সপোনৰ ৰং (অনুবাদ:আদিত্য ৰঞ্জন দত্ত)

মাত্র ৩২ টকা l তাৰেই ১১ টকা আকৌ শাক-পাচলীৰ বেপাৰীটো আৰু মাংস বিক্রি কৰা কছাইটোৰ পৰা জোৰ কৰি দাম কমাওঁতে থাকি যোৱা l মৰমীয়ে আকৌ এবাৰ হিচাপ কৰি চালে ভঙনীয়াবোৰ l ৩২ টকাই l কি কৰিব তাই ভাবি পোৱা নাই l কাইলৈ যে বিহু, ব’হাগৰ প্রথমটো দিনl অসমীয়াৰ বুকুৰ আপোন ব’হাগ l কিন্তু মৰমীহতৰ দৰে মানুহবোৰৰ বাবে জীৱনটো কিছুমান হুমুনীয়াহ আৰু উচুপনিৰ বাহিৰে যেন একোৱেই নহয় l নিজৰ বুলিবলৈ আচলতে সিহঁতৰ আছেনো কি!কিনকিনিয়া বৰষুণতো চৰিয়া পাতিব লগা হোৱা ঘৰ বুলিবলৈ জুপুৰি এটা l দুমাহ আগতেই অৰাবিপে লাইন কাটি দিয়াৰ পাছতো ওলমি থকা মিটাৰটোৱে যেন মৰমীকে চাই ভেঙুচালী কৰিহে আছে আৰু ক’লা মিটাৰটোত বগা ৰঙেৰে প্রথম দিনা লগাওতে যে লিখিছিল শ্রী অপুর্ব শইকীয়া, আখৰখিনি যেন লাহে লাহে ধূলিত পোত খাই গ’লl ঠিক সিহঁতৰ সপোনবোৰৰ দৰেই l চকুহাল সেমেকী আহিল মৰমীৰ৷ আৰু ভাবিবলৈ অকনো ইচ্ছা নগ’ল তাইৰl বেচেৰা অপুটোলৈ তাইৰ আজি বৰকৈ মনত পৰিছেl কাইলৈ বিহু অথচ সি কাম এৰি আহিবকে পৰা নাইl দুবেলা দুমুঠি খোৱাৰ আশাত সিহঁতবোৰে যেন সপোনবোৰ বিক্রি কৰি ফুৰিছে অনবৰতেl মৰমীয়ে চকুপানীখিনি মচি বেৰত ওলমি থকা আর্চিখনত নিজকে অলপ চাই মুৰটো ফনিয়াই ল’লেl কাষৰ খিৰিকিখনেৱে জুমি চাওঁতে দেখিলে সিহঁতৰ মৰমৰ বগী গাইজনি আহিলেই ঘৰলৈ ঘূৰিl পিয়াহ লাগিছে ছাগৈ গৰমত তাইৰ!
বগীক পানী অলপ খুৱাই তাই আকৌ শোৱণি কোঠা পালেহিl আজি গৰুবিহুৰ দিনাও বগীক নতুন গামোছা এখনেৰে গা টুকী দিব নোৱাৰাৰ দুখটোৱে খুন্দা মাৰি ধৰিলে তাইকl যোৱাবছৰৰখনেই আজিও ব্যৱহৃত হ’লl কিন্তু অপুক কি দিব কাইলৈ তাই!তাইৰ মৰমৰ অপু!বহুত সপোন দেখিছিল দুয়োটাইl সপোনৰ দিকচৌ বনত অপু গদাপানী আৰু তাই যেন জয়মতী! অপুর্বই খুউব ধুনীয়া ঢোল বজাইl তাৰ ঢোলৰ চেওত যে তাহানি কেইজনী ছোৱালীৰ কঁকাল নাভাগিছিল l ৰজাবাৰীৰ দৰে অখ্যাত গাঁও এখনত অপু আছিল ঢোলৰ যাদুকৰ আৰু তাই নিজে!অপুৰ চকুৰ মণি আছিল তাই l তাই নাচিলে পাহৰি গৈছিল অপুৱে ঢোলত চাব মাৰিবলৈl প্রেমৰ যেন আৰম্ভণি হৈছিল এনেকৈয়ে আৰু শেষত ঘৰৰ সকলোৰে আশীর্বাদ লৈ সংসাৰ সাগৰত নাওঁ মেলিছিল দুয়ো।

ঢোল বজোৱাতো অপুর্বৰ নিচা আছিল।পিছে কি হ’ব!যোৱাবছৰৰ বিহুৰ পাছতেই ঢোলটো ধোৱাচাংত যি উঠালে উঠোৱাতেই থাকিল আৰু।মৰমীৰ কেচখেচনিতএ সি পৰহি গৈ চোৰাবলৈ দি থৈ আহিচেগৈ।সিহঁতৰ গাঁৱৰ বিহুত অপুর্বৰ ঢোল নাবাজিব, এনে দিন জানো মৰমীয়ে চাই থাকিব পাৰে!মৰমীৰ এনেই মনটো ভাল লাগি গ’ল।আলমাৰিটো খুলি তাই বিয়াৰ সময়ত ঘৰৰ পৰা দিবা পাটৰ কাপোৰসাজ গাত মেৰিয়াই ল’লে। যেন পখিলি হৈ পৰিল তাই! উলাহতে উৰি উৰি নাচি ফুৰিল।হঠাতে দর্জাখনত কোনোবাই ঢকিয়াই দিয়াতহে তাই সম্বিত ঘুৰাই পালে।অনু খুড়ী আহিছে।হঠতে যেন তাইৰ কিবা এটা মনত পৰিল।”অনু খুড়ী, এইসাজ কাপোৰ যদি মই বিক্রি কৰি দিও কিমানমান দাম পাম বাৰু!””ইমান ধুনিয়া কাপোৰজোৰ কেলেইনো বিক্রি কৰ!তাতকৈ মোকেই দি দে,যি পইচা লাগে লই যাবিহি।”মৰমীয়ে ভালেই পালে।কাপোৰজোৰ আবেলিলৈ দি আহিমগৈ বুলি অনু খুড়ীক বিদাই দিলে তেতিয়ালৈ।মনটোলৈ যেন এতিয়াহে শান্তি ঘুৰি আহিল তাইৰ।শেষবাৰৰ বাবে কাপোৰযোৰ এবাৰ পিন্ধি চালে তাই।আবেলিলৈ বজাৰলৈও যাব লাগিব।অপুর্বৰ ঢোলটোত মেৰিয়াবলৈ মুগাৰ গামোছা এখন কিনিব এইবাৰ তাই।অনুখুড়ীয়ে তাইক ৫০০ টকা দিব বুলি কৈ থৈ গৈছে।পাবনে বাৰু মুগাৰ গামোছাখন ৫০০ টকাত!তাই আবেলিলৈ ন’ৰ’লেই, অলপ পাছতেই আনু খুড়ীৰ ঘৰ পালেগৈ।অনু খুড়ীয়েও চাহ অকন খাই যাবলৈ কৈছিল তাইক।পিছে তাইৰ হাতত জানো চাহ খাবলৈ সময় আছিল তেতিয়া! একেটা উশাহতে যেন বজাৰ পাবগৈ তাইৰ হাতত এতিয়া মুঠতে ৫৩২ টকা।গামোছাৰ বঙলুৱা বেপাৰীটোৰ লগত এঘন্টামান লাগি লাগি ৫৩০ টকাত কোনোমতে আনিলেগৈ তাই গামোছাখন।লৰালৰিকৈ তাই ঘৰ পালেহি।গামোছাখন বিচনাৰ গাৰুটোৰ তলত লাহেকৈ লুকুৱাই থ’লে।ৰাতি শোৱাৰ সময়ত তাক দিব।আচৰিত হৈ যাব সি।তাৰ মৰম লগা মুখখনলৈ মনত পৰি এনেই কিবা এটা ভাল লাগি গ’ল মৰমীৰ।কাপোৰযোৰ সলাই তাই অপুর্বলৈ বুলি চিৰা কেইটামান ধুবলৈ ধৰিলে।সি আক এৱা গাখীৰৰ লগতহে চিৰা খাই ভাল পাই।দৈ বেয়া পাই সি।
ঠিক সাতটামান বজাতে অপুর্ব পালেহি।আই পায়েই তাৰ মুখত মিচিক মাচাক এক দুষ্টালীৰ হাঁহি।সি তাইক গবা মাৰি ধৰি টুপুক্কে চুমা এটা খালে।যেন এৰিয়েই নিদিব তাই আজি সি।আৰু লাহেকৈ সুধিলে “সোণজনী কি লাগিব তোমাক বিহুত!””তুমি যি দিবা তাতেই মোৰ সন্তুষ্টি!”তাই লাহেকৈ ক’লে।অপুর্বইও কিছু সময় চিন্তা কৰাৰ নিচিনা কৰি মোনাটোৰ পৰা সৰু টোপোলা এটা উলিয়াই আনিলে।টোপোলাটো খুলি সি তাৱ পৰা লাহেকৈ মাখন বৰণীয়া ব্লাউজ এটা উলিয়াই আনিলে।
“তোমাৰ পাটৰ ব্লাউজটোযে যোৱাবছৰ নিগনিয়ে কুটি শেষ কৰি দিছিলে, এইবাৰ সেইকাৰণে এইটো মই লৈ আহিছো, তোমাৰ পাটৰ কাপোৰযোৰৰ লগত ধুনীয়াকে মিলিব।”মৰমীৰ মুৰত যেন আকাশী সৰগখনহে ভাগি পৰিল!তাই আৰু কান্দোন ধৰি ৰাখিব নোৱাৰিলে।বহুদেৰি উচুপি থাকিল তাই।অপুৰ্বই বহুদেৰী সোধাৰ পাছতহে তাই গোটেই কথাবোৰ ক’লে।কেনেকৈ অনুখুড়ীক তাই মৰমৰ পাটৰ সাজযোৰ বিক্রি কৰি মুগাৰ গামোছাখন আনিলেগে, তাৰ মৰমৰ ঢোলটোৰ বাবে!অপুৰ যেন কথাবোৰ সুনি মুৰটো কিবা ঘুৰাই যোৱাৰ নিচিনা লাগিল।সিযে তাৰ মৰমৰ ঢোলটো বিক্রি কৰিহে মৰমীলৈ পাটকাপোৰৰ এই ব্লাউজটো কিনি আনিছে!কেনেকৈ ক’ব সি তাইক!তাই যে কান্দি কান্দি ভাগৰি পৰিব।বিধাতাৰ কিছুমান অস্বাভাবিক সিদ্ধান্তত ধ্বংস হৈ যায় নেকি সিহঁতৰ সপোন!
সি লাহেকৈ তাইক ক’লে,”সোণজনি,এইবাৰ আমি ইটোৱে সিটোক বিহুৱান নিদিও দিয়া।এখন বিহুৱানেটো আমাৰ প্রেমক বাধা দি ৰাখিব নোৱাৰে।আমাৰ অলপ অৱস্থাটো ভাল হৈ লওক দিয়া।
মই তোমালৈ ব্লাউজটো কিনিবলৈ ঢোলটো বিক্রি কৰি দিলো আৰু তুমি ঢোলটোৰ বাবে গামোচাখন কিনিবলৈ কাপোৰযোৰ বিক্রি কৰি দিলা।যেন আমি ইটো সিটোৰ পৰিপূৰকহে!” 

সচাঁকৈ বৰ আচৰিত এই জীৱন!বিহুৱান বুলি দুয়ো দুয়োকে যেন দুপাহি’ প্রেমৰ ফুলহে উপহাৰ দিলে।ব’হাগ যে প্রেমৰ প্রতীক আকৌ এবাৰ যেন প্রমাণিত হৈ গ’ল।দুয়ো নিজৰ প্রিয় বস্তু দুটা ত্যাগ কৰিও জীয়াই থাকিল এজাক সপোনৰ মাজত, প্রেমিকৰ দৰে৷

(স্বনামধন্য চুটিগল্প লেখক “অ হেনৰী”ৰ বিখ্যাত গল্প “মাগি”ৰ অসমীয়া ভাবানুবাদ)

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments