সপোনৰ_বিষয়ে_কিছু_কথা – হিতেশ্বৰ শৰ্মা

সপোন সদায়ে মানুহৰ বাবে এক ৰহস্য৷ এই ৰহস্যৰ যেন কোনো দিনাই অন্ত নপৰিব৷ মগজুৰ জ্যটিল প্ৰক্ৰিয়া সমূহ যিমানেই মানুহৰ হাতত ধৰা দিছে সিমানেই যেন বিজ্ঞানী সকল এক দুৰ্বোধ্য চক্ৰবেহুৰ মাজলৈ সোমাই গৈ আছে৷ আমি কিয় সপোন দেখো? সপোন বোৰৰ উদ্দেশ্য কি? এই সপোনবোৰৰ বাস্তৱ জগতৰ লগত কিবা সংযোগ আছে নেকি.. ইত্যাদি হেজাৰটা প্ৰশ্নই মনোবিজ্ঞানী সকলক অতীতৰ পৰাই ব্যস্ত কৰি ৰাখিছে৷ কিন্তুু আজিলৈকে এই ৰহস্যৰ সম্পূৰ্ণ ভেদ ভাঙিব পৰা হোৱা নাই৷
প্ৰচীন কালত সপোনক কিছুমান ঐশ্বৰিক বাৰ্তাৰ সাংকেতিক প্ৰকাশ বুলি কোৱা হৈছিল৷ এই ধাৰণা মানুহৰ মন মগজুত এনেদৰে সোমাই গৈছে যে আজিও আমাৰ ব্যক্তিগত জীৱনত এটা নিৰাশজনক সপোনে অনাগত দিন বোৰৰ বাবে ভীতি সঞ্চাৰ কৰে৷ সৰ্ব্ব প্ৰথমে সপোন সম্বন্ধে যুক্তিপূৰ্ণ ব্যাখ্যা আগবঢ়ায় ছিগমন্দ ফ্ৰায়দে (Sigmund Freud) ১৮৯৯ চনত৷ ১৮৯৯ চনত “ইণ্টাৰপ্ৰিটেচন অব ড্ৰিম” নামৰ এখন কিতাপ প্ৰকাশ কৰে৷ ফ্ৰায়দৰ মতে সপোন হ’ল অৱদমিত বাসনাৰ গোপন প্ৰকাশ (secret outlet of opressed desire)৷ সপোনেই অচেতন মনৰ বতৰা দিয়ে ( rail-road to unconscious)৷ ছিগমন্দ ফ্ৰায়দৰ তত্ত্ব মতে মানুহৰ অচেতন মনটো কামনা, বাসনা যৌনতা আদিৰে পৰিপূৰ্ণ৷ এই অচেতন মনক সচেতন মনে যুক্তিবাদী বিশ্লেষণৰ জৰিয়তে নিয়ন্ত্ৰণ কৰি ৰাখে৷ নিদ্ৰামগ্ন অৱস্থাত যেতিয়া সচেতন মন সুপ্ত অৱস্থাত থাকে তেতিয়া অচেতন মনত অৱদমিত বাসনা বোৰ সপোন আকাৰে প্ৰকাশ পায়৷ এই সপোনবোৰ যদি সঠিক ৰূপত বিশ্লেষণ কৰা যায় তেন্তে ব্যক্তি জনৰ মনৰ গোপন খবৰ পোৱা যায়৷ প্ৰথম ৬/৭ বছৰত কিতাপখনে কোনো বিশেষ সমাদৰ লাভ কৰা নাছিল৷ কিতাপখন তাত্বিক দিশৰ পৰা অলপ জ্যটিল আছিল বাবে ফ্ৰায়দে সপোন সম্বন্ধে আন এখন কিতাপ সৰল ভাষাত প্ৰকাশ কৰিছিল৷ প্ৰথম অৱস্থাত এই দুখন কিতাপে জনসমাজত বিশেষ প্ৰভাৱ পেলাব নোৱাৰিলেও কুৰি শতিকাৰ মাজ ভাগলৈ এই দুখন অতি জনপ্ৰিয় হৈ উঠিছিল৷ ফ্ৰায়দৰ এই স্বপ্নতত্ত্বক আদৰি ললেও তেওঁ প্ৰচুৰ সমালোচনাৰো সন্মুখীন হৈছিল৷ ফ্ৰয়দ আছিল ভিক্টোৰিয়ান যুগৰ ৰক্ষণশীল সমাজৰ৷ গতিকে, প্ৰায় ভাগ বিষয়তে যৌনতাৰ বিশ্লেষণৰ জৰিয়তে মনোবৈজ্ঞানিক তত্ত্ব সমূহ আগবঢ়োৱাটো বহুতেই তেওঁৰ বিকৃত মানসিকতাৰহে পৰিচয়ক বুলি ধৰি লৈছিল৷ কিন্তুু যিয়েই নহওক কিয়, ফ্ৰায়দে “সপোন”ক ঐশ্বৰিক গণ্ডীৰ পৰা উলিয়াই আনি বৈজ্ঞানিক ভাবে প্ৰতিষ্ঠা কৰাৰ প্ৰথম প্ৰয়াস কৰে৷ ফ্ৰায়দৰ এই ধাৰণা প্ৰায় ১৯৫০ চন মানলৈ জনপ্ৰিয় হৈ আছিল৷
১৯৫৩ চনত ইউজিন অচৰেইনক্সি আৰু নাথানএইল্ ক্লেইটম্যান (Eugene Aserinsky and Nathaniel Kleitman) টোপনি আৰু সপোন সম্বন্ধে কিছু যুক্তিপূৰ্ণ গবেষণাৰে এক নতুন দিশৰ সূচনা কৰে৷ সপোন সম্বন্ধে জনাৰ আগতে কিছু টোপনিৰ বিষয়ে জানি লও…… মানুহৰ গোটেই টোপনি প্ৰক্ৰিয়াটো সাধাৰণতে পাঁচটা ভাগত ভাগ কৰিব পাৰি৷ প্ৰথম স্তৰ চিলমিল টোপনি (very light sleep), দ্বিতীয় স্তৰ পাতল টোপনি (light sleep), তৃতীয় স্তৰ গভীৰ টোপনি (deep sleep), চতুৰ্থ স্তৰ অতি গভীৰ টোপনি (very deep sleep), পঞ্চম স্তৰ বা Rapid eye movement (নেত্ৰৰ দ্ৰুত সঞ্চালন) চমুকৈ REM টোপনি৷ অচৰেইনক্সি আৰু ক্লেইটম্যানে এই REM স্তৰটোৰ ওপৰত বিশদভাৱে অধ্যয়ন কৰে৷ ব্যক্তি এজন টোপনিৰ সময়ত এই স্তৰ সমূহ ক্ৰমাগত ভাবে ইটোৰ পাছত সিটোকৈ অতিক্ৰম কৰি থাকে৷ এই গোটেই স্তৰ কেইটা অতিক্ৰম কৰিবলৈ প্ৰায় ডেৰ ঘণ্টাৰ পৰা আঢ়ৈ ঘণ্টামান সময় লয়৷ এই REM টোপনিতেই সাধাৰণতে বেছিভাগ সপোন দেখে৷ আৰু এইটো স্তৰত দেখা সপোনেই সধাৰণতে সাৰ পোৱাৰ পাছত মনত পেলাব পাৰি৷ অচৰেইনক্সি আৰু ক্লেইটম্যানৰ গবেষণাই প্ৰথমবাৰৰ বাবে সপোনৰ এক বস্তুনিষ্ঠ গবেষণাৰ বাট মুকলি কৰি দিয়ে৷ ইয়াৰ আগলৈ কেৱল মনঃস্তত্ত্বিক দিশৰ পৰাহে সপোনক বিশ্লেষণ কৰা হৈছিল৷ এলেন হবচন্ (Allan Hobson) আৰু ৰবাৰ্ট মেকাৰ্লী (Robert McCarley) নামৰ দুজন আমেৰিকাৰ হভাৰ্ড মেডিকেল স্কুলৰ অধ্যাপকে ১৯৭৭ চনত “Activation-Synthesis hypothesis” (সক্ৰিয় সংশ্লোষন মতবাদ) নামেৰে এক নতুন ধৰণৰ মতবাদ আগবঢ়ায়৷ এই ধাৰণা অনুশাৰে মানুহৰ মগজুৰ ভিতৰত অসংখ্য উদ্দীপনা বা জৈববৈদ্যুতিক পৰিঘটনা ঘটি থাকে৷ এই বৈদ্যুতিক পৰিঘটনা বোৰ মগজুৰ উপৰিও ভাগলৈও বিভিন্ন স্নায়ুৰ জৰিয়তে কঢ়িয়াই লৈ আনে৷ মগজুটোৰ উপৰি ভাগত থকা বিশেষ স্নায়ু কোষ বোৰে এই সংকেত বোৰৰ কিছুমান অৰ্থ উলিয়াই লয় এই অৰ্থ বোৰেই সপোন আকাৰে ধৰা দিয়ে৷ হবচন্ আৰু মেকাৰ্লীৰ মতে মানুহৰ মগজুৰ সন্মুখৰ অংশ মানে ঠিক কপাল খনৰ ভিতৰৰ অংশই মগজুৰ ভিতৰত বিশৃংখল ভাবে উৎপন্ন হোৱা উত্তেজনা বোৰ সুশৃংখল ভাবে সপোন আকাৰে উৎপন্ন কৰাত বিশেষ ভাবে কাম কৰে, সহজ ভাষাত “উত্তেজনা প্ৰশমিত” কৰে৷ হবচন্ আৰু মেকাৰ্লীৰ এই ধাৰণাই ইয়োকো ব্যাখ্যা কৰে REM বা চকুৰ দ্ৰুত সঞ্চালনো মগজুৰ এই উত্তেজনা বোৰৰ বাবে হয়৷ কিন্তুু এই মতবাদে এইটো বাখ্যা কৰিব পৰা নাছিল যে কিয় REM টোপনি নথকা অৱস্থাতো সপোন দেখে৷
প্ৰায় ২০০০ চনলৈ এই তত্ত্বটোৱে সকলোৱেই গ্ৰহণ কৰি লৈছিল যদিওঁ সপোন সম্বন্ধে থকা সকলোবোৰ প্ৰশ্নৰ উত্তৰ এই তত্ত্বটোৰ সহায়ত দিব পৰা নাছিল৷ সপোন সম্বন্ধে শেহতীয়াকৈ কানাডাৰ জি জেয়াং (Jie Zhang) এ আগবঢ়োৱা তত্ত্বক প্ৰায় ভাগ বিশেষজ্ঞই মানি লৈছে৷ এই তত্ত্ব মতে মানুহৰ চিন্তা আৰু ক্ৰিয়াকালাপ সমূহ সুকলমে পৰিচালনা কৰিবলৈ দুটা বিশেষ স্মৃতি অংশই কাম কৰে অস্থায়ী বা হ্ৰস্বম্যাদী স্মৃতি (short term memory) স্থায়ী বা দীৰ্ঘকালীন স্মৃতি (long-term memory). দৈনন্দিন কৰ্ম্ম ৰাজিৰ পৰিকল্পনা, খুতি নাতি আমাৰ হ্ৰস্বম্যাদী স্মৃতি অংশত পঞ্জীয়ন হয় তাৰ পৰা মগজুৱে কামবোৰ সুচাৰু ৰূপে পৰিচালনা কৰে৷ ঠিক আমাৰ কম্পিউটাৰ বা মোবাইল ফোন ৰেম (RAM) ৰ দৰে৷ এই হ্ৰস্বম্যাদী স্মৃতি যাৰ বেছি সিয়েই দৈনন্দিন কাৰ্য্য সমূহত দক্ষতা দেখুৱাব পাৰে৷ মানুহ এজন সাৰে থকা সময়ত যিমানবোৰ চিন্তা, ধাৰণা, অনুভৱ, অনুভূতি, সংবেদন আদি পঞ্জীয়ন হয় সেইবোৰৰ কিছু কিছু টোপনি অহাৰ লগে লগে দীৰ্ঘকালীন স্মৃতি অংশলৈ স্থানান্তৰিত হয়৷ উল্লেখযোগ্য যে কেৱল আয়ত্ত কৰি লোৱা কৌশলৰ স্মৃতি বা বাৰে বাৰে পঞ্জীয়ন হৈ থকা উত্তেজনা বোৰহে স্থায়ী স্মৃতি অংশত পঞ্জীয়ন হয়৷ গতিকে আমি কব পাৰো যে কেৱল আয়ত্ত কৰা কৌশল বা শিকা কথাবোৰ(Learned process) স্থায়ী স্মৃতিত সঞ্চিত হৈ থাকে৷ এই অনুভূতি বোৰ স্থানান্তৰিত হৈ দীৰ্ঘকালীন স্মৃতিত পঞ্জীয়ন হোৱাৰ সময়ত উদ্দীপনা সমূহ সপোন আকাৰে ধৰা দিয়ে৷ যিয়েই নহওক সপোন সম্বন্ধে এতিয়াও বহুত গবেষণা অহৰহ চলি আছে৷ বিস্তৃত ভাবে জানিবলৈ ওতিয়াও বহুত বাকী৷
২০১০ চনত Inception বুলি এখন চিনেমাই ব্যাপক ভাবে আলোড়ন সৃষ্টি কৰিছিল৷ চিনেমা খন এক বিশেষ ধৰণৰ সপোনৰ ওপৰত নিৰ্মিত যাক কোৱা হয় Lucid dream বা জীৱন্ত সপোন৷ এই “লুচিড ড্ৰিম” বোৰ সাধাৰণতে সাৰ পোৱাৰ আগ মুহূৰ্তত দেখা যায়৷ বিজ্ঞানী সকলে নিশ্চিত কৰিছে যে অনুশীলনৰ জৰিয়তে এই সপোনবোৰ নিজ ইচ্ছামতে নিয়ন্ত্ৰণ কৰিব পাৰি৷ চিনেমা খনত সুন্দৰ ভাবে দেখুৱাই দিছে যে কেনেদৰে এজনে আন এজনৰ অৱচেতন মনত প্ৰবেশ কৰি গোপন তথ্য উদ্ধাৰ কৰিব পাৰি৷ এই লুচিড ড্ৰিমৰ সহায়ত চিনেমা খনত দেখুৱাই দিয়াৰ দৰে এজনে আন এজনৰ অৱচেতন মনত প্ৰবেশ কৰিব নোৱাৰিলেও বিজ্ঞানী সকলে এই লুচিড ড্ৰিমক কলা কৌশল আয়ত্ত কৰাৰ আহিলা হিচাপে লব পাৰি বুলি দেখুৱাই দিছে৷ অনুশীলনৰ জৰিয়তে চিলমিল টোপনি অৱস্থাত বা টোপনিৰ পৰা সাৰ পোৱাৰ আগ মুহূৰ্তত এই সপোন ৰচনা কৰিব পাৰে৷ স্বপ্ন দ্ৰষ্টাই নিজৰ প্ৰয়োজন অনুসৰি এখন কাল্পনিক জগত তৈয়াৰ কৰি পাৰে যেনে এখন সমৰ ক্ষেত্ৰ, এখন খেলপথাৰ, য’ত নিজে মনে সজা জগতত কলা-কৌশলৰ অনুশীলন কৰি মগজুৰ নিয়ন্ত্ৰণ খিনি আয়ত্ত কৰি লব পাৰে৷ এবাৰ মগজুৰ নিয়ন্ত্ৰণ আয়ত্তত অনাৰ পাছত বাস্তৱত অতি সহজেই দৈহিক নিয়ন্ত্ৰণ আনি লব পাৰে৷ আচৰিত যেন লাগিলেও এইটো সম্ভৱ৷
আমি প্ৰায়ে “সপোনত পোৱা ঔষধ” বুলি এষাৰ কথা শুনি আহিছো৷ সেইটো এটা বিতৰ্কৰ বিষয় কিন্তুু এইটো সচাঁ যে বহুতো উদ্ভাৱন যে সপোনৰ জৰিয়তে হৈছে তাক বিজ্ঞানী সকলে স্বীকাৰ কৰি লৈছে৷ ১৮৬৫ চনৰ কথা৷ আগষ্ট্ কেকুল (August kakule)এ বেনজিন যৌগ টোৰ গঠন বহু দিনলৈ বিচাৰি পোৱা নাছিল য’ত ৬ টা কাৰ্বন পৰমাণু আৰু ৬টা হাইড্ৰজেন পৰমাণু আছিল৷ বিভিন্ন ধৰণে গঠন আঁকি চায়ো এটা সুস্থিৰ ৰূপ দিব পৰা নাছিল৷ এদিন ৰাতি সপোনত দেখিলে যে ছয় ডাল সাপে এডালেৰে আনডালৰ নেজত কামুৰি এক ষষ্টভুজৰ ৰূপত স্থিতি লৈ আছে৷ লগে লগে সাৰ পাই বেনজিনৰ গঠন তেনেকুৱা হব পাৰে বুলি পৰীক্ষা নিৰীক্ষা কৰিলে আৰু সেয়াই ফলিয়ালে৷ ইয়াৰ আগতে যৌগ এটাৰ তেনে চক্ৰাকাৰ গঠনৰ ধাৰণা হোৱা নাছিল৷ ১৮৮৬ চনত ইংলেণ্ডৰ প্ৰখ্যাত লেখক লুই ষ্টিভেনচনে টোপনিতেই তেখেতৰ বিখ্যাত উপন্যাস “ দ্যা ষ্ট্ৰেঞ্জ কেছ অব ডাঃ জেকিল এণ্ড মিঃ হাইড” ৰ ধাৰণা বিচাৰি পাইছিল৷ ঠিক তেনেদৰে নেইল ব’ৰ (Niels bohr) পৰমাণুৰ গঠনৰ ধাৰণাটো সপোনত পোৱা বুলি কয়৷ আনকি সৰ্ব কালৰ মহান বিজ্ঞানী আইনষ্টাইনে হেনো এবাৰ সপোনত দেখিলে তেওঁ পৰ্বতৰ ওপৰৰ পৰা ক্ৰমাৎ নামি আহিল৷ গতিবেগ লাহে লাহে বৃদ্ধি পাব ধৰিলে৷ তেওঁৰ গতিবেগ ইমানেই বেছি হ’ল যে পোহৰৰ সমান গতিবেগ লাভ কৰিলে৷ তেওঁৰ চকুৰ আগত যেন গোটেই ব্ৰহ্মাণ্ড সংকুচিত হৈ পৰিল, তৰাবোৰৰ আকৃতিৰ পৰিৱৰ্তন দেখা দিলে৷ এই গোটেই পৰিঘটনাটো সাৰ পোৱাৰ পাছত এক গাণিতিক ৰূপ দিবলৈ চেষ্টা কৰিলে৷ কালক্ৰমত সেয়াই তেখেতৰ বিখ্যাত আপেক্ষিকতাবাদৰ ধাৰণাৰ জন্ম দিয়ে৷ এনেকুৱা বিভিন্ন সপোন কাহিনী শুনা যায়৷ ভাৰতীয় বিজ্ঞানী ৰামাণুজনেও হেনো কিছুমান কঠিন গাণিতিক সমীকৰণৰ সমাধান সপোনত পাইছিল৷ এনেকুৱা আৰু বহুতো উদাহৰণ পোৱা যাব য’ত সপোনৰ যোগেদিয়েই সমস্যা সমাধান কৰা হৈছে৷ হয়টো অদূৰ ভৱিষ্যতে মগজুৰ বিষয়ে ন’ ন’ তথ্য বিজ্ঞানীসকলে উলিয়াবলৈ সক্ষম হব যাৰ ফলত আমি সপোন সম্বন্ধে আৰু বহুতো কথা গম পাম৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক