“সন্তাপ” (এক মিনিটৰ গল্প) – ডাঃ সমুজ্জ্বল ভৰদ্বাজ

 

চিনেমাহলৰ গেটকীপাৰজনে হিট হওক, ফ্লপ হওক, এখন চিনেমাৰো প্ৰথম আৰু শেষৰ ১০-১৫ মিনিট উপভোগ কৰাৰ সুবিধা নাপায়৷ ভিতৰত খালী চিট থাকিলেও বাছৰ হেণ্ডিমেনে সদায় পাওদানিত থিয় দি নতুবা ওলমিহে যাব লাগে৷ বৰ দুখৰ বিষয়৷ তুষাৰকো যোৱা কেইদিনমানৰ পৰা তেনে এটা সমিধানবিহীন দুখেই আগুৰি ধৰিছেহি৷

কলেজীয়া জীৱনত প্ৰেম সাধাৰণ কথা৷ ফাৰ্ষ্ট ইয়েৰত ভাল লগা আলিগুঞ্জনাক চেকেণ্ড ইয়েৰত তুষাৰৰ আৰু অলপ বেছি ভাল লগা হ’ল৷ এই বেছি ভাল লগাটো আহি থাৰ্ড ইয়েৰত কেনেকৈনো ভাল পোৱালৈ ৰূপান্তৰিত হ’ল, সেইটো কথা, তুষাৰ- আলিগুঞ্জনা বাদেই, সহপাঠী প্ৰেম-বিশেষজ্ঞকেইজনেও ধৰিব নোৱাৰিলে৷ প্ৰেম এনেকুৱাই৷ লাহে লাহে আহে, কোঁহে-কোঁহে বহে৷

মিলনত বান্ধ খোৱা ল’ৰা-ছোৱালীকেইহাল শ্ৰেণীত একেলগে বহে৷ এখন হাত ব্যস্ত থাকে লিখাত, আনখন থাকে সিজন বা সিজনীৰ হাতত৷ মৰমৰ আদান-প্ৰদান এইদৰেই চলে৷

পিচে তুষাৰৰ ক্ষেত্ৰত কথাটো অলপ বেলেগ৷ তুষাৰ সোঁহতীয়া, আলিগুঞ্জনা বাওঁহতীয়া৷ লিখি থকা অৱস্থাত তুষাৰৰ বাওঁহাতেৰে আলিগুঞ্জনাৰ সোঁহাত ঢুকি পোৱালৈ বহুত খচমচনি হয়৷ ইফালে প্ৰফেচাৰৰ কাঢ়া ৰঙা চকু৷ আলিগুঞ্জনা আকৌ তুষাৰৰ বাওঁফালে কেতিয়াও নবহে৷ অমঙ্গল হয় হেনো৷

য’তে বাঘৰ ভয়, ত’তে ৰাতি হয়৷

তুষাৰ নিৰূপায়৷

দিনটো বেলেগৰ বিয়াৰ বাবে অলংকাৰ গঢ়ি থাকি নিজৰ বিয়াৰ অলংকাৰ গঢ়াবৰ বাবে বাকীৰ দোকান বিচাৰি ফুৰা সোণাৰীজন আৰু প্ৰেয়সীক কাষতে পায়ো ঢুকি নোপোৱা তুষাৰ — দুয়োৰে দুখ একে হৈছে৷

সমিধান এটা দিব নেকি?

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক