সন্মানৰ কথা – নৱজিৎ মেধি

সন্ধিয়া সময়ত কলিং বেলৰ মাত শুনি বিনীতাই ঘৰৰ দুৱাৰখন খুলি বিস্মিত হৈ পৰিল আৰু এমোকোৰা হাঁহিৰে ক’লে – তুমি ৰশ্মি হয়নে! গুৱাহাটীৰ এই মানৱ জংঘলৰ মাজত আমাৰ ঘৰ কেনেকৈ বিচাৰি পালা? দুয়ো সহপাঠী বান্ধৱীয়ে বিশ বছৰৰ পিছত দেখা দেখি হৈ ইজনীয়ে সিজনীক সাবটি ধৰিলে৷

দুয়ো বান্ধৱী ছয় বছৰ একেখন কলেজত পঢ়াৰ উপৰিও হোষ্টেলত ৰূমমেট হিচাপেও এবছৰ একেলগে আছিল৷ বিয়াৰ পাছতো এবাৰ লগ পাইছিল যদিও তাৰপিছত সুদীৰ্ঘ বিশ বছৰৰ মূৰতহে আজি ৰশ্মিক এনেকৈ ঘৰতে পাই বিনীতাও বৰ আনন্দিত হ’ল৷ ৰশ্মিয়ে নিজৰ খবৰ হিচাপে তাইৰ চাকৰি আৰু গিৰিয়েকৰ চাকৰি – ঘৰ দুৱাৰ আদিৰ কথাবোৰ জনালে৷ ৰশ্মিৰ এজনীয়ে জীয়েক – ক্লাচ টেনত পঢ়ি আছে৷ বিনীতায়ো নিজৰ ঘৰৰ কথা আৰু শিশু-মহিলা বিষয়ক ৰাজ্যিক সমিতিৰ সদস্য হিচাপে কৰি থকা কামৰ বিষয়ে জনালে৷

চাহ পি থকাৰ মাজতে ৰশ্মিয়ে বেগৰ পৰা খবৰ কাকত এখন উলিয়াই বিনীতাক নিৰ্দিষ্ট খবৰ এটা পঢ়িবলৈ কাকতখন আগবঢ়াই দিলে৷ বিনীতাই দুশাৰী পঢ়িয়েই ৰশ্মিক ক’লে – বৰ অমানৱীয় আৰু নিৰ্মম ঘটনা হৈছে এয়া! মাত্ৰ তেৰ-চৈধ্য বছৰীয়া বনকৰা সৰু ছোৱালীজনীক পাশৱিক নিৰ্যাতন কৰিব লাগেনে! তাকো সামাজিকভাৱে প্ৰতিস্থিত ঘৰ এখনত!

ৰশ্মিয়ে বিনীতাক ক’লে – সেই ঘৰখন মোৰেই ঘৰ৷ আঁ‌তৰত চাকৰি কৰি থকা দেওৰজন দুদিন থকাকৈ আমাৰ ঘৰলৈ আহিছিল৷ মই আৰু মোৰ স্বামী ঘৰত নথকা সময়ত দেওৰজনেই এই বেয়া কাৰ্য্য কৰিলে৷ বনকৰা ছোৱালীজনী পুলিচে বৰ্তমান তোমালোকৰ তত্ত্বাৱধানতে ৰাখিছে বুলি জানিব পাৰিছোঁ৷ বিচাৰৰ দায়িত্বও হেনো প্ৰথমে তোমালোকৰ হাততহে৷ মান-সন্মান খিনিৰ ফালে চাই তুমি যি পাৰা সহায় কৰি দিবা বিচাৰ প্ৰক্ৰিয়াৰ সময়ত৷

ৰশ্মিৰ কথাখিনি শুনিয়েই বিনীতাৰ চকুযুৰি এক মুহূৰ্তৰ বাবে দপদপাই জ্বলি উঠিল আৰু শীতল কণ্ঠেৰে ৰশ্মিক ক’লে – তুমি তোমালোকৰ মান-সন্মানৰ কথা কৈছা নে নিৰ্যাতিতা সৰু ছোৱালীজনীৰ মান-সন্মানৰ কথা কৈছা? সৰু ছোৱালীজনীৰ মান-সন্মান আৰু ভৱিষ্যতৰ কথাহে আমি চিন্তা কৰি আছোঁ৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments