সদৌ অসম ফেচবুকীয়া সাহিত্যিক মঞ্চ —অবিনাশ শৰ্মা

সিদিনা বন্ধু কলিতা মোৰ ওচৰলৈ আহিছিল। গুৰু-গম্ভীৰ কলিতাক মই কাহিনীও এনে ৰূপত দেখা মনত নপৰে। যদিও তেখেতৰ লগত মোৰ দেখা-সাক্ষাৎ কিছুদিন আগতহে হৈছে, তাৰ আগতেই আমি বহুবছৰীয়া ফেচবুক ফ্ৰেণ্ড। ফেচবুকৰ পোষ্টে পোষ্টে চেলেপুৰ দৰে বগুৱা বাই ফুৰিলেও পিছে কলিতাৰ নিজৰ ফেচবুক ৱালখনত যাকে তাকে পাত্তা নিদিয়ে। এদিন কথাই কথাই সোধাত ক’লে বোলে, “চেলিব্ৰিটি ফেচবুকাৰু হ’বলৈ এইখিনি বৰ দৰকাৰী কথা।”

পিছে সেইদিনা তেখেতৰ ৰূপটো দেখি এটা কথা মনলৈ আহিল যে, নিশ্চয় কলিতাৰ ক’ৰবাত কিবা গণ্ডগোল লাগিল। চকীখনত বহিয়েই মোৰ টেবুলত সজাই থোৱা পানী গিলাচ ঘোট-ঘোটকৈ পি জোৰকৈ এটা মিহি হাঁহি মুখত ফুটাই তুলিলে।

কলিতাৰ ৰূপটো দেখি মই মেলি লোৱা ফাইলৰ কামখিনি একাষৰীয়া কৰি থৈ তেওঁক অহাৰ উদ্দেশ্য সুধিবলৈ লওঁতেই মাত দিলে।

“বন্ধু, মই আৰু ফেচবুক এৰিলোঁ।”

কলিতাৰ মুখৰ এই কথাই মোৰ যেন অতীত-বৰ্তমান সকলো খেলিমেলি লগাই দিলে। যি কলিতাই বিতৰ্ক নহ’লে নিজেই বিতৰ্কত সোমাই হ’লেও ফেচবুক গৰম কৰি থাকে, সেই কলিতাই ফেচবুক এৰিব? তাতে কিছুদিন আগত দুই তিনিটা ফেচবুক গোটৰ এডমিন হৈ নিজেই এটা “সদৌ অসম ফেচবুকীয়া সাহিত্যিক মঞ্চ” নামৰ গোটৰ জন্ম দিছে।

ক্ষন্তেক ৰৈ কলিতাই আকৌ আৰম্ভ কৰিলে, “আজিকালি সাহিত্য চৰ্চা কৰা বৰ জটিল হ’ল বুজিছা। ইমান কষ্ট কৰি এই সাহিত্যৰ মঞ্চখন বনালোঁ, আৰু আজি এনেকুৱাহে হ’ল?”

কলিতাৰ মুখত দুখৰ ছাঁ এটাই আৱৰি ধৰা দেখিলো যদিও, ঘটনাৰ আগ-গুৰি বিচাৰি নাপায় ভেবা লাগি তেওঁলৈ চাই ৰ’লোঁ।

“আচলতে ভুল মোৰ নথকা নহয়। সেইবুলি ইমান বেইজ্জতি!”

মই কলিতাক ঘটনাটো কি জানিবলৈ বিচৰাত ক’লে, “বন্ধু, নকল সাহিত্য চিনি পোৱা? মানে এই যে কাৰোবাৰ গল্পৰ পৰা ধাৰ কৰি আনি বা কাৰোবাৰ ‘কনচেপ্ত’ এটাক অলপ বেলেগ ৰূপ দি লিখা সাহিত্য? মই আগতে ঠিক সেই সাহিত্যিক আছিলোঁ। দুই এজনে গালি পাৰিলেও, ব্লক কৰি দি হ’লেও মোৰ সাধনা চলাই আছিলোঁ। এনেকৈয়ে এদিন মই মোৰ সাহিত্য সাধনাক উন্নতিৰ শিখৰত ৰাখিব পাৰিছিলোঁ যদিও ভালেকেইটা গোটৰ পৰা মোক বহিষ্কাৰ কৰিলে। মোৰ ফেচবুক লিষ্টখনতো ফ্ৰেণ্ডৰ তুলনাত মই ব্লক কৰা বা মোক ব্লক কৰা মানুহ বহুত।
এটা কথা কি জানা বন্ধু, ভাৰ্চুৱেলত কোনেও কাকো ইমান গুৰুত্ব নিদিয়ে। সেয়ে এজনক ব্লক কৰিলে দুজনক এড কৰি লওঁ। ভাল ভাল লেখকৰ গল্প আদিৰ নমুনাটো লৈ মোৰ সাহিত্য চৰ্চা চলাই থকাটো তুমি জানাই। শেষত এই সাহিত্যিক মঞ্চ গোটটো খুলি ফেচবুকাৰু সাহিত্যিক সকলক একত্ৰিত কৰিলোঁ। এয়া জানো বেয়া কৰিলোঁ?

কেইমাহ মান আগতে আমি এডমিন কেইজনে এখন ই-আলোচনী উলিয়াবৰ চিন্তা কৰিলোঁ। কামো আগবাঢ়িল। অৱশেষত আলোচনীখন ৰাইজৰ মাজ পালেগৈ।

ইমানলৈ ঠিকেই আছিল। পিছে আলোচনীৰ কমেণ্ট বক্সত কমেণ্ট ডিলিট কৰি পাত্তা নোপোৱা হ’লোঁ।
বানানৰ বা নজনা আমাৰ সম্পাদনা টীমে যিজনক বানান শুদ্ধিকৰণৰ বাবে দিছিলোঁ তেওঁ আমাক বেয়াকৈ গালি খুৱালে। পিছত যেনিবা গম পালোঁ যে তেখেতৰ বিতৰ্কিত লেখা এটা নকল ময়েই মাৰিছিলোঁ আৰু তাৰেই পোতক তেওঁ ল’লে।”

অলপ ৰৈ তেওঁ আকৌ আৰম্ভ কৰিলে।

“আজিকালি এই কথাটো ভাল যে নিজে বানান আদি শুদ্ধ ৰূপত নাজানিলেও অভিধানখন মেলি লোৱাৰ কোনো দৰকাৰ নাই। বানান চাবলৈ এটা টীম বনাই ল’লেই কাম শেষ। সেয়েহে ‘ফেচবুক সাহিত্য’ই আজিকালি তীব্ৰ জোৰেৰে অসমীয়া ভাষাক আগুৱাই নিছে। ফেচবুক পোষ্টত বানান শুদ্ধ কৰি দিয়া দুই এজন অতি সাহিত্য সাধক আছে। ৰিপ্লাইটো ধন্যবাদ বুলি দিলেও মনত এটা অহং ভাবে ধন্যবাদটো অন্তৰৰ পৰা ওলাব নিদিয়ে।”

গিলাচত বাকী ৰোৱা পানীখিনি ডিঙিত বাকী কলিতাই ৰৈ যোৱা ঘটনাৰ কথাখিনি আকৌ আৰম্ভ কৰিলে।

“মাজতে আমাৰ আলোচনীৰ উদ্যোগত এখন প্ৰতিযোগিতা পাতিলোঁ। গল্প, কবিতা, প্ৰবন্ধ আদিৰ বিধে বিধে নিয়ম। পিছে পুৰস্কাৰৰ বাবে বাছনি কৰিবলৈ গৈহে আমাৰ মাজত গণ্ডগোল লাগিল।”

মই মাত দিলোঁ, “কিয়? নিয়ম মতে নহ’ল নেকি?”

মোৰ প্ৰশ্নত কলিতাই ঢেকঢেকাই হাঁহি ক’লে, “বন্ধু, মই গোটৰ এডমিন, মোৰ বাছনিৰ দুই এজনে যদি পুৰস্কাৰ নাপায় তেনে তেওঁলোকে মোক বেয়া নাপাব জানো? আৰু যিকেইজন লেখকে আলোচনীলৈ লেখা দিয়ে তেওঁলোকক বাদ দি যদি গোটৰ সাধাৰণ এক্টিভ সদস্যক বাছনিত আনো তেন্তে লাভ কি?

পিছত নিয়ম অনুসৰি পুৰস্কাৰত গণ্ডগোল লগাত দুজন এডমিনে মোক বেয়াকৈ ক’লে। চাৰি-পাঁচজন এক্টিভ সদস্যই গোটৰ পৰা আঁতৰি গ’ল। সকলো সদস্যই মোক নকল সাহিত্যিক বুলি গালি দিলে। মঞ্চ ভাঙি গোটত মাথোঁ মই আৰু মোৰ ফেক একাউণ্ট চাৰিটাহে ৰ’লগৈ।

বন্ধু, মই আৰু ফেচবুক নকৰোঁ।”

ইয়াৰ পাছত কলিতাই আন কিছু কথা পাতি গুচি গ’ল। মুখত হাঁহি এটা লৈ জপাই থোৱা ফাইলটো মেলি ল’লো। দেখিলো মোৰ ফাইলটোত থকা নাটকখনৰ আধা লিখিবলৈ বাকী আছে।

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
পূৰৱী
4 months ago

ভাল লাগিল অবিনাশ

কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক