি, অপৰাধ মাৰ্জন ঘােষা, বৰগীত, ভট্টিমা, গুণমালা, লীলামালা, চপয়, টোটয় আদিৰ কথা উল্লেখ কৰিব পাৰি। এইসমূহ ঈশ্বৰ কৃষ্ণৰ গুণ নাম। ঈশ্বৰৰ নাম-গুণ কৰিলেই ঈশ্বৰে ভকতৰ হৃদয়ত স্থান লয়। সেই কথা ভকতে অনুভৱ কৰিব পাৰে। অৰ্থাৎ ভকতে ঈশ্বৰৰ
নাম-গুণ গাঁৱতে গাঁৱতে নিজে তন্ময় হৈ পৰে আৰু ভগৱন্ত ঈশ্বৰে ভকতৰ হৃদয়ত স্থান লয়। লগে লগে ভকত আৰু ঈশ্বৰৰ মাজত কোনাে পৃথক ভাৱ নাথাকে। “কীৰ্তন-ঘােষা”ত আছে–

”ভকত জনেসে মােৰ হৃদয়।

ময়াে ভকতৰ হিয়া নিশ্চয়। ।

মােত বিনে ভক্তে নিচিন্তে আন।

মােত বিনে মােৰাে নাই ধ্যান।”

মুঠতে ভকতেই ভগৱান। ভগৱানৰ নাম-গুণ-কীৰ্তন কৰিবলৈ সৎসঙ্গ লাগে। সৎসঙ্গত থাকি দিনটোৰ ভিতৰতে নাম-প্ৰসঙ্গ কৰিব লাগে। প্ৰকৃত সত্ৰীয়া বৈষ্ণৱ ভক্তই ঈশ্বৰৰ ওচৰত বিক্ৰী হ’বলৈ বিচাৰে।
তেওঁলােকৰ প্ৰাৰ্থনা হ’ল-

“মােক কিনা কি হৰি মােক কিনা কিনা

আন ধন নলাগয় নাম ধন বিনা। ।” ইত্যাদি।

পুৱাপৰ আৰু ডেৰপৰীয়া (দুপৰ) সময়ত গীতৰাগ-তালৰ অন্বয় কৰি সত্ৰীয়া নাম-প্ৰসঙ্গ আৰম্ভ কৰে। ইয়াৰ পুৰ্বে নামমন্ত্ৰ উচ্চাৰণেৰে নামৰ পাতনি তৰে। পুৱাপৰৰ গীতৰ বাবে অহিৰ, কল্যাণ, কৌৰ, পূৰ্বী, ললিত, শ্যাম আদি ৰাগ আৰু দুপৰৰ বাবে গীতৰ ৰাগসমূহ হ’ল— গান্ধাৰ, গৌৰী, ধনশ্ৰী, বৰাৰী, বসন্ত, ভাটিয়ালী, মাহুৰ, ললিত, শ্ৰীৰাগৰ গীত পৰিৱেশন কৰে। বিয়লি আৰু ৰাতিৰ পৰৰ বাবে আশােৱাৰী,
কানাড়া, সাৰেঙ্গী, বেলােৱাৰ, ভূপালী, মল্লাৰ, সিন্ধুৰা, সুহাই আদি ৰাগ নাম-প্ৰসঙ্গত পৰিৱেশন কৰে। সেইদৰে ‘নামঘােষাৰ’ পৰা নান্দী ঘােষাৰ লগতে পুৱাপৰ আৰু দুপৰত ‘নামছন্দ’ৰ ঘােষা গায়। বিয়লিপৰ আৰু ৰাতিপৰত নান্দী ঘােষাৰ পাছত ‘ঘােষা ছন্দ/শৰণ ছন্দৰ ঘােষা’ চাৰি পটল ভকত-বৈষ্ণৱসকলে ‘নাম-প্ৰসঙ্গ’ৰ বাবে পৰিৱেশন কৰে। কোনাে কোনাে সত্ৰত পুৰষােত্তমদেৱৰ ৰচিত ‘ন-ঘােষা’ৰ পৰাও এটি পটল জোৰণি ঘােষা হিচাপে ব্যৱহাৰ কৰে। তাৰ পিছত কীৰ্তন পুথিৰ দুই-চাৰি অধ্যায়ৰ পৰা কীৰ্ত্তন দুই-চাৰিভাগ গােৱা নিয়ম বন্ধা আছে। এই কীৰ্তন সামৰণিৰ সময়ত চাৰি ‘জয়ধ্বনি’ আৰু ‘হৰি-ৰাম ধ্বনি’ আদি দিয়া
হয়। ৰাতিপৰত প্ৰসঙ্গৰ বাবে গুণমালা, লীলামালা, ভট্টিমা, চপয়, টোটয়, চতিহাৰ ‘পঞ্চগুণ’ গােৱা হয়। যিসকল ভকত-বৈষ্ণৱ চাৰিনামৰ (শৰণ-ভজন-মালা-মন্ত্ৰৰ লগত সত্ৰীয়া চাৰি নামতত্ত্ব বুজিলৈ) ভিতৰ সােমাইছে, তেওঁলােকেহে নামঘৰত নিৰন্তৰভাৱে ‘নাম-প্ৰসঙ্গ’, চাৰি প্ৰসঙ্গ, চৈধ্য-প্ৰসঙ্গ কৰে। যিসকলে এনে তত্ত্বকথাৰ স্বৰূপ বুজিবলৈ বা জানিবলৈ যত্ন নকৰে তেওঁলােকে শ্ৰৱণ-কীৰ্তন আদি সৎ ভকতৰ সঙ্গত থাকি কৰিব পাৰে। তাকে নকৰি কেৱল হাত সাৱটি বহি থকাসকল গোঁসাই-মহন্ত, ভকত-বৈষ্ণৱ হ’ব নােৱাৰে। পিতৃ-মাতৃৰ একোদিষ্ট সপিগুণ শ্ৰাদ্ধ কৰিবলৈ দীপ-ধূপ-নৈৱেদ্য লাগিব; তিল নহ’লে তৰ্পণ
নহয়, কুশ-অৰ্ঘ নহ’লে সান্ধ্য নহয়, তুলসী-দুৱৰী ফুল নহ’লে পূজাৰ ফলপ্ৰাপ্তি হ’ব কেনেকৈ? সেইবাবে মহাপুৰুষীয়া সকলে নাম-প্ৰসঙ্গ বা প্ৰসঙ্গীয়া নাম এৰিলে অধােগতি যায় বুলি পৰম বিশ্বাস।

প্ৰসঙ্গীয়া নাম, পালনাম, দিহানাম আৰু হিড়া (হিৰা বা হিয়া) নামৰ কথা আগেয়ে উল্লেখ কৰা হৈছে। শঙ্কৰদেৱ গুৰুৱে তেওঁৰ প্ৰিয় বান্ধৱ মাধৱদেৱক পুনৰাই আহােম ৰজাৰ ৰােষৰ পৰা জীৱিত ৰূপত ঘূৰাই পাবলৈ বুলি গভীৰ আশা কৰি ‘পালনাম’ৰ সূচনা কৰি সফলকাম হৈছিল বুলি গুৰুচৰিতত পােৱা যায়। মাধৱদেৱে নিৰ্ণয় বা দিহা দিয়া নামকে ‘দিহানাম’ বুলি জনা যায় আৰু হিড়া (হিৰা বা হিয়া) নাম অতি প্ৰয়োজন সাপেক্ষে সময়-সুবিধা চাই আলােচনা কৰি নাম প্ৰসঙ্গৰ অন্তত পাঁচ-সাত-ন-গৰাকী উত্তম
নামতিয়ে সত্ৰাধিকাৰৰ আজ্ঞা লৈ সভাসদক প্ৰণাম জনাই থিয় হৈ পৰিৱেশন কৰে। এই হিড়ানাম সাধাৰণতে
লেছাৰী সুৰ ধৰি গায়। সত্ৰৰ অধিকাৰে ‘হিড়ানাম’ ডাকিবলৈ জানিব লাগে। সবহুৱা বা ৰাজহুৱা নাম, ঘৰুৱা
নাম-কীৰ্তনৰ বাবে ধৰ্ম-গুৰু আচাৰ্যসকলে কিছুমান নিয়ম-নীতি বান্ধি থৈছে। সেয়েহে ঘােষাত কৈছে-

”নামে পিতা নামে মাতা গতি মহন্তৰ।
নাজানিয়া নাম এৰে পাতকী পামৰ। ।”

নাম-কীৰ্তনৰ বাবে একোটা নিৰ্দিষ্ট প্ৰণালী আছে- এই প্ৰণালীক ‘সত্ৰীয়া নাম-প্ৰসঙ্গ প্ৰণালী’ বুলি ক’ব পাৰি। যিখন ঘৰৰ নামঘৰত দৈনিক প্ৰসঙ্গ নকৰে, সেইখন ঘৰত সাধাৰণতে এটি কীৰ্তন দিয়া নিয়ম। নিজ গুৰুৰ তিৰোভাৱ বা সকামী নাম-সেৱাত দুটি কীৰ্তন আৰু গুৰু তিথি, জন্মাষ্টমী, জন্ম-জয়ন্তী আদি মহাপৰ্বত চাৰি-পাঁচভাগ কীৰ্তন যথা নিয়মেৰে দিব পাৰে। নামৰ বাবে শ্ৰদ্ধাশীল হৈ বাচিক, মানসিক আৰু শাৰীৰিক (ত্ৰিমুখী) সদাচাৰ শুদ্ধভাৱে পালন কৰি সুস্থ জীৱন কালত বচন, মন আৰু শৰীৰৰ উৎকৰ্ষ
সাধনেৰে ধাৰ্মিক জীৱন-যাপন কৰিব পাৰি।

উক্ত বিষয়সমূহ সত্ৰৰ ধৰ্ম-গুৰুসকলৰ দ্বাৰা ৰচিত গুৰুচৰিত, সন্তাৱলী, সন্ত মুক্তাৱলী, সন্ত-কথা, আহ্নিকতত্ত্ব আদি প্ৰন্থত পােৱা যায়। শঙ্কৰদেৱ-মাধৱদেৱ বিৰচিত গীত-ৰাগ, ঘােষা-কীৰ্তন, ভাগৱত পাঠ, গুণমালা, ভট্টিমা, চপয়, টোটয়, চতিহা আদি চৰ্চাৰে পৰ্যায়ক্ৰমে প্ৰত্যহভাৱে ‘চাৰি-প্ৰসঙ্গ’ৰ দ্বাৰা নামঘৰ সমূহত ‘চৈধ্য-প্ৰসঙ্গ-প্ৰণালী’ অদ্যবধি চলি আছে। ইয়াৰ লগতে খােলবাদ্য আৰু তালবাদ্যৰ দ্বাৰা প্ৰসঙ্গ সুকীয়াকৈ কৰিলে খােল-প্ৰসঙ্গ, তাল-প্ৰসঙ্গ বােলাও নিয়ম আছে। কেৱল আই-ভকতনী সকলে নামৰ প্ৰসঙ্গ কৰিলে আইসকলৰ ‘পুৱা-প্ৰসঙ্গ’ আৰু ‘বিয়লি প্ৰসঙ্গ’ও বােলা হয়। সন্ধ্যা ডবা-কাঁহ আদি বাদ্য বজাই ‘সন্ধ্যা-প্ৰসঙ্গ’ আৰম্ভ কৰাও দেখা যায়। মুঠতে সত্ৰৰ নাম-প্ৰসঙ্গ বুলি ক’লে মূলতঃ নাম-কীৰ্তন, ভাগৱত
পাঠ, গায়ন বায়নসকলৰ খােল-তাল-বাদ্য প্ৰসঙ্গ, আইসকলৰ নামৰ প্ৰসঙ্গ আদি পুৱা, দুপৰীয়া, বিয়লি
আৰু ৰাতি ভাগত পুনৰাবৃত কৰি কৰি চাৰি প্ৰসঙ্গৰ পৰা চৈধ্য প্ৰসঙ্গলৈকে ধৰা হয়। ভক্তপ্ৰাণ ভকত-বৈষ্ণৱ,
আই-ভকতনীসকলে দিনটোৰ উক্ত ভাগকেইটাৰ সৰ্বাটিৰ কুশল-মঙ্গল তথা কল্যাণ কামনা কৰি ঈশ্বৰৰ
গুণানুকীৰ্তন কৰে। এই প্ৰসঙ্গত ‘গুৰুসেৱা’ৰ কথা উল্লেখ নকৰি নােৱাৰি। ‘প্ৰহ্লাদ চৰিত’ত ভক্ত প্ৰহ্লাদে ‘ৰামায়ণ’ত লক্ষ্মণ আৰু ভৰতে পুৰাণত উল্লিখিত মাৰ্কেণ্ডীয় ঋষিয়ে ‘গুৰুসেৱা’ দিনৰ প্ৰাতঃ ভাগতে কৰিছিল বুলি ‘সন্তাৱলী’ পুথিত পােৱা যায়। ‘গুৰুসেৱা’ নকৰি কেৱল ‘নাম-সেৱা’ বা ‘নাম-কীৰ্তন’ কৰিলে একো ফল নধৰে। শঙ্কৰদেৱৰ তিৰোভাৱৰ পিছত মাধৱদেৱে শঙ্কৰগুৰুৰ বাবে ‘গুৰুসেৱা’ কৰিছিল; হয়তাে তেতিয়াৰ পৰায়েই সত্ৰসমূহত দৈনিক ‘গুৰুসেৱা’ যথা নিয়মেৰে কৰা হয়। গুৰুৱেই ঈশ্বৰ। ঈশ্বৰেই গুৰু। ঈশ্বৰ প্ৰেমময়। প্ৰেমভাৱে পুৱাভাগতে প্ৰেমভক্তিৰ দ্বাৰা গুৰু সেৱা কৰিব লাগে। কাৰণ গুৰু সেৱাই হৰি সেৱা, হৰি সেৱাই গুৰু সেৱা।

“হৰিৰ সেৱাত কিছু নাহিকে প্ৰয়াস।

আপুনি লৈৱন্ত হৰি হৃদয়ত বাস। ।” (কীৰ্ত্তন)

ঈশ্বৰৰ চৰণত একান্ত মনেৰে শৰণাগত হ’লেহে ঈশ্বৰে শৰণাগতক কৃপা কৰি ভক্তিবস্তু দান দিয়ে। গতিকে ভকতৰ প্ৰাৰ্থনা-সেৱা এইদৰে হয়-

(১)

তােমাৰ চৰণে হৰি

কেৱল ভকতি বিনে

মােৰ আৰ নাহি আন কাম। ।

(২) পতিত পাৱন ৰামকৃষ্ণ কৃপা সিন্ধু।
ভকতি অমিয়া ৰস মাগাে এক বিন্দু। ।

(৩)
যাদৱ জয় যদুপতি তােমাৰ চৰণে লাগাে।

শ্ৰৱণ-কীৰ্তন নিৰ্মল ভকতি কাকূতি কৰিয়া মাগাে। ।

(৪) হৰি তুমি আনন্দ সিন্ধু।

হামু ভিক্ষাৰী মাগাে এক বিন্দু। । আদি।

মহাপুৰুষ শঙ্কৰদেৱে প্ৰথম বৰদোৱাত হৰিগুহ (দেৱগৃহ, সত্ৰগুহ) স্থাপন কৰি একশৰণ নামধৰ্ম প্ৰচাৰ কৰি নাম-প্ৰসঙ্গৰ এটি প্ৰণালী নিবন্ধ কৰি থৈ গৈছে। পুৰষােত্তম ঠাকুৰে কৈছে-

”চাৰিফালে চাৰি হাটি মহাভক্ত গণ।

চৈধ্যয় প্ৰসঙ্গ কৰে নামৰ কীৰ্তন। ।”

এই চৈধ্য প্ৰসঙ্গৰ বিৱৰণ দিয়া হ’ল- (১) পুৱা আৰু (২) বিয়লি তাল কোবােৱা প্ৰসঙ্গ, (৩) প্ৰাতঃ প্ৰসঙ্গ,
(৪) দুপৰ প্ৰসঙ্গ, (৫) বিয়লি নাম-প্ৰসঙ্গ, (৬) আইসকলৰ নাম, (৭) খােল-প্ৰসঙ্গ, (৮) দুপৰ পাঠ, (৯)
শূন্য পাঠ, (১০) বিয়লি পাঠ, (১১) ৰাতি গুণমালা আদি পাঠ, (১২) কাঁহ-ডবা কোবােৱা প্ৰসঙ্গ, (১৩)
ব্যাহৰ গােৱা প্ৰসঙ্গ, (১৪) শেষ পাল-প্ৰসঙ্গ (পৃ. ১৪, ‘দক্ষিণত কীৰ্তন ঘৰ’ ২০১০ চন, যােগেন্দ্ৰ নাৰায়ণ গােস্বামী)।

নাম-প্ৰসঙ্গৰ প্ৰধান অঙ্গসমূহৰ প্ৰথমটি হ’ল নামমন্ত্ৰ। সত্ৰীয়া বৈষ্ণৱ-ভকতৰ ভিতৰত যিসকলে শৰণ-ভজন মালা মন্ত্ৰ উপযুক্ত গুৰু-আচাৰ্যৰ পৰা গ্ৰহণ কৰিছে সেই সকলেহে নাম-প্ৰসঙ্গৰ মূল কাৰ্যভাগ যথা নিয়মেৰে জানি-বুজি লৈ নামৰ আৰম্ভণি কৰে। সেই মতে নামতি, পাঠকাদিক নমস্কাৰ সেৱা জনাই সন্মুখৰ আসনৰ ফালে মুখামুখিকৈ বহি ইষ্টদেৱৰ নাম অস্পষ্টে লৈ নামমন্ত্ৰ মাতিব। এই ভাগমন্ত্ৰ গুৰুমুখী বিদ্যাৰ প্ৰধান অংগ। তাৰ পিছত গুৰু স্মৰণ ৰাগ (টনা) দিয়াৰ লগতে সময়ৰ বিধানমতে থকা গীত আৰম্ভ
কৰিব। পোৱা ভাগৰ গীতৰ ৰাগ লগত দুপৰ ভাগৰ গীতৰ ৰাগৰ প্ৰায় মিল আছে। অৱশ্যে জাগৰণ গীতাদি
দুপৰৰ নামত পৰিৱেশন নকৰে। বিয়লি আৰু ৰাতিভাগৰ গীতৰ ৰাগৰ ক্ষেত্ৰতাে পাৰ্থক্য নথকা নহয়। এই কথা যথাস্থানত উল্লেখ কৰা হৈছে।

গীতৰ অন্তত নান্দী-ঘােষাৰে ঘোষা-কীৰ্তন আৰম্ভ কৰি পুৱা দুপৰত নামছন্দ আৰু বিয়লি ৰাতি ঘােষা ওৰফে শৰণ ছন্দৰ চাৰিভাগ ঘােষা চাৰি চাৰিকৈ পুনৰাবৃত্তি কৰি গায় যায়। ঘোষাৰ জোৰণিৰ সময়ত ন-ঘােষাৰ পৰা এভাগ ঘােষা গােৱাৰ নিয়ম বিদ্যমান। অৱশ্যে কোনাে কোনাে সত্ৰত ন-ঘােষাৰ ঘােষা ভাগ কীৰ্তন সামৰণিৰ পিছতাে পৰিৱেশন কৰা দেখা যায়। তাৰ পিছত কীৰ্তন আৰম্ভ কৰে। কীৰ্তন যথানিয়মেৰে এভাগ, দুভাগ বা তিনি চাৰিভাগাে গাব পাৰে। কীৰ্তন পুথিৰ অধ্যায়ৰ ক্ৰম ৰক্ষা কৰি জানি বুজি লৈহে পৰিৱেশন কৰা নিয়ম। কীৰ্তন পুথিত থকা উপাস্য দেৱ শ্ৰীকৃষ্ণৰ মনােৰম মূৰ্তি, ধ্যান, সেই মূৰ্তিৰ ৰূপ-ৰস-গুণ সুললিত ছন্দেৰে ভকত-বৈষ্ণৱ নামতি সকলে সুৰ-তাল লগায় গায় বায় সুখাভিভূত হয়।

কীৰ্তনৰ দ্বাৰা শব্দ ব্ৰহ্মৰ যােগে পৰম ব্ৰহ্মৰ উপাসনা শঙ্কৰদেৱে অসমত আৰস্তুণি কৰিছিল। কীৰ্তনতে আছে মহাপুৰুষীয়া বৈষ্ণৱ সকলৰ সকলাে উপাসনা, প্ৰাৰ্থনা স্তুতি। পৰম ব্ৰহ্মা লাভৰ বাবে অসমীয়া মানুহে সত্ৰত শৰণ ভজন, চিন্তন-মননৰ শব্দ নাদ কৰি আহিছে। শব্দ, ব্ৰহ্মই ঈশ্বৰ কৃষ্ণ-বিষ্ণুৰ উপাসনাৰ লগতে গীতা-ঘােষা-কীৰ্তনৰ দ্বাৰাও সৎচিৎ আনন্দ লাভ কৰিব পাৰে।

কীৰ্তনত থকা ঘােষাবােৰত গায়ন শৈলীত অন্তৰা, সঞ্চাৰী আৰু আভােগাৰ লক্ষণ আছে আৰু পদবােৰতাে স্বৰ, বিৰোদ পদ, তেন, পাট আৰু তাল ছবিধি অংগৰ লক্ষণ বিদ্যমান। ঘােষাৰ লগত গেয় পদ আৰু ছয় অংগৰ ভিতৰত এটি অঙ্গীভূত পদসংযুক্ত ৰূপ থাকে। সেই ছবিধ অঙ্গ হ’ল ১) স্বৰ- সপ্তস্বৰ আৰু পদ্মস্বৰ শুদ্ধভাৱে মিলি গৈ বাৰটি স্বৰৰ ধ্বনি নিৰ্দ্ধাৰণ হয়। ২) বিৰোদ- কীৰ্তনৰ বিষয়বস্তুত কাহিনী বা আখ্যান সমূহৰ দ্বাৰা উপাস্য দেৱ কৃষ্ণ-বিষ্ণু ঈশ্বৰৰ গুণাৱলী ভাৱময় হয়। ৩) পদ- বিষয়বস্তু প্ৰকাশৰ
ঘাই মাধ্যম হ’ল শব্দাৱলী আৰু ছন্দাৱলী। এইবােৰ অলঙ্কাৰ যুক্ত ভাৱেও থাকে। ৪) পাট- স্বৰ, তাল বক্ষক বাদ্য ধ্বনিকে পাট বুলি কয়। ৫) তাল- তালত সাঙ্গীতিক গতি ৰক্ষণ পালন হয়। তেন- তেন মানে তত্ত্ব। এই তত্ত্বও তত্ত্ব। তৎ সৎ চিৎ তত্ত্ব। ইয়াৰ উপদেশ বন্দনা আৰু মঙ্গলসুচক পদবােৰৰ কথা ক’ব
পাৰি। তেনৰ এটি সাধাৰণ উদাহৰণ হ’ল – কৃষ্ণ-শঙ্কৰ-গুৰু-হৰি-ৰাম বা কৃষ্ণ শঙ্কৰ হৰি ৰাম ৰাম
ইত্যাদি। ঘােষা-কীৰ্তনৰ মাজতে এক শব্ণ ভাগৱতী নামধৰ্মৰ আদৰ্শ প্ৰতিষ্ঠা হৈছে আৰু লগতে হৈছে ইয়াৰ প্ৰচাৰ আৰু প্ৰসাৰ।

নাম-প্ৰসঙ্গত ব্যৱহৃত ভক্তিমূলক বৰগীত, তত্ত্বমূলক নামঘােষা আদিত “মায়া ছােড়ি ভকতি কৰা
দায়া” ভাৱ বিদ্যমান। ইয়াৰ মাজতে এক শৰণ নামধৰ্মৰ মুল ভক্তি আদৰ্শ বহু ঈশ্বৰ বা তেত্ৰিশ কোটি দেৱতাক ত্যাগ কৰি একেশ্বৰ কৃষ্ণ-বিষ্ণু-ৰামক এক ভাৱেৰে উপলব্ধি কৰিব পৰা গুণ। গতিকে সত্ৰৰ মাজত নামঘৰৰ মজিয়াত মানুহৰ নৈতিক চৰিত্ৰৰ উন্নতি ঘটে। উচ্চ-নীচ ভেদা ভেদ ত্যাগ কৰি সকলাে লােকৰ মাজত মিলা প্ৰীতিৰে ঈশ্বৰ উপাসনা কৰি নিৰ্বান বা মােক্ষ প্ৰাপ্তি হয়। পাঠ-প্ৰসঙ্গ— নাম কীৰ্তনৰ অন্তত পাঠ-প্ৰসংগ কৰে। পাঠৰ মুখ্য মহাগ্ৰন্থ হ’ল ভাগৱত-গ্ৰন্থ। এই গ্ৰন্থৰ একোটা অধ্যায় পাঠ কৰে নাইবা
ইয়াৰ উপদেশ অংশ পাঠ কৰাও নিয়ম আছে। ভাগৱতৰ উপৰি নামঘােষা, কীৰ্তন, ৰামায়ণ আদি পাঠ কৰা
নিয়ম আছে। সত্ৰভেদে এনে পাঠৰ তাৰতম্য আছে। বৰদোৱা থানত দৈনিক তিনি পাঠ চলে। পুৱাবেলা
পাঠ বা উপদেশ, বিয়লি বেলা পাঠ-প্ৰসংগ, ৰাতি পাঠ-প্ৰসংগ চলে আনফালে বৰপেটা সত্ৰত পুৱাবেলা-ভাগৱত আৰু পাঠ, বিয়লিবেলা পাঠ আৰু ভাগৱত, ৰাতি পাঠ প্ৰসংগ চলে।

এটা কথা স্বীকাৰ কৰিব লাগিব যে সত্ৰানুষ্ঠানসমূহ মহাপুৰুষ শঙ্কৰদেৱ-মাধৱদেৱৰ আজ্ঞাতে প্ৰতিষ্ঠা হৈছিল। তেওঁলােকৰ দ্বাৰা প্ৰতিষ্ঠিত এই সত্ৰসমূহক ঘাই বা মূল সত্ৰানুষ্ঠান বােলা হয়। অৰ্থাৎ এইসমূহ
প্ৰথম স্তৰৰ সত্ৰ বুলিব পাৰি। তেওঁলােকৰ জীৱিত কালত (ইং ১৪৯১-১৫৬৪ চন) তিনি কুৰিখন সত্ৰ স্থাপন
হৈছিল। সত্ৰৰ প্ৰধান অঙ্গ চাৰিটি— বাটচ’ৰা, নামঘৰ, মণিকুট আৰু হাটী (বৈষ্ণৱ ভকত সকলৰ ঘৰ)। ইয়াৰ
লগতে অন্যান্য কেইটামান কথাৰ গুৰুত্ব আছে। মণিকূটৰ গুৰু আসন বা সাতখলপীয়া সিংহাসন পৰমাত্মাৰ মহাসম্পদ। সত্ৰাধিকাৰগৰাকী সত্ৰৰ আত্মা বা হিয়াৰ অঙ্গ বােলা হয়। সত্ৰৰ নামঘৰ হ’ল ভগৱানৰ উদৰৰ
অঙ্গ ভঁৰাল। ভকতৰ মনসমূহ পঞ্চ ইন্দ্ৰিয় সত্ৰৰ প্ৰাণ। চাৰিতত্ত্বীয়া (গুৰু, দেৱ, নাম, ভকত) ভকতসকল,
শিষ্য-প্ৰশিষ্যমণ্ডল সত্ৰৰ আধ্যাত্মিক তত্ত্ব আৰু বাহ্যিক তত্ত্বৰ গৰাকী। হৰি নাম-কীৰ্তন, গীত-মাত, নাট-ভাওনা আৰু সাহিত্যৰাজি সত্ৰৰ উন্নতিৰ প্ৰধান সােপান। আন কথাত ক’বলৈ হ’লে সত্ৰৰ অভ্যন্তৰীণ আৰু বাহ্যিক দুটা তত্ত্বৰ সমাহাৰ। বাহ্যিক তত্ত্বসমূহ হ’ল- সত্ৰৰ বাটচ’ৰা, নামঘৰ, মণিকূট, ভাঁজঘৰ, ভঁৰালঘৰ, চাৰিহাটী, ভকত বহা, সত্ৰাধিকাৰৰ বাসস্থান আদি। অভ্যন্তৰীণ তত্ত্বসমূহ হ’ল– নৱ-বৈষ্ণৱ ধৰ্মৰ লগত জড়িত ভক্তিমূল গীত-মাত, নাম-প্ৰসঙ্গ, তাল খােল প্ৰসঙ্গ, নাট ভাওনা, সাজপাৰ, খাদ্যাভাস, চলন ফুৰন, ভ্ৰমণ-গমন আদি লক্ষ্য কৰিবলগীয়া উপাদানসমূহ। সত্ৰত আকৌ ত্ৰিধাৰাৰ সৎ চিন্তা, সৎ ভাৱনা, সৎ সঙ্গৰ মহা মিলন ঘটে। ইয়াৰ ভিতৰত পৰে শঙ্কৰদেৱ, মাধৱদেৱ, হৰিদেৱ, দামােদৰদেৱ, বৰভকত সতানন্দদেৱ,
ৰামৰাম গুৰু, নাৰায়ণ দাস ঠাকুৰে প্ৰতিষ্ঠা কৰা সত্ৰসমূহ। মহাপুৰুষ শঙ্কৰদেৱে কামৰূপত ৰামৰাম গুৰু,
দামােদৰদেৱ, হৰিদেৱক ব্ৰাহ্মণসকলৰ মাজত মহাপুৰুষীয়া ধৰ্ম প্ৰচাৰৰ দায়িত্ব অৰ্পণ কৰিছিল। তেওঁলােকে
পতা সত্ৰসমূহত নামধৰ্মৰ লগতে বৈদিক কৰ্মৰাজিতাে গুৰুত্ব দিয়া পৰিলক্ষিত হয়। এই নতুন ৰীতি নীতিয়ে ব্ৰাহ্মণসকলৰ মাজত একোটি সুকীয়া সত্তা গঢ়ি তুলিছিল। অব্ৰাহ্মণ বা কায়স্থসকলৰ ভিতৰত নাৰায়ণদাস ঠাকুৰ, সন্তপুৰুষ বৰভকত সতানন্দদেৱে শঙ্কৰদেৱৰ দ্বাবা প্ৰচাৰিত আৰু প্ৰসাৰিত একশৰণ ভাগৱতী নামধৰ্মকে যথাৰীতিৰে পৰিচালনা কবি শৰণ ভজন মালা মন্ত্ৰাদি দি সত্ৰ সংস্থাপন কৰিছিল। সতানন্দদেৱৰ পুত্ৰ চাৰিজন চাৰিকৃষ্ণ নামেৰে জনাজাত। তেওঁলােক হ’ল জয়কৃষ্ণ মহাকৃষ্ণ ত্ৰাহিকৃষ্ণ
আৰু শ্ৰীকৃষ্ণ। এইলােকৰ বংশ ফালৰ পৰা আৰু শঙ্কৰদেৱৰ নাতিপুৰুষ পুৰুষােত্তম আৰু চতুৰ্ভূজ ঠাকুৰ,
নাতিবােৱাৰী আইকনকলতাৰ দ্বাৰাও বহু সত্ৰানুষ্ঠানৰ বিকাশ হয়। প্ৰতিখন সত্ৰৰ জন্ম কাহিনী একোটা আমােদজনক বিৱৰণ পােৱা যায়। বিস্তাৰৰ ভয়ত বহলাই আলােচনা কৰা নহ’ল।

সহায়ক গ্ৰন্থৰাজি
১) দেৱগোস্বামী, ড: কেশৱানন্দ (ইং ১৯৭৩, শক ১৮৯৫): সত্ৰ সংস্কৃতিৰ ৰূপৰেখা; বাণী প্ৰকাশ, গুৱাহাটী।
২) গোস্বামী, নাৰায়ণ চন্দ্ৰ (ইং ১৯৮৪, শক ১৯০৬): সত্ৰ সংস্কৃতিৰ স্বৰ্ণৰেখা; নাৰায়ণ চন্দ্ৰ গোস্বামী, মাজুলী।
৩) দাস, ড: সূৰ্য আৰু গোস্বামী, ড: মায়াশ্ৰী (সম্পাঃ) (ইং ২০০৩): পৰম্পৰা আৰু সাধনাৰ সুৰভি; শ্ৰী গৌতম শৰ্মা, গুৱাহাটী।
৪) নেওগ, মহেশ্বৰ (ইং ১৯৬৩, শঙ্কৰাব্দ ৫১৪): শ্ৰীশ্ৰীশঙ্কৰদেৱ; বিচিত্ৰ নাৰায়ণ দত্ত বৰুৱা, লয়াৰ্চ বুকষ্টল, গুৱাহাটী।
৫) নেওগ, মহেশ্বৰ (সম্পাঃ) (ইং ১৯৬৯): পবিত্ৰ অসম; অসম সাহিত্য সভা
৬) মহন্ত, বাপচন্দ্ৰ (ইং ১৯৯৪): শঙ্কৰদেৱ দৰ্শন; খগেন্দ্ৰ নাৰায়ণ দত্তবৰুৱা; লয়াৰ্চ বুকষ্টল।
৭) গোস্বামী, ড: বসন্ত কুমাৰ; বৰুৱা, মনু; গোস্বামী মনোজ কুমাৰ (সম্পাঃ) (ইং ১৯১৮): সেতুবন্ধ; অসম সত্ৰ মহাসভা।
৯) মহন্ত, উপেন্দ্ৰ চন্দ্ৰ (ইং ২০০৭): সত্ৰ কথামৃত; অনুভৱ প্ৰকাশন, যোৰহাট।
১০) বৰা, ড: ৰুক্মিণী (ইং ২০১০): ঐতিহাসিক সত্ৰ অনুষ্ঠান আৰু মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ; কমলেশ্বৰ বৰা, গুৱাহাটী।
১১) মহন্ত, ড: নিৰুপমা (ইং ২০০১): সত্ৰ সংস্কৃতিৰ ৰূপছায়া; নিৰুপমা মহন্ত।
১২) দাস, গোৱিন্দ – সন্ত সম্প্ৰদায় কথা
১৩) ড: গিৰিকান্ত গোস্বামী (সম্পাঃ) ( ইং ২০০৬): সত্ৰজ্যোতি; অসম সত্ৰ মহাসভা।
১৪) অসমীয়া বিভাগ
ডিব্ৰুগড় বিশ্ববিদ্যালয় (ইং ১৯৭১): অসমীয়া সাহিত্য সংস্কৃতিৰ সমীক্ষা।

ইংৰাজী গ্ৰন্থ-

  1. Barua, B.K. (En 1960)- Sankardeva Vaisnava Saint of Assam; Assam Academy, Guwahati.
Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
হৰিশ দাস
4 months ago

সুন্দৰ আলোচনা ।

কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক