সন্ধিয়াৰ বাতৰি ( দিগন্ত কুমাৰ ভট্টাচাৰ্য)

 

সন্ধিয়া সাতবজাৰ বাতৰিৰ বিৰতিৰ সময়ছোৱা- নিউজ ৰীডাৰ সুনন্দই পানী অলপ খাই লৈছে, মণীষাই কঁপালত বিৰিঙি উঠা ঘামখিনি ৰুমাল এখনেৰে মচিছে।
নিউজ এডিটৰ ডেকা দৌৰি আহিল। ‘ব্ৰেকৰ পিছত অঞ্জনৰ ওচৰলৈ..আমাৰ নিউজ বিল্ডিঙৰ অলপ আঁতৰতে হেনো চোৰ এটা ধৰিছে। অঞ্জন ৰৈ আছে। আমাৰ চেনেলৰ এক্সক্লুছিভ হ’ব।’
“কিন্তু ডেকাদা, এইটো লাষ্ট নিউজ হ’ব। ৰবীন্দ্ৰ ভৱনৰ ‘ৰাভা সংগীত প্ৰতিযোগিতা’ৰ লাইভ পাঁচমিনিট দেখুওৱাৰ কথা আছিল নহয়? এনেয়ে আমি টিআৰপি’ৰ পিছত দৌৰোঁ বুলি কয়, এতিয়া আকৌ সেইটো নেদেখাই চোৰক দেখুৱালে….”।
“ৰাভা সংগীত প্ৰতিযোগিতাত প্ৰতিযোগীৰ সংখ্যা দহজন, দৰ্শক আৰু বিচাৰক পাঁচজনকৈ। চোৰক চাবলৈ মানুহৰ সংখ্যা বোলে দুশতকৈও বেছি। গতিকে আমাক দোষ দি কি নো লাভ, ৰাইজে নিজেই দেখোন এইবোৰ চাই ভাল পায়!”
“পিছে তেওঁ কাৰ পক্ষে-বিপক্ষে ক’ব? আৰক্ষীক গালি দিবলৈ কৈছে নে অলপ?”
“ধুৰ, কি ফাল্টু কথা কোৱা..ইয়াৰে অ’চিজন আমাৰ মালিক ছাৰৰ কাজিন ব্ৰাডাৰ।”
“তেন্তে, সমষ্টিৰ বিধায়কক?”
“না: সেইটো আনটো চেনেলে ক’বই। ৰাইজৰ মানৱীয়তাৰ ওপৰতো প্ৰশ্ন তুলিব নোৱাৰে, ‘পাব্লিক ধুলাই’ খাব। গতিকে ইন-জেনেৰেল নিউজটোকে দিবলৈ কৈছোঁ আৰু…”

বিৰতিৰ পিছত এগাল মানুহ সোঁৱে-বাৱে লৈ ৰিপ’ৰ্টাৰ অঞ্জনে মহানগৰীৰ মাজমজিয়াত চোৰ কৰায়ত্তৰ বাতৰি আৰম্ভ কৰিলে। কেমেৰামেন পৰশুই চোৰৰ মুখখনৰ ক্লোজ-আপ শ্ব’ট এটা ল’বলৈ চেষ্টা কৰিছে। ভিৰ ঠেলি অঞ্জন তাৰ কাষত বহিলগৈ। দুজনমানে তেতিয়াও তাক পিছপিনৰ পৰা চৰ-গোৰ দিয়েই আছে।
“এয়া আমি চোৰজনৰ ওচৰত…বাৰু, আপুনি কওঁকচোন ৰাইজৰ চৰ-ভুকু-গোৰ খাই আপোনাৰ অনুভৱ কেনেকুৱা?”
চোৰজনে ইমান সময়ে ঢাকি ৰখা হাতদুখন মুখৰপৰা আঁতৰাই অঞ্জনলৈ চাই এক অশ্লীল গালি পাৰিলে। অঞ্জনেও গালিটোৰ লগে লগে তাতকৈ বেছি প্ৰাবল্যত দুটি দীঘলকৈ কাঁহ মাৰিলে যাতে গালিটো দৰ্শকৰ ওচৰ নাচাপে। লাইভ টেলিকাষ্ট, ষ্টুডিঅ’ত ‘বিপ’ লগোৱাৰো সময় নাই।
“চাল্লা, অনুভৱ সুধিবলৈ আহিছে…আৰে ভাই মই আচল চোৰ নহয় ঔ..”
“মনীষা, এয়া চোৰজনে এক গুৰুত্বপূৰ্ণ কথা কৈছে যে তেওঁ হেনো চোৰ নহয়..মনীষা আপুনি শুনিছে?”- অঞ্জনে কেমেৰাৰ ফালে চাই কৈ গ’ল।
ষ্টুডিঅ’ত নিউজ এডিটৰ ডেকাই সৰুকৈ মাতিলে মনীষাক…”আৰে ‘মানীছা’, তাক উত্তৰ নিদিয়া কিয়? চিঞৰি আছে।..হুহ শুদ্ধ অসমীয়া উচ্চাৰনেৰে মাতিলেও ছোৱালীবোৰে নিজৰ নামটোও বুজি নাপায় আজিকালি”।
মনীষাই খপজপকৈ কেমেৰাৰ ফালে চালে, “হয় অঞ্জন। আমি জানিব বিচাৰিম তেওঁ যে চোৰ নহয় তাৰ বাবে কিবা তথ্য জনাব পাৰিব নেকি আমাক”।
দুবাৰমান ‘হয়, হয়’কৈ মূৰটো নচুৱাই অঞ্জনে চোৰজনক সুধিলে-“বাৰু, আপুনি যে চোৰ নহয় সেয়া বুজাবলৈ কিবা তথ্য-প্ৰমাণ আমাৰ দৰ্শকক জনাবলৈ বিচাৰিব আপুনি?”
সেহাই সেহাই চোৰজনে ক’বলৈ ধৰিলে,”দাদা, মই পানদোকানী পৰমা। আজি গোটেই দিনটো আঢ়ৈটকীয়া ভাতসাঁজৰ কথা ভাবি মাথাটো গৰম হৈ আছিল। সেইসময়তে ইয়াত মানুহকেইজনমানে চোৰ এজনক পিটি থকা দেখিলোঁ। তাকে দেখি ভাবিলো ময়ো বেটাক দুটা চৰ দি যাও। ভিৰ ফালি সোমাইছিলোহে, এনেতে এজনে পিছফালৰ পৰা মোকেই এচৰ দিলে। ঘুৰি চাই দেখো সেই চুৱৰৰ বাচ্চা সাতআঙুলীয়া ৰমা দোকানী। সেই দেখি তাৰ কাষত থকাবোৰেও মোক মাৰিবলৈ ধৰিলে চৰ-ভুকু..উস্ উস্!”
লাইটৰ পোহৰত এইবাৰ চোৰজনৰ মুখখন দেখি উপস্থিত ৰাইজৰ কিছুমানে চিঞৰিলে -“আৰে হয়, এইজন দেখোন পৰমা দোকানী, আচল চোৰজন বেলেগহে আছিল”।
অঞ্জনে আকৌ সুধিলে, “পিছে, আপুনি ৰমা দোকানীৰ চৰৰ বলি হ’ল কিয়? দৰ্শকক কি ক’ব এই বিষয়ে?”
“মই দোকানখন দিয়া দুমাহ হ’ল। তেতিয়াৰে পৰা তাৰ বিজিনেছ বেয়া। চল চাই আছিল হাৰামীয়ে। আজি পালে। আৰু এই মানুহবোৰে একো গমেই পোৱা নাই কাক মাৰিছে। আচল চোৰ কেতিয়াবাই পলাল। সকলোৱে মোকেই পালে। উস্ সাত আঙুলিৰ চৰটো….”
এনেতে ষ্টুডিঅ’ৰপৰা সুনন্দই চিঞৰিলে,”অঞ্জন, অঞ্জন…তেওঁ আগতে চাগে পাঁচ আঙুলিৰ চৰ খাই পাইছিল। তাৰ লগত আজি সাত আঙুলিৰ চৰৰ মাজত তেওঁ কিমান পাৰ্থক্য অনুভৱ কৰিছে?”
প্ৰশ্নটো শুনি পৰমা দোকানীয়ে যিকেইটা গালি পাৰিলে, ৰিপ’ৰ্টাৰ অঞ্জনে মাইক্ৰ’ফোন মিউট কৰিবলৈ বাধ্য হ’ল।

নিউজ এডিটৰ ডেকাই লগে লগে অঞ্জনলৈ ফোন কৰিলে,”সেই ৰমা নামৰ দোকানীজনক বিচৰা অনতিপলমে”।
কিছুদেৰি পিছত স্ক্ৰীনত দেখা গ’ল নিউজ ফ্লাছ “বিচিত্ৰ অসম: সাত আঙুলিৰ হাত – অপেক্ষা কৰক ন বজাৰ বাতৰিলৈ”!

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments