সন্তান- মূলঃ औलाद – ছআদত হাচান মণ্টো – অনুবাদঃ মিতালী বৰ্মন

জুবেদাৰ যেতিয়া বিয়া হৈছিল তেতিয়া তাইৰ বয়স পঁছিশ বছৰ আছিল৷ তাইৰ মাক-বাপেকেতো তাইৰ সোতৰ বছৰমান হওতেই বিয়া হোৱাটো বিচাৰিছিল; কিন্তু চাৰিওফালৰ পৰা মিলা দৰা পোৱা নাছিল৷ যদি ক’ৰবাত বিয়া ঠিকো হয় তেন্তে এনে কিছুমান সমস্যা আহি পৰে যে অৱশেষত সম্পৰ্কটো আগবঢ়োৱা সম্ভৱ হৈ নুঠেগৈ৷

জুবেদা যেতিয়া পঁচিশ বছৰীয়া হ’ল তেতিয়া তাইৰ বাপেকে তাইৰ বাবে আগৰ পক্ষ ঢুকোৱা মানুহ এজনৰ প্ৰস্তাৱ গ্ৰহণ কৰিলে৷ তেওঁৰ বয়স প্ৰায় পয়ত্ৰিশ বা তাতকৈ অলপ বেছিও হ’ব পাৰে৷ তেওঁ এজন ভাল, কৰ্মঠ মানুহ৷ বজাৰত থান কাপোৰৰ দোকান আছে৷ প্ৰতিমাহে পাঁচ-ছশ টকাকৈ উপাৰ্জন কৰে৷

জুবেদা বৰ বাধ্য ছোৱালী আছিল৷ তাই তাইৰ বাপেকৰ সিদ্ধান্ত স্বীকাৰ কৰি ল’লে৷ সোনকালে বিয়া হৈ গ’ল আৰু তাই তাইৰ স্বামীগৃহলৈ গুচি গ’ল৷

তাইৰ গিৰিয়েক ইল্মউদ্দিন খুব ভদ্ৰ আৰু মৰমিয়াল৷ তেওঁ জুবেদাৰ সকলোধৰণৰ সুখৰ প্ৰতি নজৰ ৰাখিছিল৷ যদিও আন মানুহে কাপোৰৰ বাবে হামৰাও কাঢ়ি মৰিছিল, তাইৰ কোনোদিন কাপোৰৰ বাবে অভাৱ হোৱা নাছিল৷ চল্লিশ হাজাৰ আৰু থ্ৰী বি-কে আদি কৰি বহুতো কাপোৰৰ থান জুবেদাৰ ওচৰত আছিল৷

তাই প্ৰতি সপ্তাহতে মাকৰ ঘৰলৈ যায়… এদিন এনেকৈ যাওঁতে দুৱাৰদলিত খোজ দিয়ে তাই কাৰোবাৰ বিননি শুনিবলৈ পালে৷ ভিতৰলৈ যোৱাত গম পালে যে তাইৰ বাপেকৰ হৃদক্ৰিয়া বন্ধ হৈ মৃত্যু হৈছে৷
জুবেদাৰ মাক অকলশৰীয়া হৈ পৰিল৷ এটি লগুৱাৰ বাহিৰে ঘৰত আৰু আন কোনো নাই৷ তাই গিৰিয়েকক অনুৰোধ কৰিলে যে তেওঁ অনুমতি দিলে তাই তাইৰ বিধবা মাকক সিহঁতৰ লগত থাকিবলৈ মাতি আনিব৷
ইল্মউদ্দিনে ক’লে, “অনুমতি লোৱাৰ কি প্ৰয়োজন… এইখন তোমাৰ ঘৰ… আৰু তোমাৰ মা মোৰো মা… যোৱা তেখেতক লৈ আনাগৈ… বয়-বস্তু যি আছে সেইবোৰ মই ইয়ালৈ অনোৱাৰ ব্যৱস্থা কৰোঁ৷”

জুবেদা খুব উৎফুল্ল হ’ল৷ তাই ঘোঁৰাগাড়ীত গ’ল আৰু মাকক লগতে লৈ আহিল৷ ইল্মউদ্দিনে বস্তু-বাহানি অনোৱাৰ ব্যৱস্থা কৰিছিল বাবে সেইবোৰো সোনকালে আহি পালে৷ সিহঁতৰ ঘৰটো যথেষ্ট ডাঙৰ আছিল৷ দুই-তিনিটা কোঠালি খালী হৈ পৰি আছিল৷ কিছু চিন্তা-চৰ্চাৰ অন্তত জুবেদাৰ মাকৰ বাবে এটা কোঠালি সাজু কৰি দিয়া হ’ল৷

জুবেদাৰ মাক জোঁৱায়েকৰ পৰিশীলিত আচাৰ-ব্যৱহাৰ দেখি বৰ সুখী হৈছিল আৰু তেওঁৰ ওচৰত কৃতজ্ঞতাত গদগদ হৈছিল৷ কেইবা হাজাৰ টকাৰ মূল্যৰ তেওঁৰ আটাইখিনি সোণৰ গহণা জোঁৱায়েকক দিবলৈ কেইবাবাৰো জুবেদাৰ মাকৰ মনত ইচ্ছা জাগ্ৰত হ’ল; যাতে সেই টকাখিনি জোঁৱায়েকে তেওঁৰ ব্যৱসায়ত খটুৱাব পাৰে৷ কিন্তু স্বভাৱগতভাৱে তেওঁ কৃপণ আছিল৷

এদিন তেওঁ তেওঁৰ জীয়েকক ক’লে, “মই ইয়ালৈ অহাৰ দহমাহ পাৰ হ’ল… মই মোৰ জেপৰ পৰা এটকাও খৰচ কৰা নাই… যদিও তোমাৰ মৃত পিতৃয়ে এৰি থৈ যোৱা নগদ দহহাজাৰ টকা মোৰ হাতত আছে… আৰু গহণাখিনিও আছে৷ ”
জুবেদাই কয়লাৰ আঙঠাত ৰুটি সেকি আছিল, “মা, তুমিও যে কি কৈ থাকা! ”
“কি চি মই নাজানো… মই এই আটাইখিনি টকা ইল্মউদ্দিনক দি দিলোঁহেঁতেন, কিন্তু মই তোমাৰ এটা সন্তান জন্ম হোৱাটো বিচাৰোঁ… তেতিয়া এই আটাইবোৰ টকা তাক উপহাৰ হিচাপে দি দিম৷ ”

জুবেদাৰ এতিয়ালৈ কিয় সন্তান জন্ম হোৱা নাই এই কথাটোলৈ মাকে বৰ চিন্তা কৰিছিল… বিয়া হোৱা প্ৰায় দুবছৰ হ’বৰ হ’ল, কিন্তু সন্তান জন্ম হোৱাৰ কোনো লক্ষণে দেখা যোৱা নাই৷
তেওঁ তাইক কেইবাজনো হাকিমৰ ওচৰলৈ লৈ গ’ল৷ তেওঁ জুবেদাক নানা দৰব-জাতি খুৱালে, কিন্তু পৰিণাম একো নোলাল৷
অৱশেষত তেওঁ পীৰ-ফকীৰৰ কাষ চাপিল৷ জৰা-ফুকা, তন্ত্ৰ-মন্ত্ৰও ব্যৱহাৰ কৰিলে, মাদলি আৰু জপো… কিন্তু আশা পূৰণ নহ’ল৷ এইবোৰৰ মাজত জুবেদা অতিষ্ঠ হৈ পৰিল৷ এদিন বিৰক্ত হৈ তাই মাকক ক’লে, “বাদ দিয়া এইবোৰ… সন্তান নহ’লে নাই…”
তাইৰ বুঢ়ী মাকে মুখ বিকতাই ক’লে, “আইজনী, এইটো বৰ ডাঙৰ কথা… তোমাৰ জ্ঞান-বুদ্ধিৰ কি হ’ল নাজানো… তুমি এইকণো নাজানানে যে সন্তান থকাটো কিমান দৰকাৰী… ইহঁতৰ বাবেইতো মানুহৰ জীৱন সদায় পৰিপূৰ্ণ হৈ থাকে৷ ”
জুবেদাই ৰুটি আঙঠাত থৈ সুধিলে, “মই কি কৰোঁ… সন্তান জন্ম হোৱা নাই যদি তাত মোৰ কি দোষ? ”
বুঢ়ীয়ে ক’লে, “দোষ কাৰো নহয় অ’ আইজনী… মাথোঁ এবাৰ আল্লাৰ অনুগ্ৰহ লাগে৷ ”

জুবেদাই আল্লা মিঞাক কাবৌ-কাকূতি কৰি প্ৰাৰ্থনা জনালে তেওঁ যেন নিজৰ চমৎকাৰী শক্তিৰে জুবেদাৰ কোলা পৰিপূৰ্ণ কৰে; কিন্তু তাইৰ সেই প্ৰাৰ্থনাবোৰেৰেও একোৱে নহ’ল৷

তাইৰ মাকে যেতিয়া প্ৰতিদিনে তাইক সন্তান জন্ম হোৱা প্ৰসংগত নানা কথা কোৱা আৰম্ভ কৰিলে, তেতিয়া তাইৰ এনে অনুভৱ হ’বলৈ ধৰিলে যেন তাই এডোখৰ ছন পৰা মাটি, য’ত কোনোদিন এটা বীজো প্ৰস্ফুটিত হ’ব নোৱাৰে৷

ৰাতি ৰাতি তাই উদ্ভত উদ্ভত সপোন দেখিবলৈ ধৰিলে; বৰ বিচিত্ৰময়৷ কেতিয়াবা তাই দেখে যেন তাই এখন বিশাল মৰুভূমিৰ মাজত থিয় হৈ আছে আৰু তাইৰ কোলাত এটা নোদোকা কেঁচুৱা৷ তাক তাই ইমান জোৰেৰে শূন্যলৈ দলিয়াই যে সি আকাশ পায়গৈ আৰু এসময়ত নাইকিয়া হৈ যায়৷ কেতিয়াবা তাই দেখে, তাই যেন কণমানি কেঁচুৱাৰ জীৱন্ত মাংসপিণ্ডৰে সজোৱা এখন বিছনাত শুই আছে৷
এনেধৰণৰ সপোন দেখি দেখি তাইৰ মন-মগজু অশান্ত হৈ পৰিল, তাই ভাৰসাম্যতা হেৰুৱাই পেলালে৷ এদিন বহি থাকোঁতে এটি কেঁচুৱাৰ কান্দোন তাইৰ কাণত পৰিল৷ তাই তাইৰ মাকক সুধিলে, “কাৰ কেঁচুৱাই কান্দিছে? ” তাইৰ মাকে কেঁচুৱাৰ কান্দোন শুনিবলৈ খুব মনোযোগেৰে কাণ পাতিলে আৰু যেতিয়া তেওঁ একো শুনা নাপালে তেতিয়া ক’লে, “কোনো কেঁচুৱাই কন্দা নাই৷ ”
“নহয় মা, কান্দি আছে৷ বৰং কান্দি কান্দি ভাগৰি পৰিছে৷ ”
তাইৰ মাকে ক’লে, “হয় মই কালৰী হ’লোঁ, নহয় তোমাৰ কাণ বাজিছে৷ ”
জুবেদা নিশ্চুপ হৈ ৰ’ল৷ কিন্তু বহু সময়লৈ এটি নৱজাতকৰ কান্দোন আৰু বিননিৰ সুৰ জুবেদাৰ কাণত বাজি থাকিল৷ কেইবাবাৰো তাইৰ এনে অনুভৱ হ’ল যেন তাইৰ বুকুত গাখীৰ ওফন্দি আহিছে৷ এই সম্পৰ্কে তাই মাকক একো নক’লে৷ কিন্তু যেতিয়া তাই জিৰণি ল’বলৈ নিজৰ কোঠালিলৈ গ’ল তেতিয়া তাই কামিজটো দাঙি চাইছিল, তাইৰ বুকুখন ওফন্দি আছিল৷

কেঁচুৱাৰ কান্দোনৰ ধ্বনি তাইৰ কাণত প্ৰায়ে বাজিবলৈ ধৰিলে… কিন্তু তাই বুজি পাইছিল, এইবোৰ সকলো ভ্ৰম৷ সত্য মাথোঁ এয়াই যে প্ৰতি ক্ষণ তাইৰ মন-মগজুত হাতুৰিৰ কোব পৰে, তাইৰ কিয় কেঁচুৱা জন্ম নহয়! আৰু তায়ো অন্তঃকৰণেৰে সেই শূন্যতাক অনুভৱ কৰিছিল যিটো কোনো বিবাহিতা মহিলাৰ জীৱনতে হোৱা উচিত নহয়৷
তাই এতিয়া বৰ উদাস হৈ থাকে…. চুবুৰীত ল’ৰা-ছোৱালীয়ে হৈ-হাল্লা কৰি থাকিলে বিষত তাইৰ কাণ ফাটি যায় ফাটি যায় কৰিবলৈ ধৰে৷ এনে মন যায় যেন বাহিৰলৈ ওলাই গৈ তাই সিহঁতৰ টেঁটু চেপি ধৰিব৷

তাইৰ গিৰিয়েক ইল্মউদ্দিনৰ কেঁচুৱা-চেচুৱাৰ একো চিন্তা নাছিল৷ তেওঁ নিজৰ ব্যৱসায়ত মগ্ন আছিল৷ কাপোৰৰ দাম দিনে দিনে বাঢ়ি গৈ আছিল৷ মানুহজন বুদ্ধিমান আছিল বাবে তেওঁ কাপোৰৰ বহুতো থান জমা কৰি ৰাখিছিল৷ এতিয়া তেওঁৰ মাহিলী আয় আগতকৈ দুগুণ হৈছিল৷
কিন্তু সেই আয়ৰ বাঢ়নে জুবেদাক সুখী কৰিব পৰা নাছিল৷ যেতিয়া তাইৰ গিৰিয়েকে তাইক নোটৰ নুৰা আনি দিয়ে তেতিয়া তাই বহুপৰ সেইখিনি কোলাত লৈ নিচুকাই থাকে…. তাৰপাছত তাই সেইবোৰ কোনো কাল্পনিক ঝুলনাত বহুৱাই দিয়ে৷
এদিন ইল্মউদ্দিনে দেখিলে যে যিখিনি টকা তেওঁ ঘৈণীয়েকক দিছিল সেইখিনি গাখীৰৰ সাজত থোৱা আছে৷ টকাখিনি কেনেকৈনো গৈ গাখীৰৰ বাচন পালে তাকে ভাবি তেওঁৰ চিন্তা লাগিল৷ তৎক্ষণাত তেওঁ জুবেদাক সুধিলে, “এই নোটবোৰ গাখীৰৰ সাজত কোনে থৈছে? ”
জুবেদাই উত্তৰ দিলে, “ল’ৰা-ছোৱালীকেইটি বৰ দুষ্ট হৈছে৷ এইটো সিহঁতৰে কাণ্ড হ’ব৷ ”
ইল্মউদ্দিনে আচৰিত হৈ ক’লে, “কিন্তু ইয়াত ল’ৰা-ছোৱালী ক’ত আছে? ”
জুবেদাই তাইৰ গিৰিয়েতকৈ বেছি আচৰিত হৈ ক’লে, “আমাৰ ইয়াত ল’ৰা-ছোৱালী নাই নেকি? আপুনিও যে কি কথা কয়… এতিয়াই স্কুলৰ পৰা ঘূৰি আহি পাব… সিহঁতকে সুধিম এই কাণ্ড কোনে কৰিছে৷ ”

ইল্মউদ্দিনে তেওঁৰ ঘৈণীয়েকৰ মানসিক অৱস্থা যে ভাল নহয় বুজি পালে৷ কিন্তু তেওঁ তেওঁৰ শাহুৱেকক এই বিষয়ে একো নক’লে৷ কাৰণ তেওঁ বুজিছিল যে শাহুৱেক যথেষ্ট দুৰ্বল মনৰ মহিলা৷
তেওঁ মনৰ ভিতৰতে জুবেদাৰ মানসিক অৱস্থাৰ কথা ভাবি দুখ কৰিবলৈ ধৰিলে৷ কিন্তু তাৰ উপায় তেওঁৰ হাতত নাছিল৷ তেওঁ কেইবাজনো বন্ধুৰ পৰামৰ্শ ল’লে৷ তাৰ ভিতৰত কেইজনমানে ক’লে, পাগলখানাত ভৰ্তি কৰাই দিয়া৷ কিন্তু পাগলখানাৰ কথা ভাবিলেই তেওঁ ভয়ত শিঁহৰিত হৈ পৰিছিল৷

তেওঁ দোকানলৈ যোৱা বন্ধ কৰিলে৷ গোটেই সময়খিনি তেওঁ ঘৰত কটায় আৰু জুবেদাক পৰিচৰ্যা কৰে৷ জুবেদাই কোনোবাদিনা কিবা ভয়ংকৰ কাণ্ড কৰি পেলাব পাৰে বুলিও তেওঁ ভয় খাইছিল৷

ইল্মউদ্দিন ঘৰত থকাৰ ফলত জুবেদাৰ অৱস্থা আগতকৈ ভাল হ’ল৷ কিন্তু তাই এই কথাটো বৰকৈ চিন্তা কৰিলে যে দোকান, ব্যৱসায় কোনে চম্ভালি আছে? আৰু যিজন মানুহক এই দায়িত্ব দিয়া হৈছে সি বিশ্বাসঘাটকতা কৰা নাইতো!
তাই কেইবাবাৰো তাইৰ গিৰিয়েকক ক’লে, “তুমি দোকানলৈ নোযোৱা কিয়? ”
ইল্মউদ্দিনে বৰ মৰমেৰে তাইক ক’লে, “প্ৰিয়া, মই কাম কৰি কৰি ভাগৰি পৰিছোঁ৷ এতিয়া কামৰ পৰা অলপ জিৰণি ল’ব বিচাৰিছোঁ৷ ”
“কিন্তু দোকানখনৰ দায়িত্ব কাৰ হাতত আছে? ”
“মোৰ কৰ্মচাৰী এজনৰ হাতত… তেওঁ সকলো কাম কৰে৷ ”
“বিশ্বাসীনে? ”
“হয় হয়, খুব বিশ্বাসী… এটা এটা অনাৰ হিচাপ দিয়ে… তুমি কিয় চিন্তা কৰিছা! ”
জুবেদাই তপৰাই ক’লে, “মোৰ কিয় চিন্তা নহ’ব, ল’ৰা-ছোৱালী থকা মানুহ৷ মই নিজৰ বাবেতো একো চিন্তা নকৰোঁ, কিন্তু ইহঁতৰ বাবেতো কৰোঁ… যদি আপোনাৰ কৰ্মচাৰীয়ে আপোনাৰ টকা মাৰি লৈ যায় তেন্তে বুজি পাব আৰু যে ল’ৰা-ছোৱালীকেইটিৰ…”
ইল্মউদ্দিনৰ চকুত লোতক বিৰিঙি উঠিল, “জুবেদা, ইহঁতৰ মালিক আল্লা৷ কিন্তু মোৰ কৰ্মচাৰীজন বৰ বিশ্বাসী আৰু প্ৰভুভক্ত৷ তুমি চিন্তা কৰা উচিত নহয়৷ ”
“মই নিজলৈতো একো চিন্তা নকৰোঁ৷ কিন্তু সন্তানৰ বাবেতো মাকেই চিন্তা কৰিব লাগিব৷ ”

কি কৰিব তাকে ভাবি ভাবিয়ে ইল্মউদ্দিনে পাৰ নোপোৱা হ’ল৷ জুবেদাই গোটেই দিনটো তাইৰ কাল্পনিক সন্তানৰ বাবে কাপোৰ সীঁ থাকে৷ সিহঁতৰ মৌজা ধুৱে, সিহঁতলৈ ঊণৰ চুৱেটাৰ গুঁঠে৷ কেইবাবাৰো তাই গিৰিয়েকক কৈ বেলেগ বেলেগ চাইজৰ সৰু সৰু ছেণ্ডেল অনোৱাইছে আৰু প্ৰতিদিনে পুৱা তাই সেইবোৰকে পালিচ কৰি থাকে৷

ইল্মউদ্দিনে এই সকলোবোৰ দেখে আৰু তেওঁৰ হৃদয়ে কান্দি উঠে৷ তেওঁ ভাবে যে কিজানি কিবা ভুলৰ শাস্তি তাই পাই আছে৷ এই ভুল কি আছিল তাৰ বোধ ইল্মউদ্দিনৰ নাছিল৷

এদিন তেওঁ চিন্তাত উদ্বিগ্ন হৈ থকা তেওঁৰ এজন বন্ধুক লগ পালে৷ ইল্মউদ্দিনে তেওঁক তেওঁৰ উদ্বিগ্নতাৰ কাৰণ সোধাত ক’লে যে তেওঁৰ এজনী ছোৱালীৰ লগত প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিছিল৷ আৰু তাৰ পৰিণতিত তাই এতিয়া গৰ্ভৱতী৷ বীজটো গৰ্ভতে ধ্বংস কৰিবৰ বাবে সকলোধৰণৰ দিহা কৰা হ’ল যদিও সফল নহ’ল৷ ইল্মউদ্দিনে ক’লে, “চোৱা বন্ধু, গৰ্ভপাতৰ চেষ্টা নকৰিবা৷ সন্তানটো জন্ম হ’বলৈ দিয়া৷ ”
সন্তানটোৰ প্ৰতি কোনো মোহ নথকা তেওঁৰ বন্ধুৱে ক’লে, “সন্তানটোৰে মই কি কৰিম? ”
“তুমি মোক দি দিবা৷ ”

কেঁচুৱা জন্ম হোৱালৈ হাতত কিছু দিন আছিল৷ এই সময়খিনিতে ইল্মউদ্দিনে তেওঁৰ ঘৈণীয়েকক পতিয়ন নিয়ালে যে তাই গৰ্ভৱতী আৰু এমাহ পিছতে তাইৰ সন্তান ভূমিষ্ঠ হ’ব৷
জুবেদাই বাৰে বাৰে ক’লে, “মোক আৰু সন্তান নালাগে৷ আগতে কি কম আছিল নেকি? ”
ইল্মউদ্দিন নীৰৱ হৈ ৰয়৷

তেওঁৰ বন্ধুৰ প্ৰেয়সীৰ এটি ল’ৰা জন্ম হ’ল৷ কেঁচুৱাটি শুই থকা জুবেদাৰ কাষত ইল্মউদ্দিনে শুৱাই দিলে আৰু তাইক টোপনিৰ পৰা জগাই ক’লে, “জুবেদা, আৰু কিমান পৰ তুমি সংজ্ঞাহীন হৈ থাকিবা? এয়া চোৱা তোমাৰ কাষত কি! ”
জুবেদাই বাগৰ সলালে আৰু দেখিলে যে তাইৰ কাষতে অকণমানি কেঁচুৱা এটিয়ে হাত-ভৰি জোকাৰি আছে৷ ইল্মউদ্দিনে তাইক ক’লে, “ল’ৰা হৈছে৷ এতিয়া আল্লাৰ অনুগ্ৰহত আমাৰ পাঁচটি সন্তান হ’ল৷ ”
জুবেদা খুব সুখী হ’ল৷ তাই সুধিলে, “এই ল’ৰাটো কেতিয়া জন্মিল? ”
“পুৱা সাত বজাত৷ ”
“আৰু মই এই বিষয়ে একো গমেই নাপাওঁ… খুবসম্ভৱ বিষৰ কোবত মই সংজ্ঞাহীন হৈ গৈছিলোঁ৷ ”
ইল্মউদ্দিনে ক’লে, “অ, প্ৰায় তেনেকুৱা কিবা এটাই হৈছিল, কিন্তু এতিয়া আল্লাৰ দয়াত সকলো ঠিক হৈ গ’ল৷ ”

পিছদিনা পুৱা ইল্মউদ্দিনে যেতিয়া ঘৈণীয়েকক চাবলৈ গ’ল তেতিয়া তাই তেজেৰে ৰাঙলী হৈ আছিল৷ তাইৰ হাতত তেওঁৰ দাড়ি খুৰোৱা খুৰখন আছে৷ সেইখনেৰে তাই তাইৰ পিয়াহ দুটি ৰেপি আছিল৷
ইল্মউদ্দিনে তাইৰ হাতৰ পৰা খুৰখন কাঢ়ি আনিলে, “এয়া তুমি কি কৰি আছা? ”
জুবেদাই তাইৰ কাষতে শুই থকা কেঁচুৱাটিলৈ চাই ক’লে, “গোটেই ৰাতিটো ইনাই-বিনাই থাকিল, কিন্তু মোৰ বুকুৰে গাখীৰ নিগৰি নাহিল… ধিক্কাৰ এনে…
ইয়াতকৈ বেছি তাই আৰু একো ক’ব নোৱাৰিলে৷ তেজেৰে লুতুৰি-পুতুৰি হোৱা আঙুলি এটা তাই কেঁচুৱাটিৰ ওঁঠত লগাই দিলে আৰু চিৰনিদ্ৰাত ঢলি পৰিল৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments