সন্মান -দিগন্ত কুমাৰ ভট্টাচাৰ্য

মহন্ত মাষ্টৰে ঘৰৰ গেটখনৰ ওচৰতে চকী এখনত বহি ৰ’দ পুৱাইছে৷ খেলৰ পৃষ্ঠাটোৰ বাহিৰে পেপাৰখনৰ বাকীছোৱা পঢ়ি শেষ৷ ৰাস্তাৰে এজনো চিনাকি মানুহ পাৰ হৈ যোৱা তেওঁৰ চকুত পৰা নাই৷ হঠাতে কোনোবা এজন চাইকেলৰপৰা নামিল গেটৰ কাষতে৷ হয়তো তেওঁক দেখিয়েই নামিছে, তেওঁ ভাবিলে৷

স্কুল এৰিবৰ আজি বিশবছৰৰ বেছি হ’ল৷ চাইকেলৰপৰা নামি ‘ছাৰ, ভালে আছে? ’ বুলি অথবা একো নকৈ লাহেকৈ হাঁহি এটা মাৰি মূৰ তল কৰি পাৰ হৈ যোৱা কমেও দহ-বিশজনক আগতে দৈনিক দেখিছিল তেওঁ৷ মুখবোৰ চিনিব নোৱাৰি ‘তুমি কোন চনৰ মেট্ৰিক? ’ৰে আৰম্ভ কৰি তেওঁ প্ৰতিজনৰে দুই-এটা খবৰ-বাতৰি লৈছিল৷
এতিয়া প্ৰায় সকলোৱে বাইক-গাড়ীৰে ধূলি উৰুৱাই যোৱাকৈ সক্ষম৷ বাইক-গাড়ী ৰখাই নামি মাতষাৰ দিবলৈ অসুবিধা সকলোৰে৷ তেওঁ বুজে৷
কোনোবাই গাড়ীৰ ভিতৰতে মূৰ দোৱাই হাঁহি মাৰি সাউতকৈ আঁতৰি গ’লেও মহন্ত মাষ্টৰে মনিব নোৱাৰে৷

আজি হঠাতে এনেকৈ কোনোবা এজনে তেওঁক দেখি চাইকেলৰপৰা নামি ৰৈ দিয়াত মহন্ত মাষ্টৰ আচৰিত হ’ল৷ মুখখনত এক গভীৰ প্ৰশান্তিয়ে বিয়পিবলৈ লওতেই মাষ্টৰৰ চাইকেলৰ পাছফালে বান্ধি থোৱা খৰাহী দুটালৈ চকু পৰিল৷ মাছৰ খৰাহী৷
‘মাছ? ’ – মাষ্টৰে সুধিলে৷
‘হ..হয়.. মাছ আছিল’
মুহূৰ্ততে এক অশান্তিয়ে আৱৰি ধৰিলে মহন্ত মাষ্টৰক৷
‘এহ্ নালাগে, ৰাখিলে ৰাতিপুৱাই’ – মাষ্টৰে অন্যফালে মূৰটো ঘূৰালে৷
‘মাছ আছিল৷ শেষ হৈ গ’ল আজি সোনকালে৷ ছাৰ, মই ফাইজুৰ…’
‘ফাইজুৰ? ’
‘আমাক ছেভেনত অংক পঢ়াইছিল আপুনি৷ নাইনত উঠোতেই স্কুল বাদ দিলোঁ৷ .. আপোনাক দেখিয়েই মাত এটা লগাই যাওঁ বুলি ৰখিলোঁ, ছাৰ’!

Subscribe
Notify of
2 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Anonymous
2 years ago

খুউব ভাল লাগিল ৷

ছিবু
2 years ago

খুুউব ভাল লাগিল ৷

কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক