সপোনবোৰ এনেকৈয়ে… –ৰূপম ৰিদিপ

টু টু টু টুট.. টু টু টু টুট…
এই এলাৰ্মবোৰৰ চাউণ্ড ইমান বেয়া কিয়! মিঠা মাতেৰে মাত দিয়া এলাৰ্ম এটা পোৱাহেঁতেন! সদায় যে এই বেসুৰা মাতটো শুনিয়ে টোপনিৰ পৰা উঠিব লাগে!
ৰাতিপুৱাৰ ৮ বজাত লগোৱা এলাৰ্মটোক এজাউৰী গালি দি হাতত ব্ৰাছডাল লৈ চকু আধা মেলা আধা মুদাকৈ আদিত্য উঠি আহিল। এলাৰ্ম নলগালেও যে নহয়! ৰাতি টোপনি নাহেহে নাহে আৰু ৰাতিপুৱা যেন হাতুৰীৰে কোবালেও টোপনি নাভাঙে। এই বদভ্যাসটো হোষ্টেলত থকাৰ দিনৰে পৰাই লাগিল। এতিয়া ফেভিকুইক আঠাৰ দৰে লাগি ধৰিছেহি। এৰুওৱাটো যেন অসম্ভৱ!
এঘণ্টাত ৰেডি হৈ আলু পিটিকা ভাত দুটামান বনাই খাই ওলাই অহাটোও তাৰ এক প্ৰকাৰৰ অভ্যাসত পৰিণত হৈছে। ৰূমটোত তলাটো লগাই তাৰ য়ামাহা এফ. জেদ বাইকখন ষ্টাৰ্ট দিলেহি। প্ৰাইভেট কোম্পেনীৰ জব, সময়ত গৈ নাপাই গালিকেইটা শুনিলেহে হ’ব! টাৰ্গেট সম্পূৰ্ণ নোহোৱাৰ দৈনন্দিন গালিবোৰটো আছেই! মাহেকৰ দৰমহাকেইটাৰে নিজেই খাই বৈ চলোতে, ঘৰলৈ দিবলৈ বা সাঁচিবলৈ এটকাও নাথাকেগৈ!
এনেকৈয়ে চলিছে যোৱা দুটা বছৰৰ পৰা। নিত্য নৈমিত্তিক জীৱনৰ একঘেয়ামিৰ পৰা নিজকে আজুৰি ৱিকেণ্ডত বন্ধুৰ লগত ঘূৰা-ফুৰা, পাৰ্টি কৰা এনেবোৰ কামৰ পৰাহে তাৰ নিজকে মানুহ যেন লগা হৈ থাকে। নহ’লে যে মাজে মাজে নিজকে তাৰ গাধ যেনো নলগা নহয়! কোনো কথাৰ প্ৰতিৰোধ কৰিব পৰাকৈ অধিকাৰ নথকা এটি জীৱ।
বচৰ দুটামান গালি, কলিগৰ লগত অকণ হাঁহি-ধেমালি আৰু ভাৰ সহিব নোৱাৰা যেন এবোজা কাম কৰি ৰূম পাওঁতে প্ৰায় ৮ টা বাজিল। বৰ ভাগৰুৱা অনুভৱ কৰিলে সি। ভৰি-হাত ধুই বিচনাখনতে শুই হোৱাটচ্ছএপটো খুলি ল’লে। ওপৰৰ পৰা তললৈ স্ক্রল কৰি গৈ এটা নামত ৰৈ দিলেহি। এই নামটোৱে যে সদায়েই তাক ওচৰলৈ টানে। নামটোৰ প্ৰতি সঁচাকৈ সি বহুত দুৰ্বল। আৰু তাইৰ প্ৰতি? নিবিচাৰিলেও যে তাইৰ মুখখন চকুৰ আগত ভাঁহি উঠে। বাৰে বাৰে, সি নজনাকৈয়ে! ডিপিখন জুম কৰি চালে। তাই হাঁহি আছে। এটা হাঁহি ওঁঠেৰে নিগৰি আহি তাৰ মুখ উজ্বলাই তুলিলে। মেছেজ খুলি চালে। লাষ্ট মেছেজ ২০ দিনমান আগতে সিয়েই কৰিছিল। “ভালে আছা নে?” সি সুধিছিল। যাৰ উত্তৰ নাপালে। হ’লেও ভাল লাগে। ভাল লগা মানেই যে তাই! তাইক দেখিলেই তাৰ নিজৰ যোগ্যতাৰ ওপৰত প্ৰশ্ন উত্থাপিত হয়। সি জানো যোগ্য তাইক নিজৰ কৰি পাবলৈ! ভাবি বুকুখন অকণ বিষাই উঠিল। এই বিষ ভাললগা নে বেয়ালগা সেয়া তাৰ বাবে বিচাৰ্য নহয়। এই বিষে কেতিয়াবা তাৰ দুচকু সেমেকায়, এই বিষেইচোন হৃদয়ো পোহৰায়! সি আকৌ এবাৰ তাইৰ ফটোখনলৈ চালে, তাইৰ চকুলৈ…
“চাওঁ বুলিলেই চাব নোৱাৰোঁ তোমাক,
কিজানিবা মোৰ কম্পিত হৃদয়ৰ ঝংকাৰে,
উমান পোৱাই দিয়ে,
মোৰ মাজত তোমাৰেই যে অৱস্থিতি!”
ধেৎ! এইবোৰ কৰি থাকোঁতে ইমানবোৰ সময় পাৰ হৈ গ’ল। নিজকে নিজে একপ্ৰকাৰৰ ঠেলি হেঁচুকি পাকঘৰ পোৱালেগৈ। খাই-বৈ শোওঁতে এক বাজিল। এয়া সাধাৰণ। ইমানখিনি দেৰি তাৰ সদায়েই হয়। কাণত ইয়েৰফোনডাল লগাই টোপনিত ঢলি পৰিল। কাণত ৰিপিট ম’ডত বাজি থাকিল,
“আউসীৰ জোন মোৰ সমুখতে, সেমেকা চকুলো দুগালতে…”
দেওবাৰ। বন্ধু দুজনমানৰ লগত সন্ধিয়া সি ব্ৰহ্মপুত্ৰৰ পাৰলৈ ওলাই আহিছে। পশ্চিমৰ সৌ ৰঙা বেলিটিৰ ৰঙে চুই যায় তাৰ হৃদয়ৰ ৰঙাখিনিক।
“পৃথিৱীৰ ভিতৰত দ্বিতীয়তে ধুনীয়া যদি আছে তেন্তে এয়া আমাৰ ব্ৰহ্মপুত্ৰ, সেই ৰঙা বেলিটি আৰু এই বতাহজাক।”, নদীৰ বুকুলৈ চাই সি ক’লে।
“আৰু প্ৰথম কোন?”
বন্ধুৰ এই প্ৰশ্নত সি মাথোঁ হাঁহিলে। দুচকু মুদি দীঘলকৈ উশাহ ল’লে। সেই একেখন মুখ আকৌ ভাঁহি উঠিল।
“শৰীৰ কঁপাই নিয়া তুমি নামৰ বতাহজাক…
ভাবোঁ যেন উশাহ লৈ ভৰাই ল’ম বুকুত;
স্তব্ধ কৰি ল’ম নিশাহ, তোমাতেই!
কিন্তু, তেতিয়াই মনলৈ আহে,
বতাহক জানো বান্ধি ৰাখিব পাৰি!”
এনেকৈ বাৰু কিমান দিন চলিব! নাই। সি মনতে ঠিৰাং কৰিলে। এবাৰ সি ক’ব তাইক। উত্তৰ “না” বুলি জানিলেও এবাৰ মাথোঁ জনাব তাৰ মনৰ কথা। গাই শুনাব বুকুত অনবৰতে বাজি থকা তাই নামৰ সুৰটো।
ফেচবুকটো খুলি ল’লে। টাইমলাইন এনেই চাই গ’ল। হঠাৎ দেখিলে তাইৰ নামটো। বুকুখন মোচৰ খাই উঠিল। কাৰণ তাই এয়া ল’ৰা এজনৰ লগত ৰিলেচনশ্বিপ ষ্টেটাছ দিছে। লাহে লাহে মোবাইলৰ স্ক্ৰীণখন অস্পষ্ট হৈ আহিল, চকুলোৰে দুচকু ভৰিছে। লগৰ দুজনে গম নোপোৱাকৈ চকুপানীখিনি মচিলে। ল’ৰাজনৰ প্ৰফাইলটো খুলি চালে। মডেল যেন চেহেৰাৰ দেখনিয়াৰ ল’ৰা। ইনফ’ চাই গম পালে ভাল জব কৰে। হাঁহি উঠিল তাৰ। এয়া যেন নিজকে নিজে কৰা বিদ্ৰুপৰ হাঁহি। তাত আৰু সি বেছি পৰা ৰৈ নাথাকি ৰূমলৈ উভতিল, লগত হুইস্কি এবটল।
দুগাল তিয়াই সাঁফৰ খুলি সি হুইস্কি খাবলৈ আৰম্ভ কৰিলে। নহ’লে যে আজি সি শুব নোৱাৰিব! স্বপ্নভংগৰ দুখে উশাহ ল’বলৈও কষ্ট দিছে। কেইপেগমান খোৱাৰ পিছত ডায়েৰিখন খুলি লৈ তাত কিবা লিখিলে। কিছুক্ষণ পিছত ডায়েৰিখনতে মূৰটো থৈ শুই পৰিল। দুটোপাল চকুলো বৈ আহি আখৰকেইটা তিয়াই পেলালে। তাত লিখা আছিল,
“যিদিনা দেখিছিলোঁ সিদিনা জিলিকি আছিলা,
সাইলাখ যেন পূৰ্ণিমাৰ জোন,
কিন্তু কলংকবিহীন!
তোমাৰ পোহৰে মোক পোহৰাইছিল,
হাঁহিছিলোঁ তোমালৈ চাই,
তোমাৰ আভাই মোকো উজ্বলাইছিল।
কথাবোৰ এতিয়াও একেই, তুমি যে জোন, মোৰ পৰা এতিয়াও সিমানেই দূৰত।”
চাগে’ সিদিনাই জুবিনেও গাইছিল,
“সুখী হৈয়ে ৰোৱা মই অবিহনে,
এয়া মোৰে শুভকামনা;
লাহে লাহে আঁতৰাই আনিলোঁ নো,
মই মোক তোমাৰ পৰা…”


Subscribe
Notify of
2 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
মাইনী
1 year ago

ধামাকা

ৰূপম ৰিদিপ
1 year ago

ধন্যবাদ আপোনালৈ। #মাইনি

কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক