সন্তান (বন্দিতা গগৈ বৰা)

সময়বোৰ পূৰৱীৰ বাবে প্ৰায়েই অসহ্যকৰ হৈ উঠে৷ পৰাণ অফিচলৈ ওলাই যোৱাৰ পাছত অকলশৰীয়া ঘৰখনৰ নিৰ্জনতাই তাইক যেন গিলিহে পেলাব৷ কামনো কেইটা? আগৰে পৰাই তাইৰ পুৱা সোনকালে উঠাৰ অভ্যাস৷ কাম কাজবোৰো পুৱাৰ ভাগতেই শেষ হৈ যায়৷ তাৰ পাছত হয় টিভি চোৱা, নহয় বিছনাত বাগৰি থকাই তাইৰ কাম৷ লাহে লাহে তাইৰ বাবে এইবোৰ বিৰক্তিকৰ হৈ উঠিল৷ সেয়ে তাই ঘৰৰ একেবাৰে ওচৰতে থকা ভেঞ্চাৰ স্কুলখনতেই সময়বোৰ পাৰ কৰিবৰ বাবেই যোগদান কৰিলে৷
লাহে লাহে পূৰৱী স্কুলৰ সকলোৰে মাজত প্ৰিয় হৈ পৰিল৷ সময়বোৰেও যেন নতুন মোৰ পালে৷ মনৰ পৰা একাকিত্বৰ বেদনা অলপ হলেও আঁতৰিল৷ বহুজনৰ সৈতে বন্ধুত্বও গঢ়ি উঠিল৷ এনে এগৰাকী আছিল পাহাৰী আৰু নিৰুৰ মাক৷ মানুহজনীৰ ৰাংঢালী স্বভাৱটোৱে পূৰৱীৰ লগতে বাকী শিক্ষকসকলকো মুহি ৰাখিছিল৷ ছোৱালী দুজনীও বৰ মৰম লগা আৰু বাধ্য৷ সিহঁত দুজনীৰ চাৰিবছৰীয়া ভনীয়েক এজনীও আছিল৷ বাপেকে পাহাৰীয়া জেগা এখনতে থাকি কোম্পানীৰ গাড়ী চলায়, মাহেকৰ মুৰত ঘৰলৈ আহে৷
এদিন এই মানুহজনীয়ে বৰ আমনজিমনকৈ পূৰৱীৰ আগত থিয় হৈ পূৰৱীৰ পৰা অলপ সহায় বিচাৰিলে৷ পিছে সেই বিশেষ সহায়টোৰ কথা শুনিহে পূৰৱী মানুহজনী একেবাৰে জিকাৰ খাই উঠিল৷ বিয়া হোৱা আঠবছৰ ধৰি এনে এটা ভাল খবৰৰ বাবে তাই ক’ত কি কৰিছে, কিন্তু তাইৰ সেই আশা কোনোদিনেই আৰু নফলিয়ায় বুলি ইতিমধ্যে পৰীক্ষাত ধৰা পৰিছে৷ ক’ত উজাগৰী নিশা চকুপানীৰে তাইৰ শেতেলী তিতিছে তাৰো সীমা নাই৷ তাইৰ প্ৰতি নিষ্ঠুৰ হোৱা বাবে ভগৱান নামৰ সত্ত্বাটোক যেন তাই কোনোদিনে ক্ষমা কৰিব নোৱাৰিব৷ অথচ এই মানুহজনীয়ে কিমান সহজকৈ আহিব ধৰা জীৱনটোক মাৰি পেলোৱাৰ বাবে তাইৰ সহায় বিচাৰিছে৷ উঠি অহা খংটো সামৰি মানুহজনীৰ পৰাই পূৰৱীয়ে সম্পূৰ্ণ কথাবোৰ জানিব বিচাৰিলে৷
কথাটো হ’ল যে ল’ৰা এটা বিচাৰি তিনিজনীকৈ ছোৱালী জন্ম দিয়াৰ পাছত আকৌ ভুলক্ৰমে এটি সন্তানে গৰ্ভত স্থিতি লোৱা বুলি জানি মানুহগৰাকী চিন্তিত হৈছে৷ তিনিজনী ছোৱালী ভৰণ পোষণ কৰিবলৈকে অসুবিধা, আকৌ নতুনকৈ এটা আহিব লাগিলে নাখাই মৰিব লাগিব৷ গতিকে এইটো পেটলৈ অহা বুলি গম পাই ঘৰতে গাঁৱলীয়া দৰৱ খাই গৰ্ভপাত কৰিবলৈ চেষ্টা কৰিও সফল হোৱা নাই৷ চাওঁতে চাওঁতে ছমাহেই হ’ল৷ এতিয়া উপায়বিহীন হৈ চিকিৎসালয়ত গৰ্ভপাত কৰিবলৈ পূৰৱীৰ ওচৰত অলপ পইচা ধাৰে বিচাৰিছে৷
প্ৰথমে কথাবোৰ শুনি মানুহজনীলৈ খং উঠিলেও অলপ পাছতে বেয়াও লাগিল৷ পূৰৱীয়ে প্ৰথমে মানুহজনীৰ স্বাস্থ্য পৰীক্ষা কৰোৱাটো জৰুৰী ভাবি চিনাকি প্ৰসূতি বিশেষজ্ঞ এজনৰ ওচৰলৈ লৈ গ’ল৷ তেখেতে চাই মেলি ক’লে যে এতিয়া গৰ্ভপাত কৰিলে মাকৰ জীৱনলৈকে সমস্যা আহিব পাৰে৷ ক্ষণিকতে উচুপি উঠা মানুহজনীলৈ পূৰৱীৰ কিয় জানো দুখো লাগিল৷ হঠাতে তাই মানুহজনীক এটা প্ৰস্তাৱ দিলে যে মানুহজনীৰ আহিব লগীয়া সন্তানটো তায়ে নিজৰ কৰি ল’ব৷ কথাটো শুনি মানুহজনীয়ে অলপ সকাহ পালে৷
পূৰৱীৰ বাবে এই ঘটনাটোৰ পিছৰ দিনবোৰ স্কুল আৰু আহিবলগীয়া সন্তানটিৰ যত্ন লোৱাৰ মাজেৰেই পাৰ হ’ল৷ ইতিমধ্যে সেই বিশেষ দিনটো আহি পালে৷ কিছুদিন আগতে হৈ যোৱা পৰীক্ষাত ধৰা পৰাৰ দৰেই মানুহজনীয়ে দুটি যমজ সন্তান জন্ম দিলে৷ পূৰৱী সেই সময়ত স্বামী পৰাণৰ সৈতে চিকিৎসালয়তে আছিল৷ যথাসময়ত পূৰৱীহঁতক সন্তানদ্বয়ৰ কাষলৈ লৈ যোৱা হ’ল৷ দুকাষে দুটি সন্তানসহ মাতৃগৰাকী শুই আছিল৷ নাৰ্চে পূৰৱীৰ কোলাত এটি দেৱশিশু তুলি দিলে৷
: “এইটো ল’ৰা, ইজনী ছোৱালী৷ ”
নাৰ্চৰ কথাষাৰ শুনি মাতৃগৰাকীয়ে এটি অসহায় আৰু কৰুণ দৃষ্টি লৈ পূৰৱীৰ চকুলৈ চাই থকা কথাটো পূৰৱীয়ে মন কৰিলে৷ তাই আগুৱাই গৈ তাইৰ কোলাৰ কেচুঁৱাটো মাকৰ কাষত ৰাখি, আনটি দেৱশিশু বুকুৰ মাজলৈ তুলি ললে৷ ক্ষণিকতে যেন পূৰৱীৰ খালী হৈ থকা বুকুখন মমতাৰ মধুৰতাৰে ভৰি পৰিল৷ তাইক মাথো এটি সন্তান লাগে, সেয়া কন্যা নে পুত্ৰ, তাইৰ বাবে সেয়া ডাঙৰ কথা নহয়৷ এটি সন্তান বুকুত সাৱটি তাই মাথো ‘মা’ হ’ব বিচাৰে৷
পূৰৱীৰ চকুত আনন্দৰ অশ্ৰুকণা জিলিকি উঠিল৷ ইফালে পুত্ৰ সন্তানটিক কাষত পাই পাহাৰী আৰু নিৰুৰ মাকৰ চকুতো প্ৰস্ফুটিত হ’ল নিৰাপত্তাৰ জিলিঙনি৷ দুগৰাকী সদ্যোজাত সন্তানৰ মাতৃৰ সেই বিশেষ আনন্দৰ ক্ষণটিত সমগ্ৰ চিকিৎসালয়খনেই যেন আকৌ এবাৰ প্ৰাণ পাই উজলি উঠিল৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments