সন্দিকৈ কলেজৰ এজনী ধুনীয়া ছোৱালী (ফাৰুক আজিজ)

সন্দিকৈ কলেজৰ এজনী ধুনীয়া ছোৱালী


১) “বিয়াখন পাতিম পাতিম বুলি ভাৱোতেই লগৰবোৰে ল’লে হৰি নাম……. ”

ৰাতিপুৱা উঠিয়েই এটা বিহুকলিৰে হোষ্টেলৰ সকলোৰে সুখনিদ্ৰা ভঙ্গ কৰাতো যেন বৰ্ণমালাৰ নিয়মীয়া অভ্যাস হৈ গৈছিল। কোঠাত সোমায়ে চিঞৰ বাখৰ আৰম্ভ কৰি দিলেই—
“উঠ ঐ, হিমাদ্ৰী, মেহেৰ। নহ’লে এতিয়া ফেন চলাম।”
“প্লিজ, বৰ্ণা , নকৰ না। অলপতো শান্তিত শুব দে। সাত বাজিছেহে এতিয়া।” (হিমাদ্ৰী)
বৰ্ণাই ফেনখন লগালে পুৰা ফুল স্পীদত আৰু মেহেৰৰ গাৰ পৰা লেপখন টান মাৰি নি বাহিৰ পালেগৈ।
“ৰ’ তোক আজি কি কৰো চাই ল’বি। নিজেই সেই ৰাতি দহ বজাতে শুবি আৰু …….”(মেহেৰ)
“তোক সেই ৰাতি ৰাতিখন ম’বাইলটোৰ লগত ফুচ ফুচাই থাকিবলৈ মই কৈছিলোঁ,” বৰ্ণাই বাহিৰৰ পৰা মাত লগালে।
“অ’ই তহঁত দুজনী মনে মনে থাকিবি নে? ৰাতিপুৱাই কাজিয়া এখন লগাই নল’লে তহঁতৰ শান্তি নহয় ন?”(হিমাদ্ৰী)
“আৰু তই হ’বলা শুয়ে থাকিবি? তোৰ ইউনিফৰ্ম বাহিৰত নিয়ৰত তিতি আছে কিন্তু।”(মেহেৰ)
“ইচ ৰাম কোনে থলে বাৰু,” হিমাদ্ৰীও বিচনাৰ পৰা নামিল।
বাহিৰত তেতিয়াও ভীষণ ঠাণ্ডা। ডাঠ কুঁৱলীয়ে গোটেই চান্দমাৰীখন আৱৰি আছে। ৰ’দ চাগে আজিও নোলাব।

২) “ফুল ফুলিছে বসন্তৰ, তুমি জানমণি বহাগৰ, প্ৰতিটো বসন্ততে মৰম যাচোঁ তোমাক অন্তৰৰ ”

ডিচেম্বৰ পৰিল নে নপৰিল গুৱাহাটীৰ চিটি বাছবোৰত কিন্তু বিহু আৰম্ভ হৈ গৈছিল।
তিনিও জনী দৌৰা দৌৰিকৈ গৈ এখন চিটি বাছত উঠিল। অত্যন্ত ঠেলা হেঁচা। বাহিৰত ঠাণ্ডা বুলিহে মানুহ থাকিব পাৰিছে।
“য়ে ৰাম। আজি লেব আছিল নহয়। এপ্ৰনখন আনিব পাহৰিলোঁ। ব’ল না ঘূৰি যাওঁ।”(বৰ্ণমালা)
“তই যে একদম ভুলক্কৰ আৰু দেই। একো নহয় যা। এনেকৈ লেব কৰিবি। ঘূৰি গ’লে ফাৰ্ষ্ট ক্লাছ মিছ হ’ব।”(হিমাদ্ৰী)
“ব’ল না একো নহয়। এছিদ পৰিলে কাপোৰ নষ্ট হৈ যাব।”
“তই যে ৰাতিপুৱাখন উঠি ফৰিঙৰ দৰে জপিয়াই ফুৰ। তাতকৈ নিজৰ বস্তুবোৰ ভালকৈ লব নোৱাৰ।”(মেহেৰ)
“অ’ অ’ বৰ্ণা, সেই ল’ৰাজন অকৌ উঠিছে। সি যে তোৰ পিছ নেৰাই হ’ল।”(হিমাদ্ৰী)
“এইটোৰ কাৰনে যে ক’টো যাবই নোৱাৰা হ’লো। ৰ’ ভাইটিক কৈ দুমাৰ মান দিয়াব লাগিব। চাচোন চা মোৰ ফালে চাই আছে নেকি?”
“অ’ ৰে তোৰ ফালেই চাই আছে। অ’ই পাৰ্টী এটা দিব পাৰা হৈছই কিন্তু।”
“ৰ’ আজি নামি ল’ব দে। ইয়াক আজি খেল দেখুৱাই আছোঁ।”
“কটনত পঢ়ে। দেখিবলৈও বেয়া নহয় কিন্তু।”
“একে পাত চৰতে নহয় তোক……”
বৰ্ণাৰ কথা শুনি মানুহবোৰে ঘূৰি চালে। তাই লাজ পাই মনে মনে থাকিল।
বাছৰ পৰা নামিয়ে ল’ৰাজন কোবাকোবিকৈ যাবলৈ ধৰিলে। বৰ্ণা আৰু হিমাদ্ৰীয়ে তাক আগভেটি ধৰিলে। সন্দিকৈ কলেজৰ সম্মুখ তাতে, ভয় কৰিবলৈতো একোৱে নাই।
বৰ্ণাই আৰম্ভ কৰিলে, “অ’ই ৰ’বাচোন তুমিযে বেচ কিছুদিন ধৰি আমাক ফ’লো কৰি আছা কাৰণটো কি?”
“অভদ্ৰ নেকি তুমি? ঘৰত মা- ভন্টী নাই?”(হিমাদ্ৰী)
“নেক্সট টাইমৰ পৰা যদি আমি উঠা বাছত উঠ তোৰ ঠেং ভাঙিম,” বৰ্ণাৰ খঙটো অলপ বেছিয়ে উঠিল।
ল’ৰাজনৰ অৱস্থা বেঙে মুটা গৰু যেন হৈছিল।
“আৰু কাৰোবাক ৰ’ লাগি চাই থকাৰ আগতে এইখিনি ভাবিবি। যা ভাগ।”
ল’ৰাজনে দৌৰিব ধৰিলে।
বিজয় আনন্দত তিনিওজনী ক্লাছত সোমাল। কমল ছাৰৰ ক্লাছ আছিল। তিনিও বেলেগ বেলেগকৈ বহিল।

৩) ক’ৰবাৰ পৰা এফাঁকি বিহু ভাহি আহিল, “জীৱন কচুপাতৰ পানী বুলি কয়…..”

বৰ্ণমালাৰ যেন মনটো ভাল লাগি থকা নায়। তেতিয়াৰ কথাটোৰ কাৰণে নেকি বাৰু? ঢেত নহয়। বৰ্ণাই যেন নিজকে নিজে ক’লে।
আজি লেবটো তাই বিৰাট নিস্তব্ধ হৈ আছিল। যেন বিৰাট মন দি ৰাসায়নিক বিক্ৰিয়াবোৰ চাই আছিল।
তেনেতে দিলে নহয় কন্সেন্ট্ৰেত ছালফিউৰিক এছিদ বাকি গৰম টেষ্ট টিউব এটাত। ধম! টেষ্ট টিউবটো ফাটিল, হাতখনো অলপ পুৰিল আৰু গোটেইখন ধোঁৱা ধোঁৱা হৈ গ’ল।
“অ’ই তই কাৰ কথা ভাবি আছ?”(মেহেৰ)
ভে ভে কৈ কান্দিব ধৰিলে বৰ্ণাই। সকলোৱে হাঁহিব ধৰিলে।
ফেঁকুৰি ফেঁকুৰিয়ে বৰ্ণাই হিমাদ্ৰীৰ ওচৰলৈ গ’ল আৰু ক’ব খুজিলে, “অ’ই তেতিয়া বাৰু আমি ল’ৰাটোক বৰ বেছি বেয়াকৈ ক’লো নেকি?”, কিন্তু কিবা এটা ভাবি বৰ্ণা যেন ৰৈ গ’ল।

৪) কলেজ ছুটি হোৱাৰ লগে লগে তিনিও আহি ছিটি বাছত উঠিল। ভিৰৰ মাজত যেন বৰ্ণাই কাৰোবাক বিচাৰি ফুৰিছিল। নাই, ল’ৰাটো সঁচাকৈয়ে নাহিল। অইন দিনাৰ দৰে হোৱা হ’লে ভুৰুঙকৈ ওলালহেতেনহি। দীঘলিপুখুৰী,আমবাৰী, শিলপুখুৰী তাৰপাছত চান্দমাৰি পালেহি বাছখন। তিনিও খৰখেদাকৈ নামিব ধৰিলে।
“অ’ই মোৰ অলপ কাম আছে। মামাৰ তাৰ পৰা আহোগৈ, তহঁত গৈ থাকচোন।”(বৰ্ণা)
“ঠিক আছে। অলপ সোনকালে আহিবি কিন্তু।” দুয়ো গ’লগৈ।
বৰ্ণাই অলপ পৰ ষ্টেন্দতে ৰ’ল। দুখন তিনিখন বাছ পাৰ হৈ গ’ল। নাই কোনো নাহিল।
তাই অলপ ইফালে সিফালে চাব ধৰিছিল। গধুলি হৈ আহিছিল। জাৰো অলপ অলপকৈ পৰিছিল। তাই হাত দুখন সাৱটি ল’লে আৰু এবাৰ ইফালে সিফালে চালে। কাকো নেদেখি ৰাজগড় ৰোডৰ ফালে খোজ ল’লে হোষ্টেললৈ বুলি।
তেনেতে কোনোবা এজনে মাত লগালে পিছফালৰ পৰা, “তুমি বাৰু মোৰ বাবেই অপেক্ষা কৰি আছিলা নেকি?”
হয় সেই ল’ৰাজনেই আছিল।
ওচৰৰ দোকানখনত বাজি আছিল, “ঢোল পেঁপাই গৰজিলে অসমৰ চুকে কোনে, তুমি কাষত নাথাকিলে মনে কিবা কৰে; জানমণি তুমিয়ে মোৰ………..”

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক