সপোন(উদ্দীপ তালুকদাৰ)

সপোন(উদ্দীপ তালুকদাৰ)

ঠিক কত কেনেকৈ আৰম্ভণি হল নাজানোবাতৰিকাকততে দেখিছিলো নেকি? ৱাইনছপৰ পাছফালৰ দুৱাৰখনেৰে সোমাই গলেই পাব বুলি লিখা আছিলকম্পিউটাৰৰ ছফ্‌টৱেৰ এটা সাজিবলৈ মানুহ লাগে বুলি বিজ্ঞাপন দিয়া আছিল, তাকো দেৱভাষাতদেৱভাষাত বিজ্ঞাপনটো দেখিৱেই সাহস কৰিছিলোসিমান ডাঙৰ মক্কেল নহয়, আমাৰ দুজনীয়া কোম্পানাটোৰেই চম্ভালি লব পাৰিম বুলিসেয়ে গলোৱাইন ছপৰ পাছফালৰ দুৱাৰখনেৰে সোমাই যে ইমান ডাঙৰ জেগা এখণ্ড গুৱাহাটীতে আছে দেখাই নাছিলোৰাস্তাঘাত আহলবহল, ৰাজমহলৰ নিচিনা ডাঙৰ ডাঙৰ ঘৰবাটৰ কাষত নলানৰ্দমা নাই, আৰ কেনেকুৱা চাফাকিন্তু মানুহদুনুহ নায়েই যে, যি দুই এজন আছে, তেওঁলোকৰ খোজ ঢলংপলং, সুধিবলৈ সাহস নহএজনকে দেখিছিলো চিধা হৈ খৌজ কঢ়া, কিন্তু তেওঁ আকৌ পিন্ধি আছে ভাওনাৰ ভীমৰ পোছাক, গতিকে দিনতে যে ফুল টং আছে, সেইটো বুজিবলৈ দেৰী নালাগিলতেওঁ যোৱা বাটটো নলৈ একেবাৰে ওলোটাফালে পোনালোসেইফালেও একেই, মানুহ দুনুহ নাইপাৰ্ক এখন দেখা পালোতাৰে ভিতৰলৈ সোমাই গলোখোৱাপানী পোৱা যাব কিজানিঠাণ্ডা নাই কাৰণে মোৰ দগধা জেকেটটোৰে গৰম লাগিছিল, পিয়াহো লাগিছিলঅলপ দূৰতে এটা পানী খোৱা নলীমূখখন দি পানী পিবলৈ লওঁতেই পিছফালে কোৰ্হাল শুনি ঘূৰি চালো

আচৰিত কাণ্ড! ইমান পৰে কাকো নেদেখা ঠাইখিনিত প্ৰায় পঞ্চাছজনী ছোৱালী! আটাইকেইজনীয়েই ষোড়শী, ৰূপৰ বৰ্ণনা দিবলৈ মোৰ ভাষা নাইমোৰ ফালে ট্‌ ট্‌কৈ চাইছেমই হতবাক হৈ কি কৰোঁ নকৰোঁ কৰি থাকোঁতেই গোটেই জাকটোৱেই মোৰ ফালে খেদি অহাৰ দৰে আহিলতৰানৰা চিঙি মাৰিলো দৌৰ! ছোৱালীজাকেও পাছ ললেকি কাণ্ড! কিবা প্ৰবলেমত ফচাই দিবৰ মতলব নেকি?

আৰু দৌৰিলো.. দৌৰোঁতে দৌঁৰোঁতে চহৰ পাৰ হৈ এখন ধুনীয়া বনানী পালোহিখেদি অহাৰ কোৰ্হাল এতিয়াও পাছে পাছে আহি আছেবনানীখনৰ মাজেৰেই এটা মূৰে দৌৰ দিলো, কিন্তু হায় বিধি! বনানীখন হঠাতে শেষ, তাৰ সিফালে মস্ত দখাৱৈ এটাতলৰখিনি দেখাই নাপায়তলিখনত কৰবাত জুই লাগিছে কিজানি, কাৰণ ধোৱাঁৰে ছানি ধৰিছেকেচেমাকেছেম গোন্ধ এটাও আহিছেমঙহ পোৰাৰ গোন্ধকোনোবা ট্ৰাইবেল গাঁৱত গাহৰি পুৰি ভোজৰ যোগাৰ চলিছে কিজানি

ইফালে ছোৱালীজাক আহি পালেইকি কৰোঁনকৰোঁকৈ তাতেই হেণ্ডছআপ হৈ ৰৈ দিলোঅলপ পাছতে আটাইকেইজনী আহি পালেদৌৰোঁতে কানিকাপোৰৰ অৱস্থা নোহোৱা হৈ পৰিছে, তালৈ কাৰো ভ্ৰূক্ষেপেই নাইচকু মাত্ৰ মোৰ ওপৰতহেকেইজনীমানে জপিয়াই মোৰ গাৰ ওপৰত পৰিলকোনোমতে সেই তিনিজনীক এৰাই একেজাঁপে থিয় দি কলো, মোৰ নাম হৰেকৃষ্ণ শৰ্মা, মই এই ঠিকনাটো বিচাৰিহে আহিছোঁকথাখিনি শুনিয়েই কি জানো হল সিহঁতৰ? যিমান কাষচাপি আহিছিল, সিমান জোৰে জাঁপ মাৰি মোৰ পৰা আঁতৰ হল আৰু মোৰ ফালে বহল বহল চকু মেলি চাবলৈ লাগিলগাত জঁপিয়াই পৰা কেইজনীয়ে খঙতে গৈ গছতে মূৰ আচাৰিবলৈ লাগিলএজনীয়েটো সহ্য কৰিব নোৱাৰি খাৱৈটিতে জঁপিয়াই দিলেতেওঁলোকে কি কৰে চাই থকাৰ সময় নাইআকৌ এবাৰ ঠিকনাটো চিঞৰি কলো| কেইজনীমানে একো নোকোৱাকৈ বনানীৰ মাজেৰে লুঙলুঙীয়া ৰাস্তা এটা দেখুৱাই দিলেসেইফালেৰে এখুজিদুখুজিকৈ আগবাঢ়িব ধৰিলোঠিকটো নাই এইকেইজনীয়ে কি কৰে? পিছে, নাই, আগৰ সেই উৎসাহ সিহঁতৰ নাইসিহঁত লাজত নে ভঙত নে খঙত তলমূৰি কৰি ঘূৰি গৈ আছেঅলপ কথাপতাৰ মন আছিল যদিও হঠাৎ খেয়াল হল সেয়া সপোনহেটি্ভি মানুহে কিবা এটা চেণ্ট ঘঁহিলে ছোৱালীবিলাকে এনেকৈ দৌৰে বুলি দেখাইছিল, হয়তো তেনেকুৱা কিব সপোন এটাকে মই দেখি আছিলোসেয়ে সিহঁতৰ কথা বাদ দি লুঙুলঙীয়া ৰাস্তাটোৰে আগবাঢ়ি গলো, আৰু অলপ দূৰ আহিয়েই দেখো বিৰাট ঘৰপুৰণি দিনৰ ভাষাত অট্টালিকাগেটত কেটোৰকলা মানুহ দুটাই পহৰা দি আছে, মূৰত আকৌ দুটাকৈ শিঙবাটৰুৱাক চাইকলজিকেল ভয় খুৱাবলৈ ভাল উপায় উলিয়াইছে মেনেজাৰেযি নহওঁক, আগবাঢ়ি গৈ ঠিকনাটো দেখুওৱাত ভিতৰলৈ সোমাবলৈ দিলেবগাপাতল সিটোফাল দেখাপোৱা শাৰী আৰু হাতকটা ব্লাউজ পিন্ধা ছোৱালী নে তিৰোতা এজনী ৰিচেপছনৰ বহি আছিলমই গৈ এডভাৰটাইজ অহা বুলি কলত মোক বহিবলৈ দিলেআৰু ফোনটৌ তুলি দেৱভাষাতে কিব কথা পাতিলে আৰু মোক সোমাই যাবলৈ দেখাই দিলেঅলপ কথা চহোৱাৰ ইচ্ছা আছিল যদিও তাই পাট্টাই নিদিলে নহয়দিবনো কিয়, সিটো ফালে বহি থকা গাইমুৱা লৰাটোৰ লগত তাই যে মাজে মাজে চকুৰ লেংগুৱেজেৰে কথা পাতি আছিল সেইটো অমুকাই নুবুজাকৈ থকা নাছিলতো! দেখুৱাই দিয়ামতে আগবাঢ়ি গলোকিন্তু কি অদ্ভূত জেগাভিতৰত এটা সিটমূৰ দেখা নোপোৱা কৰিডৰ, আৰু কৰিডৰৰ দুয়োফালে বগা বগা মাৰ্বলত ফুলকটা দুৱাৰইমান ডাঙৰ কোম্পানীটো ৱাইনছপৰ পাছফালে কেনেকৈ সোমাই আছিল সেইটোকে বুজা নাছিলো মইকিন্তু অসুবিধাটো হল মই যাওঁ কেনি? দহখোজ মান আগবাঢ়ি আহি প্ৰথম যিখন দুৱাৰ পালো, টোকৰ মাৰিলোনহয়, টোকৰ মাৰিবলে নাপাওঁতেই দুৱাৰখন খুলি গমই সোমাই গলো, খপজপাই মানুহ এজন উঠি নিজৰ কাপোৰখিনি ঠীক কৰি ললে, কোনোবা এজন নে এজনী চকীৰ আঁৰত লুকালে যেনো লাগিলমানুহজনৰ পোছাক আকৌ ভাওনাৰ ৰজাৰকি অদ্ভূত কোম্পানী! ইয়াৰ বছ নিশ্চয় ষ্টী্ভ জব্‌ছ তেৱেই হেনো হাফপেণ্ট পিন্ধি আৰি সন্যাসীৰ পোছাক পিন্ধিও অফিভলৈ গৈছিলসেয়ে ইহঁতেও কিজানি তেনে ব্যৱস্থা কৰিছেযি নহওঁক, কামটোহে লাগে মই মানুহটোকে কলো, ছফ্টৱেৰ কোম্পানীৰ মানুহ কথা পাতিবলৈ আহিছোঁ তেওঁ মোক তেত্ৰিছ কোটি এক নম্বৰ ঘৰটোলৈ যাবলৈ কলেওলাই আহি দুখন মান দুৱাৰ চাওঁতেই পাই তেত্ৰিছ কোটি এক নম্বৰ ঘৰটো পাই গলোদুৱাৰত টোকৰ মাৰিলো, ভিতৰৰপৰা কোনোবাই ভেকাহি মাৰিলে, ‘কোন আহিলে মৰিবলৈ?’ উত্তৰ নিদিওঁ নিদিওঁ বুলিয়েই নামটো কৈ পেলালোকাৰ মূৰ খাবলৈ আহিছ?’ আকৌ প্ৰশ্ন আহিলমূৰ খাবলৈ নহয়, ছফ্টৱেৰ…’ শব্দটোৰ যাদু কিন্তু সাংঘাতিক হখটংকৈ দুৱাৰখন খুলি গ, কিবা এটাই আহি মোৰ ডিঙিৰ চাৰিওফালে ভোঁভোঁৱাই ঘূৰিবলৈ লাগিল আৰু বাৰে বাৰে পাছ ফালে খুন্দিয়াই খুন্দিয়াই আগফালে ঠেলি ঠেলি লৈ যাবলৈ ধৰিলে

গৈ গৈ পালো মানুহএজনমুখখনত ইমান ফেয়াৰ লাভ লাভলি নে কি ঘঁহিছে নাজানো, কিন্তু ৰূমটোৰ গোটেই পোহৃ তেওঁৰ মুখতে পৰিছে, পিৰিকি থকা চকু কিটাৰ বাহিৰে একো মনিব নোৱাৰিমানুহজনে গুৰুগম্ভীৰ মাতেৰে কলে, বহাধাম্‌কৈ বহি পৰিলোএতিয়া কামৰ কথা পাতো

পাতক

আপুনি আমাক এটা ছফ্টৱেৰ সাজি দিব লাগেকিন্তু সংস্কৃত ভাষাতমানে সংস্কৃত ভাষাৰ মানুহে ব্যৱহাৰ কৰিব পৰাকৈআজিকালিটো কোনেও নপঢ়েই গতিকে সেইটো আপুনি পাৰিবনে নেই আগতে জনাওঁক

মই কলো, ‘পাৰিমইউনিকোড ছাপৰ্ট কৰা কিবা প্ৰগ্ৰামিং লেগ্ৱেজত কৰিলেই হৈ গকিন্তু আপোনালোকৰ কামটো কেনেকুৱা হব সেইটো মই অলপ জানিব লাগিবতেহে কামত ধৰিব পাৰিমবেছি গ্ৰাফিকছৰ কাম থাকিলে কিন্তু পইছা বেছি দিব লাগিব

কামটো হব পুণ্যৰ হিচাপ ৰখা এটা অটোমেটিক ছফ্টৱেৰতই এইফালে আহ, চব বুজি পাবিলকমই কলো

মানুহজনে মোক পাছফালৰ দুৱাৰখনেৰে বেলেগ এটা ৰূমলৈ লৈ গমস্ত লম্বা ৰুমতাতে চকীত বহি আছে এগাল সেই ভাওনাৰ বিভীষণ, ৰামৰ নিচিনা মানুহচবৰে কাণত আকৌ একোডাল হেডফোনমানুহজনে কলে, এই যে দেখিছ, ইয়াত চবেই হৈডফোনত মানুহে গোৱা শ্লোক, অখণ্ড পালনাম, যজ্ঞ ইত্যাদি শুনি আছে

কিন্তু কৰি কোনে আছে এইবিলাক যজ্ঞ, পূজা, পালনাম

কিয়? মনিছেনৰমনিছে এই বিলাক পাতি থাকিলে আমাৰো কাম বাঢ়ি যায় নহয়, কোনে কিমান দিনীয়া পাতিছে, কোনে কিমান ডাঙৰকৈ চন্দ্তাপ দিছে, কিমান খৰছ কৰিছে, কিমান ডাঙৰকৈ মানুহক শুনোৱাইছে, এইবিলাক চব আম ইয়াত খবৰ ৰাখি থাকিব লাগেনহলে পূণ্যৰ হীচাপত গোলামাল হৈ যাবস্বৰ্গলৈ যাবলগীয়ানজ নৰকত যাবএনেও পূজাযজ্ঞইষ্টাৰ, ইফটাৰ, ইদমেহফিল আদি ইমান ডাৰকৈ পতা আৰম্ভ কৰিছে যে আমিএও মাজে মাজে গম নাপাওঁ

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments