সন্তান-সুখ আৰু দত্তক গ্ৰহণ (কৌস্তুভমণি শইকীয়া দত্ত)

সন্তান-সুখ আৰু দত্তক গ্ৰহণ

কৌস্তুভমণি শইকীয়া দত্ত

 



 


সন্তান দত্তক লোৱা বা তুলি লোৱা এটা স্বৰ্গীয় সুখ প্ৰদায়ক কাম । এহাতে এটি অনাথ শিশুৰ ক্ৰন্দন আৰু আনহাতে এহাল সন্তানহীন দম্পতীৰ মনোবেদনা- এই দুয়োটা দুখৰ একেলগে অন্ত পেলোৱাৰ এটাই উপায়, সেয়া হৈছে অনাথ শিশুৰ দত্তক গ্ৰহণ । এটি শিশু তুলি ল’লে সন্তানহীন ঘৰ এখন পোহৰ হোৱাৰ উপৰিও দেৱশিশুটিয়ে লাভ কৰে পিতৃ-মাতৃ আৰু পৰিয়ালৰ উমাল সান্নিধ্য ।

আমাৰ দেশৰ আইনমতে বিবাহিত দম্পতী বা অবিবাহিত মহিলা, পুৰুষ সকলোৱে সন্তান তুলি ল’ব পাৰে । সন্তান তুলি ল’ব খোজা ব্যক্তিজন সাবালক হোৱাৰ উপৰিও মানসিকভাৱে সুস্থ হ’ব লাগিব । বিবাহিত পুৰুষে সন্তান দত্তক ল’ব খুজিলে সেই বিষয়ত তেওঁৰ পত্নীৰ পূৰ্ণ সন্মতি থকাটো অতি জৰুৰী ।

দত্তক লোৱা পিতৃ-মাতৃয়ে নিজে সন্তান জন্ম দিয়া পিতৃ-মাতৃয়ে নোপোৱা কেইটামান সুবিধা লাভ কৰে । যেনে- ১. দত্তক পিতৃ-মাতৃয়ে তুলি ল’ব লগা সন্তানৰ লিংগ নিজে নিৰ্ণয় কৰিব পাৰে । ২. কোন বয়সৰ শিশু তেওঁলোকে ঘৰলৈ আনিব সেইটো নিৰ্ণয় কৰিব পাৰে । ৩. দত্তক পিতৃ-মাতৃয়ে শিশুৰোগ বিশেষজ্ঞৰ দ্বাৰা তুলি ল’ব লগা সন্তানৰ শাৰীৰিক আৰু মানসিক সুস্থতা পৰীক্ষা কৰাৰ সুযোগ পায় । গতিকে অতি নিৰ্ভয় মনেৰে তেওঁলোকে সন্তানটিক আঁকোৱালি ল’ব পাৰে ।

দত্তক গ্ৰহণৰ প্ৰক্ৰিয়াটো এটা যথেষ্ট জটিল আৰু দীঘল প্ৰক্ৰিয়া । এই ক্ষেত্ৰত সন্তান তুলি ল’ব খোজা ব্যক্তিৰ আৰ্থিক, মানসিক, সামাজিক, স্বাস্থ্য, বয়স সকলো দিশৰ অনুসন্ধান কৰা হয় আৰু বহুতো কাগজ-পত্ৰৰ পৰীক্ষা কৰা হয় । প্ৰথমে সন্তান তুলি ল’ব বিচৰা লোকে কোনো দত্তক সংস্থাত গৈ নিজৰ নাম পঞ্জীয়ণ কৰাব লাগে । সেই সময়তে সংস্থাটোৱে বিচৰামতে বিভিন্ন নথিপত্ৰ সেই সংস্থাত জমা দিব লগা হয় । (প্ৰত্যেক সংস্থাৰে নিজ নিজ নিয়মসমূহৰ কিছু তাৰতম্য থাকিব পাৰে । কিন্তু সেই নিয়মসমূহে কেতিয়াও এই ক্ষেত্ৰত প্ৰচলিত আইন চেৰাই নাযায় )। সংস্থাৰ কৰ্মকৰ্ত্তাসকলে সকলো নথিপত্ৰ চালি-জাৰি চাই, দত্তক গ্ৰহণ কৰিব খোজা ব্যক্তিৰ সাক্ষাত্কাৰ লৈ, ঘৰ-পৰিয়াল তন্ন-তন্নকৈ চাই লৈহে তেওঁলোকৰ যোগ্যতা নিৰ্ণয় কৰে । এনে প্ৰক্ৰিয়াই তিনিৰ পৰা ছমাহ পৰ্যন্ত ল’ব পাৰে । যোগ্য বিবেচিত হোৱা পিতৃ-মাতৃক তেওঁলোকে বিচৰা লিংগৰ আৰু বয়সৰ শিশু পালেই মাতি আনি শিশুটোৰ জন্ম-বুৰঞ্জী, সামাজিক স্থিতি আৰু স্বাস্থ্য সম্পৰ্কীয় তথ্য দেখুৱায় । কোনো কোনো ক্ষেত্ৰত আইনৰ বাধা নিষেধৰ বাবে শিশুটোৰ জন্মদাত্ৰী মাতৃৰ পৰিচয় গোপনে ৰখা হয় । শিশুটো যে শাৰীৰিক আৰু মানসিক ভাৱে সুস্থ সেই কথা নিশ্চিত হ’বৰ বাবে হ’ব লগা পিতৃ-মাতৃয়ে শিশু-চিকিত্সকৰ সহায় ল’ব পাৰে । মনে বিচৰা শিশু এটি পোৱাৰ পাছত তেওঁলোকে উকীলৰ সহায় লৈ আদালতত যাৱতীয় কাগজ-পত্ৰ জমা কৰিব লাগে । সকলো দিশ বিচাৰ কৰি চাই আদালতে অনুমতি দিলেই দত্তক গ্ৰহণৰ আইনী প্ৰক্ৰিয়া সমাপ্ত হয় আৰু আৰম্ভ হয় এটি মমতাময়, সহৃদয়, সুন্দৰ সম্পৰ্কৰ সুদীৰ্ঘ যাত্ৰা ।

আমাৰ দেশত দত্তক গ্ৰহণ প্ৰক্ৰিয়া নিয়ন্ত্ৰণ কৰিবৰ বাবে মূলতঃ দুখন আইন আছে ।
১. The Hindu Adoption and Maintenance Act of 1956 ।(এই আইনখন হিন্দু, জৈন, শিখ আৰু বৌদ্ধসকলৰ ক্ষেত্ৰত প্ৰযোজ্য হয় । )
উল্লেখযোগ্য যে এই আইন অনুসৰি দত্তক পিতৃ বা মাতৃৰ যদি নিজ সন্তান থাকে, তেন্তে তেওঁ একে লিংগৰ সন্তান তুলি ল’ব নোৱাৰে । অৰ্থাত এই আইন অনুসৰি নিজৰ পুত্ৰসন্তান থকা লোকে ল’ৰা তুলি ল’ব নোৱাৰে আৰু নিজৰ কন্যাসন্তান থকা লোকে ছোৱালী তুলি ল’ব নোৱাৰে । তদুপৰি যদি কোনো পুৰুষে কন্যা সন্তান তুলি ল’ব বিচাৰে , তেন্তে কন্যাসন্তানটি আৰু পিতৃৰ মাজত বয়সৰ পাৰ্থক্য কমেও ২১বছৰ হ’ব লাগিব ।
২. The Guardian and Wards Act of 1890 ।(এই আইনখন প্ৰবাসী ভাৰতীয়, মুছলমান, পাৰ্চী আৰু খ্ৰীষ্টান সকলৰ ক্ষেত্ৰত প্ৰযোজ্য হয় ।)
এই আইনে পিতৃ-মাতৃক সন্তানৰ ১৮বছৰ পৰ্যন্ত অভিভাৱকত্ব প্ৰদান কৰে । তাৰপাছত সন্তানটোৱে তুলি লোৱা পিতৃ-মাতৃৰ লগত থাকিবনে নাই সেই সিদ্ধান্ত নিজে লোৱাৰ সুযোগ পায় । প্ৰবাসী ভাৰতীয়সকলৰ ক্ষেত্ৰত শিশুটিক এই দেশৰ পৰা নিয়াৰ পাছত তেওঁলোকে বাস কৰা দেশৰ আইন প্ৰযোজ্য হয় ।

আমাৰ দেশত বহুতো অনাথ শিশু অনাথ আশ্ৰমসমূহত পালিত হৈ আছে । এইটো অনস্বীকাৰ্য যে তেওঁলোকে তাত জীৱনধাৰণৰ আৰু শিক্ষাৰ সুবিধা পায় । কিন্তু তেওঁলোকে তাত পিতৃ-মাতৃৰ স্নেহৰ উম্ নাপায় , পৰিয়ালৰ লগত ডাঙৰ হোৱাৰ আস্বাদ নাপায় । তেওঁলোকৰ জীৱনৰ এটা দিশ সদায় শূন্য হৈ ৰয় । সেয়ে সামৰ্থৱান লোকসকলে শিশু এটি তুলি লৈ সেই শূন্যতা দূৰ কৰাৰ মহান প্ৰয়াস কৰিব পাৰে । সন্তানহীনসকলে তুলি ল’লে তেওঁলোকৰ ঘৰৰ তথা মনৰ শূন্যতাও দূৰ হয় ।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক