সপোনবোৰ আজি আকৌ দেখো আঁহা

চন্দ্ৰমা কলিতা
মনত পৰেনে,
ডাক্টৰ ডাক্টৰ খেলোতে এদিন
তোমাৰ হাতত সুমুৱাই দিছিলোঁ পানীভৰা বেজীৰ চিৰিঞ্জ।

মোৰ ফুটফুটীয়া গোলাপী ফ্রকৰ পাতলিত
এটোপাল কেচাঁ তেজৰ চেঁকা
আৰু তোমাৰ মুখত মিচিকিয়া হাঁহিৰ ৰেখা।

সেইদিনা তোমালোকৰ বাৰীৰ তামোল দুজোপাত
মাৰ শাৰীৰে আমি সজা ঝুলনাত
মোৰ দুহাতত বহুপৰ দুলি আছিল,
কাগজৰ বেন্দেজ মৰা এখনি হাত।

পখিলা এটিৰ পাখিটো জীৱনৰ পোহৰ দেখা সেই সময়বোৰত
আমি সাজিব খুজিছিলোঁ,
মৰতত এখনি সৰগ।

সপোনবোৰ পৃথকে দেখিবলৈ লোৱাটোৱে কিজানি আমাৰ ভুল আছিল,
জোনাকী পৰুৱা এটিয়ে চুই যোৱাৰ উলাহখিনিও
তোমাৰ সৈতে ভগাবলৈ চঞ্চল হোৱা সন্ধিয়াবোৰ যাৰ সুযোগত এদিন
ক’ব নোৱাৰাকৈ বিষণ্ণতা বিলাসী হৈ পৰিল।

জানানে,
বৰষা শীতল পুৱা একোটিত এতিয়াও দেখোঁ,
তাহানিতে দেখা সেইটো সপোন।
সিক্ত শেৱালি এপাহ শিতানত ৰাখি,
হাঁহি হাঁহি তুমি কৈছাহি,
পাগলী বাহিৰ ওলাই চাহিছোন
গোটেইখন গোন্ধত আমোলমোল…।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments