সপোনপুৰীত বুলবুলী

[প্ৰয়াত চৈয়দ ফাতেহুল মান্নানদেৱে  অনুবাদ কৰা Lewis Caroll Alice in Wonderlandসপোনপুৰীত বুলবুলী নামেৰে  নতুন অসমীয়া কাকতত খণ্ড খণ্ডকৈ (৩১ মে’, ৭ জুন, ১৪ জুন, ২১ জুন,১৯৫৬) প্ৰকাশ পাইছিল। দ্বিতীয় খণ্ডটো আমাৰ ওচৰত নাই।]

(প্ৰথম খণ্ড)

সপোনপুৰী ক’ত জানানে? কেতিয়াবা তালৈ গৈছানে? যদি গৈছা নিশ্চয় সপোনতে নহয়? সেইখন বৰ আচৰিত আৰু মনোমুগ্ধকৰ ঠাই নহয়নে? বাৰু, ইয়াক কেনে অৱস্থাত লগ পাব পাৰি? যেতিয়া সোঁৱৰণি বা অনুভূতি বা আকাঙ্ক্ষা বা মানসিক দুৰ্বলতাই মনক পৰাজয় কৰিব পাৰিব তেতিয়াই মানুহে সপোন দেখে টোপনিত। সপোন ৰহস্য পাচে পৰেও উদঘাটন কৰিবা। এতিয়া সিদিনা অলপতে পুতলীৰ সখীয়েক বুলবুলীয়ে দেখি অহা কাহিনীটোকে শুনা।

সপোনত বুলবুলীয়ে এটা নিগনি দেখিলে। তাৰ কাণ দুখন জোঙা, চকু দুটা ক’লা; মণিটোৰ বাহিৰে বাকী অংশ বগা। হাত কিখন সৰু, আঙুলিবিলাক দীঘল। মুঠতে সি এটা সাধাৰণ নিগনি। কিন্তু তাৰ গাৰ বৰণ_ৰঙা গোলাপ পাহিৰ দৰে উজ্জ্বল আৰু মৰম লগা। তাক ধৰিবলৈ মনটোৱে কৰবাৰ পৰা উদগনি পায়। সি চাট্‌কৈ বুলবুলীৰ আগেদি পাৰহৈ যায়। এখন সেউজীয়া ঘাঁহনিৰ বুকু ফালি, সি যায় আগবাঢ়ি। মেঘৰ বুকু ফালি বিজুলী ৰেখা যেনেকৈ কেনিবাদি লুকায়; সিয়ো লিকাব খোজে। চকুদুটাই তাৰ একেথৰে চাই গৈছিল হাতত ওলোমাই নিয়া ঘড়ীটো। সেইটো হেনো তাৰ ‘অভ্যাস’ আৰু সি কৈ গৈছিল, “মোৰ দেৰি হৈছে। বহুত দেৰি হৈছে। ছেঃ ঘৰত মাত এষাৰো লগাই আহিব নোৱাৰিলোঁ। কিমান বা দেৰি হয় ঘূৰি আহোঁতে!’’

ৰঙা নিগনিটো এটা জানৰ ওচৰ পালেগৈ। জানটো বহল। তাত কিছুমান শিল ডুব নোযোৱাকৈ ওলাই আছে। সিহঁতে এডাল সাঁকোৰ কাম কৰে। অৱশ্যে সিহঁত ইটোৰ পৰা সিটো অলপ আঁতৰ হৈ আছে। ৰঙা নিগনিটোৱে ইটোৰ পাচত সিটোত ‘টুং টাং টিং’কৈ জঁপিয়াই পাৰ হৈ যায়। জানটোৰ পাৰতে আছে এজোপা আম গছ। তাৰে ধোন্দত সি সোমাই যায় ।

তেতিয়াহে বুলবুলীৰ ভুল ভাগে। তাই ভাবিছিল জানৰ পাৰতে তাক ধৰিব পাৰিব। কিন্তু ‘সি ক’লৈ গ’ল? আচৰিত! মইতো আগে-পাচে এনেকুৱা নিগনি দেখা নাই। সি দেখোন এটা সৰু কোট পিন্ধিছে, এটা ধুনীয়া ঘড়ী লৈ গৈছে আৰু অকলে অকলে কথাও পাতি গৈছে! মই বুজিছোঁ! সি যে ইমান খৰ-খেদা কৰিছে, নিশ্চয় কৰবাৰ চাহ মেলত যোগ দিবলৈ গৈছে। ময়ো গৈছোঁ ৰ!” বুলবুলীয়ে তাৰ পাচ লয়।

কিন্তু আচৰিত হ’বলগীয়া কথা, সেই আটাইবিলাক ওলোটা।

কোনোমতে তাই সমান ঠাই ডোখৰ পায়গৈ। অলপ সময় জিৰায়ো লয় তাতে। বহি থাকোতে নিগনিটো এখন দুৱাৰেদি ‘ফুৰুক’ কৈ পাৰ হৈ যায়। বুলবুলী সেইফালে সৰকি যাব নোৱাৰে। বৰ সৰু দুৱাৰ।

বেচেৰী বুলবুলীজনী! অকলশৰে সপোনপুৰীত সোমালগৈ। বস্তুবিলাকো কিবা কিবিখন দেখিছে। (জানানে সপোনৰ বস্তুবিলাক কেনেকুৱা।) বহাৰ পৰাই দূৰলৈ ডিঙি মেলি দেখিলে, “আগলৈ আৰু বহুত ঠাই আছে। গছ গছনিও আছে’’। দৌৰা দৌৰি কৰি ভাগৰো লাগিছে বেচেৰীৰ। পালে কিবা খাবলৈ বৰ মন গ’ল। বিশেষকৈ বগৰীৰ কথা মনত পৰিল।

বুলবুলী এতিয়া লাহে লাহে খোজকাঢ়ি গৈছে। সেউজীয়া, ধুনীয়া, নাম-ধাম নজনা জোপোহা চুটি-চাপৰ গছবোৰৰ গাত তাই হাত বুলাই গৈ থাকে। “ইমান পৰিপাটিকৈ এইখন বাগান কোনে ৰাখিছে? ধুনীয়া ফুলবোৰ ক’ৰ পালে? এইবোৰ নিগনিটোৰে নিশ্চয়!’’ ইত্যাদি বহুত কথাই তাইৰ মনলৈ আহে আৰু যায়। প্লামগছ এজোপাৰ ওচৰেদি যাব লগা হোৱাত তাইৰ ভৰি দুখন অচল হৈ যায়। প্লামবিলাক ৰঙা পকা। তাৰে এটা ছিঙি লৈ তাই খাওঁনে-নাখাওঁ কৰে। সেইবোৰ কৰি থাকোতে তাই দেখিলে সখীয়েক দুজনীমানে থপিয়া থপি লগাইছে। তাইৰটো কেনেবাকৈ থাপত যায় বুলি লাহেকৈ মুখত ভৰাই দিয়ে। চাই থাকোতে বুলবুলী ওখ হৈ যায়, ভাবিব নোৱাৰাকৈ ওখ হয়। চুটি-চাপৰ গছবিলাক তাই বহুত ওপৰৰ পৰা সমান দেখিলে। সখী-চখী কিন্তু একো নেদেখিলে; কেৱল দেখাৰ ভিতৰত পৰিল এটা সৰু পুখুৰী। পানীবোৰ বিশুদ্ধ বুলি যিমান খংকৈ নকওক ভুল নহয়। তাই ওখজনী হৈ আগবাঢ়ি যায় ‘পানী খাওঁ পানী খাওঁ’ কৰি। পুখুৰীটো সৰু যদিও আকৰ্ষণীয়। পাৰত থকা কুমলীয়া ঘাঁহনিৰ দলিছাখন আৰু পানীত থকা পদুমৰ কলচীবোৰেই তাৰ প্ৰমাণ। লেতুহেতু ঘাঁহপাতবিলাক আৰু পদুমৰ পাহিবোৰ বৰ উজ্জ্বল হৈ আছে। বুলবুলীয়ে নেদেখাকৈ তাত এজাক চিৰচিৰীয়া বৰষুণ দি যোৱা যেন লাগে। সেই কাৰণে মাছবিলাকে নাচি-বাগি আপোন পাহৰা হৈছে। তাৰে পানী এটোপা খাই বুলবুলী বহে, ভাবে “মাছবোৰে আৰু ওপৰৰ পৰা তললৈ যোৱাৰ বাহিৰে একো নাচকে নাজানে।’’ কিন্তু তাইৰ এই ধাৰণা সমূলি ঠিক হোৱা নাই।

সিহঁতে পথালিকৈ আৰু পানীৰ ওপৰে ওপৰে চিলচিলি কোবাই নাচিবও জানে। মাগুৰ মাছে কঁকাল ভাঙি অনবৰত নাচিয়ে ফুৰে। কাৱৈ মাছে খোল, গড়ৈ মাছে ঢোল বজালে দেখো মন কৰে আকুঁল-বাকুল। চেঙেলী মাছে মণিপুৰী নাচ নাজানে বুলি কোনো ভাল নাচনীয়ে ডাঠি কব নোৱাৰে। খেল-ধেমালিতো সিহতক চেৰ পেলাব নোৱাৰি। কেলে, ব’হাগত হুঁচৰি গাবলৈ পুঠি খলিহাই নতুন কাপোৰ-কানি পিন্ধি চটচটাই পাৰলৈ উঠি নাহে?

(তৃতীয় খণ্ড)

এইবাৰ বুলবুলী ল’ৰি যায় । গৈ থাকোঁতে দেখিলে এখন দুজনীয়া চাহ মেল। যিমান দূৰ সম্ভৱ সিহঁত দুয়ো পগলা ন’হলেনো চকীত নবহি মেজৰ ওপৰত বহেনে? তাৰে এটাই চাহ বাকিছে। চাহ লোৱাটোৱে হাত এখন আৰু ভৰি এখন ওপৰলৈ দাঙি আছে।সিহঁত পথালিয়ে বাঢ়িছে,দীঘে বাঢ়িবলৈ পাহৰি আছে যেন লাগে। সিহঁতৰ কাৰবাৰ দেখি বুলবুলীক হাঁহি আৰু ভয়ে একেলগে জুলুম কৰি মাৰিছিল। “হাতত পাই বাটত নেহেৰুৱাবা” বোলা কথাষাৰ তাইৰ মনত পৰিল। সেই কাৰণেহে হবলা, মৰো-জীওঁ সোঁ আধিকৈ কিবা কিবি অলপ নাকে- মুখে গুজি বাট বুলিলে। সিহঁতে কিন্তু একো গম ধৰিব নোৱাৰিলে- কোন আহিল, কেনি গ’ল।

ক্ৰমান্বয়ে বুলবুলী নতুন কাণ্ড-কাৰখানাৰ মাজত সোমাই পৰে। পগলা চাহ মেলৰ পৰা কেইখোজমান আগবাঢ়িয়ে দেখিলে দুজোপা গছ। তাৰে দুটা ডাল সজাই থোৱাৰ দৰে আছে। সিহঁতক লগ লাগো লাগো হোৱা অৱস্থাতে দেখা যায়। দুয়ো জোপাৰে ৰখীয়া হ’ল দুটা ভয়াবহ জন্তু। এটা গাত আঁক থকা, ঠাইতে ওলাব ঠাইতে লুকাব পৰা মেকুৰী। সিটোক বুলবুলীয়ে চিনি নাপালে। তাৰ নাম “অচিনাকি জন্তু”। সঁচাকৈয়ে তাক চিনিব নোৱাৰি। অচিনাকি, কল্পনাতীত শকত। “আপোনালোকৰ ঘৰৰ ওচৰত থকা বৰ পেটুৱা মানুহ জনৰ সমান হব তাৰ পেট।” পাতি হাঁহৰ নিচিনা তাৰ মুখখন বৰ বহল। আৰু তাৰ চকু দুটা ৰাজহাঁহৰ কণীৰ সমান! বুলবুলীৰ ভয়েই লাগে। সিয়ো, ইলেকট্ৰিক বাল্বৰ দৰে তাৰ মূ্ৰৰ ওপৰত থৰঙা হৈ আছে। চকু দুটাৰ ওপৰতে আকৌ একোচা সোণবৰণীয়া বগলী পাখি।যেতিয়া তাৰ চকুৱেদি জুই আঙ্গনি আৰু নাকেদি ভমক ভমক ধোঁৱা বাহিৰ কৰিব, কোনো সাহসীয়ে সাহসেৰে কব নোৱাৰিব “মই তাক দেখিলে ভয় নকৰোঁ” বুলি। অচিনাকিয়ে বুলবুলীক সহানুভূতি দেখুৱাইছিল; কিন্তু বেচেৰাই বেজাৰেৰে জনালে, “ৰঙা নিগনিৰ মই নেজডালো দেখা নাই।” কথাষাৰ কৈয়ে সি গছজোপাৰ ডাল এটাত নেগুৰডালেৰে পাক মাৰি ধৰি জাপ মাৰি উঠি গ’ল। তাৰ পাচত মেকুৰীটো তামোল গছৰ পৰা চুচৰি অহাদি আহি ক’লে, “ভনিটী! তুমি এই ফালে এবাৰ চেষ্টা কৰি চাব পাৰা।” জোঙা ধকধকীয়া বগা দাঁতকেইটা উলিয়াই সিয়ো গছত উঠে। বুলবুলীয়ে সিহঁতৰ শৃঙ্খলা দেখি খু‌উব ভাল পালে। কিন্তু নিজৰ কথা ভাবি লাজ পাইছিল। “বহুত ধন্যবাদ। মই এতিয়া যাওঁহে।” “ভাল বাৰু ভনিটী যোৱাগৈ। আমি বাৰু ৰঙাক লগ পালে তোমাৰ কথা ক’ম”- গছৰ ওপৰৰ পৰাই সিহঁতে বিদায় দিয়ে।

সেই ফালৰ সেইটোৱে আটাইতকৈ চমু বাট। বাগিচা এখন ওলাবগৈ পাৰি সেইফালে। সেইখন বাগিচা চিৰ নতুন আৰু সজীৱ! কুলি-কেতেকীৰ সুমধুৰ গান তাত সদায় শুনিবলৈ পোৱা যায়। সেইটো বাটেদি গৈ বুলবুলীয়ে পালেগৈ বাগিচাখন। বাগিচাত মালীবিলাক বৰ ব্যস্ত। তেজী গোলাপবিলাক আৰু তেজাল কৰি তোলাত।” এই সোনকালে কৰা”- সিহঁতে কয়, “ৰাণী আহিবৰে হ’ল! “সিহঁতেহে জানে ক’ৰ ৰাণী কি কথা। বুলবুলীয়ে একো উৱাদিহ উলিয়াব নোৱাৰিলে। “ঠিক শিৱদ’লৰ কলচীটোৰ সমান ঘূৰণীয়া আৰু জোঙা”- বুলবুলীয়ে পাচ দিনা পুতলীক কৈছিল, “এজোপা জোপোহা গোলাপ…” চাৰিটা মালীয়ে জখলাত উঠি ৰং দি আছিল। জখলাবোৰ ভেজা দিছিল গোলাপৰ ডালতে। সিহঁতৰ গাৰ ওজন এজনী ফেঁচু চৰাইৰ সমান হ’ব। দেখিবলৈকো প্ৰায় তেনে ধৰণৰ।

সিহঁতৰ ৰেহ-ৰূপ চাই থাকোতে শুনিলে বুলবুলীয়ে এটা পেপাঁৰ সুৰ। বুলবুলীৰ অনুমান ভুল হ’ব নালাগে- যুদ্ধৰ ৰণ শিঙ্গাৰ মাত যেন লাগিল! লগতে টিটিয়া মাত এষাৰো কৰবাৰ পৰা বাগৰি আহি তাইৰ কাণত পৰিল- “শাৰী পাতা ৰাণী আহিছে!”

তাৰ পাচত এটা ৰংচঙীয়া পোছাক-পৰিচ্ছদৰ শোভাযাত্ৰা চকুত পৰিল। টাচ পাতেৰে গঢ়া মানুহবোৰৰ আগত ৰাণীৰ গা-ৰখীয়া,  তাৰ  মূৰত বলে নোৱাৰা এটা ওখ টুপি; হাতত এডাল গাৰ ভৰ দি যোৱা লাঠি। টুপিৰ ভৰত মুখখন তাৰ এফলীয়া হৈ যোৱা। কাণ দুখন কোনোবাই অলপ আগতে মেলি দিয়া যেন লাগে। অৱশ্যে তাৰ চেহেৰা, কাপোৰ-কানি ভাল।

মানুহটিকহে ৰাণী চাহেবাৰ তুলনাত সৰু পুতলা এটাৰ দৰে লাগে। তাৰ আগত ৰাণী-

ৰাণীক কিনো চাবা! গোটেইজনী একেবাৰে ৰাণী! চালে চাই থাকিবৰ মন যায়! মুখখন বৰ ভেকোলাৰ পেটৰ নিচিনা- ঢোপ্ ঢুপীয়া। নাকটোও কিবা- আপচু দেখিবলৈ। চকু দুটাও! দুয়োটা মণিয়ে অনবৰত নাকটোকে ধিয়াই থাকে।

মূৰত এটা খুউব ধুনীয়া কিৰিতি- কোনেও দেখাই নাই। কাউৰী পাখি আৰু শগুনৰ পাখিৰে সজা কিৰিতি।

হাঁহিবানে, কান্দিবা? ইফালে কাণফুলি, নাক-ফুলি, গামখাৰু, ‘শিৰপেচ’, দুগদুগি এটাও বাদ পৰা নাই। ভৰিতো এজোৰ নূপুৰ-অৱশ্যে পলাশবাৰীৰ ৰিহা মেখেলাৰ কোপত ভৰি লুকাই আছিল।

কেৱল মুগা মেখেলাৰ খচমচনিৰ তালে তালে জুনুক্ জানাক্ কৰা শুনা গৈছিল।

ৰাণীৰ আগত আমাৰ ৰঙা নিগনি! যাক বিচাৰি বুলবুলীয়ে সপোনপুৰীৰ তলৰ মাটি ওপৰ কৰি খলক লগাই ফুৰিছে তেওঁ; তেৱোঁ গোটেইটি নতুন!

হাতে ৰণ-ভেৰী

মূৰে পাগ মাৰি

গায়ে কাপোৰ পিন্ধি

আগে এটি জপৰা ভালুক লৈ

ক’লৈনো আছে গৈ

কোনেও নোৱাৰে দিব কৈ

আৰু, কাণ থিয় চকু থিৰ

আমাৰ ৰঙা পোনা আনন্দত

অধীৰ।

 

আকৌ,

ইফালে এপাক, সিফালে এপাক

চাৰিওফালে এপাক ঘূৰি

টুক্ টুক্ টুক্ কৈ লৰ মাৰি গৈ

ৰাণীকো এবাৰ চায়

জাঁপ মাৰি মাৰি আগবাঢ়ি যায়।

(চতুৰ্থ আৰু অন্তিম খণ্ড)

বুলবুলীয়ে শাৰী পাতি থকা মানুহ এটাৰ গাৰ কিনাৰেদি জুমি চায়। ৰঙা নিগনিক দেখিলে হয়; কিন্তু মাত লগোৱা নাছিল।

কাৰণ সি এটা গান গাইছিলে-

…..যাওঁ আমি বহু দূৰলৈ

জাপ মাৰি ফুল ছিঙোগই

নাথাকিবা সিপাৰতে ৰই

আহা আমি যাওঁ দূৰলৈ

….ফুল ছিঙোগই….

গানৰ শেষত বুলবুলীয়ে চিয়ঁৰ মাৰিয়ে ক’লে, “ভালেহে এঁও ইমান ব্যস্ত! হুঁ, এই কাৰণেই দেৰি হৈছে দেৰি হৈছে – লগাইছিলা!” তাইৰেই দুৰ্ভাগ্য- মাতষাৰ ৰাণীৰ কাণত পৰিল। “কোন?” ৰাণীজনী ঘেৰঘৰাই উঠিল, “যোৱা যদি ব’লা আমাৰ লগতে!” মাত-কথাবোৰ বুলবুলীৰ ভাল নালাগিল। মানুহে এনেয়েনো কয়নে, ‘মাতৰ মিঠা লাগেনে, বোলে ভাতৰ মিঠা লাগে’- সঁচা কথা।

“মোৰ নাম বুলবুলী”। মই ঘৰলৈহে যাওঁ; ইয়াত অকণো ৰ’ব নোৱাৰিম। তাৰ কাৰণে বেয়া-চেয়া নাপাব। লগ  লোৱাৰ বাবে অশেষ ধন্যবাদ।” ভদ্ৰতাৰ খাতিৰতহে তাই কওঁ নকওঁকৈ ক’লে।

“বুজিছোঁ”, আকৌ সেই ঘেৰঘেৰণি, “ঘৰলৈ যোৱা কাৰণে তুমি আমাৰ লগত যাব নোৱাৰা নহয়?

তোমাৰ ঘৰটো ইমান ডাঙৰনে?…আমি আক’ কলৈ যাওঁ- কোৱা এওঁক! পাকৰাও জলদি।” ৰাণীৰ মুখত হঠাতে ৰাষ্ট্ৰভাষা ওলোৱাটো একো আচৰিত কথা নহয়। কিন্তু দুখৰ বিষয়! বুলবুলী উচপ খাই উঠিল।

তাইৰ বৰ ভাগৰ লাগিছে। সপোনপুৰীত আপোন পাহৰি আৰু কিমান ঘূৰিব? ইয়াত জধে-মধে ঘূৰি ফুৰা মানে কিছু পৰিমাণে বুৰ্ব্বকামিহে কৰা! “আহ বাৰু মোক কোনে ধৰ চাওঁ। মই.. মই ভয় কৰিছোঁনে কি? মই…ভয় কৰা নাই! (কপঁনিটোৱে তাৰ প্ৰমাণ। অৱশ্যে বুলবুলীয়ে ভয় নকৰিবও পাৰে।)

কিন্তু বুলবুলী টেঙৰী। “মোক ধৰিবলৈ ৰঙা নিগনিয়েই বাৰু প্ৰথমতে আহক!

আহাচোন বাৰু…ধৰি নি চিধা মেকুৰীটোৰ আগতহে দিমগৈ লগ পাই অহা মেকুৰীটোৱেই হব লাগে]।

হুঁ, মোক ধৰে এই বান্দৰজাকে! তাই ভয় সাহ সান-মিহলি কৰি, কাহানিও নমৰা কাঠ-হাঁহি এটা মাৰি, গাৰ বলেৰে ‘কাঁ-উ-ট্’ কৈ চিয়ঁৰ এটা মাৰি, ফ্ৰকটো দুয়ো হাতেৰে দাঙি ধৰি, মাটিত দিলে বহি-

‘থেপেক’। ৰাণী দুখোজমান পিছুৱাই যায় আৰু ৰঙা নিগনিটোৱে- সি জাঁপতে গৈ গা-ৰখীয়াৰ টুপিটোৰ ওপৰৰ অলপ দ ঠাই টুকুৰাতে ফোঁপাই-জোপাই জোপা মাৰিলেগৈ। ৰঙাৰ মতে, ‘মোৰ আৰু তেওঁৰ (ভগৱান) বাহিৰে এই কথা কোনেও গম নাপালে। ৰক্ষা- হাৰিলোঁ…’ কিন্তু কাৰ দুৰ্ভাগ্য  আৰু কাৰ সৌভাগ্য  বুলবুলীয়ে তাক দেখিলে। ইফালে লাগিল হুলস্থূল – ‘ৰঙা কলৈ গ’ল’ ….ঢেপেচী ৰাণীজনী নিৰুপায়ত পৰিল; ঢেপেক ঢাপাক কৈ খোজ লোৱাটোকে ‘ভাল’ বুলি ভাবিলে। সকলোৱে বুলবুলীৰ ফালে পিঠি দিলে। সেই  ছেগতে তাই- “ধৰ ইহঁতক” বুলি গ’ল খেদা মাৰি,

“ ইহঁত তাচপাতৰ বাহিৰে একো নহয়।” তাৰ পাচত তাই শাৰী শাৰী পাতি থকা  তাচপাতৰ মানুহবো্ৰৰ ওপৰেদি দুপদুপাই দৌৰি যায়। কোনোবা ছেগত গা-ৰখীয়াৰ টুপিৰ ওপৰৰ পৰা ৰঙাক থাপ মাৰি ধৰি তাই দিলে খিলখিলাই হাঁহি [সপোনপুৰীত এয়ে প্ৰথমে হাঁহিৰ খিলখিলনি শুনা গৈছে]। খলা-বমাৰে ভৰা সপোনপুৰীত নিৰাপদে দৌৰা-দৌৰি কৰি ফুৰা সহজ নহয়। হিচাপ কৰাহে হোৱা নাই, আজিলৈকে তাত কিমানে যে উজুটি খাই খাই পৰিছে-কোনোৱে হয়তো একে উজুটিতে গৈ প্ৰশান্ত মহাসাগৰত পৰিছেগৈ, কোনোৱে আক’ গধূলি বৰপুখুৰীৰ পাৰত ফুৰিবলৈ যাওঁতে কেনেবাকৈ পুখুৰীত পৰিলত পাৰত উঠি দেখে ঢেৰমানে কলেজৰ ল’ৰা-ছোৱালীৰ মাজত সোমাই পৰিছে, কেতিয়াবা কোনোবাই ৰংমনে বগাই ফুৰোতে ভাগ্যৰ ফেৰত উফৰি আহি দেখে তেওঁ নিজ ঘৰৰ কোঠাৰ ভিতৰতে নেকেহকৈ পৰিল! এনেকৈ প্ৰত্যেক নিশাই কতই যে পৰিছে তাৰ লেখ-জোখ নাই। কেতিয়াবা বাঘ-ভালুকেও খেদা খেদি কৰে। চোৰ খেদিও যাব লগা হয়; আৰু বহুত কিবা- কিবি… তেতিয়া খেদা মাৰি গৈ পৰি, উঠি লৰ মাৰি আকৌ পৰি হায়ৰাণ হোৱা প্ৰায়ে হৈ থকা ঘটনা।বুলবুলীয়ে হাতত নিগনিটো  লৈ এইদৰে দৌৰ মাৰোতে পৰেগৈ এডৰা কোমল শিলনিত। টোপনিত লাল কাল হ’ল।

ৰাতিপুৱাল। বুলবুলী সোনকালে উঠা ছোৱালী- তায়ো দেখোন এই পৰলৈকে উঠা নাই! ভনীয়েকে জগাবলৈ আহি শুনিলে-

“তুমি এতিয়া ক’ত হাৰিবা?” আৰু দেখে, দুয়োখন হাতেৰে মুঠি মাৰি চকু মোহাৰি তাই কয়-

“সপোনপুৰীৰ পৰা ঘূৰি আহি ভাল জ্ঞানীয়ে কৰা কামকে কৰিলোঁ। মোৰ দেশত বস্তুবোৰ যেনে আছে তেনে দেখি-তাতহে কিবা ওলোটা-ওভোটা। সপোনপুৰীতকৈ….”- ভনীয়েকে বায়েকৰ কাৰবাৰ দেখি হাঁহি ৰখাব নোৱাৰি হাঁহি মাৰি কলে

“সোনকালে উঠা ভাল। মা মা বাইদেৱে “যেনে তেনে-ওলোটা ওভতা গাইছে, চোৱাহিচোন আহাঁ…”।

সিহঁতৰ কথা শুনি, বেলিটোৰ খিয়াল দেখি বুলবুলীৰ খং উঠে। পোহৰবোৰ বালিটোৱে খৰকৈ সিঁচি দিয়ে। বুলবুলীয়েহে জানিছে তাই কিমান মজাৰ ঠাইৰ পৰা আহিছে।

 

তাই যে কিখন আচৰিত কাণ্ড-কাৰখানা দেখিলে! শৈশৱৰ এই মধুৰ স্মৃতিবোৰে তাইক আজিয়েই নহয় গোটেই ভবিষ্যতৰ জীৱনতে ৰৈ ৰৈ বিস্ময়ত হতবাক কৰি তুলিব আৰু অনিৰ্বচনীয় সুখানুভূতি দান কৰিব। সপোনপুৰীত লগ পোৱা সৰু-সৰু প্ৰাণীবোৰৰ সৰু সৰু সুখ-দুখ, হাঁহি-ধেমালিৰ খদমদমবোৰে বুলবুলীৰ লগতে সকলোৰে বাবে যাউতিযুগীয়া আনন্দৰ খনি হৈ থাকিব।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক