সপোনৰ অগল্প -(ৰক্তিম গোস্বামী)

সপোনৰ অগল্প
-(ৰক্তিম গোস্বামী)

সুৰুযটো লাহে লাহে নামি আহি মোৰ শোৱনি কোঠাৰ মাজ ভাগ পালেহি। আকৌ পুৰণা খংটো উঠি আহিল। ভালকৈ ৬ ঘন্টা মানো শুব নোৱাৰিলো। ডাইলনৰ গীতবোৰে কেতিয়া ঘড়ীৰ সৰু কাঁটাডাল টানি নি ৪ ত লগাইছিল মই গম পোৱা নাছিলো। এনেদৰে পুৱতি নিশা ঘড়ীটো চাই আচৰিত হৈ নিজকে দুটামান গালি দি শুবলৈ দৌৰা দৌৰি কৰাটো এটা নৈমত্তিক ঘটনা।

ৰাতিৰ সপোনৰ কথাবোৰ মগজুত একেবাৰে সজীব হৈ আছে-

“মই যি মন যায় তাকে কৰিম। সকলো কাম যদি মই আপোনালোকৰ কথামতেই কৰিব লাগে তেনেহলে ভগৱানে দিয়া এই মগজুটোৰ ব্যবহাৰ কি? মগজু এটা কিয় দিয়া হয় সকলোকে??”

কোনোবা অগ্রজ এজনক সপোনতে এইদৰে গালি দিছিলো। নিজকে ১৫-১৬ বছৰীয়া এটা ল’ৰাৰ ৰূপত দেখিছিলো যোৱা নিশাৰ সপোনটোত। অনুভব কৰিলো শৈশবৰ কিবা খং এটা এতিয়াও অবচেতন মনত বাঁহ লৈ আছে। সাধাৰণতে সকলোৰে লগতে এনে হয়। শৈশব আৰু যৌবনৰ সন্ধিক্ষণত এটা নীলা চৰাই হৈ উদ্বাউল হৈ উৰি গোটেই আকাশখন নিজৰ হাতৰ মুঠিত আবদ্ধ কৰিব বিচৰা মনটোক বাৰে বাৰে আহি কিছুমান মানুহে কিছুমান অপৈণত কথাৰে মোহাৰি মাৰি পেলাব বিচাৰে। খুব খং উঠে।

কিউব (cube) কেইটামানে মগজুটোক বহু যুঁজ দিছিল তিনিকোণীয়া কৰিবলৈ বহু বছৰ আগতে। এতিয়াও বিষাই মূৰটো মাজে মাজে। “প্রাৰ্থনাৰ পাৰচৰাই”টো আকাশত সদায় বিচাৰো। যোৱা ২০ বছৰ ধৰি বিচাৰি আছো। ৭ সাগৰ ১৩ নদী পাৰ কৰি অচিন মুলুকৰ পৰা বহু ওপৰেদি নীলা আকাশ চুমি আহিব। সময় লাগিব অলপ। পানী শুকালে মাছেও চটফটাব।

সকলোৱে আনন্দ কৰিব লাগে। ‘নৈৰাজ্য’ৰ নিয়ম নথকা নিয়মটোৰ সদ্ ব্যবহাৰ কৰিব লাগে। বালি চাপৰিত কিৰিলি পাৰি খেলি থকা সৰু সৰু লৰা-ছোৱালীঁহঁতৰ বাদে মোৰ কথা কোনেও বুজি নাপায়। সময়ে বা আছে কাৰ। সকলো ভাল। ভাল সকলোৰে মাজত আছে। দৃষ্টি সঠিক হ’ব লাগিব। কথাতে কয় নহয় ‘আপোন ভালেই জগৎ ভাল।’ কিন্তু সকলোকেটো বিশ্বাস কৰিব নোৱাৰি। ‘ট্রতস্কি’ৰ কি হৈছিলে কেনেকৈ পাহৰো। বগা কাগজখিলাৰ নীলা আখৰ কেইটাৰ লগত ৰঙা তেজ খিনি ধুনীয়াকৈ মিলি গৈছিল।

মাজে মাজে ভাব হয় জীৱনটো স্পেইনৰ ‘বুল ৰেচ’ৰ দৰে। ৰখিলেই তপিনা ষাঁড় গৰুৰ শিঙে খুঁচি বিন্ধি একাকাৰ কৰিব। কিন্তু কিহবাৰ ভয়ত কেৱল প্রাণৰ তাগিদাত অলৈ তলৈ লক্ষ্যহীন ভাবে দৌৰি যেনিবা প্রাণ বাচিলেই, তাৰ পাছত? আন এটা ষাঁড় গৰুৰ ভয়ত কি আকৌ পলাম?? আকৈ কি দৌৰিয়েই থাকিম গোটেই জীৱন কিহবাৰ ভয়ত ক’ৰবালৈ??

নিজৰ মগজুকলৈ গৌৰব কৰি সপোনত অগ্রজজনক গালি দিয়া কাৰণে এতিয়া দিঠকত লাজ পাইছো।

কেঁচা আলিটোৰ মাজতে পৰি থকা ঘৰচিৰিকাৰ পোৱালিটোক গম নোপোৱাকৈ গচকিছিলো। তাৰ তেজে লগা কোমল পাখি এতিয়াও মোৰ বাঁও চেণ্ডেল পাটত লাগি আছে। ঘৰচিৰিকাৰ পোৱালিটো ক’ৰ পৰা আহি সেইখিনি পাইছিল, ঘৰচিৰিকাৰ পোৱালিটো বাচিবলৈ চেষ্টা কৰিছিল নেকি বা গচকোতে কিমান কষ্ট পাইছিলে সেইটো ভাবি লাভ নাই। ভুল সকলোৰে হয়। জীৱনৰ গতিৰ পৰিবৰ্তন নহয়। কয় নহয় “মানুহ মাত্রেই ভুল”। কেতিয়াবা সুবিধা হয়।

“চাৰ্কোল অফ লাইফ” নামৰ আলোকচিত্রখিনি দেখুৱাই আন্তৰ্জাতিক খ্যাতিপ্রাপ্ত আলোকচিত্র শিল্পী নলিনী বৰুৱাদেৱে কৈছিলে “য’তেই দৃষ্টি তাতেই সৃষ্টি”। মগজুত আঠা লগাদি লাগি ৰৈছিল কথাষাৰ। কুৰুচাৱা, কিছলস্কিহঁতে কৰা সৃষ্টিৰ মন্ত্র যেন পাই গ’লো। জীৱনটোক নতুন দৃষ্টিৰে চালে এটা নতুন জীৱনৰ সৃষ্টি কৰি এটা নতুন জীৱন যাপন কৰিব পাৰিনে ? কথাষাৰ তেখেতক সুধিম বুলি সাহ গোটাব নোৱাৰি নুসুধিলো। বহু বছৰ পাৰ হ’ল।

…পিছে এতিয়া? ডাইলনক দোষ দি বা বেলিটোক খং দেখুৱাই লাভ নাই। গণ্ডগোল নিজৰে। সপোনটোৱে আঁত ধৰা চিন্তাবোৰৰ মাজত দিনটো ক’ত, কেতিয়া, কেনেকৈ পাৰ কৰিলো গমকে নাপালো। চিন্তাৰ পাখি লগা সময়ৰ গতি ইমান দূৰন্ত!!!

.. ..৩ বাজিল আকৌ, নিশা।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক