সন্তান আৰু অভিভাৱকত্ব – অনুপমা বৰগোহাঁই

বৌদ্ধ দৰ্শনৰ আধুনিক প্ৰৱক্তা দাৰ্শনিক ডঃ ডাইচাকু ইকেডাই সন্তান পালনৰ সন্দৰ্ভত এষাৰ কথা কৈছিলঃ

“সন্তানৰ বাবে জীৱনৰ প্ৰতিটো মুহূৰ্ত উছৰ্গা কৰিবলৈ প্ৰস্তুত থকাটো ভাল কথা যদিও সন্তানক জীৱনৰ সংঘৰ্ষ, সমস্যা, দুখজনক পৰিস্থিতিৰ পৰা আঁতৰাই ৰাখিব বিচৰাটো অতি হানিকাৰক৷ খোজ কাঢ়ি থাকোঁতে হঠাৎ মাটিত পৰি যোৱা সন্তানটিক উঠাবৰ বাবে পিতৃ-মাতৃয়ে সহায়ৰ হাত আগবঢ়াই দিয়াটো স্বাভাৱিক৷ এয়া ভাল কথা, যদিও সন্তানটি মাটিত পৰি গ’লে কাৰো সহায় নোলোৱাকৈ নিজৰ জোৰত পুনৰ উঠিব পৰাকৈ শাৰীৰিক আৰু মানসিকভাবে সবল কৰি তোলাটোহে সন্তান লালন পালনৰ সঠিক সূত্ৰ৷”

(“While it is important to be ready to do anything for your children, if you try to prevent them from having unpleasant or painful experiences, it will do more harm than good. When your child is about to falter, it is only natural to want to lend a hand. But that is child rearing based on minor good. Child rearing of major good means helping your children to acquire the strength to live life on their own”. – Dr Daisaku Ikeda)

মই এই কথাখিনি লিখি থকা মুহূৰ্তত আৰু আপোনালোকে এই কথাখিনি পঢ়ি থকা মুহূৰ্ততো এইখন পৃথিৱীৰ কোনোবা নহয় কোনোবা এটা কোণত এটি শিশুৰ জন্ম হৈছে৷ শিশুটিৰ জন্মৰ লগে লগে এহাল নৰ-নাৰীৰো নতুন জনম হৈছে পিতৃ-মাতৃ হিচাপে৷ শিশু এটিৰ আগমনৰ আনন্দৰ লগে লগে এসোপা চিন্তায়ো নতুন পিতৃ-মাতৃহালক জুমুৰি দি ধৰে৷ শিশুটিৰ ভৱিষ্যত কেনে হ’ব, দেখাত কেনে হ’ব, শিশুটি ডাঙৰ হৈ কি হ’ব, ডাঙৰ হৈ পৃথিৱীৰ কেনেকুৱা পৰিস্থিতিৰ সন্মুখীন হ’ব লাগিব – ইত্যাদি এশ এবুৰি দৰকাৰী-অদৰকাৰী চিন্তাত পিতৃ-মাতৃ ডুব যায়৷ বহু পিতৃ মাতৃয়ে জন্মৰ লগে লগে সন্তানৰ ভৱিষ্যত জানিবৰ বাবে জ্যোতিষীৰ ওচৰলৈ লৰ মাৰে৷ জ্যোতিষীয়ে কোৱা মতেই সন্তানটিৰ “ভৱিষ্যতত হ’বলগীয়া বেয়াবোৰ” খণ্ডণ কৰিবৰ বাবে দিহা কৰে৷ অকণমাণি সন্তানটিৰ আলফুলীয়া কঁকাল নতুবা ডিঙিত আঁৰি দিয়ে নানা তাবিজ, মাদুলি! উচ্চ শিক্ষাৰে শিক্ষিত পিতৃ-মাতৃসকলেও সন্তানৰ মোহত অন্ধ হৈ এনেবোৰ কাম কৰাৰ সময়ত এটা কথা বিচাৰ কৰি নাচায় যে তেওঁলোকৰ সন্তানৰ ভৱিষ্যত গণনা কৰি দিয়া জ্যোতিষীজনে নিজৰ সন্তানৰ ভৱিষ্যত কিমান সুন্দৰ বা বাধাহীন কৰিব পাৰিছে! মুঠতে নিজৰ সন্তান বুলি ক’লেই পৃথিৱীৰ প্ৰায় প্ৰতিজন পিতৃ-মাতৃয়েই অতিপাত আৱেগ, অনুৰাগ, কল্পনা আৰু চিন্তা, ভাৱনাত বন্দী হৈ অন্ধৰ দৰে হৈ পৰে৷ মানুহৰ চৰিত্ৰৰ এই বৈশিষ্ট কেৱল আজিৰ যুগতেই নহয় অতীজৰ পৰাই দেখা পোৱা গৈছে৷ এই সন্দৰ্ভত ঈছপৰ সাধুকথা এটা উল্লেখ কৰিবলৈ মন গৈছে৷ এজন ৰজাই এদিন সপোনত তেওঁৰ পুত্ৰক সিংহই আক্ৰমণ কৰি মাৰি পেলোৱা দেখিলে৷ ৰজাৰ এজনেই পুত্ৰ৷ অত্যন্ত মৰমৰ৷ সেই ৰাজপুত্ৰই তেওঁৰ ভৱিষ্যতৰ সিংহাসনৰ অধিকাৰী৷ ৰাজবংশৰ নাম ৰক্ষা কৰ্তা৷ সপোনটো দেখাৰ পিছৰ পৰা পুত্ৰৰ প্ৰাণ হেৰুৱাৰ আশংকাত ৰজা প্ৰায় উন্মাদৰ দৰে হৈ পৰিল৷ ৰাজকুমাৰে চিকাৰ কৰি বনে-জংগলে ঘূৰি ফুৰিবলৈ বৰ ভাল পাইছিল৷ সেই কথাটোও ৰজাৰ বাবে অন্যতম ভয়ৰ কাৰণ হৈ পৰিল৷ এদিন ৰজাই ৰাণীৰ লগত আলোচনা কৰি ৰাজকুমাৰ বাহিৰৰ বন জংগললৈ যাব নোৱাৰাকৈ প্ৰাসাদৰ চাৰিওফাল এক ওখ প্ৰাচীৰ নিৰ্মাণ কৰোৱালে৷ ৰাজকুমাৰৰ মন ভাল লাগিবৰ বাবে প্ৰাচীৰত নানা জীৱ-জন্তুৰ চিত্ৰ জীৱন্ত যেন লগাকৈ আঁকি দিয়ালে৷ কিন্তু প্ৰাসাদৰ ভিতৰত প্ৰায় বন্দীৰ দৰে জীৱন কটাব লগীয়া হোৱাত ৰাজকুমাৰ বিৰক্ত আৰু অতিষ্ঠ হৈ পৰিল৷ চিকাৰ কৰিবলৈ বনলৈ যাব বিচৰা ৰাজকুমাৰে এদিন যেতিয়া জানিলে যে পিতাকে সিংহই তেওঁক খাই পেলোৱাৰ সপোন এটা দেখাৰ বাবেই আজি এনেদৰে বন্দীৰ দৰে জীৱন কটাব লগীয়া হৈছে – তেতিয়া তেওঁৰ সকলো খং, বিৰক্তি সিংহ নামৰ জন্তুটোৰ ওপৰত পুঞ্জীভূত হ’ল৷ সেই খঙৰ ভমকতে ৰাজকুমাৰে দেৱালত খোদিত কৰা সিংহ এটাকে হাত, ভৰি, মূৰ এচাৰি আক্ৰমণ কৰিবলৈ ধৰিলে৷ ৰাজকুমাৰে খঙত হিতাহিত জ্ঞান হেৰুৱাই সেই শিলত খোদিত সিংহক আক্ৰমণ কৰি নিজৰে হাত ভৰি মূৰ ফালি পেলালে আৰু অতিপাত ৰক্তক্ষৰণ হৈ তাতেই মৃত্যু হ’ল৷

এই সাধুটোত আমি ইয়াকেই দেখিলোঁ যে সন্তানৰ প্ৰতি অতি বেছি মোহ আৰু অধিক ৰক্ষণশীল হ’বলৈ গ’লে হিতে বিপৰীতহে হয়৷ এয়া যদিও এটা পৌৰাণিক সাধু, ইয়াৰ তাৎপৰ্য আজিও আছে৷ আজিৰ সমাজতো দেখা যায় পিতৃ-মাতৃয়ে সন্তানৰ প্ৰতি অধিক মোহাছন্ন হৈ প্ৰতিটো ক্ষেত্ৰতে সন্তানক সুৰক্ষাৰ কবচ পিন্ধাবলৈ যায়৷ বহুতেই সন্তানে কষ্ট পাব বুলি সৰুসুৰা ঘৰুৱা কাম বনো কৰিবলৈ নিদিয়ে৷ বিদ্যালয়ত শিক্ষক শিক্ষয়িত্ৰী বা বন্ধু-বান্ধৱীৰ লগত সামান্য মতবিৰোধ হ’লেই বহু পিতৃ-মাতৃয়ে হস্তক্ষেপ কৰে৷ এনে শিশুৱে ডাঙৰ হোৱাৰ লগে লগে নিজকে অকলশৰীয়া, আত্মবিশ্বাসহীন অনুভৱ কৰিবলৈ লয় আৰু জীৱনৰ সংগ্ৰামত সাহসেৰে মুখামুখি হ’বলৈ নোৱাৰে৷ বিয়া–বাৰু হৈ নিজৰ ঘৰ সংসাৰ কৰোঁতে সামান্য সংঘাত হ’লেই সকলো সম্পৰ্ক ছিঙি পেলাবলৈ উদ্যত হয়৷ অত্যধিক মৰম আৰু ৰক্ষণশীলতাই সন্তানক মানসিকভাবে দুৰ্বল, পৰমুখাপেক্ষী কৰি পেলায়৷ সন্তানক প্ৰতিটো মুহূৰ্ততে সকলো দুখ, বিপদ আপদৰ পৰা ৰক্ষা কৰি থাকিবলৈ বিচৰাটোৱেই ভুল৷ সকলো দুখ, বিপদ-আপদ সাহসেৰে মূৰ পাতি ল’ব পৰাকৈ শক্তিশালী কৰি তুলিব বিচৰাটোহে পিতৃ-মাতৃৰ সঠিক কৰ্তব্য৷ প্ৰতিজন শিশুৰে এটা স্বতন্ত্ৰ ব্যক্তিত্ব, একক প্ৰতিভা আছে৷ পিতৃ-মাতৃৰ সপোন, আশা আকাংক্ষা সন্তানৰ জৰিয়তে পূৰণ কৰিবলৈ বিচৰাটো অনুচিত৷ সন্তানৰ স্বতন্ত্ৰ ব্যক্তিত্বক শ্ৰদ্ধা কৰা আৰু সন্তানৰ ভিতৰত থকা অনন্য একক প্ৰতিভাসমূহক আৱিষ্কাৰ কৰি সেইবোৰ সঠিক বিকাশত সহায় কৰাটোৱেই পিতৃ-মাতৃয়ে সন্তানক দিব পৰা প্ৰকৃত মৰম আৰু সমাজক দিব পৰা অৱদান৷

সেয়ে লেখনিটোৰ আৰম্ভণিতে উল্লেখ কৰা ডাঃ ডাইচাকু ইকেডাৰ উক্তিটো সকলো পিতৃ-মাতৃয়েই মনত ৰখাটো ভাল৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments